পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ইটো-সিটো আৰু জৈৱ সংৰক্ষণৰ প্ৰয়োজনীয়তা-জয়ন্ত গগৈ
প্ৰকৃতিয়ে নিৰংকুশভাৱে পৃথিৱীখন বৰ্ণিল ৰূপেৰে সজাই তুলিছে। ভৌগোলিক অৱস্থান, পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৰিৱেশক প্ৰধানতঃ চাৰিটা মণ্ডলত বিভক্ত কৰিছে। এই মণ্ডলবোৰ হ’ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ,স্থলভাগৰ কিছু মিটাৰ গভীৰতা লৈ বিয়পি থকা অংশ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণী জাতি চিনাক্ত কৰা হৈছে। পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই পৃথিৱীৰ পৰিবেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিকাৰ যোগেদি পৃথিৱীৰ পৰিবেশ নিৰূপণ কৰিছে। এই পৰিবেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিবেশৰ পৰিৱৰ্তন ঘটে। এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে।এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে বহল অৰ্থত পৰিবেশ বুলি কয়। পৃথিৱীৰ পৰিবেশ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিবেশে ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইৰ পৰিবেশ গোলকীয় পৰিবেশ তন্ত্ৰৰ একো একোটা অংশ মাথোন। পৰিস্থিতিতন্ত্ৰৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ ভিন্ন প্ৰান্তৰ প্ৰকৃতিৰ ৰূপ সৌন্দৰ্য সুকীয়া সুকীয়া ভাৱে গঢ়ি উঠিছে। এই ভিন্নতাময় পৰিবেশৰ বাবেই পৃথিৱীৰ ভিন্ন অঞ্চলত ভিন্ন ভিন্ন জীৱ-জন্তু, গছ-গছনি, তৰু , লতা-লতিকা আদি বোৰে ধৰিত্ৰীৰ বুকুত সহ অৱস্থান কৰিছে। আমি কেৱলমাত্ৰ মানু্হ বিলাকেই একমাত্ৰ এটা বিশেষ প্ৰজাতি যিয়ে এই বৰ্ণিল প্ৰকৃতিৰ ৰূপ মাধুৰী উপভোগ কৰাৰ সুবিধা লভিছোঁ। বিশ্ব প্ৰকৃতিৰ বৰ্ণিল ৰূপসুধা, বিনন্দীয়া মনোৰম পৰিবেশ আমি উপভোগ কৰি আহোঁ যদিও বাস্তৱত কিন্তু এই পৰিবেশতন্ত্ৰৰ অন্তৰালত দিনক দিনে ঘটি থকা কিছুমান পাৰিপাৰ্শ্বিক ভাৰসাম্যতাক বিৰূপ প্ৰভাৱ পেলোৱা বিষয়ত আমি সিমান এটা গুৰুত্ব দিয়া যেন অনুভৱ নহয়। যিবোৰ কথা আমি সাধাৰণ ভাৱে লৈছোঁ অথবা নিজৰ ব্যস্ততাৰ বাবে