বিশ্বাস অবিশ্বাসৰ মাজেদি-সংহিতা ভট্টাচাৰ্য্য
“অ’ মা আমাৰ ক’লীজনী যে ইমান ধুনীয়া! ইমান মৰম লগা ন?”
তৰাৰ কথা শুনি মাক ৰমলাই ঘূৰি চালে ছাগলী পোৱালীটোলৈ। সঁচাকৈয়ে বৰ মৰম লগা।
“এইটো ল’ৰা হে ,ক’লীজনী বুলি কিয় কৈছ?” হাঁহি হাঁহি ৰমলাই জীয়েক তৰাক ক’লে।
নাম দুটা বৰ মৰমত দিছে তৰাই। মাকৰ নাম লক্ষ্মী আৰু পোৱালীটোৰ নাম ক’লী।ৰাতিপুৱাৰপৰা ৰাতিলৈকে ছাগলী দুটাৰ লগতে ব্যস্ত তৰা। কি খুৱাম কি নুখুৱাম কিমান যে চিন্তা তাইৰ!পোৱালীটো হোৱাৰপৰা তাইৰ আনন্দ- উলাহত গাত একেবাৰে তত নোহোৱা হৈছে।
“ৰমলা, অ’ ৰমলা এইফালে পানী এঘটি লৈ আহচোন মুখ হাত কেইটা ধুই লওঁ।”
খেতি পথাৰৰপৰা আহি ঘৰ সোমোৱা গিৰিয়েক মহীধৰৰ মাত শুনি ৰমলাই উধাতু খাই পানী এঘটি লৈ আনিলে।
“বুজিছ ৰমলা, আমাৰ ক’লীটোকে দিব লাগিব ‘মা’ৰ ওচৰত। ক’লা ৰঙৰ হ’লে বেছি ভাল হ’ব বোলে। পথাৰৰ পৰা বাহিৰে বাহিৰে বাবাৰ ওচৰৰপৰা আহিলোঁ। কৈছে এইবাৰ ল’ৰা হোৱাটো একেবাৰে খাটাং। চিন্তা নকৰিবি। যোৱাবাৰ যি হ’ল হ’ল।”
কথাটো শুনি ৰমলাৰ বুকুখন চিৰিংকৈ মাৰিলে। তৰা আৰু ক’লীৰ মুখখন মনত পৰি গ’ল ৰমলাৰ। তৰাক কি ক’ব?কেনেকৈ নো থাকিব তাই! তাৰোপৰি ইমান মৰম লগা ক’লীটোক তাইৰো দিবলৈ অলপো সত যোৱা নাই। গিৰিয়েক মহীধৰক কৈ যে একো লাভ নহ’ব নজনাকৈ থকা নাই ইমান বছৰে। যিটো মনত এবাৰ ভাবি লৈছে সেইটো কৰিবই। তথাপি তাই ক’লে,
“তৰা জনীলৈ বেয়াই লাগিব, ইমান আদৰ ক’লীলৈ।বেলেগ এটা ব্যৱস্থা কৰিব নোৱাৰি নে?”
মহীধৰে লগে লগে কৈ উঠিল,
“নাই ন’হব। বেলেগ ব্যৱস্থা কি ডাল ল’বি। হাতত ফুটাকড়ি এটা নাই, আন এটা কিনিবলৈ। একো নহয়। সৰু ছোৱালী। দুদিনতে সকলো পাহৰি যাব।শনিবাৰৰ দিনটো ভাল বোলে, তাইক আগতীয়াকৈ বুজাই থবি।”
কৈ কৈ মহীধৰ কোনোবাখিনি পালেগৈ। ৰমলাৰ উত্তৰলৈ বাট নোচোৱাকৈয়ে…।
ৰাতিপুৱা ক’লীৰ লগত খেলি থাকোতেই সুবিধা বুজি ৰমলাই তৰাক ক’লে,
“আইজনী আমি ক’লীক দুদিন মানৰ কাৰণে মা গোঁসানী ৰ ওচৰত থৈ আহিব লাগিব।”
“কিয় মা?” আচৰিত হৈ সুধিলে তৰাই।
“দুদিনৰ কথাহে। লৈয়ে আহিম দেখোন”। কৈ কৈ ৰমলা আঁতৰি গ’ল।
মিছাৰ প্ৰলেপ সানি কোৱা কথাবোৰ তৰাৰ চকুলৈ চাই কোৱাৰ সাহস ন’হল ৰমলাৰ।
