ভাল ল’ৰাটো-মৃদুস্মিতা ফুকন
মুকুটহঁতৰ শ্ৰেণীটোৰ সিহঁত আঠোটাই যেন বিদ্যালয়খনৰ সৰ্বেসৰ্বা।সিহঁতৰ বিদ্যালয়খন নতুন। তিনিবছৰহে হৈছে মাত্ৰ। মুকুটহঁতেই হৈছে বিদ্যালয়খনৰ সৰ্বোচ্চ শ্ৰেণী মানে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।গতিকে বিদ্যালয়খনৰ প্ৰায়বোৰ কথাতে সিহঁতৰ স্থান কিছু সুকীয়া। কিছুমান কথাত বিদ্যালয়ৰ জ্যেষ্ঠ বুলি সিহঁতে নিজেও কিছুমান দায়িত্ব লৈ গৌৰৱ অনুভৱ কৰে। ৰাতিপুৱা বিদ্যালয়ৰ প্ৰাৰ্থনা দিয়াৰ দায়িত্ব সদায় একাদিক্ৰমে সিহঁত আঠোটাৰে এটাৰ।বিদ্যালয়খনৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ চোৱা-চিতা কৰাৰ উপৰি প্ৰেমদা বায়ে আন কিবা কামত ব্যস্ত থাকিলে শিক্ষকৰ নিৰ্দেশত বে’লটো মাৰিবলৈও আগবাঢ়ি যায় মুকুটহঁতৰে কোনোবা এটা।এইবাৰ সিহঁতে আৰু নতুন কিছুমান দায়িত্ব নিজাকৈ লৈ লৈছে। সেয়া হৈছে, নতুনকৈ অহা নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰক পানী-খোৱা ছুটীৰ সময়ত চোৱা-চিতা কৰা আৰু সিহঁতে টিফিন খোৱাৰ সময়ত প্ৰেমদা বাইৰ সৈতে সিহঁতক সহায় কৰা। এইবোৰ কাম কৰি আজিকালি সিহঁতৰ নিজকে ডাঙৰ ডাঙৰ লাগে।
এইবাৰ মুকুটহঁতৰ শ্ৰেণীলৈও এটা নতুন ল’ৰা আহিল। এযোৰ সাধাৰণ কপোৰ পিন্ধি নতুনকৈ অহা,ৰঙচুৱা শুকান চুলিৰ বিপুল নামৰ ল’ৰাটো অৱশ্যে মুকুটহঁতৰ দৰে ফটফটীয়া নহয়। নতুন বিদ্যালয় এখনলৈ নতুনকৈ অহা ল’ৰা। অকণমান মুজুং-মাজাং হ’বই দিয়াচোন! তাতে মুকুটহঁতে চলহে পালে।প্ৰথম দিনা বৰদলৈ ছাৰে তাক মুকুটহঁতৰ সৈতে চিনাকি কৰি দিয়াৰ পাছৰেপৰা সিহঁত আটাইকেইটা বিপুলৰ পাছত লাগিল। এতিয়া কথাৰে, কামেৰে তাক শ’লঠেকত পেলোৱাটোৱেই যেন সিহঁতকেইটাৰ লক্ষ্য|।পাছে বিপুল ল’ৰাটো তেনেই সৰল। সি আকাশ, মুকুটহঁতৰ দুষ্টামিবোৰৰ তলা-নলা একো বুজি পোৱা নাই।
সেইদিনা আছিল শিক্ষক-দিৱস।মুকুটহঁতে বিপুলক সিহঁতৰ বিদ্যালয়ত পালন কৰি অহা শিক্ষক-দিৱসৰ পৰম্পৰাবোৰ বুজাই আছে।সিহঁতে বিপুলক বুজাই দিলে যে, সেই ‘পৰম্পৰা’ অনুসৰিয়েই সিহঁতৰ শ্ৰেণীলৈ নতুনকৈ অহা ছাত্ৰজনে শিক্ষক-দিৱসৰ দিনা শ্ৰেণী-শিক্ষকজনৰ ভাও দিব লাগে।এইবাৰ যিহেতু বিপুলেই নতুনকৈ অহা ছাত্ৰ গতিকে সিয়েই সিহঁতৰ শ্ৰেণী-শিক্ষক প্ৰভাত বৰদলৈ ছাৰৰ চৰিত্ৰটো ছাৰৰ আগত অভিনয় কৰি দেখুৱাব লাগিব। ছাৰ শ্ৰেণীলৈ আহিলেই ছাৰক ছাত্ৰ পাতি নিজেই ছাৰ হ’ব লাগিব।এনে কৰিলে কেৱল যে ছাৰেই আনন্দিত হ’ব তেনে নহয়, বৰং বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীও সন্তুষ্ট হয়।মুকুটহঁতৰ পৰামৰ্শত বিপুলৰ না কৰিবলগা কোনো কথাই নাছিল।সি সিহঁতক সৰলতাৰে সুধিলে—
“মই কি কৰিব লাগিব?”
