ধুমকেতু -দীপাংকৰ মল্ল বৰুৱা
“খুব বেছি এমাহ”, মই চকু দুটা মুদি দিলোঁ। এমাহৰ পাছত কি হ’বগৈ কল্পনা কৰিবলৈও টান লাগে।
জুহিৰ মুখ শুকাই গ’ল। তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে।
সকলোপিনে ভয় আৰু ত্ৰাসৰ পৰিৱেশ। মানুহবোৰ জাকে জাকে ৰাস্তালৈ ওলাই আহিছে। কি কৰিব, ক’লৈ যাব কোনেও উৱাদিহ পোৱা নাই। সকলো অফিছ, স্কুল বন্ধ হৈ পৰিছে।
চৰকাৰে মানুহক আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিমানকোঠ সমূহত মানুহৰ অসম্ভৱ ভীৰ হৈছে। ৰে’ল ষ্টেচনত জনসমুদ্ৰ। সকলোৱে যি পাৰে লাম- লাকটু লৈ নিজৰ প্ৰাণৰক্ষা কৰাৰ কাৰণে দৌৰা দৌৰি কৰিছে।
টেলিভিছনৰ পৰ্দাত দেখুৱাই আছে। নাছাৰ বিজ্ঞানীয়ে প্ৰতি মুহূৰ্ততে নজৰ ৰাখি আছে। প্ৰতি ঘণ্টাত প্ৰায় কুৰি কিল’মিটাৰ বেগত দূৰ আকাশৰপৰা এটা ধুমকেতু পৃথিৱীৰ অভিমুখে আহি আছে। নাছাৰ এজন ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই ধুমকেতুটোৰ নাম দিয়া হৈছে ‘মেঘনাদ’। নাছাৰপৰা অহা খবৰৰমতে প্ৰায় এক কিল’মিটাৰ ব্যাসৰ এই ধুমকেতুটোৱে উত্তৰ-পূব ভাৰতত খুন্দা মৰাৰ সম্ভাৱনা আছে আৰু সেই খুন্দাৰ ফলত এটা অঞ্চল সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব। প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ’ব। সেই খুন্দাত সমগ্ৰ পৃথিৱীতে ভুমিকম্প হ’ব, ছুনামি হ’ব, পাহাৰ খহি পৰিব, নদীয়ে গতিপথ সলনি কৰিব। এনেকৈয়ে এটা বৃহত্ ধুমকেতুৰ খুন্দাতে হেনো ষাঠি নিযুত বছৰ আগতে ডাইনাছোৰ পৃথিৱীৰপৰা বিলুপ্ত হৈছিল।
সাধাৰণতে পৃথিৱীৰ ওচৰলৈ ধুমকেতুৰ আগমনৰ বিষয়ে নাছাই কেইবামাহো আগতে তথ্য পায়। কিন্তু আচৰিত কথা, এইবাৰ নাছাৰ শক্তিশালী টেলিস্ক’পৰ ৰাডাৰত হেনো মেঘনাদ ধৰা নপৰিল সেইবাবে ধুমকেতুটোক বাটতে বাধা দিবলৈ পৰ্যাপ্ত সময়ৰ নাটনি হ’ল। অন্যথা আণৱিক বোমা নিক্ষেপ কৰি মেঘনাদৰ গতি অন্যদিশে ঘূৰাব পৰা গ’লহেতেন। কিন্তু এতিয়া পলম হৈ গ’ল। তীব্ৰবেগত আহি থকা মেঘনাদক ৰুধিব পৰা শক্তি হেনো এতিয়া কাৰোৱেই নাই।
এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ উত্তৰ পূৱ ভাৰতত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে। মনুহবোৰে কি কৰিব, ক’লৈ পলাব উৱাদিহ নোপোৱা হৈছে। ৰেলে, বাছে, বিমানে যিয়ে যেনেকৈ পাৰে এই অঞ্চলৰপৰা পলাবলৈ আৰম্ভ কৰিছে।
