বিচ্ছেদ-পল্লৱী কৌশিক শৰ্মা

আকাশখনে দুপৰ নিশাৰেপৰা ফেঁকুৰিয়েই আছে।  বৰষুণৰ শীতাৰ্ত সিক্ততাত ডুবাৰ ইচ্ছাক মনতে সামৰি, বিছনাৰপৰাই খিড়িকীৰে বাহিৰলৈ ভুমুকিয়াই চালে বৰ্ণালীয়ে । এসময়ত যে কিমান প্রিয় আছিল এনে এজাক বৰষুণ ! পিছে সময়ে বৰ ৰূঢ়তাৰে চুই গ’ল অনুভৱবোৰক। আজিকালি বৰষুণজাকে ভালপোৱাৰ গীত নুজুৰে। বৰঞ্চ বৰষুণৰ টোপ-টোপ শব্দবোৰ কাঁইটৰ খোঁচ একোটা হৈ বুকুখনতে বিন্ধিবলৈ ধৰে তাইৰ ।

এনেকুৱা এজাক বৰষুণতে এদিন কলেজৰ সন্মুখত মিৰ’নলৈ অপেক্ষা কৰিছিল বৰ্ণালীয়ে। ববিতাই তাইক দেখি.. ‘ ঐ পাগল হ’লি নেকি? গুচি আহ ‘ – বুলি খিকখিকাই হাঁহিছিল। পিছে বৰষুণজাকৰ লগতে এ-আকাশ ভালপোৱা খহি পৰি, বৰ্ণালীক যেন সেইদিনা মতলীয়া কৰি তুলিছিল!

এৰা , মিৰ’নৰ লগত সেই বৰ্ষণমুখৰ আবেলিটোতে প্ৰথম দেখা হৈছিল বৰ্ণালীৰ। বুদ্ধিদীপ্ত চকু আৰু পুৰুষসুলভ সৌজন্যতাৰে যিকোনো ছোৱালীৰে হৃদয় আলোড়িত কৰিব পৰাকৈ দেখনিয়াৰ মিৰ’নে, বৰ্ণালীক ভালপোৱাৰে ওপচাই দিবলৈ আগবাঢ়ি আহিছিল সেইদিনা। প্ৰেমৰ সুখানুভূতিৰে ভৰি পৰিছিল দুয়োৰে মন। বৰষুণৰ তালে-তালে নাচি-বাগি বাউলী হোৱা বৰ্ণালীক মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিল মিৰ’নে ।

: মিৰ’ন তোমাৰ ঈৰ্ষা হ’ব নেকি, মই যদি বৰষুণৰ প্ৰেমত পৰোঁ বুলি কওঁ !

: নহয়, কাৰণ মই জানো – মোৰ বাদে তুমি কাৰো প্ৰেমত নপৰা। মাত্ৰ এইদৰে নাচি থাকা। দেখিবা আকাশ, ডাৱৰ , বৰষুণ সকলো ওলোটাই তোমাৰেই প্ৰেমত পৰিছে। ময়ো বৰষুণৰ টোপালবোৰৰ দৰেই স্পৰ্শ কৰিম তোমাৰ শৰীৰ।  বৰষুণৰ প্ৰতিটো টোপালত তুমি তোমাৰ সমগ্ৰতাৰে মোক অনুভৱ কৰিবা।

মিৰ’নৰ কথাত বৰ্ণালীৰ দুগালে পকা থেকেৰাৰ বৰণ ধৰিছিল। সি আলফুলে বুকুলৈ সামৰি লৈছিল তাইক। কি যে এক অনামী শিহৰণে চুই গৈছিল দুয়োকে !