আমাৰ মনোযোগ আকৰ্ষণৰ অভাৱ ঘটিছে বুলি ক’ব পৰা যায়। বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ হোৱাৰ আগতে হয়তো আজি বহু বহু বছৰৰ আগত প্ৰকৃতিৰ গৰিমাবোৰ , সুষমাবোৰ অধিক শাশ্বত আছিল। সময়ৰ পৰিবৰ্তনৰ লগে লগে ইয়াৰ স্বকীয় ৰূপ ম্লান হৈ গৈ আছে । সৰ্বাত্মক বিকাশ ঘটোৱা বিজ্ঞান আৰু যন্ত্ৰ সভ্যতাই ,দ্ৰুত উদ্যোগীকৰণে প্রকৃতিৰ সন্তান মানুহক অতি নগৰকেন্দ্ৰিক হৈ পৰিবলৈ বাধ্য কৰি তুলিছে । প্ৰকৃতিৰ মূলমন্ত্র অৰণ্য হাবি ভাঙি নগৰ গঢ়াত, বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় কৰি স্বচ্ছল হৈ পৰাটো কিছু মানুহৰ স্বাভাৱিক প্ৰবৃত্তিলৈ ৰূপান্তৰিত হৈছে।জীৱকুলৰ ভিতৰত শ্রেষ্ঠ সন্মানেৰে বিভূষিত মানৱ মস্তিষ্কৰ কিছুমান কৰ্মকাণ্ডই প্ৰকৃতিৰ ভাৰসাম্যতাত এনেকৈ প্ৰভাৱ পেলাইছে যে অন্য জীৱকুলৰ আগত মানুহ চৰম লজ্জিত হোৱাৰ উপক্ৰম হৈছে। এনে লাগে যেন মানুহৰ মনবোৰ আজি একো একোটা ৰণুৱা ঘোঁৰা।
সৰ্বজনবিদিত, বনাঞ্চলৰ ব্যাপক বিলুপ্ততাই আজি সমগ্ৰ জীৱ সম্প্ৰদায়ৰ অস্তিত্বকে ভয়াবহ সংকটৰ গৰাহলৈ ঠেলি নি আছে । বিশ্বৰ ২৮ খন দেশৰ প্রাকৃতিক বনভূমি বিশেষভাৱে ক্রমান্বয়ে কমি আহিছে । ভাৰতৰ প্ৰাকৃতিক অৰণ্যৰ ৯৯ ভাগেই ধ্বংস হৈ গৈছে বুলি পৰিবেশবিদৰ তথ্যত প্ৰকাশ পাইছে। আনকি যিবোৰ নতুনকৈ সৃষ্টি হৈছে তাৰো ৫৭ শতাংশ আজি ধ্বংসৰ মুখত । আমাৰ উত্তৰ পূৰ্ব্বাঞ্চলেও প্ৰতিবছৰে ২৬০০ বর্গ কিঃ মিঃ পৰিমাণৰ বনভূমি হেৰুৱাবলগীয়া হৈছে । বিগত সময়ৰ এক সমীক্ষামতে চাৰিটা বছৰত (৯৩-৯৭ চন) আমাৰ অসমৰ ৬৮৪ বর্গ কিঃ মিঃ বনাঞ্চল হ্রাস পাইছে । দিনে ১৪৬ বর্গ কিঃ মিঃ ডাঠ হাবি কমি গৈছে আৰু ৯১ বৰ্গ কিঃ মিঃ কম গছ থকা বনভূমি মুকলি ভূমিলৈ পৰিণত হৈছে । বহুতো জোপোহা বন থকা অঞ্চল, পাতলীয়া হাবিখন মুকলি পথাৰলৈ ৰূপান্তৰিত হৈছে । আমাৰ হাবি-বননিত গছ-বন নাইকিয়া হৈ গৈছে।এটা সময়ত আমাৰ হাবি বননিত নাহৰ, কাঞ্চন, চম্পা, বকুল, কেতেকী- আদি নানান উদ্ভিদৰ ফুলৰ গোন্ধই আমোল-
