বুকুতো বাহ লয় শেলুৱৈ ধৰা এচপৰা শিল-নবনীতা বৰুৱা
……..”চুলিখিনিত তেল অলপ ঘঁহি টানি টানি বান্ধি ল’বি, নহ’লে কুটকুৰা চুলিখিনিয়ে মুখখন ঢাকি দিয়ে।গোৰোহাটোত চাবোন অলপ দি খহটা শিল এটাত ঘঁহি- ঘঁহি ধুবি। হাতখনতো নেমু অকণ দি ধুবিছোন..ক’লা খিনি যোৱাকৈ।”
মাকৰ কথাখিনিত মৰমেই নে,বেজাৰেই নে,খঙেই সোমাই আছে,একো ধৰিব নোৱাৰিলে মাইনিয়ে। মাকৰ লগ লাগি বিভিন্ন ব্যঞ্জনেৰে ভাত ,মাছ ,মাংস বনাই আজৰি হৈছেহে।হ’লেও মাকৰ কথামতেই পাতল হালধীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধি সাজু হয় আকৌ এখন মনৰ যুঁজলৈ…।
এইবাৰ ভগৱন্তই চকু মেলি চালেই হ’ল আৰু! মাকৰ নেদেখাজনক কৰা কাকুতিত তাই অভ্যস্ত।
আজি মাইনিক চাবলৈ ল’ৰা ঘৰৰ মানুহ আহিব। এক নতুনত্বহীন খবৰ…! আগতেও আহিছে। তাই মাছ-মাংসেৰে বনোৱা ভাত খাই পিছত খবৰ দিম বুলি নিদিয়ে।ভগৱানে কিয় বাৰু তাইক ৰূপৰ নামত অকণো একো নিদিলে! চুটি-চাপৰ শকত দেহাৰে কেঁকোৰা চুটি চুলিখিনি,ফাঁক-ফাঁক দাঁতকেইটাই তাইক হেনো বহুত বেয়া দেখি। দুখ লাগে, কিন্তু তাইতকৈয়োতো আৰু দুৰ্ভগীয়া আছে..কাৰোবাৰ হাত নাই.কাৰোবাৰ দৃষ্টি নাই…তাইতো সম্পূৰ্ণ সুস্থ।তেনেকৈয়ে সান্ত্বনা লভে।প্ৰথমতে বেয়া লাগিছিল, পিছত হিয়াখনৰ দুখলগা কোণটোত এচপৰা শিল বহুৱাই ৰাখি চালে..তেতিয়াৰ পৰা বহুতৰ কটু মন্তব্য,অনুকম্পা ,দয়াই তাইক চুব নোৱাৰা হ’ল।
গাড়ী এখন ৰ’লহি সিহঁতৰ পদূলিত।ল’ৰাজন,ককায়েক বৌৱেক আৰু কণমানি এজনী নামি আহিল। মাক-দেউতাকে আথে-বেথে আদৰি অনাদি আনিলে।মাইনিয়ে খিড়িকীখনৰ পৰ্দাখন অলপ কোঁচাই জুমি চালে..। মাকৰ ভগৱানৰ প্ৰতি কৰা তুতি,তাইৰ মনটো জাগি উঠা খন্তেকীয়া হেঁপাহটো জয় পৰি গ’ল হঠাতে।ওখ,বগা ,সুন্দৰ ল’ৰাজনে ক’ত তাইক পছন্দ কৰিব!আকৌ একেখন নাটকেই হ’ব ঘৰখনত।মাকে বহুদিনলৈ বাট চাব।দুদিনমানলৈ ঘৰখনৰ পৰিবেশটো গোমা হৈ থাকিব।মাকে তাইকে মুখ্য কৰি অদৃশ্যজনক গালি দি নিজৰ কপালখনক ধিয়াব।
সময়ত ল’ৰাজনতকৈ বৌৱেকেই বেচি কথা পাতিলে।সুন্দৰ ৰন্ধা-বঢ়াৰ প্ৰশংসা কৰি লখিমী ছোৱালী বুলি ক’লে।অলপ সময়লৈ শিলচটা আতঁৰি গ’ল যেন বুকুৰ পৰা। বৌয়েকগৰাকীকহে লক্ষী লক্ষী লাগিল তাইৰ।ল’ৰাজনে এবাৰেই চালে তাইলৈ।চকুৱে চকুৱে পৰাত ইমানদিনে নহা লাজ এটাই কঁপাই পেলালে মাইনিক। বৌৱেকৰ পছন্দেই ল’ৰাজনৰ পছন্দ বুলি জনালে। সিহঁতৰ ঘৰত সু-খবৰটো দিয়েই থৈ গ’ল। মাইনিক তেওঁলোকৰ পছন্দ হৈছে। বিয়া সোনকালেই হ’ব।….
