দেৱকন্যা-শিখামণি গগৈ

কেঁউ– কেঁউ– কেঁউ

খৰি লুৰি থকা লাচিত উচপ খাই উঠিল।খৰি নুৰা হাতত লৈয়ে ইফালে-সিফালে চালে সি।তাৰ ভ্ৰম হোৱা নাইতো!এইখন হাবিত কেঁচুৱাৰ কান্দোন!নাই এনেয়ে কিবা শুনিলে চাগে’ সি।

উস্‌!শুকান বগৰীৰ ডাল এটাকে খামোচ মাৰি ধৰি ভাঙিব লওঁতে, কাঁইট এটাই তলুৱাতে বৰ বেয়াকৈ বিন্ধিলে তাক।তেজ অকণো ওলালে।এইবোৰ সময়তে তাৰ জেতুকীলৈ বৰ খং উঠে।ইমান খৰি গোটাই দিলেও তাইক খৰিৰে নোজোৰে।পুৱাই ৰিক্সাখন উলিয়াই লৈ পেডেলডালত ভৰিখন থ’বলৈ পায়হে।ক’ৰবাৰপৰা জাঁপ মাৰি আহি তাই,  চাউল-দাইল-আলুৰ কথা নক’লেও, খৰি কেইডালমান আনিবলৈ ক’ব নাপাহৰে।ঘৰখনত পাঁচোটি মানুহ।সেই পাঁচোটি মানুহলৈ চাউল-দাইল কেইটা সিজাবলৈহে খৰি লাগে।ভাজি এখন  বনাব পৰাকৈ লাচিতেচোন যোগাৰ দিবই নোৱাৰে, সঠিকমতে।শাক-পাচলি যোগাৰ কৰিব পাৰিলে, কেতিয়াবা তেলকণ আনিবলৈ নোজোৰে।তেলকণ কেতিয়াবা যোগাৰ কৰিব পাৰিলেও শাক-পাচলি বজাৰত, জুই লাগে।তাতকৈ লাচিতে দাইল-আলু কেইটাকে ভালকৈ যোগাৰ দিয়ে জেতুকীক।জেতুকীয়েও বেয়া নাপায়।কিছুমানৰতো  এইকেইটাও অভাৱ–এইবুলি কৈ ল’ৰা-ছোৱালী তিনিওটিক ভাত মুঠি খুৱায়।সিহঁতৰো অভ্যাস হৈ গ’ল।আপত্তি নকৰে।দাইলৰ আলু চকলকে শেষ গৰাহ ভাতলৈকে কাঁহীৰ কাষত সাঁচি, ভাত খাব জনা হ’ল।

কেঁউ– কেঁউ— কেঁউ–

গোটাই লোৱা খৰি মুঠা লাচিতৰ হাতৰপৰা খহি পৰে।কিনো হৈছে অ’ আজি তাৰ!কিয় বাৰে বাৰে কেঁচুৱাই কন্দা শুনিছে সি!এইখন হাবিতো তাৰ অচিনাকি হাবি নহয়!সি কেতিয়াবা গধূলি হ’লেও এইখন হাবিৰপৰাই খৰি বুটলি নিয়ে।ভূত প্ৰেত ওলায় বুলি সি নিজেও বিশ্বাস নকৰে,আনৰ মুখতো আজিলৈকে শুনা নাই। তেনেস্থলত!!

এইকেইদিন তাৰ ঘৰৰ কাষৰে অতুলৰ নাতিনীয়েক পানীকেঁচুৱাকণৰ কান্দোনটো তাৰ কাণত পুৱা, গধূলি আনকি দুপৰ নিশাও আহি কাণত পৰিছেহি। সেইবাবেই হয়তো তাৰ এনে হৈছে।সেই কেঁচুৱাকণৰ কান্দোনটো তাৰ কাণত লাগিয়ে আছে।আপোনা-আপুনি ওঁঠত হাঁহি এটি ওলমিল লাচিতৰ।তাৰ কণমান কেইটা সৰু হৈ থাকোঁতেও লাচিতৰ এইটো দশাই হৈছিল।যেনিয়েই গ’লেও সি কেঁচুৱাই কান্দি থকাই শুনিবলৈ পাইছিল।কেঁচুৱা শুই থাকিলেও জেতুকীক হোৱাই নোহোৱাই গালি পাৰিছিল। “কেঁচুৱাই কান্দি আছে–পিয়াহ নুখুৱাৱ কিয় অ’ মৰতী?”