আমাৰো লাম-লাকটুকেইটা লৈ যিমান পাৰি সোনকালে পলোৱাৰ কথা মনলৈ আহিছে। নহ’লে ল’ৰা ছোৱালী দুটি আৰু বৃদ্ধ মা-দেউতাৰ সৈতে আমি কিছুদিন পাছতে মাটিৰ লগত বিলীন হৈ পৰিম। কিন্তু অশীতিপৰ মা – দেউতাক লৈ এই জনসমুদ্ৰৰ মাজেৰে কিদৰে পলাম সেয়া হৈ উঠিছে এক ডাঙৰ প্ৰত্যাহ্বান।
মোৰ নব্বৈ বছৰীয়া দেউতা এতিয়া শয্যাগত। তেওঁ কিছু পৰিমাণে স্মৃতিশক্তিও হেৰুৱাইছে। আনৰ সহায় নোহোৱাকৈ তেওঁ বাথৰুমলৈও যাব নোৱাৰে। মাও ৰুগীয়া। ভৰি আৰু কঁকালৰ বিষত তেওঁৰ দেহা জৰ্জৰিত। এনে অৱস্থাত ইমান ভীৰৰ মাজেৰে তেওঁক লগত লৈ ৰে’লত বা বিমানত যাত্ৰা কৰাটো অসম্ভৱপ্ৰায়।
জুহিৰ মাক-দেউতাকো অকলশৰীয়া। আমি তেওঁলোককো অকলে এৰি যাব নোৱাৰোঁ। জুহিয়ে কৈ আছে, যি হয় হ’ব, গাড়ী এখন ভাড়া কৰা। সকলোকে লৈ যিমান দূৰ পাৰোঁ গৈ থাকোঁ।
কিন্তু যাম ক’লৈ? অসমৰ বাহিৰত আমাৰ পৰিয়ালৰ মানুহ নাই বুলিবই পাৰি। আশা কৰিলোঁ, যি দুই এজন বন্ধু বান্ধৱ আছে, তেওঁলোকে হয়তো আমাক সহায় কৰিব।
সকলোকে একেলগে লৈ যাব পৰা ডাঙৰ ভাড়া গাড়ী বিচাৰিলোঁ যদিও নাপালোঁ। এই বিপৰ্যয়ৰ সময়ত আনক সহায় কৰাতকৈ সকলোৱে নিজৰ জীৱনটো ৰক্ষা কৰাৰহে চিন্তা কৰিছে। নিজৰ গাড়ী এখন নথকাৰ দুখটো বৰকৈ অনুভৱ কৰিলোঁ। যিমানে দিন গৈ আছে, উৎকণ্ঠা বাঢ়ি গৈ আছে। দুঃচিন্তাত কেইবাদিনো শুব পৰা নাই। নিজৰ যি হয় হ’ব, ল’ৰা-ছোৱালীহালৰ জীৱনটো ৰক্ষা কৰিব পাৰিলেও যেন বহুত সকাহ পাম।
এদিন সন্ধিয়া জুহিয়ে উচুপি উচুপি ক’লে,
“তুমি জিত আৰু জিয়াক লৈ গুচি যোৱা। তুমি আৰু ল’ছালীহাল জীয়াই থাকা। মই ইয়াতে থাকি দিওঁ। মা দেউতাক মই চাম। মোৰ মা দেউতাহঁতো আমাৰ লগতে থাকক।”
মই জুহিক সাবতি ধৰিলোঁ।
“তুমি ইহঁতক লৈ যোৱাগৈ জুহি। মই নাথাকিলেও তুমি ইহঁতক মানুহ কৰিব পাৰিবা। তোমাৰ অবিহনে মইযে একোকে কৰিব নোৱাৰিম।”
জুহিৰ কন্দা- কটাবোৰ দিনে দিনে বাঢ়ি গ’ল। মই তাইৰ মনত সাহস দিয়াৰ চেষ্টা কৰি থাকিলোঁ ।
“যি হয় দেখা যাব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ আৰু আন উপায় নাই।”
শয্যাগতা মায়ে কথাবোৰ গম পাই এদিন মোক ওচৰলৈ মাতি নি ক’লে,
“আমি এনেয়ো বেচি দিন বাছি নাথাকোঁ বোপাই। তহঁত ইয়াৰপৰা সোনকালে যাগৈ। আমাৰ কাৰণে তহঁত বিপদত পৰিব নালাগে।”
আইতাকৰ কথা শুনি আমাৰ দহ বছৰীয়া জীয়াৰী জিয়াই মাৰ হাতত ধৰি ক’লে,
“আইতা, তোমালোকক এৰি আমি ক’লৈকো নাযাওঁ, মৰিব লাগে যদি আমি সকলোৱে একেলগে মৰিম আইতা।”
জিয়াৰ কথাষাৰ বহুসময় মোৰ কাণত বাজি থাকিল।