সময়ৰ লগে-লগে মিঠা সপোন কিছুমানে অহৰহ খেদি ফুৰা প্ৰেমিক চৰাইহালৰ সম্পৰ্কক, সিহঁতৰ দুয়োখন ঘৰেও স্বীকৃতি দিছিল। মাথোঁ বৈবাহিক সম্পৰ্কৰে দুয়ো দুয়োৰে হোৱালৈ অপেক্ষা কৰি ৰৈছিল।

                       ___________________

: মিৰ’ন, কেতিয়া অন্ত পৰিব এই অপেক্ষাৰ? তোমাৰ পৰা নিলগে থকা সম্ভৱ নহয় এতিয়া। কোৱানা, কেতিয়া মোৰ কপালত সেন্দূৰীয়া বেলি এটা আঁকিব পাৰিম মই ?

আৱেগ এখিনি উথলি উঠিছিল বৰ্ণালীৰ কণ্ঠত।

: ময়ো প্ৰতি নিয়ত তোমাক মোৰ কাষতে বিচাৰোঁ বৰ্ণা। কিন্তু কেৱল প্ৰেমেৰেই জানো সংসাৰ চলে। মোক প্ৰথমে এষ্টাব্লিচড্ হ’বলৈ দিয়া। ভগৱানে কৰিলে, অতি শীঘ্ৰেই এই অপেক্ষাৰ অন্ত পৰিব। মই হয়তো নেক্সট মান্থত ফাইনান্স ক’ম্পানী এটাত জইন কৰিম। ইণ্টাৰভিউ খুবেই ভাল হৈছে । আমাৰ সপোনবোৰে অতি সোনকালেই পূৰ্ণতা পাব বৰ্ণা।

ভবাৰ দৰেই সকলোবোৰ হৈ উঠিছিল। অদৃষ্টয়ো যেন সিহঁতৰ সপোনৰ বাটছোৱা মুকলি কৰি ৰাখিছিল। আৰু এদিন জীৱনৰ বাকী থকা দিনবোৰ মিৰ’নৰ সহযাত্ৰী হৈ কটাবলৈ বুলি, চিৰদিনৰ বাবে মাতৃগৃহৰ আলহী হৈ পৰিছিল বৰ্ণালী। ডগমগাই থকা শিৰৰ সেন্দূৰ, কপালৰ ফোঁট আৰু দীঘল চুলি একোছাৰে প্ৰথম দৃষ্টিতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ধুনীয়া বোৱাৰী এজনী হৈ স্বামী গৃহত ভৰি থৈছিল তাই। শাহুৱেকেও লখিমী বোৱাৰীয়ে ঘৰত ভৰি থৈছে বুলি মৰমেৰে ওপচাই পেলাইছিল বৰ্ণালীক।

নতুন জীৱনৰ প্ৰতিটো দিন ব’হাগৰ ন-কুঁহিপাতখিলাৰ দৰেই সুন্দৰ আৰু ভাল লগা হৈ আহিছিল লাহে-লাহে। প্ৰেমৰ সেউজীয়াৰে জীপাল হৈছিল দুটি আত্মা।

                      _____________________

: আমি দুজনৰপৰা তিনিজন হোৱাৰ সময় আহিছে আৰু মিৰ’ন ! মোৰ বুকুৰ অমৃত পান কৰি একলা-দুকলাকৈ আমাৰেই তেজ মঙহৰ টুকুৰা এটাই ঘৰখন ভৰাই তুলিব ! কিমান যে ভাল লাগিব ন ! মা- দেউতায়ো এই সংক্ৰান্তত গুণা-গঁথা কৰা কাণত পৰিছে। বিয়া হোৱা দুবছৰেই হ’ল দিয়াচোন। তেওঁলোকৰো চাগৈ কিমান হেঁপাহ – পো-নাতিক কোলাত তুলি ল’বলৈ।