তাই হাঁহিছিল।যেতিয়াই তেতিয়াই কেঁচুৱাৰ কান্দোন শুনে।এই মানুহটো বলিয়া হ’ল বুলি।

খৰি মুঠা ৰচি এডালেৰে টানকৈ মেৰিয়াই বান্ধি, মূৰত লৈ ভাবিলে সি—এই মুঠা এতিয়াই ঘৰত দি থৈ আহিলে জেতুকীয়ে বৰ ৰং পাব।ঢাৰিৰ তলত থোৱা ,সাঁচতীয়া পইচাকেইটামান পেণ্টৰ পকেটতে ঘৰৰপৰা ওলাই আহোঁতে ভৰাই আনিছিল।আছেনে এহাতেৰে খেপিয়াই চালে সি। পাৰিলে সি আজি ভাড়া দুটামানো বেছিকৈ মাৰিব!ব্ৰয়লাৰ মাংস অকণ নিব ঘৰলৈ!তেল এপোৱা পৰহি দিনা কিনি নিছিল ঘৰলৈ। কেইবামাহো  হ’ল ।মাংস খোৱাই নাই।ল’ৰা-ছোৱালী কেইটাইও বৰ ভাল পাব।কিবা এটা ভাল লাগি গ’ল তাৰ মনটো।

হাবিৰ মাজৰপৰাই ৰিক্সাখনলৈ মূৰ দাঙি চালে সি।ঠিকে আছে।এইডোখৰ বৰ নিৰাপদ ঠাই।সি ৰিক্সা ৰখাই কিমানদিন ইয়াৰপৰাই খৰি লুৰি নিছে।আজিলৈকে কোনেও ৰিক্সাখনৰ হানি-বিঘিনি ঘটোৱা নাই।কোনেনো ঘটাব!হাবিখনৰ গাতে লাগি আছে ডাঙৰ ফিল্ডখন। কাষতে সৌ খন স্কুল।স্কুলৰ ল’ৰা-ছোৱালীবোৰ বছৰেকীয়া খেল-ধেমালিতহে এইফাললৈ আহে।তাকো শিক্ষকসকলে খেলিবলৈ লৈ আহিলে। নহ’লে  নাহেই। পানী খোৱা, প্ৰস্ৰাৱ কৰা স্কুলৰ চৌপাশৰ ভিতৰতে চব সুবিধা কৰি দিছে।

কেঁউ– কেঁউ– কেঁউ– কেঁউ– কেঁউ

ওৱা!ৰিক্সাখনত খৰিমুঠা তুলি লাচিতে পেডেলত ভৰি থৈছিলহে।কেঁচুৱাৰ কান্দোনটোচোন আকৌ তাৰ কাণত লাগিল।

কেঁউ— কেঁউ— কেঁউ 

একেবাৰে ডিঙি শুকাই যোৱাকৈ কন্দা কেঁচুৱাৰ কান্দোনচোন এইটো।কান্দোনটো অতুলৰ নাতিনীয়েক কেঁচুৱাকণৰ লগত কিবা নিমিলা নিচিনা লাগিছে চোন!অতুলৰ বোৱাৰীয়েকে এনেকৈ কন্দালৈকে নেৰে নহয় কেঁচুৱাকণক!পিয়াহ খুৱাই শুৱাই দিয়ে ডিঙি শুকাবলৈ নৌ পাওঁতেই।

তেন্তে!

কেঁউ—– কেঁউ—–কেঁউ—

হয়!হাবিৰ মাজৰপৰাই আহিছে ,এই মাত।ৰিক্সা এৰি লাচিত দৌৰি সোমাই গ’ল হাবিৰ মাজলৈ।কান্দোনৰ উৎস বিচাৰি পাওঁতে বেছি সময় নালাগিল তাৰ।

ই কি!গাৰ নোম থিয় দি উঠিল তাৰ ডাল ডালকৈ।থকথককৈ কঁপি উঠিল সি গোটেই মানুহটো।জ্বৰে ঘমাদি ঘামিবলৈ ধৰিলে, তাৰ কপাল মুখ।

কি দেখিছে এয়া সি!কাৰ কাম হ’ব পাৰে এয়া?এটি দেৱশিশুক এই হাবিৰ মাজত কোনে এনেকৈ এৰি থৈ গৈছে!গাত এটা গোলাপী ৰঙৰ ছুৱেটাৰ,ভৰিতো ঊলৰ মোজা,মূৰত ঊলৰ টুপী। উস্‌ !কান্দি কান্দি ৰঙা গোলাপৰ কোমল পাহিহেনকৈ ৰঙা পৰি গৈছে কেঁচুৱাকণ।

কেঁউ—-কেঁউ—-

আকৌ কান্দি উঠিল।লাচিতৰ উথপ থপ লাগিল।কি কৰা যায়!কি কৰা যায় এইকণক এতিয়া!কেনেকৈ নিচুকাব সি।পিয়াহ লাগি অণ্ঠ কণ্ঠ শুকাই গৈছে কেঁচুৱাকণৰ একেবাৰে।চাই থাকিলেতো নহ’ব!

দুহাতেৰে আলফুলকৈ তুলি ল’লে সি।ইফালে -সিফালে চালে ।হাবিৰ মাজত কোনোবা আছে নেকি!