-মোলাই আছিল। বহাগৰ প্ৰথম দিনটোতেই ১০১ বিধ বনৰীয়া শাকৰ আঞ্জা খোৱা অসমীয়াই আজি সততে এই সকলোবিধ শাক গোটাব নোৱাৰা হৈছে । প্রকৃততেই আমি ক’ব নোৱাৰাকৈয়ে বহুবিধ উদ্ভিদৰাজিৰে বিলুপ্তি ঘটাইছো । যন্ত্ৰ সভ্যতাৰ পয়োভৰত আমি এই কথাত মনোযোগ দিয়া নাই, অথবা এলাহ কৰিছো । মাথো উঠি অহা নতুন প্রজন্মৰ সন্মুখত হুমুনিয়াহ কাঢ়ি স্মৃতি ৰোমন্থন কৰিয়েই প্ৰত্যেকে দায়িত্বৰপৰা হাত সাৰিব বিচাৰিছো। –
“এইবোৰতো আগতে সকলোবোৰেই আছিল। শাক-পাচলিৰ বাবে বজাৰলৈ নগ’লেও হয়।এতিয়া পাবলৈ নাই । সকলোতে আকাল হৈছে।সূৰ্য্য পৃথিৱীৰ ওচৰ চাপি আহি আছে যেন পাওঁ, ইমান গৰম!কি কি যে বেমাৰবোৰ হৈছে ! মানুহ মৰি এদিন হয়তো শেষ হ’ব। পৃথিৱীখন ধ্বংস হবলৈ গৈ আছে”….ইত্যাদি ইত্যাদি কথা আমাৰ গাৱঁৰ সহজ সৰলজনৰ মুখতো শুনাটো কোনো অস্বাভাৱিক কথা হৈ থকা নাই । হয়তো পৃথিৱীক ধ্বংস স্থলীলৈ ৰূপান্তৰ ঘটোৱাৰ বাট মুকলি কৰা হৈছে । আমি জনা উচিত উদ্ভিদে বিভিন্ন উপায়ে আমাৰ পৰিবেশ পৰিষ্কাৰ কৰি ৰাখে । বায়ুমণ্ডলত জলীয় বাষ্পৰ ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে । সমস্ত প্রাণীৰ বাবে খাদ্যৰ উপাদানবোৰ যোগান ধৰে । বতাহৰপৰা দূষিত কার্বন-ডাই-অক্সাইড গেছ লৈ আমাক বিশুদ্ধ অক্সিজেনৰ যোগান ধৰে।ধূলি বা ধোঁৱাই নহয় উদ্ভিদে বিভিন্ন বিষাক্ত, ক্ষতিকৰ গেছো শোষণ কৰি ৰাখে । এটুকুৰা ৫০০ মিটাৰ বহল সেউজীয়া অঞ্চলে বতাহত জমা হৈ থকা ছালফাৰ ডাই অক্সাইডৰ ৭০ শতাংশ শুহি ল’ব পাৰে । এখন গাড়ী ২৫,০০০ কিঃ মিঃ চলি যি প্ৰদূষণ সৃষ্টি কৰিব, এজোপা পূর্ণবয়স্ক গছে তাৰ সকলোখিনিয়েই শুহি লব পাৰে।গতিকে গছৰ পৃথিৱীত আমি মানুহবোৰ, অন্য প্রাণীবোৰ মাথো অতিথিহে । গছেই আমাৰ জীৱনদায়িনী।গছ থাকিলেহে এই পৃথিৱীত মানুহ থাকিব পাৰিব, প্রাণীবোৰ বৰ্তী থাকিব।
প্ৰকৃতি হৈছে এখন মনোৰম ফুলনি । সেয়ে প্ৰতিটো ঋতুৰ লগত প্ৰকৃতিৰ ওতঃপ্ৰোত সম্বন্ধ । যদিও বনাঞ্চল ক্রমান্বয়ে হ্রাস পাই আহিছে তথাপি ঋতু ভেদে উদ্ভিদৰাজিয়ে আমাৰ হাবি বননিত নানান তৰহৰ গছ লতাৰ কুমলীয়া কুঁহিপাতে,ফুলে আমোলমোল কৰেই। মিঠা গন্ধ, মিঠা শিহৰণত যিদৰে আমাৰ মানুহৰ মন মতলীয়া কৰে ঠিক একেধৰণে কীট পতংগ, চৰাই-চিৰিকতি, জীৱ-জন্তুকো সমানেই মতলীয়া কৰে। ফুল-ফলৰ সুগন্ধি সুবাসত কীট-পতংগ, চৰাই- চিৰিকতি বা অন্য প্রাণী ফুল-ফলৰ কাষলৈ আহে আৰু ইহঁতে প্রকৃতি জগতত এক অপৰিসীম কাৰ্য্য সমাধান কৰে, যাৰ বাবে ফুলে ফলৰ সৃষ্টি কৰে । পৃথিৱীত প্ৰায় ২.