দিবা স্বপ্নৰ কৰুণ পৰিণতি-সুভাষ শৰ্মা
হৃদয়খনৰ লগতে এদিন
মোৰ চকুযুৰিও তোমাক দিছিলোঁ
তোমাৰ চকুৰে দেখিছিলোঁ সকলো
আকাশ,বতাহ আৰু হৃদয়।
তুমি যি দেখুৱাইছিলা
যেনেদৰে দেখুৱাইছিলা
মই তাকেই দেখিছিলোঁ।
এক সন্মোহিনী আৱেশে
গিলি ৰাখিছিল মোৰ সমগ্ৰ সত্বা।
তেতিয়া তোমাৰ দৃষ্টিৰে চালে
আন্ধাৰবোৰ উজলি উঠিছিল
সাতোৰঙী ৰামধেনুৰ ৰঙে
ৰঙাই তোলা মোৰ আবেগ আৰু বিবেক
মোৰ মন মগজু আৰু হৃদয়
তোমাৰ সত্বাত বিলীন হৈছিল।
শিহৰিত হৈ পৰিছিল
সময়ৰ প্ৰতিটো বিন্দু
জীয়াই থকাৰ হেঁপাহবোৰক
কৰি তুলিছিল উৰ্বৰ
দুখবোৰ পাতল পাতল লাগিছিল
এক অজান যাদুকৰী শক্তিয়ে দিছিল মোক
হেজাৰ অশ্ব শক্তিৰ বল।
চকুপানীৰ মাজতেই বিচাৰি পাইছিলোঁ তেতিয়া
জীৱন জিনাৰ সাহস আৰু উদ্দীপনা
তোমাৰ দৃষ্টিৰে দেখিছিলোঁ সকলো তেতিয়া।
এতিয়া তন্দ্ৰা ভগাৰ সময়
আৰু আজি
মোৰ নিজৰ চকুৰে চাবলৈ
চেষ্টা কৰিছোঁ সকলো
চকুৰ আগৰপৰা
অস্পষ্ট ধূসৰ মায়াজাল কাটি
মোৰ চৌপাশে অগাডেৱা কৰা
স্বচ্ছ নিৰ্মল বতাহজাকৰ মাজত
ইমান দিনে নেদেখা
বাস্তৱ আৰু কল্পনাৰ সীমাৰেখাডাল
আজি স্পষ্ট হৈ উঠিছে।
তোমাৰ দৃষ্টিৰে দেখি অহা
সপোনবোৰে আজি
উপহাস উপলুঙাৰে
মোক বাৰে বাৰে সোঁৱৰায়
নিৰ্মম বাস্তৱৰ ছবি
মই নুবুজিলেও তুমি ঠিকেই বুজিছিলা
দিবা স্বপ্নৰ কৰুণ পৰিণতি।
কাহানিও লগ হ’ব নোৱাৰা
দুডাল সমান্তৰাল সৰল ৰেখাৰে
আগবাঢ়িছোঁ দুয়ো
তুমি তোমাৰ সুগম পথেৰে
জীৱন লগৰীৰ স’তে
আৰু নিঃসংগ
আশাহত মই
লক্ষ্যভ্ৰষ্ট দুৰ্গম পথেৰে।