নিশাৰ প্ৰহৰী-প্ৰণামিকা গগৈ
ব’হাগ বিহুৰ সময়ৰ কথা।মই মোৰ মানুহজন আৰু আমাৰ ছোৱালীজনীক লৈ মাহতঁৰ ঘৰৰপৰা ভাত খাই উভতি আহিছোঁ।নিশা প্ৰায় এঘাৰ বাজিছে।মোৰ মাৰ ঘৰৰপৰা মোক বিয়া দিয়া ঘৰলৈ দূৰত্ব নিচেই কম।খোজকাঢ়ি গ’লেও বৰ বেছি দহমিনিটমান লাগে।কিন্তু যিহেতু বিহুৰ সময় গতিকে আমি সেইদিনা ঘূৰি ঘূৰি বিহু চাই চাই যোৱাৰ বাবে ঘৰলৈ গাড়ী লৈয়েই গৈছিলো।
ঘৰ পাই দেখিলো ঘৰৰ পৰিবেশ নিমাওমাও।মানে সকলোবোৰ শুই নিঃপালি দিলে।মোৰ মানুহজনে গাড়ীখন গেৰেজত ভৰাই মানে আমি মাক জীয়েক দুয়োজনী ঘৰৰ পাচফালে গ’লো,পাচফালৰ বাৰাণ্ডাত উঠি বোৱাৰীজনীক মাতিম বুলি।যিহেতু সকলো টোপনিত, গতিকে কলিং বেল বজাই তেওঁলোকক আমনি কৰিবলৈ বেয়া লাগিল।পাচফালৰ বাৰাণ্ডাৰ লগতে ডাইনিং ৰুমটো।ভাবিলোঁ সেইফালে দুৱাৰত লাহেকৈ টুকটুকাই দিলে ডাইনিং ৰুমৰ লগতে থকা দেৱৰৰ ৰুমৰপৰা বোৱাৰীজনীয়ে নিশ্চয় শুনিব।
কিন্তু বাৰাণ্ডাত উঠিয়েই শুনিলোঁ দেৱৰৰ ছোৱালী লিমাই ডাইনিং ৰুমত একেবাৰে পেকপেকাই কথা পাতি আছে।…..মাকৰ লগত চাগৈ।তাই এনেয়ো কথা চহকী।মুখখন বন্ধ নহয়েই দিনটো।লিমাৰ মাতটো শুনি মোৰ ছোৱালীয়ে ফুৰ্তিতে চিঞৰ মাৰিয়েই দিলে লিমা বা শোৱাই নাই, অলপ দেৰি একেলগে টিভি চাব পাৰিম বুলি। মই ক’লো,
“ৰবা, আগতে দুৱাৰখন খুলিবলৈ কোৱা আক’,কিন্তু বেছি ডাঙৰকৈ শব্দ নকৰিবা দেই, আইতা টোপনি গৈছে চাগৈ।”
ছোৱালীয়ে হ’ব বুলি গৈ দুৱাৰত লাহে লাহে টুকুৰিয়াই “লিমা বা দুৱাৰখন খোলা” বুলি ক’লে কিন্তু লিমাৰ কোনো কাণসাৰেই নাই। তাই তেতিয়াও কথা কৈয়েই আছে।মই বোলো কি হ’ল, দুৱাৰত টুকুৰিয়াওঁতেও দেখোন এইজনীৰ খবৰেই নাই,ইমান যে কথা এইজনীৰ!মাককে এবাৰ মাতি চাওঁ।মই এইবাৰ দুৱাৰখনত অলপ ডাঙৰকৈ ঢকিয়াই বোৱাৰীজনীৰ নাম ধৰি ‘মাইনু মাইনু’ বুলি মাতিলো।নাই,তথাপি কাৰো খবৰ নাই।ইতিমধ্যে মোৰ মানুহজনেও গাড়ীখন গেৰেজত ভৰাই আমাৰ ওচৰ পালেহি।তেওঁ আহিয়েই ক’লে,
“কি হ’ল ইমান দেৰি তোমালোক বাহিৰতে আছা যে!সেয়া লিমাৰ মাত দেখোন শুনিয়েই আছোঁ।দুৱাৰত নক কৰিছানে নাই?”
তেতিয়া মই ক’লো যে কেইবাবাৰো মাতিলো কিন্তু কোনেও দুৱাৰ খোলা নাই চোন।এইবাৰ এওঁ অলপ জোৰে জোৰে দুৱাৰত ঢকিয়াই ভায়েকক মাতিলে আৰু লগে লগে ভাইটি আৰু মাইনু দুৱাৰখন খুলি ওলাই আহিল।মাইনুয়ে আমাক দেখিয়েই ক’লে,
“অ বৌ আহিলা,টোপনি গৈছিলো যে! তোমালোকে মতা গমেই পোৱা নাছিলো।বহুত দেৰি ৰ’ব লগা হ’ল নেকি?”
মই ক’লো,
“নাই বেছি দেৰি হোৱা নাই বাৰু।কিন্তু লিমাৰ লেকচাৰ শুনিছিলোঁ নহয়।তুমি নাছিলা নেকি লগত? তাই কাৰ লগত কথা পাতি আছিল? তাইৰ লগৰ কোনোবা আহিছে নেকি?”
মাইনুৱে ক’লে,
“হেই ক’ত লিমাৰ মাত শুনিলা,সেইজনী ফিল্ডত বিহু নাচি আহি ন বজাতে শুলে।টোপনিত লালকাল দিলে এতিয়ালৈ।এইবাৰ মোৰহে মূৰটো ঘূৰি যোৱা যেন লাগিল।এইটো কেনেকৈ সম্ভৱ?মইতো লিমাৰ মাত স্পষ্টকৈ শুনিছিলোঁ বাৰাণ্ডাত উঠিয়েই।দেওৰটোৱে ক’লে,
“নহয় অ’ বৌ।সৌ ৱালৰ ইপাৰৰ হোষ্টেলৰ ছোৱালীৰ মাত শুনিলা চাগৈ তুমি।যোৱা যোৱা শোৱাগৈ বহুত ৰাতি হ’ল।”
শুবলৈ বিচনাত পৰিও মোৰ টোপনি অকণো নাহিল।যদিও দেওৰে কৈছে হোষ্টেলৰ ছোৱালীৰ মাত শুনিছোঁ বুলি।মই কিন্তু মোৰ মনটোক বুজাব পৰা নাই।কাৰণ মই,মোৰ ছোৱালী আৰু মানুহজনে একেলগে লিমাৰ মাতটো আমাৰ ডাইনিং ৰুমত স্পষ্টকৈ শুনিছোঁ।কিন্তু যদি লিমা ন বজাতে শুলে তেনেহলে আমি যে শুনিছিলোঁ সেয়া কি? আৰু মাইনুয়েনো কিয় লিমা শুলে বুলি এনেই ক’ব।নাই শোৱা যদি শোৱা নাই বুলিয়েই ক’লেহেঁতেন।লাহে লাহে ক’ব নোৱাৰাকৈয়ে টোপনি গ’লো।
ৰাতিপুৱা মাইনুয়ে মোক বিচনাতে আহি মাত দি ক’লে,
“বৌ কালিৰ কথাটো চিন্তা কৰি মই হোষ্টেলত কোনোবা আছে নেকি ৰাতিপুৱাই খবৰ ল’বলৈ ওলাই গ’লো।সেই হোষ্টলটোত বোলে যোৱা ছমাহমান ধৰি কোনোৱেই নাই।”
11:49 PM
Owwe my God !এইৰাতি পঢ়িলো ভয়ভাব হৈ গৈছে।সছা কাহিনী?