মৰিব লাগিলে আমি সকলোৱে একেলগে মৰিম। এই কথাটোৱে যেন বহুত সমস্যাৰ সমাধান কৰি দিলে। মনটো বহুত মুকলি লাগিল। অনুভৱ কৰিলোঁ, সন্মুখত বিপৰ্যয় দেখিও যেতিয়া সেই বিপৰ্যয়ক স্বীকাৰ কৰি লোৱা হয়, মনৰ ভয়, শংকা বহু পৰিমাণে নাইকিয়া হৈ যায়।
জুহিক কথাটো ক’লোঁ। আমি আৰু এই বিষয়ে কোনো কথা চিন্তা নকৰোঁ। বাকী থকা দিনকেইটা একলগে থাকি হাঁহি-মাতি কটাই দিওঁ। জুহিৰ মাক-দেউতাকো আমাৰ লগতে থাকক। এইকেইদিন আমি টেলিভিছনত নিউজ নাচাওঁ, কোনো বাতৰি কাকত নপঢ়োঁ, কাৰো লগত আহিবলগীয়া বিপৰ্যয়ৰ বিষয়ে কথা নাপাতোঁ। আমি চিনেমা চাম, গান শুনিম আৰু মন ভাল লগাবপৰা সকলো কামেই কৰিম। ঘৰত খোৱা বস্তু মজুত কৰি ৰাখিম। কেনিও ওলাই নাযাওঁ।
“তুমি কি কথা কৈছা? এনে সময়ত আমি হাঁহি-মাতি, ফুৰ্তি কৰি থাকিম? এয়া কেনেকৈ সম্ভৱ?”
মোৰ কথা জুহিৰ আচহুৱা লাগিল।
মই জুহিক বুজালোঁ,
“মৃত্যুতো এদিন আহিবই। কিন্তু সেই মৃত্যুৰ ভয়ত আমি জীয়াই থকা দিনকেইটা কিয় ইমান মানসিক চাপৰ মাজত পাৰ কৰোঁ কোৱা? তাতকৈ জীৱনৰ প্ৰতিটো মুহূৰ্ত হেঁপাহ পলুৱাই উপভোগ কৰোঁ আহা। মৃত্যুভয়ত লৰা ধপৰা নকৰি সকলোৱে এইকেইটা দিন আনন্দেৰে কটাব নোৱাৰোঁনে? মেঘনাদৰ খুন্দাত আমাৰ সকলোৰে যদি একেলগে মৃত্যু হয়ো, তাত দুখ কৰিবলগীয়া কি আছে?”
জুহিয়েও কথাখিনি চিন্তা কৰি চালে। তাই মোৰ প্ৰস্তাৱত সন্মতি দিলে। জুহিৰ মাক দেউতাক আমাৰ ঘৰলৈ আহিল। আমি সকলোৱে ঘৰতে খেলা-ধূলা কৰি, হাঁহি-ধেমালি কৰি সময় পাৰ কৰিবলৈ ধৰিলোঁ। সকলো প্ৰকাৰৰ খবৰ-বাতৰিৰপৰা নিজকে আঁতৰাই ৰাখিলোঁ। ফোনটোও বেছিভাগ সময় অফ কৰিয়েই ৰাখিলোঁ। মনটোলৈ যাতে কোনো ধৰণৰ ঋণাত্মক চিন্তা নাহে তাৰ বাবে যত্নপৰ হ’লোঁ।
সন্ধিয়া সদায় নাম প্ৰসংগ কৰি কিছু সময় ঈশ্বৰৰ চিন্তাত কটালোঁ। জিত আৰু জিয়ায়ো মোবাইল গেম, টেলিভিছন সকলো বাদ দি ককাক আইতাকৰ লগত নাম গালে। ককাক আইতাকেও নাতি-নাতিনীক সাধু কথা কৈ, সিহঁতৰ লগত বিভিন্ন খেল খেলি সময় পাৰ কৰিবলৈ ল’লে। চৰম বিপৰ্যয়ৰ এই সময়ত, যি সময়ত সকলো মানুহে চৰম উৎকণ্ঠাত দিন কটাইছে, আমাৰ ঘৰখনত যেন এক অনাবিল শান্তিৰ পৰিৱেশে বিৰাজ কৰিলে।
বহুদিনৰ মূৰত এদিন ফোনটো চালোঁ। বন্ধু বিজয়ৰ কেইবাটাও মিছ কল দেখিলোঁ। সি মোক কেইবাদিনৰ পৰা যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল।
ময়েই তালৈ ফোন কৰিলোঁ। ফোন উঠায়েই সি ব্যস্ততাৰে সুধিলে,
“তই এতিয়া ক’ত আছ?”