৫ লাখ উদ্ভিদৰ ফুল হয় । ফুলৰপৰা ফল হবলৈ প্ৰায় ৮০ শতাংশ উদ্ভিদৰে প্ৰয়োজন হয় পৰাগ সংযোগ প্ৰক্ৰিয়াৰ।প্ৰতি তিনিবিধ খাদ্য শস্যৰ মাজত এবিধ শস্য এই পৰাগ সংযোগ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।পৰাগ সংযোগ ঘটে তেতিয়া পুৰুষ ফুলৰ পৰাগৰেণু স্ত্রী ফুলৰ পৰাগৰেণুৰ সৈতে মিলন হয় । বেছিভাগ উদ্ভিদৰ ক্ষেত্ৰত এই কাম কৰে কীট পতংগ, চৰাই-চিৰিকতি বা জন্তুৱে। প্ৰকৃতিত এই সম্পর্ক বহু যুগৰ আগৰেপৰাই চলি আহিছে আৰু চলিও থাকিব।কিন্তু পৰিতাপৰ বিষয় যে আন সকলো প্রাণীতকৈ বহু পিছত অহা মানুহৰ হাতত আজি এই অপৰিসীম সম্পর্ক নষ্ট হোৱাৰ উপক্ৰম হৈছে।পৰাগ সংযোগকাৰীৰ সংখ্যা গোটেই বিশ্বতে অভাৱনীয়ভাৱে দ্রুতগতিত হ্রাস পাই অহাৰ ঘটনাই বিজ্ঞানী সকলোকো চিন্তিত কৰি তুলিছে । পৰাগ সংযোগ প্রক্রিয়া নঘটিলে খাদ্যশস্যৰ পৰিমাণ কমি যাব – ই ধূৰূপ আৰু খেতিৰ গুণগত মানদণ্ড কমি যাব । উল্লেখযোগ্য বিষয় হ’ল – কীট-পতংগৰ অভাৱত অতি উন্নত দেশৰ খেতিয়ক সকলে কৃত্রিম পদ্ধতিত পুৰুষ আৰু স্ত্রী ফুলৰ মাজত পৰাগ মিলন ঘটাবলৈ সক্ষম হৈছে।কিন্তু আমাৰদৰে উন্নয়নশীল দেশত এনে সম্ভাৱনা আশা কৰিব পাৰিনে? য’ত কৃষি বিজ্ঞানীয়ে ৰাজআলিৰ পৰা আঙুলি টোঁৱাই বিজ্ঞানৰ নেওঁতা মাতে।
দেখিবলৈ পোৱা যায় ৰাসায়নিক কীটনাশক দ্রব্যবোৰ আমাৰ শস্য পথাৰত, চাহ বাগিছা আদিত ব্যাপক হাৰত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে।এই কীটনাশক দৰৱবোৰ প্ৰকৃতিত ক্ষয় নোহোৱাকৈয়ে থাকি যায়।ইহঁতৰ কিছু অংশই খাদ্য শস্যৰ লগ লাগে ! যিসমূহ খাদ্য শস্য মানুহকে ধৰি অন্য প্ৰাণীকুলৰ শৰীৰৰ বাবে অতিশয় মাৰাত্মক। কীটনাশক দৰৱৰ ফলত মৃত্যু হোৱা কীট-পতংগসমূহ চৰাই বন্য জন্তুৱে ভক্ষণ কৰি দুৰ্ভাগ্য জনকভাৱে মৃত্যুক সাৱটি ল’বলগীয়া বিষয়টি অত্যন্ত সুস্পষ্ট।ক্রমান্বয়ে প্ৰকৃতিজগতত বিভিন্ন চৰাই, জন্তু আদি অদৃশ্য হৈ যোৱাৰ অন্যতম কাৰণ হৈছে – এই ৰাসায়নিক কীটনাশক দৰৱসমূহ।