সিহঁতৰ একান্ত সময়খিনিত বৰ্ণালীয়ে এদিন আৱেগেৰে কোৱা কথাখিনিত, মিৰ’নেও সঁহাৰি জনাইছিল। পিছে বহু চেষ্টাৰ অন্ততো তাই গৰ্ভধাৰণ নকৰাত এবাৰ গাইনক’লজিষ্ট এজনৰ লগত কনচাল্ট কৰাৰ কথাই ভাবিলে মিৰ’নে। আৰু কথামতেই এজন চিকিৎসকক লগ কৰিলে দুয়ো। দুটামান টেষ্টৰ পিছত সিহঁত নিশ্চিত হ’ল যে – বৰ্ণালীৰ গৰ্ভধাৰণত কোনো সমস্যা নাই। পিছে, সিহঁতৰ আশাবোৰ আশা হৈয়েই ৰ’ল। বৰ্ণালীৰ কোলা শুৱনি কৰিবলৈ ঈশ্বৰৰ দূতজন যেন অমান্তি হৈ ৰ’ল! হতাশাজর্জৰ সময় এখিনিয়ে আচ্ছন্ন কৰি ৰাখিলে দুয়োকে।

ইফালে দিন বাগৰাৰ লগে-লগে শাহুৱেকৰ বোৱাৰীৰ প্ৰতি থকা মৰমবোৰ ঘৃণালৈ পৰিৱৰ্তিত হ’ল। ঘৰৰ লখিমীয়ে কুলক্ষণীৰ আখ্যা পালে। বৰ্ণালীৰ নামৰ পিছত বাঁজী, বনৰী আদি নানা উপমাই স্থান পালে। আপোন মানুহখিনিৰ এনে ব্যৱহাৰত কোব খোৱা সাপৰদৰেই ধৰফৰাই উঠিল বৰ্ণালী। মাহেকীয়াৰ দিনটো ওচৰ চাপি অহাৰ লগে-লগে বুকুখন কঁপি উঠা হ’ল তাইৰ।শাহুৱেকৰ অশ্ৰাব্য গোৱাল গালিকেইটাই কলিজাটো যেন ফালি চিৰা-চিৰ কৰিলে!

: মোৰ কপালত নাতিৰ সুখ নাই অ’। ল’ৰাটোৰ জীৱনটো খাই পেলাবলৈ আহিল হাৰামজাদী। ভেঁটিত তিতা গুটি গজিল মোৰ।

এইদৰে বিননী তুলি শাহুৱেকে মিৰ’নৰ মনটোও বৰ্ণালীৰ প্ৰতি বিতুষ্ট কৰি তুলিবলৈ যত্ন কৰিলে। প্ৰতিবাদ কৰিছিল বৰ্ণালীয়ে। ডাক্তৰৰ ৰিপ’ৰ্ট মতে তাই যে বন্ধ্যা নহয় তাকো বুজাইছিল। পিছে মানি লোৱা নাছিল কোনেও।

আৰু মিৰ’ন?

মৰমী পত্নীৰ প্ৰতি কাৰোবাৰ এনে দুৰ্ব্যৱহাৰৰ পিছতো কেনেকৈ মৌন হৈ ৰৈছিল বাৰু সি ! বৰ্ণালীৰ সাহস হোৱাৰ সলনি, সকলোবোৰৰ প্ৰতি অনাসক্ত হৈ কেনেকৈ আঁতৰি ৰ’ব পাৰিছিল মিৰ’ন ! প্ৰিয়তম পুৰুষজনৰ এই সংশ্ৰৱশূন্যতাত বুকুখন ভাঙি চুৰমাৰ হৈছিল বৰ্ণালীৰ।