“মই নিজৰ ঘৰতে আছোঁ। ক’চোন, কি কথা।”
মোৰ কথা শুনি সি চিঞৰি উঠিল,
“ষ্টুপিড, মৰিব খুজিছ নেকি? দুদিনৰ পাছতে কমেটটোৱে খুন্দা মাৰিব। আমি বহুত কষ্ট কৰি মুম্বাই পালোঁহি। এতিয়াও সময় আছে। যিকোনো উপায়েৰে ওলাই আহ।”
“নাযাওঁ। ইয়াতে থাকিম। যি হয় হ’ব।”
এই বুলি ফোনটো কাটি চুইচ অফ কৰি থলোঁ।
সেই দুদিন আমি আটায়ে বৰ স্ফূৰ্তি কৰি কটালোঁ। মা-দেউতা আৰু ল’ছালীহালক লৈ একেলগে এইদৰে স্ফূৰ্তি আগতে কেতিয়াও কৰা নাছিলোঁ।
দুদিনৰ পাছৰ ৰাতিটো দিনৰ দৰে পোহৰ হৈ পৰিল। চৰাই-চিৰিকটিবোৰে কোৰ্হাল কৰি ইফালে সিফালে উৰি ফুৰিবলৈ ধৰিলে। কুকুৰ -মেকুৰী, গৰু,শিয়াল আটাইবোৰে একেলগে ৰাউচি ধৰিলে। বিজুলী সংযোগ বন্ধ হৈ হ’ল। এটা প্ৰচণ্ড হিচহিচনিৰ দৰে শব্দ যেন লাহে লাহে ওচৰ চাপি আহিল।
মই বুজিলোঁ শেষ সময় সমাগত। আমি আটায়ে ভাত-পানী খাই গাত ধৰা-ধৰিকৈ একেটা কোঠাতে শুই থাকিলোঁ।
দুৱাৰত জোৰেৰে ঢকিওৱাৰ শব্দত হঠাতে টোপনি ভাঙি গ’ল। টোপনিৰ জালতে কোনোমতে গৈ দুৱাৰ খুলি দিলোঁ।
“আপোনালোক সকলো ঠিকে আছেনে? আমি ইয়াত থাকি যোৱা মানুহখিনিৰ খবৰ লৈ ফুৰিছোঁ।”
আৰক্ষী বিষয়াজনে ক’লে।
“কিন্তু কিয়”?
মই চকু মোহাৰি ক’লো।
“ৰাতি মেঘনাদ পৃথিৱীৰপৰা দুহেজাৰ কিল’মিটাৰ আঁতৰেৰে পাৰ হৈ গ’ল। ইয়াত থাকি যোৱা বহুত মানুহৰ ভয়তে হাৰ্ট এটেক আহিছে। কেইজনমান মৰি থাকিল। সেয়েহে আমি কিবা সহায় কৰিব পাৰোঁ নেকি সুধিবলৈ আহিছোঁ।”
“তাৰ মানে মেঘনাদে পৃথিৱীত খুন্দা নামাৰিলে নেকি?”
“নাই। আপোনালোকে নিউজ চোৱা নাই নেকি? যোৱা পৰহিৰপৰাই চোন কৈ আছে, নাছাৰ আগৰ অনুমান শুদ্ধ নাছিল। ধুমকেতুটোৱে পৃথিৱীত খুন্দা নামাৰিলে। নিচেই ওচৰেৰে পাৰ হৈ গ’ল।”
“আমি ঠিকে আছোঁ। কিবা প্ৰয়োজন হ’লে খবৰ দিম।”
এই বুলি কৈ তেওঁলোকক বিদায় দিলোঁ।
জুহিয়ে উঠি আহি মোৰ ওচৰতে থিয় হৈ আছিল। মই তাইৰ কান্ধত হাত এখন থৈ তাইৰ পিনে চাই মিচিকিয়াই হাঁহিলোঁ। তাই মোক সাৱতি ধৰিলে।
9:21 AM
বৰ সুন্দৰ।