“কি আৰু কৰিবি? তই বৰদলৈ ছাৰ হ’বি।ৰেজিষ্টাৰ বুকখন হাতত লৈ ছাৰৰদৰে ৰোলকল কৰিবি, ছাৰক তোৰ ঠাইত বহিবলৈ দিবি, ছাৰৰ দৰে মাজে মাজে কুহুৰ-কুহুৰকৈ কাহিবি, মাজে মাজে শোঁত শোঁততকৈ নাকটো উজাই থাকিবি। ছাৰৰ দৰে হাত জোকাৰি জোকাৰি পাঠ বুজাবি, ছাৰে আমাক সোধাৰদৰে তয়ো ছাৰকো প্ৰশ্ন সুধিবি। মুঠতে ছাৰৰ হুবহু নকল কৰিবি।তাৰ পাছত চাবিচোন এই গোটেই বছৰটোতে ছাৰ আৰু সৰস্বতী দেৱী তোৰ ওপৰত কিমান সদয় হ’ব!”
সহজ-সৰল বিপুল সেইমতেই সাজু হ’ল।ষষ্ঠ শ্ৰেণীৰ শ্ৰেণী শিক্ষক বৰদলৈ ছাৰ শ্ৰেণীলৈ অহাৰ লগে লগে তেখেতৰ হাতৰ পৰা উপস্থিতিৰ ৰেজিষ্টাৰ বহীখন লৈ, তেখেতক ছাত্ৰৰ বেঞ্চত বহুৱাই বিপুলে ছাৰৰ অভিনয় কৰাত লাগি গ’ল।ছাৰে এই কথা-বতৰাবিলাকত প্ৰথম অৱস্থাত কিছু আচহুৱা যেন পালে যদিও ল’ৰাহঁতে শিক্ষক-দিৱসৰ কিবা নতুন আঁচনি লৈছে বুলিয়েই সকলো সহি-সামৰি থাকিল।শ্ৰেণীৰ উপস্থিতি লোৱাৰ পাছত বিপুলে ছাৰৰ দৰে হাত জোকাৰি পাঠ বুজাবলৈ ধৰিলে। মাজে মাজে সি ছাৰৰ দৰে কুহুৰ-কুহুৰ কাহিলে, দুবাৰমান নাকটো শোঁত শোঁতকৈ উজালে। বিপুলৰ ভাব ছাৰৰ হুবহু নকল কৰিলেহে ছাৰে ভাল পাব!পাঠ বুজাই থকাৰ মাজতে বিপুলে ছাত্ৰৰূপী ছাৰক থিয় হ’বলৈ কৈ প্ৰশ্ন এটা সুধি উত্তৰ দিবলৈ ক’লে।তেতিয়াহে ঘটনাটো ঘটিল।প্ৰশ্নৰ উত্তৰ দিবলৈ ছাৰ দেখোন বেঞ্চৰপৰা উঠিবই নোৱাৰে।ধূতী পিন্ধা ছাৰৰ ধূতীখন বেঞ্চত দি থোৱা আঠাত লাগি ধৰিল! ছাৰ খঙত অগ্নিশৰ্মা হৈ উঠিল।ছাৰৰ চকুৱেদি যেন জুইৰ ফিৰিঙতিহে উফৰি পৰিল।খঙতে ছাৰৰ মুখৰপৰা ওলোৱা মাতষাৰো যেন কঁপিবলৈ ধৰিলে—
“কোনে কৰিছে এইবোৰ কাম?”
