জীৱন বৰ অনুপম -নন্দিতা ভাণ্ডাৰ কায়স্থ
‘ময়ো যাম দিয়া তোমাৰ লগত।বহুদিন ঘৰৰপৰা ক’তো ওলায়েই যোৱা নাই।’
চাদৰৰ আঁচলত হাতৰ আঙুলিৰে বৃত্ত বনাই বনাই ৰুনাই স্বামী নিলয়ক আদৰুৱা মাতেৰে কয়।
‘তুমি! তুমি গৈ কি কৰিবা? মোৰ কলিগৰ পাৰ্টি। তোমাৰ তাত কোনো প্ৰয়োজন নাই। আৰু তুমি সেইখন সমাজৰ কথা কি জানানো? স্বামীৰ মুখেৰে যেন সেয়া কথা নহয় তাইৰ হৃদয়ক ক্ষত বিক্ষত কৰা এপাট জোঙা শব্দভেদী শৰহে।
আস! কি ক’লে মানুহজনে! তাই তেওঁৰ সমাজৰ কথা বুজি নাপায়!ইমান কেঁচা নেকি তাইৰ মগজু!কোনো দিনে দ্বিতীয় স্থানলৈ নামিবলগীয়া নোহোৱা মেধাবী বুলিয়েই জনাজাত ছোৱালীজনীয়ে সমাজৰ স্তৰ চিনি নাপাব!কি কয় নিলয়ে!হ’ব পাৰে তাই গ্ৰামাঞ্চলৰ জীয়ৰী।সেইবুলি চহৰৰ আদব কায়দা নজনা নহয়। বিয়াৰ পাঁচটা মাহ উকলি গ’ল।অথচ নিলয়ে কোনোদিনে তাইক অকলে ফুৰাবলৈ নিয়া নাই। কেতিয়াবা গ’লেও শাহুমা বা ননদ জিয়া থাকেই।আজিলৈকে তাইক অকলে ক’তো নিয়া নাই।
গাৰ বৰণ মাখন ৰঙৰ নহ’লেও মিঠা লাহী তন্বৰ ৰুনাৰ এক সুকীয়া ব্যক্তিত্ব আছে। পঢ়া-শুনাত মেধাবী ৰুনাৰ পঢ়িবলৈ খুউব ইচ্ছা থকা স্বত্বেও ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে পিতৃ মহীকান্তই বিয়াৰ বাবে খৰখেদা লগায়। ভবাতকৈও ধনী-মানী আদ্যৱন্ত ঘৰৰ একমাত্ৰ ল’ৰা নিলয় বৰুৱাৰ মাতৃ তুলিকা বৰুৱাৰপৰা প্ৰস্তাৱ পাই ৰুনাৰ দৰিদ্ৰ পিতৃয়ে যেন আকাশৰ জোনবাইটোহে পালে। ৰুনাৰ আপত্তিক বুঢ়া আঙুলি দেখুৱাই তেখেতে তুলিকা বৰুৱাৰ মতে দিন বাৰ লৈয়ে পেলালে।
ল’ৰাজননো কেনেকুৱা সেয়া জনাৰ আগতেই তাই ডিঙি, হাতত সোণৰ চিকমিকনি তুলি দীঘল ওৰণি টানি বৰুৱা পৰিয়ালৰ বোৱাৰী হৈ আহে।
ঠেক-ঠুক চাৰিটা কোঠালীৰপৰা ওলাই বৰুৱা পৰিয়ালৰ ৰাজপ্ৰাসাদত ভৰি থৈয়ে ৰুনাৰ বুকু দুৰু দুৰুকৈ কঁপি উঠিছিল। পাৰিবনে বাৰু তাই এইখন ঘৰৰ বোৱাৰীৰ দায়িত্ব ভাৰ ল’ব? শাহু-শহুৰৰ মনত স্থান ল’ব পাৰিব নে বাৰু? ঢেৰ প্ৰশ্নই তাইৰ মন থৌকি বাথৌ লগায়। কিন্তু তাই মনতে আঁকি থোৱা শাহুৱেকৰ সম্পূৰ্ণ বিপৰীত ছবি এখন আৱিষ্কাৰ কৰে। বৰ মৰমীয়াল নিলয়ৰ মাক। তাতকৈও চেনেহ আদৰ কৰিলে শহুৰেকে। পৰিয়ালৰ সকলোৱে ৰুনাক মৰমেৰে আকোঁৱালি ল’লে।