তেন্তে মানুহেই বা আৰু কিমান নিৰাপদ! কীটনাশক ৰাসায়নিক দ্ৰৱ্যৰ কম ব্যৱহাৰেও জানো আমাৰ খেতি পথাৰক লাভান্বিত কৰিব পৰা নাযাব? কৰিব।জৈৱিক পদ্ধতিৰে খেতি কৰা ফচলৰ বৃহৎ চাহিদাৰ বিষয়টিয়েই সকলো উত্তৰ দিয়ে । কীট পতংগভোজী চৰাইবোৰৰ লগতে ভেকুলীয়েও অনিষ্টকাৰী কীট-পতংগ খাই খেতি-পথাৰৰ শস্য ৰক্ষা কৰে।একেদৰে মহ’ৰ কণী আৰু পলু খাই মেলেৰীয়াৰদৰে ৰোগৰপৰা আমাক ৰক্ষা কৰে । এটা প্রাপ্তবয়স্ক ভেকুলীয়ে এদিনত তাৰ দেহৰ ওজনৰ সমান কীট পতংগ খাব পাৰে। সেয়ে ভেকুলীৰ সংখ্যা বঢ়া মানেই কীট পতংগৰ পৰিমাণ কমি যোৱা । অন্যহাতে ভেকুলীৰ সংখ্যা কমা মানেই কীট পতংগৰ সংখ্যা বাঢ়ি যোৱা । ভেকুলীৰ সংখ্যা যিমানেই কমিব খেতি পথাৰত সিমানেই বাঢ়ি যাব কীট পতংগৰ সংখ্যা । ফলত এইবোৰৰ নিয়ন্ত্ৰণৰ বাবে আৰু অধিক পৰিমাণৰ ৰাসায়নিক কীটনাশক প্রয়োজন হ’ব । ফলস্বৰূপে যে কেৱল কৃষি-কাৰ্য্যই ক্ষতিগ্রস্ত হ’ব এনে নহয়, সমস্ত প্ৰাণী জগততো ইয়াৰ প্ৰভাৱ পৰিব।
পৃথিৱীৰ সকলো দেশতেই ভেকুলীৰ সংখ্যা দ্রুতহাৰত কমি আহিছে।ডাইন’চ’ৰবোৰ লুপ্ত হোৱাৰ পাছত উভচৰ প্ৰাণীবোৰৰ অস্তিত্ব ৰক্ষাৰ ইমান ডাঙৰ সংকটে ইয়াৰ আগতে কেতিয়াও দেখা দিয়া নাছিল।উভচৰ প্ৰাণীবোৰ কমি অহাৰ কাৰণবোৰৰ ভিতৰত ইহঁতৰ মাংসৰ বাবে ভেকুলীৰ হত্যাও অন্যতম কাৰণ হিচাবে পৰিবেশ বিজ্ঞানীসকলে চিহ্নিত কৰিছে । এক কিলোগ্রাম ভেকুলীৰ ঠেঙৰ বাবে হত্যা কৰা হয় প্রায় ৩০ টা ভেকুলী। আশীৰ দশকত ভাৰতে বছৰি চাৰিহাজাৰ টন ভেকুলীৰ ঠেং ৰপ্তানি কৰি, ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল।ভাৰতৰ পিচতে অন্য দুখন বিশেষভাৱে উল্লেখযোগ্য দেশ হ’ল বাংলাদেশ আৰু ইন্দোনেচিয়া । বর্তমানে ভেকুলী মৰা বা ঠেঙৰ ব্যৱসায় নিষিদ্ধ কৰা হৈছে । তথাপি ভেকুলীৰ ৰপ্তানি অবৈধ ভাৱে অবাধে চলিছে । এই পৰম পৰোপকাৰী প্রাণীবিধৰ বিলুপ্তি ঘটোৱাৰ আমাৰ কাৰো ন্যায়সংগত অধিকাৰ নাই। তেনেস্থলত বাৰিষাৰ আগমনৰ সময়ত আমাৰ বাৰীৰ চুকে-কোণে, পথাৰৰ আলি-পদূলিয়ে হাতত টৰ্চ-ভামুকি লৈ ভেকুলীৰ ঠেং কাটি মুখৰ জুতি লোৱা সকলক কোনোপধ্যেই জগৰীয়া নকৰাকৈ থাকিব নোৱাৰি।