আটাইবোৰ ভয়ত থকথককৈ কঁপিবলৈ ধৰিলে।শ্ৰেণীৰ দগাবাজ বিজয়ৰ বুদ্ধিত মুকুটহঁতে এইদৰে ছাৰক অপ্ৰস্তুত কৰিবলৈকে চাৰ বহিবলগীয়া ঠাইডোখৰত আঠা দি থৈছিল।বেচেৰা বিপুলে এইবোৰৰ একো ভূ-কে নাপায়।কিন্তু এতিয়া ছাৰৰ এই মূৰ্তি দেখি বিপুলৰো চূৰ্তি হেৰাইছে। কিন্তু সহজ-সৰল অন্তৰৰ বিপুলে বন্ধুবোৰক সুৰক্ষা দিবলৈকে দোষটো নিজৰ গাতে পাতি লৈ হঠাত্ কৈ দিলে—
“মই কৰিছোঁ ছাৰ।”
বিপুলৰ সৰল স্বীকাৰোক্তি ছাৰে বিশ্বাস কৰিব নোৱাৰিলে।সেয়ে ছাৰে তাক আকৌ সুধিলে—
“তোক কোনে বেঞ্চত এনেকৈ আঠা লগাবলৈ বুদ্ধি দিছিল?”
ছাৰৰ কথা শুনি মুকুটহঁত আটাইকেউটা বেঙে মূতা গৰুৰ দৰে কঁপিবলৈ ধৰিলে।বিপুলে কেনেবাকৈ সিহঁতৰ নাম কৈ দিব লাগিলে কি হ’ব? কিন্তু ছাৰে বাৰে বাৰে সোধাৰ পাছতো বিপুলে কাৰো নাম ন’কলে।তাতে ছাৰৰ বৰ খং উঠিল আৰু তাক এনেকৈ গুৰুলা-গুৰুলকৈ পিটিলে যে তাকে দেখি মুকুটহঁতৰো উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল।
তিনিদিনৰ মূৰত বিপুল বিদ্যালয়লৈ আহিল।তাৰ গোটেই গাটোৰ অ’ত-ত’ত ক’লা ক’লা দাগ।মুকুটহঁতে তাৰ শাস্তিৰ পৰিণাম দেখি ভাল পাইছিল নে নাই ধৰিব পৰা নাছিলোঁ, কিন্তু সিহঁতৰ কোনেও বিপুলৰ চকুলৈ মূৰ তুলি চাব পৰা নাছিল।
সেইদিনাই বিদ্যালয়ৰ প্ৰধান শিক্ষকে আটাইকে জনাই দিলে যে, পাছদিনা বিদ্যালয়-পৰিদৰ্শকে সিহঁতৰ বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ আহিব।গতিকে সকলো ছাত্ৰ-ছাত্ৰী পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ বিদ্যালয়লৈ অহা উচিত। কাৰণ তেওঁলোকৰ আচৰণ আৰু প্ৰশ্নৰ উত্তৰৰ ওপৰতে নিৰ্ভৰ কৰিছে বিদ্যালয়ৰ সন্মান আৰু চৰকাৰী অনুদান।
পাছদিনা বিদ্যালয়ৰ ছাত্ৰ-শিক্ষক সকলো যথেষ্ট ভয়ে ভয়ে আছিল।বিদ্যালয়-পৰিদৰ্শকজন আহি কি বা কয়, কি বা হয়! মুকুটহঁতৰ শ্ৰেণীত বৰদলৈ ছাৰে অসমীয়া ব্যাকৰণ পঢ়ুৱাই থকাৰ সময়তে বিদ্যালয়-পৰিদৰ্শকজন সেই শ্ৰেণীটোলৈ আহিল।তেখেতে যেতিয়া জানিব পাৰিলে যে শ্ৰেণীত তেতিয়া অসমীয়া ব্যাকৰণ পঢ়ুওৱা হৈছে সেয়ে পৰিদৰ্শকজনে ছাত্ৰসকলক সেই বিষয়ৰে প্ৰশ্ন এটা সুধিলে—
“কোৱাচোন আমিনো কিয় ব্যাকৰণ পঢ়িব লাগে?”