লাহে-লাহে বৰ্ণালীৰ ওপৰত চলা মানসিক নির্যাতনে চৰম বিন্দুলৈ আৰোহণ কৰিলে। মিৰ’ন আৰু বৰ্ণালীৰ মাজতো মতানকৈই দেখা দিলে। তেনে অসহনীয় পৰিস্থিতিত নিজকে সামান্য চাপমুক্ত কৰি ৰাখিবলৈকে চাকৰি এটাৰ ভীষণ প্ৰয়োজন অনুভৱ কৰিলে বৰ্ণালীয়ে । এয়া যেন সময়ৰে আহ্বান-আছিল ! স্ব-দক্ষতাৰে এদিন উপায়ুক্তৰ কাৰ্যালয়ত তাই তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাবে চাকৰি এটাৰ যোগাৰ কৰি ল’লে । চাকৰিটো তাইৰ বিষাদগ্ৰস্ত দৈনন্দিনতাৰ বাবে হৈ পৰিল সাময়িক সকাহ । আচলতে, অনিচ্ছাসত্বেও আবদ্ধ হৈ পৰা, এটা বেহুৰ পৰিধি ভঙা বৰ্ণালীৰ বাবে খুবেই প্ৰয়োজনীয় হৈ পৰিছিল।

মাহ চেৰেক পিছত শাহুৱেকৰ কোঠাৰপৰা বতাহত ভাহি অহা শব্দকেইটামানে বৰ্ণালীৰ কৰ্ণকুহৰত তীক্ষ্ণ কাঁড় এপাটৰ দৰে আঘাত হানিলে। একেকোবে মিৰ’নক জৱাবদিহি কৰিলে তাই।

: মা দেউতাই তোমাৰ দ্বিতীয় বিবাহৰ কথা ভাবিছে । এটা সন্তান জন্ম দিব নোৱাৰোতো মোৰ ইমান অক্ষমনীয় অপৰাধ হ’ল নে ? তুমি ইমানৰ পাছতো নিৰৱে থাকিবা মিৰ’ন ? এতিয়াই যোৱা, মাহঁতক বুজোৱা – এটা সন্তান তোমাৰ-মোৰ বিচ্ছেদৰ কাৰণ হ’ব নোৱাৰে।আমাৰ প্ৰেম এই সকলোবোৰৰ উৰ্দ্ধত। যোৱা মিৰ’ন।

গতিয়াই দিছিল বৰ্ণালীয়ে তাক। মিৰ’নে কেৱল নতশিৰে শুনি গৈছিল কথাবোৰ। কান্দি-কান্দি বলিয়া হৈছিল তাই। আৰু এটা সময়ত মৌনতাৰ অন্ত পেলাই মুখ খুলিছিল মিৰ’নে।

: মোক মায়ে জনাইছে। আচলতে তেওঁলোক বহুত দুখী ।

: মানে, কি বুজোঁ মই মিৰ’ন ? এই সিদ্ধান্তত তুমিয়ো একমত? তেতিয়াহ’লে মোক চুলিত ধৰি গতিয়াই খেদি দিয়াতো আপত্তি নাই তোমাৰ ?

: তেনেকৈ কৈছোঁ জানো মই ?

: তোমাৰ ইমান দিনৰ নিৰৱতাই তাকে সূচাইছে মিৰ’ন। এটা সন্তান প্ৰকৃত প্ৰেমৰ আধাৰ হ’ব পাৰে জানো!এই পৃথিৱীত সন্তানহীন দম্পত্তি কেৱল আমিয়েই নহয়।  গৰ্ভত ভ্ৰূণ এটাক ধাৰণ কৰিব নোৱাৰিলেও, এটি অনাথ শিশুক পিতৃ-মাতৃৰ পৰিচয় দিব নোৱাৰিম জানো আমি ! ব’লা মিৰ’ন, তাকে কৰোঁ। অথবা আজিকালি গৰ্ভধাৰণৰ বহুত উন্নত পদ্ধতি আছে । আমি ডাক্তৰৰ সহায় লওঁ ব’লা।

একে উশাহে কথাবোৰ কৈ ভাগৰি পৰিছিল বৰ্ণালী ।

মিৰ’নে পিছে এটাও শব্দ উচ্চাৰণ নকৰিলে। বৰ্ণালীৰ বেদনাবোৰ এইবাৰ ক্ৰোধলৈ ৰূপান্তৰিত হ’ল। ক্ৰোধাম্বিত বাঘিনীৰ দৰে মিৰ’নৰ  বুকুত দুই হাতে খামুচি ধৰিলে তাই ।

: তুমি ভয়াতুৰ মিৰ’ন। ঠেক মনোবৃত্তিৰ তুমি এটা মস্ত কাপুৰুষ। সকলো সত্য স্ফটিকৰ দৰে পৰিষ্কাৰ হোৱাৰ পাছতো, মোৰ সাহস হ’বলৈ অনুমতি নিদিলে তোমাক মগজুৱে । মোৰ ভালপোৱাৰ মৰ্যাদা এয়াই দিলা মিৰ’ন ?