কিন্তু নিলয়!তাই বুজি নাপায় কি কাৰণে নিলয়ে তাইৰপৰা দূৰত্ব বজাই চলে। নিশা বিচনাতো মানুহজনে দুয়োৰে মাজত অদৃশ্য ৰেখা এডাল টানি লয়। তেওঁৰ বাবে তাই মাথোন এইখন ঘৰৰ বোৱাৰী হে। প্ৰয়োজনীয় দুই এটা কথা পতাৰ বাহিৰে নিলয়ে ৰুনাৰ লগত ভাৱ বিনিময় খুউব কমেই কৰে। ধৈৰ্য…..ধৈৰ্য ধৰে তাই।
উদাস কোনো মুহূৰ্তত ৰুনাই শাহুৱেকৰ আগত দুখ উজাৰে। শাহুৱেকে বুজনি দিয়ে,
‘হতাশ নহবা ৰুনা।বাবাই তোমাক বেয়া নাপায়। সি আচলতে এতিয়াই বিয়াত সোমাব খোজা নাছিল। আমি আছো নহয় তোমাৰ লগত। দুখ নকৰিবা। এদিন চাবা সি তোমাক আঁকোৱালি ল’বই।”
নিলয়ে নীলা ফৰ্মেল চাৰ্ট, ক’লা ৰঙৰ পেন্ট পিন্ধি ৰুনাক আহোঁ বুলি কৈ চাবিটো পেন্টত ওলোমাই ঘৰৰ বাহিৰ ওলাল। ৰুনাই মানুহজন যোৱাৰ পিনে কিছু সময় চাই থাকে। পুৰুষ হোৱা বাবেই নিলয়ে যি মন যায় তাকে কৰিব পাৰে আৰু তাই? তাই যে এতিয়া এখন ঘৰৰ বোৱাৰী। জীয়ৰী কালতে মাক দেউতাকৰ কাঢ়া নজৰত ডাঙৰ দীঘল হোৱা ৰুনাই বহু ইচ্ছা মনতে দমন কৰিবলগীয়া হৈছিল।এতিয়া আৰু কি হেঁপাহ থাকিব?সব যেন ধূলিস্যাৎ হৈ গ’ল। বিচনাত বহি বাহিৰলৈ চাই জীৱনটোৰ কথাকে ভাবি থাকিল ৰুনাই।
‘ৰুনা, অ’ ৰুনা কি ভাবি আছা?
শাহুৱেকৰ মাতত তাইৰ ভাবত যতি পৰে।
‘নাই মা। এনেয়ে বহি আছো। আপুনি বহক মা, থিয় হৈ থাকিল যে। শাহুমাকলৈ চাই সেমেকা হাঁহি এটা মাৰি কয় ৰুনাই।
‘ৰুনা এয়া লোৱা জিয়াৰ স্কুটিৰ চাবি। অলপ ফুৰি আহা গৈ। ভাল লাগিব।ময়ো গ’লো হয়। পিছে আঁঠুৰ বিষে মোক স্কুটিত উঠিবলৈ অনুমতি নিদিয়ে অ’। তুমিয়ে যোৱা।
‘মা, মই ফুৰিব যাম তাকো অকলে!’
‘অ’হ অকলে…. কি হ’ব?তুমি আৰু জিয়া মোৰ বাবে সমান বুজিলা।’
শাহুৱেকে তাইৰ থুতৰিত ধৰি মৰম কৰি দিয়ে।
ৰুনাই শাহুৱেকক সাবটি ধৰে।তাইৰ চকুত জিলিকি উঠা অশ্ৰুকণা কিন্তু শাহুৱেকে দেখা নাপালে।