কথাবিলাক অলপ মন কৰিলেই বুজি উঠিব পৰা যায় বংশবৃদ্ধিৰ বাবে ওলাই অহা প্রাণীটিক শেষ কৰি কেনেকৈ নিজেও বিপন্ন হৈ পৰিবলৈ গৈ আছোঁ । একেদৰেই বাৰিষাৰ আৰম্ভণিতেই ধৰিত্ৰীলৈ বৰষুণৰ ধল নামি আহে । ধৰিত্ৰীৰ বুকু জীপাল হয়। ন পানী ফুটে। নদ- নদী, বিল, খাল-দোং আদি পানীৰে পৰিপূৰ্ণ হয় । মাছ- কাছৰ উজান উঠে।মাছবোৰ এই সময়তেই বংশবৃদ্ধিৰ বাবে ওলাই আহে।পানীত কণী এৰে আৰু অসংখ্য ভিন ভিন জাতৰ পোণা মাছৰ জাকে ভৰি পৰে। এই সময়ছোৱাত উজানৰ মাছ ধৰিবলৈ আমাৰ লুভীয়া মানুহৰ উথপ্ থপ্ লাগে । কিন্তু এই উজানৰ মাছ ধৰি আমি নিজৰ মূৰ্খামিৰহে পৰিচয় দিওঁ – ই চিৰসত্য।এই কণীলগা মাছখিনি ধৰি আমি কিমান মাছৰ জন্মত বাধা দিওঁ তাক বহলাই নক’লেও হ’ব নিশ্চয়।সৰু সৰু পোণা মাছবোৰ ধৰি আমি কিমান অপৰাধৰ কাম কৰোঁ, ভাৱিলে দুখ লাগে। গাভিনী গৰুজনী, ছাগলীজনী বা মানু্হ এগৰাকীৰ মৃত্যু হলে আমাৰ কেনে লাগে ভাবকচোন।তেনে মাছৰ বেলিকা একা ! উজান উঠাৰ তিনি-চাৰিমাহৰ পিছত মাছ ধৰিলে আমি মাছবোৰ নাপাম জানো?প্রকৃততে আমাৰ এই অপকৰ্মৰ বাবেই আজি শাল, শ’ল, চেঙা, এলেঙা (এলেং), নৰা, ওপৰ চকুৱা, ভেদেলী, চেং, কাৱৈ, শিঙি, দৰিকণা— আদি থলুৱা মাছবোৰ ক্রমান্বয়ে অদৃশ্য হৈ যাবলৈ ধৰিছে । ইয়াৰ উপৰিও কৃষি ভূমি , চাহবাগান অঞ্চলত প্ৰয়োগ কৰা ব্যাপক হাৰৰ কীটনাশকবোৰো আমাৰ থলুৱা মাছৰ প্ৰজাতিবোৰৰ বিলুপ্তিৰ প্ৰধান কাৰক,এই বিষয়ে বহলাই ন’কলেও হ’ব। এনেধৰণৰ বিলুপ্ত হবলৈ ধৰা মাছবোৰৰ সংৰক্ষণ আমি স্থানীয়ভাৱে কৰিলেহে হ’ব । নহ’লে কোনে কৰিব?নে এনেবোৰ মাছৰ প্রয়োজন আমাৰ নাইকিয়া হৈ পৰিছে?এনেধৰণৰ বহুতো সৰু সৰু কথাই আজি প্রাকৃতিক পৰিবেশক ভাৰসাম্যহীন কৰি তুলিছে।প্ৰকৃতিৰ বুকুত এনে ভাৰসাম্যৰ উদাহৰণ বিচাৰিলে আৰু বহুতো ওলাব।পৰিবেশ বিষয়টোৰ পৰিসৰ বহুত বহল।সকলোবোৰ কথাই একোটা প্ৰৱন্ধত লিখি শেষ কৰা সম্ভৱপৰ নহয় আৰু অতি জটিলো । তথাপি এটা কথা স্বীকাৰ কৰিব লাগিব যে – বায়ু, মাটি, পানী, উদ্ভিদ, প্ৰাণী এই সকলোৱেই এনে এক ভাৰসাম্যতা ৰক্ষা কৰি জীয়াই আছে যে কাৰোপৰাই কাৰো একো বিপদ হোৱা নাই।