গাৰ সমস্ত জোৰেৰে মিৰ’নক ঠেলা মাৰি আঁতৰি আহিল বৰ্ণালী। সন্তুলন হেৰুৱাই বিছনাখনতে ওপৰমুৱাকৈ পৰি গ’ল সি । হঠাৎ কিবা এটা মনত পৰাৰ দৰে মিৰ’নৰ কাষ চাপি আহিল বৰ্ণালী ..

: আচ্ছা মিৰ’ন, আচলতে তুমিহে এজন অক্ষম পুৰুষ নেকি ? আজিলৈকে মোকেই সকলোৱে দোষাৰোপ কৰি আহিছে। দোষটো তোমাৰো থাকিব পাৰে।

কথাখিনি শেষ নহ’লেই, বৰ্ণালীৰ গালত এটা প্ৰচণ্ড চৰ শোধাই দিলে মিৰ’নে । তাৰ পুৰুষত্বক প্ৰশ্ন কৰিব, এনে দুঃসাহস তাইৰ!

: গুচি যা এইখন ঘৰৰপৰা। তই নাথাকিলেহে ঘৰখনলৈ শান্তি আহিব। প্ৰতিদিনে একেবোৰ কথা, একেবোৰ কাৰবাৰ দেখি দেখি আমনি লাগিছে মোৰ। মোক প্ৰশ্ন কৰিবলৈ আহ’ তই। ভগৱানে তোকেই ফুটা কপাল এখন দি পঠিয়াইছে । তোৰ বাবেই মোৰ জীৱনটো নৰক সদৃশ হৈ পৰিছে। ওলাই যা এইমাত্ৰই ।

দুখৰ বিস্ফোৰণ ঘটিছিল সেইদিনা। বৰ্ণালীৰ জীৱনৰ ৰংবোৰ ঠিক সেইখিনিতে যেন বিবৰ্ণ হৈ পৰিছিল! শোক এখিনি উজাই আহি, ডিঙিটো সোপা মাৰি ধৰিছিল তাইৰ। সেই মুহূৰ্ততে জীৱনৰ এছোৱা বৰ্ণিল সময়ক, হৃদয়ৰ গভীৰ খাদ এটাত পুতি এটা সম্পৰ্কৰ অন্ত পেলাবলৈ বাধ্য হৈছিল তাই। চিৰজীৱন তাইক ভালপোৱাৰ আৱেষ্টনীৰে মেৰিয়াই ৰাখিব বুলি কথা দিয়া এইজনেইনে বৰ্ণালীৰ মনৰ মানুহজন! এনে কাঠচিতীয়া !

                  ______________________

সৰুকৈ ঘৰ এটা ভাড়াত লৈ বৰ্ণালীয়ে অকলশৰীয়া জীৱনটোত অভ্যস্ত হ’বলৈ যত্ন কৰিলে। পিছে, মিৰ’নৰ লগত পাৰ কৰা সুমধুৰ সময়ৰ স্মৃতিবোৰে বৰকৈ আমনি কৰিলে তাইক। প্ৰতিদিনেই গভীৰ প্ৰত্যয়েৰে শিৰত সেন্দূৰৰ ৰং বোলাবলৈ নাপাহৰিলে তাই। আশা থাকে মানেইটো জীৱনো বৰ্তি থাকে। মিৰ’নে কিজানি ওখোৰা-মোখোৰাবোৰ গৰকি, তাইলৈ অহা বাট এটা কাটি উলিয়াইয়েই কোনোবাদিনা !