হ’ল।সোনকালেই মাইনিৰ বিয়াখন হৈ গ’ল।বুকুৰ শিলচটা আঁতৰাই এহেজাৰ গোলাপৰ সুবাস লৈ মাইনি এখন নতুন ঘৰৰ বোৱাৰী হ’লহি।দুদিনমান পিছতে বৌৱেকে পাকঘৰ চমজাই দিলেই..মৰমেৰেই ক’লে…
:মই বহুবছৰ চম্ভালিলো দেই, এতিয়া আৰু মাইনিৰ দায়িত্ব ।
কৰিব।কিয় নকৰিব? নিজৰ ঘৰখনৰ পাঁচজন মানুহৰ বাবে ভাতকেইটা বনাব নোৱাৰিবনে?ঘৰুৱা কাম-কাজলৈ এলাহ কৰা মানুহ নহয় তাই।কিন্তু কথাবোৰ তাই ভবাৰদৰে মুঠেই নহ’ল।পুৱা পাঁচ বজাতে বিছনা এৰি যি কামত ধৰে অন্ত নাই। ঘৰ-চোতাল সৰা,মোচা,কাপোৰ-ধোৱা,বাচন-ধোৱা, গৰু -গাই , ছাগলী,হাঁহৰ জাঁজ মৰা,ভাতপানী, চাহ,আলহি-অতিথি শুশ্ৰূষা কৰা…এশ এবুৰি কাম।সময়েই মিলাব নোৱাৰে তাই। ৰাতি অৱশ দেহাৰে আজৰি হৈ আহে মানে ঘৰৰ সকলো শুই নিঃপালি দিয়ে।তায়ো বিচনাখনত দেহাটো চুঁচৰি-বাগৰি গৈ গাৰুত মুৰটো থওঁতেই টোপনিত পৰে।
দুদিনমান মানুহজনে তাই অহালৈ সাৰে আছিল। তাকো হাজাৰটা আপত্তি….হাতখন ইমান লেতেৰা!!কাপোৰ বোৰত তেল হালধীৰ গোন্ধ!!চুলিখিনি খহটা,ঘামত তিতা শৰীৰ!!!মানুহজনক সুখী কৰিবলৈকে হাজাৰ ভাগৰকো আওকাণ কৰি হাত ভৰিত নেমু এটুকুৰাৰে ঘঁহি-ঘঁহি ধুই, দাঁত ব্ৰাছ কৰি, কাপোৰযোৰো সলাই আহে।কিন্তু তেতিয়ালৈ গিৰিয়েক শুই পৰে।
কাকনো কি ক’ব? বুকুত আকৌ শিলচটাই বিন্ধিব নোৱাৰাকৈ ৰাখি থয়।মাহেকত দুটা দিন ৰেহাই পায় কামবোৰৰপৰা।বৌৱেকে ভোৰভোৰাই থাকে। আলহী আহিলে কয়,আজিকালি মাইনিয়ে পাকঘৰখন চম্ভালি লোৱাৰপৰা কামৰ আঁত হেৰাল মোৰ।সেই দুদিন গিৰিয়েকটোৱে বৌৱেকক বহুখিনি সহায় কৰি দিয়ে।পাচলি কুটি দিয়ে,মাছ বাচি দিয়ে,কুঁৱাৰপৰা পানী তুলি দিয়ে,ৰাতি বাচনখিনি ধোওঁতেও ৰখি দিয়ে। গুদনাইট কইল এদালো জ্বলাই দিয়ে মহে নাকামুৰিবলৈ।
তাই চাই থাকে।সহি থাকে।বুকুৰ শিলচটা নিগাজী হয়। তথাপি শুকান মৰুভূমিখনত এজাক বৰষুণ নমাই নিয়তিৰ ওচৰত বশ্যতা স্বীকাৰ কৰি মাইনিও এদিন মাক হ’ল।এজনী পৰী হেন ছোৱালীৰ মাক হৈ জিলিকি উঠে মন।ৰ লাগি চাই ৰয় নিজৰে কলিজাৰ টুকুৰাটোক। কপাহৰ জোলাৰ নিচিনা বগী ঢকঢকীজনী।ভগৱানে যেন চকু মেলি চালে তাইক।
বাপেকগঢ়ী ছোৱালী দেই,লক্ষী হ’ব।সকলোৱে কয়।বুকুৰ শিলচটা যেন খহি আহিব খোজে।একলা-দুকলাকৈ ডাঙৰ হোৱা কলিজাৰ আমঠুজনীয়ে বুজন হৈ তাইক ‘মা’ বুলি ক’বলৈ লাজ পোৱা হ’ল।
“মোৰ লগৰ কোনোবা আহিলে তই ঘপককৈ ওলাই নাযাবি।বৰমা আছে নহয়…।ইমান দিনে একো নিশিকিলি? মোৰ লগৰবোৰৰ আগত কিমান লাজ পাওঁ মই। লোকৰ মাকবোৰ চাই আহিবিগৈচোন।”