শনিবাৰে সোনকালেই সকলোবোৰ মন্দিৰলৈ যাবলৈ বুলি ওলাল। গোটেই ৰাস্তাটো তৰাই ক’লীক কোলাত বহুৱাই লৈ গ’ল। তৰা আৰু ক’লীৰ নিষ্পাপ,কোমল মুখকেইখন দেখি হৃদয় গধুৰ হৈ গ’ল ৰমলাৰ। মাক হোৱা যে কিমান কষ্টকৰ! নিজৰ লগতে সন্তানৰো দুখ-সুখৰ বোজা কঢ়িয়াই লৈ ফুৰিবলগা হয়। ক’লীৰ অবৰ্তমানত তৰাৰ হৃদয়ৰ দুখখিনি গভীৰভাৱে অনুভৱ কৰিলে ৰমলাই।প্ৰত্যেকগৰাকী নাৰীয়ে চাগে আনৰ সুখৰ বাবে নিজৰ সুখ-আনন্দখিনি ত্যাগ কৰিবলগা হয় হাঁহিমুখেৰেই। নাৰী জীৱনত তৰাৰ ত্যাগৰো যে আজিৰপৰাই এয়া আৰম্ভণি, সেই কথা উপলব্ধি কৰি ৰমলাৰ দুচকুৰে গম নোপোৱাকৈয়ে দুধাৰি চকুলো নিগৰি আহিল।
অৱশেষত মন্দিৰটো ডবা-শংখ, উৰুলিধ্বনিৰে মুখৰিত হৈ পৰিল। মন্দিৰৰ কাষতে বান্ধি থোৱা ক’লীলৈ একান্ত মনে চাই থকা তৰাক ৰমলাই মৰমেৰে মন্দিৰৰ ভিতৰলৈ লৈ আহিল। ডবা শংখৰ তালে তালে নচা মানুহগৰাকীৰ নৃত্যত গোটেই পৰিবেশটোৱেই ৰহস্যময় হৈ পৰিল। ৰমলাই থৰ হৈ চাই থাকিল মানুহগৰাকীলৈ। এনে লাগিল যেন মা গোঁসানীয়ে স্বয়ং নিজেই নৃত্য কৰিব ধৰিছে। শংখ, ডবা, তাল আৰু নৃত্যৰ শব্দত কোনেও কাৰো মাত শুনি নোপোৱা অৱস্থা হ’ল।
“হে মা! এই শব্দ ইমান বেছি তীব্ৰ কৰি তোলা যাতে তৰাই ক’লীৰ মাত চিনি নাপায়।”
– ৰমলাই মনে মনে প্ৰাৰ্থনা কৰিলে।
“অমংগল মাতিব খুজিছ নেকি”?
হঠাৎ মহীধৰৰ মাতত ৰমলাই লৰালৰিকৈ গম নোপোৱাকৈয়ে ওলোৱা চকুপানীখিনি মচি ল’লে। এটা সময়ত ৰমলাৰ কোলাতে তৰাৰ টোপনি গ’ল। কপালত দিয়া ৰঙা ফোটটোৰ স্পৰ্শত তৰা সাৰ পাই ক’লীক বিচাৰি কান্দি কাটি বাউলি হ’ল। ক’লী যে ধৰ্মৰ নামত বলি হৈ অজান দেশলৈ গতি কৰিলে সেই কথাৰ তাইৰ অকণমানি হৃদয়ে একো উমানকে নাপালে।
এনেকৈয়ে দিনবোৰ পাৰ হ’ল। তৰাই ক’লীলৈ বাট চাই থাকিল একেদৰেই। প্ৰায় এটা বছৰৰ পিছত মহীধৰ আৰু ৰমলাৰ পুনৰ এজনী ছোৱালী জন্ম হ’ল। বিশ্বাস-অবিশ্বাসৰ মাজেদি মহীধৰে বিষণ্ণ মনেৰে পুনৰ কামলৈ বুলি খেতি পথাৰলৈ ওলাল গতানুগতিকভাৱেই। তেনেতে তৰা আনন্দত উধাতু খাই দৌৰি আহিল।
অ’ মা, অ’ দেউতা আমাৰ লক্ষ্মীৰো ছোৱালী হৈছে। এজনী নহয় দুজনী। দেউতা চোৱাহিচোন কিমান মৰম লগা!বৰণটো কিন্তু এইবাৰ ক’লা নহয় দেই। শুধ বগা!!
মহীধৰ আৰু ৰমলাই তৰা আৰু ছাগলী পোৱালী কেইটালৈ থৰ লাগি চাই থাকিল। বহুসময়।।
ৰমলাৰ কোলাত থকা দুমহীয়া ছোৱালীজনীৰো মুখত হাঁহি আজি যেন প্ৰথম মন কৰিলে মহীধৰে…।