পৰিচয়-দীপাংকৰ মল্ল বৰুৱা
মই নিজকে সুধিলোঁ, মই কোন?
নামটোৱে দাবী কৰিলে মই এটা নাম
পদবীটোৱে দাবী কৰিলে মই এটা পদবী
চেহেৰাটোৱে দাবী কৰিলে মই এটা চেহেৰা
কিন্তু ক’তা, এটাৰ মাজতোচোন মই নিজকে বিচাৰি নাপালোঁ
এটা মাথোঁ চিৎকাৰ
অন্তৰৰ পৰা অহা এটি হাহাকাৰ
মই নিজকে যেন হেৰুৱাই পেলাইছোঁ
লাহে লাহে, ক্ষণে ক্ষণে
মই নিজকে বিচাৰি চাম
মাৰ সেই চেনেহী কোলাত
দেউতাৰ সেই স্নেহভৰা কথাত
শৈশৱৰ বন্ধুবোৰৰ কোলাহলত
কৈশোৰৰ সেই সপোনৰ মাজত
যৌৱনৰ উশৃংখল মুহূৰ্তবোৰত
নিজৰেই বুকুৰ নিভৃত গহ্বৰত
তিল তিলকৈ মই গঢ়ি উঠিছোঁ
ক্ষণে ক্ষণে পলে পলে মোৰ ভিতৰত
সযত্নে সংৰক্ষিত হৈছে মোৰেই ইতিহাস
মই পঢ়া প্ৰতিখন কিতাপ
মই শুনা প্ৰতিটো গান
মই অঁকা প্ৰতিখন ছবি
মই কোৱা প্ৰতিটো কথা
মই কৰা প্ৰতিটো চিন্তা
এইবোৰেইতো এতিয়া মোৰ পৰিচয়
মোৰ অস্তিত্বৰ অৱস্থিতি এতিয়া
মই কৰা প্ৰতিটো কামত
মই দিয়া প্ৰতিটো দানত
মই গোৱা প্ৰতিটো গানত
অন্তৰ শুৱনি কৰা প্ৰতিটো সুৰত
অশ্ৰু জিনি জিলিকি উঠা প্ৰতিটো হাঁহিত
হিয়া স্পন্দিত কৰা প্ৰেমৰ উছাহত
নিলগৰ অজীণ সুৰে
সোঁৱৰায় প্ৰতি ক্ষণে
নাম, পদবী, চেহেৰা সকলো বিলীণ হ’ব
থাকি যাব মাথোঁ
মানুহৰ হৃদয়ত সজা প্ৰেমৰ নিগাজী ঘৰ
সেয়েইটো সাৰ্থক পৰিচয় জীৱনৰ
8:57 AM
বৰ ভাল লাগিল।