গোটেই শ্ৰেণীটো নিমাত-নিস্তব্ধ।শ্ৰেণীৰ প্ৰথম বেঞ্চখনতে বহা মুকুটহঁতৰ আটাইৰে মূৰ তল।অলপ সময়ৰ পাছতে শ্ৰেণীত বিপুলৰ কণ্ঠস্বৰ শুনা গ’ল—
“ব্যাকৰণে আমাক ভাষাটো শুদ্ধকৈ ক’বলৈ বা লিখিবলৈ শিকায়।গতিকে ভাষাটো শুদ্ধকৈ ক’ব বা লিখিবৰ কাৰণেই আমি ব্যাকৰণ পঢ়িব লাগে।”
পৰিদৰ্শকজন আনন্দিত হৈ ক’লে—
“বঢ়িয়া।বাৰু,এইবাৰ কোনে ক’বা কোৱাচোন—
“অসমীয়া ভাষাৰ উত্পত্তিৰ মূল উত্সটোনো কি?”
এইবাৰো গোটেই শ্ৰেণীটোত কাঁহ পৰি জীণ যোৱা নিস্তব্ধতা।কাৰো মুখত কোনো মাত নাই। কোনোবাই প্ৰশ্নটোৰ উত্তৰ জানে যদিও হয়তো ভয়তে পেঁপুৱা লাগি আছে।এইবাৰো উত্তৰত বিপুলৰ মাতটোৱেই ভাহি আহিল-
“পূব ভাৰতৰ মাগধী নামৰ প্ৰাকৃত ভাষাটোকে অসমীয়া ভাষাৰ উত্পত্তিৰ মূল উত্স বুলিব পাৰি।”
পৰিদৰ্শকজনে গৈ বিপুলৰ পিঠিত থপৰিয়াই ক’লে—
“এৰা।বেছ,বেছ-ভাল ল’ৰা—বৰ ভাল ল’ৰা।”
পৰিদৰ্শকজন হাঁহিমুখে মুকুটহঁতৰ বিদ্যালয়ৰপৰা ওলাই গ’ল।শ্ৰেণীত থকা বৰদলৈ ছাৰেও বিপুলৰ মূৰত হাত ফুৰাই তাক প্ৰশংসা কৰিলে।অলপ সময়ৰ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকজনো মুকুটহঁতৰ শ্ৰেণীলৈ আহিল আৰু বিপুলক সাবটি ধৰি ক’লে-
“আজি তয়েই আমাৰ সন্মান ৰাখিলি।তোক আশীৰ্বাদ কৰিছোঁ, বিপুল।পৰিদৰ্শক ডাঙৰীয়াইও বাৰে বাৰে তোৰ কথা কৈ গৈছে।তেখেতে তোক খুব ভাল পাইছে। ঠিক নাই, চৰকাৰী অনুদানটো এইবাৰ হৈয়ো যাব পাৰে।”
বিপুলে তৎক্ষণাত প্ৰধান শিক্ষকজনৰ ভৰি চুই প্ৰণাম কৰিলে।তেনেতে পানী-খোৱা ছুটীৰ ঘণ্টা পৰিল। আটাইবোৰ শ্ৰেণী-কোঠাৰপৰা ওলাই আহিল।বিপুল সদায় বহাৰ দৰে বিদ্যালয় চৌহদৰ একোণত থকা আমলখিজোপাৰ তলত বহিলগৈ।তাক কিছুপৰ নিৰীক্ষণ কৰাৰ পাছত মুকুটে পিছফালৰ পৰা গৈ তাৰ মূৰৰ চুলিখিনিত হাত বুলাই দিলেগৈ।বিপুলৰ মূৰৰ তেল নোহোৱা শুকান সেই ৰঙচুৱা চুলিকোছা যেন সেই মুহূৰ্তত মুকুটৰ বাবে একোচা কোমল ৰেচমী চুলি হৈ পৰিল। মূৰত কাৰোবাৰ হাতৰ পৰশ পাই মুকুটে পিছলৈ মূৰটো ঘূৰাই চালে।বিপুলৰ সেই চাৱনিত ৰংমনে বিচাৰি পালে ক্ষমাৰে সুন্দৰ হৈ পৰা এক অনন্য চাৱনি।