এবাৰ এটা অফিচিয়েল ইছ্যুত বৰ্ণালীৰ অলপমান পাৰ্ছনেল ডকুমেণ্টছৰ প্ৰয়োজন হ’ল। সেইবোৰ মিৰ’নৰ আলমিৰাতে ফাইল এটাত ভৰাই থোৱা আছিল । গতিকে কাগজখিনিৰ বাবেই বৰ্ণালী ঘৰলৈ যাব লগা হ’ল । মিৰ’ন ঘৰত নাছিল তেতিয়া । শাহুৱেকক মাত দি, তাই চিধাই সিহঁতৰ শোৱনি কোঠালৈ ৰাওনা হ’ল । কোঠাটোত বিশৃংখলতাৰে পৰি থকা বস্তুবোৰ দেখি সৰসৰাই চকুপানী বৈ আহিল বৰ্ণালীৰ । কেনেকৈ যে থানবান হৈ গ’ল তাইৰ হেঁপাহৰ ঘৰখন!

আলমিৰাৰ চাবিটো সদায় থোৱা জেগাতে আছিল । চাবিটোৰ সহায়েৰে তলা বন্ধ দুৱাৰখন খুলি প্ৰয়োজনীয় ডকুমেণ্টছখিনি উলিয়াই ল’লে তাই। হঠাৎ এদ’ম কাগজৰ মাজত মিৰ’নৰ ঠিকনা লিখি ৰখা মেডিকেল ৰিপ’ৰ্ট এটাত চকু পৰিল বৰ্ণালীৰ । মিৰ’নৰ ফাৰ্টিলিটি টেষ্টৰ‌ ৰিপ’ৰ্ট ! চাৰি বছৰৰ আগৰ উক্ত ৰিপ’ৰ্টটোৰ মতে –

মিৰ’নৰ বীৰ্য সন্তান জন্ম দিব পৰাকৈ শক্তিশালী নহয়।

মূৰটো আচন্দ্ৰাই কৰা যেন অনুভৱ হ’ল বৰ্ণালীৰ। মানে সকলো জানিও মিৰ’নে নিজৰ অক্ষমতাক ইমান বছৰে লুকুৱাই ৰাখিলে ! উস.. এই প্ৰতাৰণাক কি দৰে স্বীকাৰ কৰে এতিয়া ! ইমান নিপুণতাৰে অভিনয় কৰি গ’ল সি !

লাগতিয়াল কাগজ-পত্ৰখিনিৰ লগতে অজস্ৰ প্ৰশ্নৰে বুকুখন গধুৰ কৰি ৰিপ’ৰ্টটো লৈ ওলাই আহিল তাই ।

নাই, নাই.. সত্যই আহি চকুৰ আগত ধৰা দিয়াৰ পিছত তাই আৰু নিজৰ লগত অন্যায় হ’বলৈ দিব নোৱাৰে। আচলতে মানুহৰ সহনশীলতাও এটা নিৰ্দিষ্ট বিন্দুলৈকেহে অক্ষত থাকে। চৰম সিদ্ধান্ত এটা লোৱাৰ সময় আহি পৰিছে।

পিছদিনাই বৰ্ণালীয়ে উকীল এজনৰ লগত কথা হৈ ডিভ’ৰ্ছ কেছ এটা ফাইল কৰালে। লগতে মিৰ’নৰ ফাৰ্টিলিটি টেষ্টৰ ৰিপ’ৰ্টটোৰ ফটোকপি এখনো গাঁঠি দিলে ।

স্মৃতিকাতৰতাই বিহ্বল কৰি তুলিলে বৰ্ণালীক। বাৰিষাৰ প্লাৱন হৈ বাধাহীনভাৱে বৈ আহিল চকুপানীবোৰ। উশাহটোও যেন কিহবাই চেপি ধৰিলে ! এনেকৈ সলনি হয় নে জীৱনৰ ৰংবোৰ ! কিমান আলফুলে সামৰি ৰাখিব বিচাৰিছিল মিৰ’নক তাইৰ বুকুৰ মাজত। কিমান আয়োজনেৰে সিহঁতৰ সম্পৰ্কটোক জীয়ন দি ৰাখিবলৈ চেষ্টা কৰিছিল ! অথচ ….