সকলো উদ্ভিদ আৰু প্ৰাণীয়েই কিবা নহয় কিবা প্ৰকাৰে এটা আনটোৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল । প্ৰকৃতিত থকা কোনোটো উদ্ভিদ বা প্রাণীয়েই অলাগতীয়াল নহয়। ইটো সিটোৰ পৰিপূৰক।কোনোটো জাতৰ প্ৰাণীৰ বা উদ্ভিদৰ সংখ্যাই খুব বেছি ধৰণে বৃদ্ধি নহয় আৰু হ্রাসো নহয়।সকলো জীৱই পৰিস্থিতিৰ দাস।এই পৰিবেশ বা পৰিস্থিতিতন্ত্ৰ জীৱন ধাৰণৰ উপযোগীকৈ ৰখাৰ দায়িত্বৰপৰা হাত সাৰিবলৈ প্ৰকৃতি ৰাজ্যত কোনো উদ্ভিদ বা প্রাণীয়েই নিবিচাৰে।কিন্তু যেতিয়াই মানুহ ইয়াৰ মাজত সোমাই পৰে, তেতিয়াই আউল লাগে।বিজ্ঞানৰ জৰিয়তে সভ্যতাৰ উচ্চ শিখৰত উঠিব খোজা মানুহখিনিয়েহে ব্যক্তিগত স্বাৰ্থৰ উদ্দেশ্যত পৰিবেশ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাত আউল লগাই আহিছে।এই ভাৰসাম্যতাত আউল লাগিলেই উদ্ভিদ আৰু প্ৰাণী দুয়োকুলেই বিপদত পৰে। সেয়ে আজি আকাশ অপৰিষ্কাৰ, বতাহ নিৰ্মল নহয়,অৰণ্য ক্ৰমে নিঃশেষ হৈ আহিছে । শ্বাস-প্রশ্বাস, পানী মুক্তভাৱে গ্ৰহণ কৰা অভিশাপ হৈ পৰিছে । উদ্যোগীকৰণ, সেউজৰ অৱলুপ্তি, বন্যপ্রাণী নিধন, বতাহত বিষক্রিয়া , পানীত মৃত্যুৰ ভাইৰাচ, সকলো আমাৰ আধুনিক জীৱনযাত্ৰাৰেই ফচল।সভ্যতাৰ জখলাত আমি যিমানে ঢাপে ঢাপে আগুৱাই গৈছো, সিমানেই বিচ্ছিন্ন হৈ পৰিছোঁ প্ৰকৃতিৰ লগত।সময় এতিয়াও পাৰ হৈ যোৱা নাই,সকলো আমাৰ হাততেই আছে । আহক আমি এক হৈ সংকল্প লওঁ –
“সুন্দৰ পৃথিৱী কদাকাৰ নকৰোঁ, ধৰিত্ৰী সেউজীয়া গছ-বননিৰে ভৰপূৰ কৰিম, সকলো শ্ৰেণীৰ বন্যপ্ৰাণীকে সংৰক্ষণ কৰিম অথবা সুৰক্ষা দিম, পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা কৰিম ।”
আমাৰ তেনে এক ইতিবাচক, যোগাত্মক পৰিবেশ সংৰক্ষণ আন্দোলনৰ দ্বাৰাহে প্ৰাণদায়িনী শক্তিৰ উৎস – জল, স্থল, আকাশ ,বতাহ সহস্র গুণে সমৃদ্ধ কৰিব পাৰিম।অনাগত সতি-সন্ততিৰ বাবে থৈ যাব পাৰিম এখন সুন্দৰ পৃথিৱী। সুন্দৰতা সদায় সপোন নহয়, ই দিঠকো। অন্যথা প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যৰ প্ৰতি আমাৰ অজ্ঞানতা, অমনোযোগিতাই আমাক কোন দিনাখন কেনে ভয়াবহ প্রাকৃতিক দুর্যোগৰ মুখা-মুখি কৰায় তাক ন দি কোৱা কঠিন হৈ পৰিব।জৰা, মৃত্যু, ব্যাধিৰ আতংকই মানুহৰ নিদ্রা হৰিব।