আকৌ শিলচটা আগৰ ঠাইতে ৰৈ যায়।শেলুৱৈ লাগে তাত ধীৰে-ধীৰে।ঘৰখনত তাইৰ অস্তিত্ব কোনেও স্বীকাৰ নকৰে। কি খাইছে, কি পিন্ধিছে, কি বিচাৰিছে জীৱনত..! কাৰো প্ৰয়োজন , দৰকাৰ , আগ্ৰহেই নহ’ল।সকলোৰে মানত তাই মাত্ৰ এটা কাম কৰা যন্ত্ৰ.., মেচিন..যাৰ কোনো বিৰাম নাই।শিলচটাত লগা শেলুৱৈ খিনিয়ে তৰপ বান্ধিলে।
আজি মাইনিৰ ছোৱালী মেঘালীৰ বিয়া। ধুনীয়া বাবে পছন্দ কৰি বিয়া ঠিক হ’লেই।মেঘালীৰ
ঘোষণা..বৰমাকেই সকলো কাম কৰিব বিয়াৰ। মায়ে একো নাজানে।ভালকৈ কাপোৰ এযোৰ পিন্ধিব নাজানে, ভালকৈ কথা ক’ব নোৱাৰে।মুঠতে এজনী অলাগতিয়াল নাৰী।বৰমাক আছে যেতিয়া তাইৰ চিন্তা নাই।সকলো চম্ভালি ল’ব। বিয়াৰ যোগাৰ, বজাৰ , কাক কি মান দিব,কি খুৱাব,গহনা-কাপোৰ,আচবাব কি নিব……….. সকলো। জোৰোণৰ টেকেলি ধৰাৰপৰা পানী তোলা,দৰা-আদৰাৰ পৰা সকলো বৰমাকেই কৰিলে। মাইনিয়ে দূৰৰ পৰা চাই ৰয় বুকুৰ শিলচটাত বহি…।বিয়া ভঙাৰ পিছত দুয়ো দৰা-কইনাক ভিতৰলৈ আনে।এতিয়া দুৱাৰ ধৰি বিদায় দিলেই কইনা লৈ যাব পাৰিব।
হঠাতে হুৱাদুৱা লাগিল।বাথৰুমলৈ যাওঁতে বৰমাক পিচল খাই পৰিল।লগে-লগে হস্পিতাললৈ লৈ যোৱা হ’ল।খবৰ বেয়াই। ভৰিত দুঠাইত হাড় ফাটিছে। সকলোৱে ইচ্-ইচ্, আচ্-আচ্ কৰিলে। ইমানখিনি কৰিও বিয়াখন ভাঙিব নাপালে দেহি!! বেচেৰীজনী!!!
দুৱাৰ ধৰি দিব লাগে। দৰা ঘৰৰ মানুহে কৈ আছে।দুজনী মান আহি মাইনিকে লৈ গ’ল..। আহ,জীয়েৰক বিদায় দে…হি।তয়েতো মাক। এটা মেচিনক দুগৰাকীমানে টানি নিয়াদি নিলে। এগৰাকীয়ে বৰমাকে খুলি থৈ দিয়া ৰিহা এখন গাত মেৰিয়াই দিলে।এটা মন্ত্ৰপুত পুতলাৰ দৰে যি কৰিব ক’লে কৰি গ’ল। কইনাই কান্দি কান্দি বিদায় ল’লে।
আচৰিত চা…নিজৰ পেটৰ পোৱালীটো মাকৰ বুকু শুদা কৰি একেবাৰে গুচি গ’ল। মাকজনীৰ চকুত এটোপাল চকুলো নেদেখিলো হেৰৌ!কোৱা কুই কৰিলে মানুহবোৰে।বৰ পাষাণ হৃদয়ৰ মাক অ’.। কেনেকৈ পাৰে বাৰু? আমাৰ আকৌ লোকৰ ছোৱালী উলিয়াই দিয়া দৃশ্য দেখিলেও কান্দোন ৰখাবই নোৱাৰোঁ।গুণ গুণনিটো বাঢ়ি বাঢ়ি এটা সময়ত কমি যায়।মানুহ বোৰ ঘৰাঘৰি যায়গৈ।দুৱাৰ ধৰি দিয়া চেলেংখন আৰু গাৰপৰা ৰিহাখন দলিয়াই ঢলং-পলং খোজেৰে মাইনি বিচনাখনত ঢলি পৰে।
অনুভৱ কৰিলে বুকুত অকণো দুখ লগা একোৱেই চোৱা নাই তাইক।
তাৰমানে…..শিলচটা নিগাজীকৈ বুকুৰ ভিতৰত খোপনি পুতি ৰৈ গ’ল ।