                    ___________________

শুভ দিন, শুভ লগ্ন চাই আজিৰ দিনটোতে এদিন মিৰ’ন আৰু বৰ্ণালী সম্পৰ্কৰ জৰীৰে বান্ধ খাই পৰিছিল। সেয়ে আজিৰ দিনটোতেই বৰ্ণালীয়ে মিৰ’নক সিহঁতৰ বিবাহ বাৰ্ষিকীৰ উপহাৰ এটি দিবলৈ মনস্থ কৰিলে।

গাটো তিয়াই গোঁসাই ঘৰত চাকি এগছি জ্বলাই সৰ্বশক্তিমান ঈশ্বৰক সেৱা জনালে তাই। জটিলতাৰে জীৱনটো দুৰ্বিসহ হৈ উঠিছে যদিও, ঈশ্বৰৰ ওপৰতো কোনো অভিযোগ ৰখা নাই বৰ্ণালীয়ে। কেৱল মনেৰে খাটিছে – যিটো চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে তাই লৈ পেলাইছে, দৃঢ়তাৰে তাৰ মোকাবিলা কৰিবলৈ ঈশ্বৰ যাতে সাহস হৈ ৰয় !

                   ______________________

বৰষুণজাক তেতিয়াও এৰা নাছিল । ছাতিটো লৈ শেষবাৰৰ বাবে মিৰ’নৰ ঘৰলৈ বুলি ৰাওনা হ’ল তাই। গেইটখন খুলি দুৱাৰ মুখত ভৰি থওঁতেই অবাধ্য চকুলোবোৰ হুৰাহুৰে বৈ আহিল। কাৰোবাৰ চকুত পৰে বুলি ৰুমালখনত সামৰি থ’লে সেইখিনি।

: মিৰ’ন ওলাই আহা ।

ৰাতিপুৱাই প্ৰচণ্ড বৰষুণজাকত বৰ্ণালীৰ উপস্থিতিত আচৰিত হ’ল সকলো। মিৰ’নৰ লগতে মাক-দেউতাকো চ’ৰা ঘৰলৈ ওলাই আহিল। কোনো কথাৰ অৱতাৰণা নকৰাকৈ টেবুলৰ ওপৰত পেপাৰখন সাজোৰে দলিয়াই দিলে তাই।

: ছাইন কৰা এইখনত । জীৱনৰ অশান্তিবোৰৰপৰা আজিৰপৰা তোমাক মুক্তি দিলোঁ মই ।

শিল পৰা কপৌৰ দৰে মিৰ’নে দৰক লাগি চাই ৰ’ল বৰ্ণালীৰ মুখলৈ ।

: কি হ’ল, বুজি পোৱা নাই ? নে ফাঁকি দিওঁতে দিওঁতে সত্যক স্বীকাৰ কৰি ল’বলৈ অসুবিধা হৈছে তোমাৰ ? আজিও মৌন হৈ ৰ’বা নে মা-দেউতাক সকলোবোৰ নিজ মুখেৰে জনাবা ? বাদ দিয়া, কাপুৰুষ তুমি। কাপুৰুষ হৈয়েই ৰোৱা। মই কওঁ শুনক- কুলক্ষণী, হাৰামজাদী, বাঁজী, বনৰী…  উস্ বহুত মৰমৰ মাতেৰে মাতিলে আপোনালোকে মোক । এই বাঁজীয়ে আজি আপোনাৰ পুত্ৰক বিবাহ বিচ্ছেদ দিবলৈ আহিছোঁ । ফুৰ্তি কৰক আপোনালোকে । আনক, এজনী বিয়া কৰাই পুতেৰালৈ। সপোন দেখক, ঘৰৰ চোতালত নাতিয়ে দপ-দপাই ফুৰিব। কিন্তু কি জানে, সেইখিনি সুখ আপোনালোকৰ কপালত নাই । সন্তান জন্ম দিয়াৰপৰা নেদেখাজনে মোক নহয়, আপোনাৰ ল’ৰাকহে অক্ষম কৰি পৃথিৱীলৈ পঠাইছে ।