নাই।একেবাৰে নিজান।দুবাৰমান গলউকাহি মাৰি সি কেঁচুৱাকণক পথালি কোলাত লৈ ওলাই আহিল হাবিৰ পৰা।

কেঁউ— কেঁউ—- কেঁউ—

মানুহৰ গাৰ উম পাই কেঁচুৱাকণৰ পিয়াহ যেন দুগুণে বাঢ়িল।লাচিতে যিমান পাৰে সিমান দৌৰিলে।লক্ষ্য স্কুল চৌহদৰ টিউবেলটো।হাততে পাই কচুপাত এখিলাও ছিঙি ল’লে।

এটোপ দুটোপকৈ কেইবাটোপো পানী কেঁচুৱাকণৰ ওঁঠতে শুকালে।কচুপাতৰ পানীয়ে পিয়াহ গুচোৱা কেঁচুৱাকণক চাবলৈ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তাৰপিছত এটি দুটিকৈ ল’ৰা-ছোৱালী গোটেইমখা ওচৰ চাপি আহিল।লাচিতে সকলো বিৱৰি ক’লে।

কেঁচুৱাকণৰ কান্দোন বন্ধ নহ’ল।

স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত গুণাগঁথা চলিল।কি কৰা যায় সন্তানটি।ইজনে সিজনলৈ আঙুলিয়ালে।

“কাৰ বা জাৰজ সন্তান!হাবিত এনেকৈ পেলাই থৈ গৈছে। মই নোৱাৰিম দেই!”

“হয় পাই!এইবোৰ সন্তান তুলি ল’বলৈও ভৱিষ্যতলৈ ভয়।”

“ল’ৰা সন্তান হোৱা হ’লে ময়ে ল’লো হয়।মোৰ ছোৱালী তিনিজনী।আৰু ছোৱালী সন্তান নালাগে পাই!”

“মই নিঃসন্তান হ’লেও এনে সন্তান নলওঁ পাই।ক’ৰ বা সঁচ।ভয় লাগে।”

চাৰিওফালৰ পৰা ভাঁহি অহা বাক্যবোৰ শুনি লাচিতে কেঁচুৱাকণলৈ তধা লাগি চালে।ট টকৈ চকুহাল মেলি লাচিতলৈকে চাই আছে তাই, নিৰ্ভয়ে।যেন দেৱকন্যাহে তাই!সকলো বুজি উঠিছে।

ব’ল অ’ আই!তোৰনো কি দোষ।ছোৱালী হৈ উপজাটো তোৰ দোষ হ’ব নোৱাৰে।জাৰজ হৈ উপজাটোও তোৰ দোষ হ’ব নোৱাৰে।জাত-পাতনো কি!তই য’ৰেই সঁচ নহৱ লাগে।মোৰ ঘৰত থাকিলে তই মোৰেই সঁচত উঠিবি।

কিয় জানো!মানুহবোৰৰ ওচৰত কেঁচুৱাকণক লৈ লাচিতৰ আৰু এক মুহূৰ্তও থিয় দি থাকিব মন নগ’ল।কেঁচুৱাকণক হাবিত এৰি যোৱা সেই নীচ  মাক-দেউতাক হালৰ সমানেই নীচ যেন লাগিল এই মানুহবোৰক।

কঁকালত বান্ধি থোৱা গামোচাখনতে কেঁচুৱাকণক বান্ধি, ডিঙিত আঁৰি ল’লে সি।আহোঁতে দোকানত সোমাই জেপত ভৰাই অনা  পইচা কেইটাৰে দুধদানিৰ বটল এটা কিনিলে।অলপদিনৰ কাৰণে ছাগলীজনীৰ গাখীৰেই কেঁচুৱাকণৰ আহাৰ হ’ব!অতুলৰ বোৱাৰীয়েকৰ ওচৰলৈও লৈ যাব পৰা হ’ব।জেতুকীয়ে ক’লে তাই না নকৰে। এনেকৈয়ে কেঁচুৱাকণ ডাঙৰ হ’ব।অলপদিনৰ পিছত সিহঁত কেইটাৰ লগত দাইলত দিয়া আলু চকলেৰে তায়ো, ভাত খাব জনা হ’ব।

এই কেঁচুৱাকণ ডাঙৰ হ’লে এদিন যে তাক ‘দেউতা’ বুলি মাতিব ,সিহঁত কেইটাৰ নিচিনাকৈ।তাৰ যে কিমান ভাল লাগিব মনটো।কেঁচুৱাকণৰ নাম কি ৰাখিব বাৰু?

‘দেৱকন্যা’!

লাচিতৰ চকু মুখলৈ স্বতঃস্ফূৰ্তভাৱে হাঁহি এটি বাগৰি আহিল।আগতকৈ বেছি কোবেৰে সি পেডেলপাত ঘূৰালে, ঘৰ অভিমুখে।

Leave a Reply

Your email address will not be published. Required fields are marked *