শাহুৱেক-শহুৰেকক কথাখিনি কৈ ফোঁপাই উঠিল বৰ্ণালী আৰু কেইটামান নিৰৱ মুহূৰ্তৰ বিৰতিত উশাহটো দীঘলকৈ টানি লৈ পুনৰ ক’বলৈ ধৰিলে ।

: তোমাৰ অক্ষমতাত মোৰ কোনো অভিযোগ নাই মিৰ’ন। তুমি কাষতে থকা হ’লে একোৰেই প্ৰয়োজনবোধ নকৰিলোঁহেঁতেন মই। আমাৰ মৰম ভালপোৱাৰেই সুন্দৰকৈ জীৱনটো অতিবাহিত হ’লহেঁতেন ! কিন্তু তুমি বহুত দুখ দিলা মোক । মোৰ বিশ্বাসত আঘাত হানিলা । মোৰ হেৰুৱা আত্মসন্মান আৰু আত্মমৰ্যদা ঘূৰাই আনিবলৈ এতিয়া বিচ্ছেদেই একমাত্ৰ পথ । সেয়ে আজি বিবাহ বাৰ্ষিকীৰ দিনটোতে মই তোমাক উপহাৰ দিলোঁ – ‘আমাৰ বিচ্ছেদ ।’ এতিয়া সুখী নে তুমি ?

: মোক ক্ষমা কৰা বৰ্ণালী ।

উচুপি উঠিল মিৰ’ন। শাহুৱেকেয়ো চাদৰৰ আঁচলেৰে চকুলো টুকিলে ।

: ক্ষমা খোজাৰ অধিকাৰ তুমি হেৰুৱাই পেলালা মিৰ’ন। পেপাৰখনত ছাইন কৰি থবা । ক’ৰ্টত ফৰ্মেলিটিছবোৰ পূৰা হ’লেই চিৰদিনলৈ আঁতৰি যাম মই তোমাৰপৰা । মোৰ উকিলে ন’টিচ পঠিয়াব সোনকালেই।

কাকো একো কোৱাৰ সুবিধা নিদি, বহুদিনীয়া সম্পৰ্ক এটাত যতি চিন পেলাই , উলটি আহিল বৰ্ণালী। মিৰ’নৰ লগত তাইৰ জীৱন যাত্ৰাও ইমানখিনিলৈকেহে আছিল আচলতে ! এতিয়া এই যাত্ৰাত সহচৰ হৈ ৰ’ব তাইৰ অস্তিত্ব । পাৰিব তাই। পাৰিবই লাগিব। নিজৰ হাতখনতে খামুচি ধৰি নিজৰেই সাহস হ’ব লাগিব তাই ।

মিৰ’নক প্ৰথম লগ পোৱাৰ দিনাও এনেকুৱা এজাক বৰষুণেই চুই গৈছিল বৰ্ণালীৰ দেহ-মন। আৰু আজি তাক এৰি থৈ আহোঁতেও সেই একেজাক বৰষুণেই জুৰুলি-জুপুৰিকৈ তিয়াই থৈ গ’ল তাইক।

বিচ্ছেদৰ বৰষুণজাকে, ইমানদিনে হেঁপাহেৰে বোলাই ৰখা বৰ্ণালীৰ সেওঁতাৰ ৰঙাবোৰো কেনিবা উটুৱাই লৈ গ’ল।

One comment

  • বন্দিতা জৈন।

    বহুত ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *