মধ্য ভিয়েটনামত কিছুদিন-  ৰঞ্জনা দত্ত

** হুৱে ( Hue) , দা নাঙ( Da nang) আৰু হ’ই এন ( Hoi ann)  

 “নানা দেশ ফুৰে যি,নানা কথা শিকে সি।”

মই নিজকে যথেষ্ট সৌভাগ্যবান বুলি ভাবোঁ যে জীৱনত মই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্ত দেখিবলৈ পাইছো।সঁচাই বিচিত্ৰ এই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তৰ প্ৰাকৃতিক শোভা।চলিত বৰ্ষৰ ১৭ এপ্ৰিল তাৰিখে প্ৰকাশিত হৈ যোৱা ‘শব্দচিত্ৰ ই- আলোচনী’ ৰে দ্বিতীয় সংখ্যাত প্ৰকাশ কৰিছিলো মোৰ এক ভ্ৰমণ কাহিনী “ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি”(হানয়ৰ আশে পাশে)।প্ৰকৃতিৰ কোলাত পালিত হানয়ত কটোৱা ৫ দিনৰ স্মৃতি মোৰ মানসপটত সদায় জীৱন্ত হৈ থাকিব।সেই ভ্ৰমণৰে দ্বিতীয় অংশ হিচাপে নিম্নোক্ত ভ্ৰমণ কাহিনীটো আপোনালোকলৈ বুলি আগবঢ়ালো।

২০১৯ চনৰ মাৰ্চ মাহত আমাৰ ১৫ দিনীয়া ভিয়েটনাম ভ্ৰমণৰ প্ৰথম ৫ দিন হানয়ত কটাই বিমানেৰে মধ্য ভিয়েটনামৰ হুৱে নামৰ চহৰ খনলৈ আহিছিলোঁ। আমাৰ আগতেই কৰা যোজনামতে হুৱেত এৰাতি থাকি তাৰ পৰা দা নাঙৰ সোণালী দলংখন চাই হ’ই এন নামৰ ঠাইখনত তিনি ৰাতি থাকি শেষত বিমানেৰে দক্ষিণ ভিয়েটনামৰ  চাইগন বা হো চি মিন চিটিলৈ যোৱাৰ কথা।

ভিয়েটনামখন এখন বৈচিত্ৰময় দেশ। ইয়াত হাজাৰ বছৰ পুৰণি বুৰঞ্জী আছে, ঐতিহাসিক চহৰ আছে , প্ৰকৃতিৰ অপৰূপ শোভা আছে। সাগৰ , পাহাৰ,  গুহা , নদী  আদিৰে ভৰপূৰ ভিয়েটনামত নতুন প্ৰযুক্তিবিদ্যাৰ আচৰিত নমুনা আছে। বিদেশীৰ নিষ্পেষণৰ এক ভয়ঙ্কৰ ইতিহাস আছে আৰু স্বাধীনতা লাভৰ এক গৌৰৱময় বুৰঞ্জী আছে।  

২০ মাৰ্চ তাৰিখে হানয়ৰ পৰা বিমানেৰে আহি ৰাতিপুৱা ১১ টা বজাত হুৱেৰ বিমান বন্দৰত উপস্থিত হ’লোহি। বিমান বন্দৰৰ বাহিৰত হাঁহি মুখেৰে   ২৪ – ২৫ বছৰ বয়সীয়া ভিয়েটনামী ল’ৰা এজন ৰৈ আছিল। জেকি নামৰ ল’ৰাজন আমি মধ্য ভিয়েটনামত থকাৰ সময়ত আমাৰ গাইড হিচাপে থাকিব। হুৱে চহৰখন হানয়ৰ তুলনাত যথেষ্ট শান্ত যেন ভাৱ হ’ল। ইয়াত হানয়ৰ তুলনাত ঠাণ্ডা যথেষ্ট কম। হোটেললৈ অহাৰ সময়ত জেকিয়ে ক’লে যে হোটেলত কিছু সময় জিৰাই লোৱাৰ পিছতেই আবেলি তেওঁ আমাক হুৱেৰ প্ৰাচীন ৰাজপ্ৰসাদ আৰু ইয়াৰ বিখ্যাত স্থানীয় বজাৰখন দেখুৱাবলৈ নিব। নতুনকৈ সজা ধুনীয়া হোটেলখনত সোমায়েই মনটো ভাল লাগি গ’ল। আমাক ৰিচেপচনতে এটা এটা সৰু ধুনীয়া উপহাৰ দিলে।  হোটেলৰ ওপৰ তলাত থকা ৰেষ্টুৰেন্ট খনত দুপৰীয়াৰ আহাৰ কৰি তিনিমান বজাত হোটেলৰ লবীত উপস্থিত হ’লোহি। জেকি আগৰেপৰা তাত আমাৰ বাবে অপেক্ষা কৰি আছিল।

 হুৱেৰ দুৰ্গৰ ভিতৰত থকা ইম্পেৰিয়েল চিটি ( citadel of Hue) ==

গাড়ীৰে কিছুদূৰ গৈ হুৱেৰ প্ৰাচীন ৰাজধানীখনৰ পাৰ্কিঙত উপস্থিত হ’লোহি। জেকি নামি গৈ টিকেট কৰি আহিলেগৈ। পাৰফিউম নদীৰ ওপৰৰ ডাঙৰ পুৰণি পকী  দলংখনৰ ওপৰেৰে খোজ কাঢ়ি আহি দুৰ্গৰ ( চিটাডেল) প্ৰথমখন প্ৰৱেশদ্বাৰ পালোহি। ভিয়েটনামৰ শেষ ৰাজবংশৰ ৰাজধানী এই চিটাডেলৰ ভিতৰখন বিশ্ব ঐতিহ্যৰ স্থান হিচাবে স্বীকৃত হৈছে। দুৰ্গৰ ভিতৰৰ পুৰণি ৰাজধানী খন দুই বৰ্গকিলোমিটাৰৰ এখন বৰ্গাকৃতিৰ ঠাই। নগুৱেন ৰাজবংশৰ প্ৰথমজন সম্ৰাট গিয়া লঙে ১৮০৫ চনত এই চিটাডেলখন স্থাপিত কৰে। এই নগুৱেন ৰজাসকলে ইয়াৰপৰাই প্ৰায় ১৪৩ বছৰ শাসন কাৰ্য্য চলাইছিল।আমি ভিতৰলৈ সোমাই যোৱাৰ লগে লগে জেকিয়ে আমাক চাৰিওফালে সিঁচৰতি হৈ থকা পুৰণি ৰাজপ্ৰসাদ, মন্দিৰ , বাগিছা আৰু ৰাজকাৰ্য চলোৱা ভৱনবোৰ এটা এটাকৈ দেখুৱাই গৈছিল। জেকিয়ে কৈছিল যে এই চিটাডেলখন বনোৱাৰ সময়ত ইয়াৰ চাৰিওফালে থকা পাহাৰ আৰু নদীবিলাকে ইয়াক ৰক্ষা কৰি থাকিব বুলি ইয়াৰ নিৰ্মাতাসকলে বিশ্বাস কৰিছিল। এই পাহাৰবোৰৰ আকৃতি আছিল কিছু পৰিমাণে সাপ আৰু সিংহৰ দৰে। দুৰ্গৰ ভিতৰত নগুয়েন ৰাজবংশৰ চিহ্ন হুৱে ৰাজপ্ৰসাদ, ৭০০ বছৰীয়া পুৰণি পাইন গছ জোপা, বিশাল পূজা ঘৰ, ৰাণীৰ ঘৰ আৰু বাগিছা আদি অন্যতম। ভিতৰত সুন্দৰ সুন্দৰ স্থাপত্য কলাৰে জিলিকি থকা কেইবাখনো তোৰণ দেখিছিলো। ১৯৬৮ চনত ভিয়েটনামৰ যুদ্ধৰ সময়ত বোমাৰদ্বাৰা ইয়াৰ ১৬০ টা সুন্দৰ ভৱনৰ বেছিভাগেই নষ্ট হৈ পৰে। মাত্ৰ ১০টা ডাঙৰ ভৱনহে বোমাৰ প্ৰভাৱত নষ্ট নোহোৱাকৈ থাকিল। ভৱনবোৰৰ মেৰামতিৰ কাম কেইবা ঠাইতো চলি থকা দেখিছিলো। অনুমান কৰিছিলো কিদৰে এসময়ত হুৱেৰ ইম্পেৰিয়েল চিটিৰ ৰাজপ্ৰসাদ আৰু ভৱনবোৰ ৰজা, মন্ত্ৰী, আমোলা আৰু ৰজাৰ নিকটতম আত্মীয়ৰে গিজগিজাই আছিল!

হুৱেৰ স্থানীয় বজাৰত কিছু সময়ৰ অভিজ্ঞতা== 

হুৱেৰ ইম্পেৰিয়েল চিটি চাই অহাৰ পিছত আমি ডঙ বা ( Dong ba) স্থানীয় হ’লচেল বজাৰখন চাবলৈ গ’লো। আচৰিত বজাৰ! কোনোবাটো গলিত ধুনীয়াকৈ সজাই থোৱা শয়ে শয়ে বিভিন্ন জাতৰ শুকান মাছ, আন কোনোবাটোত বিভিন্ন ধৰণৰ আচাৰ জাতীয় বস্তু, সংৰক্ষিত পাচলি, বেলেগ এটাত গলিত শেৱালী( জেচমিন), গোলাপ আৰু অপৰাজিতা আদি ফুল শুকুৱাই ভৰাই থোৱা বস্তা বোৰৰ দ’ম। এই শুকান ফুলবোৰেৰে বিভিন্ন ধৰণৰ চাহৰ পেকেট বনোৱা হয়।  কেনোবাটো গলিত আকৌ বাঁহ-বেতৰ বস্তুৰে ভৰা, আন কোনোবা এটাত শুকান চাউলেৰে কৰা বিভিন্ন আকৃতিৰ পাপৰ আৰু আন খোৱা বস্তু। মাজে মাজে কাপোৰ আৰু হস্ত শিল্পজাত সামগ্ৰীৰ দোকান। বজাৰখনত শুকান মাছৰ গোন্ধৰ বাবে বেছি সময় থাকিব নোৱাৰিলো। সৰু সৰু বস্তু দুটামান কিনি হোটেললৈ উভটি আহিলো।

পিছদিনা পুৱাই হোটেল এৰি হ’ই এন চহৰলৈ যাম । বাটতে বা না পাহাৰত থকা বিশ্ব প্ৰসিদ্ধ সোনালী দলংখন চাবলৈ যাম। 

সুউচ্চ পাহাৰৰ ওপৰলৈ কেবল কাৰৰ আশ্চৰ্যকৰ ভ্ৰমণেৰে সোণালী দলঙলৈ  যাত্ৰা     ::::: 

ভিয়েটনামৰ দা নাঙৰ পৰা প্ৰায় ৪০ কি:মি: পশ্চিমলৈ অৱস্থিত বা না পাহাৰ। এই পাহাৰটোৰ একেবাৰে তলৰ পৰা ওপৰলৈ ৫৮০১ মিটাৰৰ (১৯,০৩২ফুট ) কেবল পথ পৃথিৱীৰ সকলোতকৈ দীঘল বিৰতিহীন একে বাটৰ কেবল কাৰ হিচাবে  বা না কেবল কাৰ চাৰ্ভিচে( Ba na cable car service) ২০১৩ চনত ‘গিনিজ বুক’ত নাম ভৰাবলৈ সক্ষম হয় । এই বা না হিলচৰ  দুটা পাহাৰ ওপৰে ওপৰে সংযোগ কৰা সোনালী দলংখন ২০১৮ চনৰ জুন মাহত পৰ্যটকৰ বাবে মুকলি কৰা হয়। এই সোণালী দলংখনৰ ফটো আৰু বাতৰিয়ে সেইসময়ত বি.বি.চি, চি. এন.এন , টাইমচ , দি গাৰডিয়ান , ইনষ্টাগ্ৰাম , ফেচবুক আদিত তোলপাৰ লগাই আছিল । বা না পাহাৰৰ কেবল কাৰৰ যাত্ৰাৰ বিষয়েও  ‘দা লিভিং প্লেনেট’ নামৰ আলোচনীখনত কিছু বছৰ আগতে পঢ়িবলৈ পাইছিলোঁ। গতিকে ভিয়েটনাম যোৱাৰ প্লেনিংটো বনোৱাৰ সময়তে এইখিনি যেনেতেনে চোৱাৰ বন্দবস্ত কৰিলো।টুৰ অপাৰেটৰ জনে এইখিনি চাবলৈ হ’লে পইচা কিছু বেছি লাগিব বুলি ক’লে যদিও মই তেওঁক এইখিনি আমাৰ যাত্ৰাত যি কোনো উপায়ে সুমুৱাবলৈ অনুৰোধ কৰিলোঁ ।

 হুৱেৰ পৰা বা না পাহাৰলৈ প্ৰায় ১১৭ কি:মি: । জেকিয়ে গাড়ীৰে আঢ়ৈ  ঘন্টামান সময় লাগিব বুলি ক’লে।ধুনীয়া মসৃন আৰু পোন ৰাস্তা । মূৰত বাঁহৰ জাপি পিন্ধা পুৰুষ মহিলাসকলে ৰাস্তাৰ গছ-গছনিবোৰ আপডাল কৰাত ব্যস্ত। বাটৰ দুয়োকাষে ঘন সেউজীয়া ধাননি পথাৰ , মাজে মাজে ফল মূলৰ বাগিছাত ড্ৰেগন ফ্ৰুট , কল আৰু নাম নজনা কিছুমান ফল-মূল ওলমি লাগি থকা দেখিবলৈ পালোঁ।এই গোটেইছোৱা ৰাস্তাৰ ডিভাইডাৰৰ মাজে মাজে সৰু সৰু জোপোহা আৰু সেউজীয়া ঘাঁহনি। সকলো যেন ৰাস্তাৰ দুয়োকাষে সজাই হে থৈছে। ভিয়েটনামৰ মানুহবোৰৰ নিজৰ নিজৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি আৰু আনুগত্য দেখিলে আচৰিত মানিব লাগে। কিমান যে আবেগেৰে কথাবোৰ কৈ গৈছে ল’ৰাটোৱে ! ১৯৭৪ চনত স্বাধীনতা লাভ কৰা ভিয়েটনাম সকলো দিশতে আমাতকৈ কিমান যে আগবঢ়া ভাবি আচৰিত লাগিল।

প্ৰায় দুঘন্টামান যোৱাৰ পিচত গাড়ীখন বাওঁহাতৰ ডাঙৰ ৰাস্তা এটাৰে সুমুৱাই দিলে । কিছুদূৰ গৈ বা না পাহাৰৰ একেবাৰে তলত থকা টিকট ঘৰৰ ওচৰত গাড়ী ৰাখিলেগৈ। ড্ৰাইভাৰজনে আমাক নমাই থৈ পাৰ্কিঙলৈ উভটি গ’ল । জেকিয়ে টিকট ল’বলৈ যোৱাৰ সময়তে আমি সন্মুখত থকা ৰং-বিৰঙী টিউলিপ ফুলৰ বাগিচাৰে সজোৱা ঠাই সমূহত ফটো তোলাত লাগিলো।সেই কেইদিন তাত টিউলিপ মহোৎসৱ হৈ আছিল।তাৰবাবে চাৰিওফালে বিদেশী মেম চাহাববোৰে জোৰা পাতি পাতি ফটো লোৱাত ব্যস্ত ।

জেকিয়ে টিকট কাটি আহি আমাক কেবল কাৰৰ যাত্ৰাৰ বাবে সোনকাল কৰিবলৈ ক’লে । কেবল কাৰৰ আকাল নাই , কিন্ত গোটেই বোৰ চাবলৈ সময় কম হ’ব বুলিহে সি ল’ৰালৰি লগাইছে । প্ৰায় ১০ মিনিট মান সুদৃশ্য খোলা ক’ৰিডৰৰ মাজেৰে গৈ কেবল কাৰ ষ্টেচনৰ ভিতৰত সোমালোগৈ । স্বয়ংক্ৰিয় কেবলৰ কেবিনবোৰ আহি নিৰ্দিষ্ট ঠাইটুকুৰাত আধা মিনিট মান ৰোৱাৰ পিছত নিজে নিজে দৰজাবোৰ বন্ধ হৈ আকৌ চলিবলৈ আৰম্ভ কৰে । ১০ জনীয়া কেবিনটোত আমাৰ পাঁচজনৰ লগত দুজনী মান ধুনীয়া ছোৱালী । পাহাৰৰ ওপৰলৈ উঠাৰ লগে লগে আমি বাহিৰৰ দৃশ্যসমূহ উপভোগ কৰাত ব্যস্ত হৈ পৰিলো।জেকিয়ে সুন্দৰকৈ কথাবোৰ কৈ গৈ আছে।  

চাৰিটাকৈ বিশ্ব ৰেকৰ্ড সৃষ্টি কৰা বা না কেবল কাৰ পৃথিৱীৰ প্ৰথম দহটা আটাইতকৈ বিস্ময়কৰ কেবল যাত্ৰাৰ ভিতৰত অন্যতম । মনত ভাৱ হৈছে যেন বহুত তলত থকা ঘন সেউজীয়া পাহাৰ জঙ্ঘলবোৰৰ মাজেৰে উটি ভাহি গৈ আছোঁ । তলত অকাই পকাই বৈ যোৱা দুই এটা পাহাৰীয়া জুৰি দেখিবলৈ পালোঁ । ওখ চাপৰ পাহাৰ বোৰৰ ওপৰেদি গৈ থাকোঁতে মাজে মাজে কোনো এটা কোণৰ পৰা অপূৰ্ব সুন্দৰ দা নাঙ চহৰৰ একাংশই ভুমুকি মাৰেহি ।  

কিছু দূৰৈত আৰু দুটামান কেবল লাইনেৰে কেবিনবোৰ অহাযোৱা কৰি থকা দেখা পালোঁ । আমাৰ কাষেৰে ঘূৰি অহা লাইনটোৰেও পৰ্যটক লৈ যোৱা কেইবাটাও কেবিন পাৰ হৈ গ’ল। জেকিয়ে ক’লে ইয়াত ৪ টা গ্ৰাউণ্ড ষ্টেচনৰ পৰা কেবল পথেদি পাহাৰৰ ওপৰৰ থিম ফ্ৰেন্স নগৰী খনৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰিবপৰা ব্যৱস্থা আছে।মুঠ ২০১ টা কেবল কেবিন অবিৰাম পাহাৰৰ ওপৰ- তল কৰি থাকে আৰু গড়ে প্ৰতি ঘন্টাত প্ৰায় ৩০০০ জন পৰ্যটক এই কেবল পথেদি অহা যোৱা কৰে।এই কেবল যাত্ৰাপথৰ আৰম্ভ হোৱা ঠাইৰপৰা শেষ হোৱা ঠাইলৈ উচ্চতাৰ তাৰতম্য মুঠ ৪২৩০ ফুট।অত্যাধুনিক এই কেবল পথৰ আমাৰ এই যাত্ৰাটো ১৮ মিনিট সময় লাগিব বুলি তেওঁ ক’লে।

পাহাৰৰ ওপৰ পোৱাৰ কিছুসময় আগৰেপৰা পাহাৰৰ ওপৰৰ সুন্দৰ দৃশ্য সমূহ আমাৰ চকুৰ আগত ধৰা দিবলৈ আৰম্ভ কৰিলে । বাওঁহাতে পাহাৰৰ এটা কোণত অৰণ্যৰ দেৱতাই দুহাতেৰে তুলি ধৰা সোনালী দলংখন বহু দূৰৰ পৰা সৰুকৈ চকুৰ সন্মুখত ধৰা দিলেহি । আৰু কিছু আগত পাহাৰৰ বাওঁফালে দেখিলো শুভ্ৰ পাথৰৰ বিৰাট এজনা বুদ্ধৰ মূৰ্তি।জেকিয়ে ক’লে এইটো শাক্যমুনিৰ মূৰ্তি।চহৰৰফালে মুখ কৰি থকা ২৭ মিটাৰ ওখ এই মূৰ্তিটো সাগৰ পৃষ্ঠৰ পৰা ১৫০০ মিটাৰ ওখত সাজি উলিয়াইছে। ইয়াৰ লগত এটা পেগোডাও আছে বুলি তেওঁ ক’লে।জেকিয়ে ক’লে যে ভিয়েটনামৰ বেছিভাগ মানুহেই কোনো এটা বিশেষ ধৰ্মত বিশ্বাস নকৰে যদিও বিভিন্ন সময়ত শাসন কৰা লোকসকলে অনুকৰণ কৰা ধৰ্মৰ প্ৰভাৱত ইয়াত খ্ৰিষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোক যথেষ্ট দেখা যায়। আৰু ওপৰলৈ উঠাৰ লগে লগে ১৯শ শতিকাৰ ফৰাচী আৰ্হিত সজা ওখ ওখ গম্বুজাকৃতিৰ ধুনীয়া ধুনীয়া ঘৰবোৰ দৃষ্টিগোচৰ হ’বলৈ আৰম্ভ কৰিলে। ৰছীত ওলমি থকা  চলন্ত পাৰদৰ্শী গ্লাছৰ কেবিনটোৰ চাৰিওফালৰ দৃশ্যসমূহৰ বিভিন্নতাই আমাক আশ্চৰ্যচকিত কৰি ৰাখিছিল।পিচফালে বহুত তললৈ দা নাঙ চহৰৰ এছোৱা,পাহাৰৰ ওপৰৰপৰা তললৈ চকুৰে মনিব পৰালৈকে দেখা  দীঘল ক’লা কেবল বোৰত ওলমি  অহা- যোৱা কৰি থকা অসংখ্য কেবল কেবিন,দুকাষে তলত ঘন জঙ্ঘল আৰু সমূখত ক্ৰমান্বয়ে বহল আৰু ডাঙৰ হৈ আহি থকা শতিকা পুৰণি এখন ফৰাচী চহৰ।

কেবল কাৰখন ষ্টেচনত ৰোৱাৰ লগে লগে জেকিৰ ইঙ্গিতত তাৰ পিছে পিছে বেগাই খোজ দিবলৈ আৰম্ভ কৰিলোঁ।পৃথিৱীৰ ধুনীয়া মেট্ৰো ষ্টেচনবোৰৰ দৰেই অত্যাধুনিক পদপথ,এচকেলেটৰ আদিৰ মাজেৰে আহি বাহিৰৰ খোলা ঠাই টুকুৰাত উপস্থিত হ’লোহি । সন্মুখত হঠাতে ওলাই পৰা অপূৰ্ব দৃশ্যবোৰ দেখি মন্ত্ৰমুগ্ধ হৈ পৰিলো । বুকুৰ মাজত শুই থকা পখিলা এজনী যেন পাখি মেলি ওলাই হে আহিল এনে ভাব হ’ল ।

আমাৰ চকুৰ সন্মুখত মধ্যযুগীয় ফৰাচী নগৰী এখন। চাৰিওফালে ওখ গম্বুজাকৃতিৰ আটক ধুনীয়া ঘৰবোৰ। মাজত পকী ৰাস্তা ,কাষত ওলমি থকা লেম্প আকৃতিৰ ষ্ট্ৰীট লাইট।চৌদিশে বিভিন্ন ৰঙৰ বিলাতী  ফুলৰ পয়োভৰ।ৰাস্তাবোৰত ষ্ট্ৰীট ডান্সাৰবোৰে ধুনীয়া দীঘল পোছাক পিন্ধি ফৰাচী গানৰ লগে লগে নৃত্য কৰিছে। আমাক জেকিয়ে চিঞৰি আছে———– সোনকাল কৰা,এইবোৰ পিছত ঘূৰি আহি চাম।’ আমাৰ পেটে পেটে খং উঠিছে শান্তিৰে চাবলৈ নিদিয়া বাবে।পিছত এওঁলোকৰপৰাও ধমকি দুটামান শুনাৰ পিছত পুনৰ জেকিৰ পিছে পিছে বেগাই যাবলৈ আৰম্ভ কৰিলোঁ । ফুলেৰে জকমকাই থকা ধুনীয়া ধুনীয়া ফুলনি দুখনমান পাৰ হৈ আকৌ  কেবল কেবিনত সোমালো।এইবাৰৰ যাত্ৰা অইন এটা পাহাৰলৈ ।

পাহাৰৰ ওপৰৰ ফ্ৰেন্স ভিলেজৰ পৰা সোণালী দলঙলৈ  কেবল কাৰেৰে যাব পাৰি । মূল প্ৰবেশদ্বাৰত লোৱা  টিকটৰ লগত এটা দিনৰ গোটেইখিনি কেবল ভ্ৰমণ,এটা বুফে লান্স,থিম পাৰ্ক,গল্ডেন ব্ৰিজ…আদি কৰি অনেক বস্তু অন্তৰ্ভুক্ত কৰা আছে । লাহে ধীৰে চালে এটা সম্পূৰ্ণ দিন লাগিব শেষ কৰিবলৈ । সেয়েহে জেকিয়ে খৰখেদা খন লগাই আছে ।

পাঁচ/ সাত মিনিট মানৰ কেবল যাত্ৰাৰ পিচত কাষৰ পাহাৰটোত উপস্থিত হ’লোগৈ।ষ্টেচনৰপৰা ওলাই আহিয়ে সোণালী দলংখন চকুৰ আগত ধৰা দিলেহি।অৰণ্য দেৱতাৰ বিশাল শিলৰ দুহাতেৰে আলফুলকৈ তুলিধৰা সোণালী দলংখনৰ ওপৰত সৌন্দৰ্য্য ৰস পান কৰাত ব্যস্ত ভ্ৰমণকাৰীৰ দল।এইছোৱা বাট যেন উৰিহে যাম এনে লাগিল ।

২০১৮ চনত পৰ্যটকৰ বাবে উন্মোচন কৰা সাগৰ পৃষ্ঠৰ পৰা ১৫০০ মিটাৰ ওপৰত অবস্থিত এই সোণালী দলং খনৰ দৈৰ্ঘ্য ১৫০ মিটাৰ (৪৯০ ফুট )। ই প্ৰায় পাঁচ মিটাৰ (১৬ ফুট) বহল। অৰ্ধ গোলাকৃতিৰ এই দলংখন কেবল কাৰ ষ্টেচনৰপৰা ধুনীয়া ফুলনিসমূহলৈ যাব পৰাকৈ সাজি উলিয়াইছে।ফাইবাৰ গ্লাছ আৰু তাঁৰৰ সহায়ত সজা এই বিশাল হাত দুখন শিলৰ হাতৰ দৰে অসাধাৰণ নিপুণতাৰে সজা হৈছে।দেৱতাৰ  দুহাতেৰে ওপৰলৈ তুলি ধৰা সোনালী দলংখনে হালধীয়া চিল্কৰ সূতাক চিহ্নিত কৰিছে যিয়ে গাওঁবাসীসকলক স্বৰ্গৰ বিতোপন ফুলনি সমূহলৈ যোৱাত সহায় কৰে।কি যে বিতোপন দুয়োকাষৰ দৃশ্যৰাজি!মানুহৰ পৃথিৱীখনৰপৰা আতঁৰৰ কোনো স্বৰ্গীয় সপোনৰ দেশতহে যেন বিচৰণ কৰিছো! গা সিৰসিৰাই যোৱা ঠাণ্ডা বতাহজাক যেন প্ৰাণভৰি বুকুত ভৰাই লম! বেচিভাগ মানুহেই ফটো তোলাত ব্যস্ত। কেইবাখনো ফটো তুলিলো যদিও কোনো এখন ফটোৱেই ইয়াৰ প্ৰকৃত সৌন্দৰ্য ফুটাই তোলাত সক্ষম নহ’ল। কি যে অপূৰ্ব দৃশ্য ৰাজি!পৰিষ্কাৰ আকাশত সন্ধ্যা সময়ত ইয়াৰ পৰা দেখা সূৰ্য্যাস্তৰ দৃশ্য হেনো অতীব সুন্দৰ।ডাৱৰীয়া বতৰত আকাশৰ ডাৱৰবোৰ হাতেৰেই চুব পাৰি। এইবোৰ জেকিয়ে কোৱা কথা।দলংখন পাৰ হৈয়ে জেকিয়ে ফটো তুলিবপৰা ভাল ঠাই দুটুকুৰা মান দেখুৱাই দিলে। তাৰ পৰাই যিমান পাৰোঁ দলংখন অহাকৈ ফটো দুখনমান তুলিলো।সপোনৰদৰে লগা ধুনীয়া ঠাইবোৰ পাৰ হৈ জেকিৰ পিছে পিছে গৈ আছো সৰগৰ ফুলনি বোৰ চাবলৈ।

 ইয়াত বিভিন্ন নামেৰে আৰু পৰীৰ সাধুকথাৰ থিমেৰে সজা ৯ খন উদ্যান আছে। ৯ টা যুগজয়ী প্ৰেম কাহিনীক ভিত্তি কৰি বনোৱা উদ্যান …. নামনো কি চাবা….’প্ৰেমৰ বাগিচা ‘ , ‘স্মৃতি বাগিছা’, ‘স্বৰ্গৰ ফুলনি’…..বিৰাট এটা ম’ৰা চৰাইৰ মেলি থোৱা পাখিত ভাগে ভাগে ৰঙীন ফুলৰ দলিচা,পাখি মেলি থকা পৰীবোৰে টিউলিপৰ ৰং-বিৰঙী ফুলৰ মাজত বিভিন্ন ভঙ্গীত থিয় হৈ আছে।গোলাপৰ বাগিচাত ওপৰে তলে গোলাপেই গোলাপ।ফুলনো কোনে ভাল নাপায় ! ফুলৰ উৎসৱ চলি থকাৰ বাবে উদ্যান সমূহত ফুলেই ফুল।মই  চাৰিওকাষে ভৰি থকা টিউলিপ আৰু গোলাপবোৰৰ বাহিৰে বাকী বহুত ফুল আগতে কেতিয়াও দেখা নাছিলোঁ।ফুলনিৰ মাজে মাজে আহিয়েই জেকিয়ে এইবাৰ আমাক শুভ্ৰ শিলেৰে বনোৱা ২৭ মিটাৰ ওখ শাক্যমুনিৰ মূৰ্তি আৰু পেগোডাটোৰ ওচৰ পোৱালেহি।আমি তলৰ পৰা কেবল কাৰেৰে আহি থাকোঁতে এইটো বাটৰপৰা দেখা পাইছিলো। ফুলৰ গছ লতাৰে সজ্জিত ওখ চাপৰ বাটেৰে উভটি অহা বাটত জেকিৰ পিছে পিছে এইবাৰ মাটিৰ ভিতৰত থকা গুহা এটালৈ সোমাই আহিলোঁ ।

এইটো ১৯২৩ চনত ফৰাচী সকলে ব্যৱহাৰ কৰা ১০০ বছৰ পুৰণি ‘ডিবে ৱাইন চেলাৰ’।ভিয়েটনামৰ জঙ্ঘলত পোৱা মাং টাং নামৰ বিশেষ উদ্ভিদ এবিধ ব্যৱহাৰ কৰি বনোৱা এই চেলাৰৰ ভিতৰৰ উষ্ণতা বছৰৰ বাৰ মাহে ১৬ -২০ ডিগ্ৰীৰ ভিতৰত থাকে । ভিতৰত মদিৰা তৈয়াৰ কৰা ডাঙৰ ডাঙৰ অ’ক কাঠৰ ড্ৰাম আৰু শাৰী শাৰীকৈ দেৱালত লগাই থোৱা পুৰণি মদিৰাৰ বটল । ক’ৰবাৰ পৰা পুৰণি ফৰাচী সুৰাৰ গোন্ধ এটা বতাহত বিয়পি আহিল । অতি কম পোহৰৰ হালধীয়া লাইটেৰে আলোকিত কৰা অকোৱা-পকোৱা সুৰঙ্গৰ লেখীয়া শতিকা পুৰণি ৱাইন চেলাৰটোৰ ভিতৰখন কিবা জয়াল ভাৱ এটাই আগুৰি আছিল।জেকিয়ে খৰখেদা লগোৱাত ওলাই আহিবলৈ বাধ্য হ’লো।কেবল কাৰেৰে আকৌ ঘূৰি আহিলো মধ্যযুগীয় ফৰাচী চহৰখনলৈ।

 সপোনপুৰীত বিচৰণ কৰি ভোক ভাগৰ সকলো পাহৰি আছিলোঁ।বুফে লান্সৰ ডাঙৰ হলটোৰ ওচৰলৈ জেকিয়ে আমাক লৈ অহাৰ পিচত কথাবোৰ ভালকৈ বুজাই ক’লে। প্ৰায় ১০০০ মানুহে একেলগে খাব পৰা এই ডাইনিং হলটোৰ ভিতৰলৈ সোমাই কোনোবা এজনে টেবুল এখন অধিকাৰ কৰি লব লাগিব।মানুহ  ভিতৰত গিজগিজাই আছে।ভিতৰত সোমাই আচৰিত হৈ গ’লো। বিধে বিধে খাদ্য সম্ভাৰ।অতি কমেও ২০০ বিধ মান হ’ব।ইফালে সিফালে ঘূৰি বিভিন্ন খাদ্যৰ জুতি লৈ লৈ পেট ভৰিল । এতিয়া জেকিৰ লৰালৰি নাই । তেওঁ এইবাৰ আমাক নিজৰ মতে সকলোবোৰ চাবলৈ সময় দিলে ।

এইবাৰ মধ্যযুগীয় ফ্ৰান্সৰ অলিয়ে গলিয়ে বিচৰণ কৰিবলৈ লাগিলো।কেউকাষে বিভিন্ন পুৰণি নক্সাৰ ঘৰ ,আলি- পদুলি, গীৰ্জা, বজাৰ।ষ্ট্ৰীট লাইটৰ স্তম্ভবোৰতো ৰং-বিৰঙী ফুলৰ থোপা। মাজে মাজে ফুলৰ ঠেলা গাড়ী বা ৰখাই থোৱা ভিনটেজ গাড়ীবোৰত হৰেক ৰঙী গোলাপৰ টাব।ৰাস্তাবোৰত ফৰাছী ল’ৰা-ছোৱালী বোৰে সংগীতৰ লগে লগে কৰা নৃত্য।কিমান ফটো তুলিম!জেকিয়ে এটা ভাঙৰ ভৱনৰ আগত থিয় হৈ আমাক ক’লে 

‘এইটোৰ ভিতৰত আপোনালোক এঘন্টা কটাব পাৰে । এঘন্টাৰ পিছত ইয়াতে লগ হ’ম।’

অত্যাধুনিক কাৰিকৰী প্ৰযুক্তি ব্যবহাৰ কৰি সজা 4D/5D থিম পাৰ্ক, ৱেক্স মিউজিয়াম, জুল ভাৰ্ণেৰ  ‘ভূ গৰ্ভৰ কেন্দ্ৰলৈ যাত্ৰা’ আৰু  ‘ সাগৰ তলিৰ ২০ হেজাৰ লীগ’ ৰ কাহিনীৰ ওপৰত ভিত্তি কৰি বনোৱা ‘4D মৃত্যু দৌৰ’ আৰু  ‘২৯ মিটাৰৰ  ফ্ৰী ফল’ আদি আমি খেলিব নোৱাৰা কিছুমান ভয়ঙ্কৰ খেল,কেইবাটাও 5D চিনেমা হল……আৰু আন বহুতো।আমি জুৰাচিক পাৰ্কত বেচ কিছু সময় কটালো।ভয়ঙ্কৰ খেলবোৰ চাই গা মালিচ কৰা মেচিনত কিছু সময় কটাই গাটো টঙাই ওলাই আহিলোঁ।

ঘূৰি আহিবৰ মন নাছিল।এই ক্ষুদ্ৰ আকাৰৰ মধ্যযুগীয় ইউৰোপত দিনটো ভ্ৰমি ইউৰোপৰ মাজত বিচৰণ কৰি থকা যেনেই লাগিছিল। আমাৰ ওচৰে পাঁজৰে দেখা মানুহবোৰ বগা বা একেবাৰে ক’লা ছালৰ বিদেশী আছিল বাবে সেই ভাবটো আৰু বেচিকৈ আহিছিল। সোণালী দলঙৰপৰা সূৰ্য্যাস্ত চোৱাৰ হেঁপাহ এটা আছিল। কিন্তু হ’ই এনলৈ যাবগৈ লাগিব বাবে উভটিবৰ যো-জা কৰিলো । 

অহা বাটটোৰ একেটা লাইনৰ কেবল পথেদি তললৈ উভটি আহিলোঁ।জেকিয়ে বাওঁফালৰ কেবল লাইন এটা দেখুৱাই ক’লে সেইটো লাইনেৰে গ’লে তলত জলপ্ৰপাত কিছুমান দেখা পোৱা যায়।তাক এনেয়ে ক’লো ‘ অহা বছৰ আহিম চাবলৈ’। আহোঁতে যেন কম সময়তে তল পালোহি এনে লাগিল।বাটত ওপৰলৈ যাত্ৰী কঢ়িয়াই নিয়া কেবিনবোৰ দেখিলো। সমানে মানুহ গৈয়ে আছে ওপৰলৈ।এইবোৰ পৰ্যটকে সোনালী দলঙৰপৰা সূৰ্য্যাস্ত চোৱাকৈ আহিছে চাগৈ।আমি সূৰ্যাস্ত নেদেখিলো যদিও কোনো আক্ষেপ নাই।এই গোটেই যাত্ৰাটোত ভবাতকৈ বহুত বেছি দেখিলো । মোৰ ভ্ৰমণ সোঁৱৰণত এই দিনটো এটা পৰিপূৰ্ণ দিন হিচাপে সদায় মনত থাকিব ।

প্ৰাচীন নদী বন্দৰ আৰু ঐতিহাসিক চহৰ হ’ই এন Hoi an)  ==

ডা নাঙৰ পৰা প্ৰাচীন বন্দৰ চহৰ হ’ই এনলৈ প্ৰায় এঘন্টাৰ বাট। চহৰ খনৰ প্ৰাণ ধুনীয়া থও বন ( Thou Bon) নদীখনৰ পাৰে পাৰে এলানি হোটেল। নদীখনৰ সিটো পাৰে পুৰণি জাপানী আৰু চীনা আৰ্হিৰ ঘৰবোৰ। এইখন ঠাই চহৰখনৰ কেন্দ্ৰ স্থল। নদীখনৰ একেবাৰে সমুখতে হোটেলখন হোৱা বাবে মনটো ভাল লাগি গ’ল। জেকিয়ে আমাক গধুলি সময়ত খোজকাঢ়ি ওচৰ পাঁজৰৰ ৰঙীন বজাৰ সমাৰবোৰ চাই আহিবলৈ ক’লে। এই হ’ই এন চহৰখনে সন্ধিয়াৰ পিছৰেপৰা হেনো প্ৰাণ পাই উঠে।

কিছু সময় হোটেলত জিৰাই বাহিৰলৈ ওলাই আহিলো। পাঁচ মিনিট মান খোজ কঢ়াৰ পিছতে ৰাতিৰ ৰম্যপুৰীখনত সোমাই পৰিলো।আমাৰ হোটেলৰ সমুখৰ থও বন  নদী খনত ৰঙ বিৰঙী পদুম ফুলৰ চাকিৰে সজোৱা নাওবোৰ গ্ৰাহকৰ অপেক্ষাত ৰৈ থকা দেখিবলৈ পালোঁ । নদীখনৰ ওপৰত লাইটেৰে সুসজ্জিত ‘ব্ৰীজ অফ লাইট’  দলংখনৰ ওপৰত পৰ্যটকৰ ভীৰ। আৰু কিছু আগুৱাই গৈ বজাৰ খন। বজাৰখনত ওলোমাই থোৱা নানা ৰঙী কাৰুকাৰ্য্য কৰা লেম্প,  ৰঙচঙীয়া ভিয়েটনামী জোঙা জোঙা টুপি , আৰু বাটৰ  কাষে কাষে অসংখ্য ভিয়েটনামী খোৱাৰ দোকান। আমাৰ লগত যোৱা অদিতিহঁতে মাছ মাংস নাখাই বাবে পকা ফলমূল অলপ কিনি হোটেললৈ ঘূৰি গ’ল। তেওঁলোকে ৰাতি ঘৰৰপৰা অনা পিঠাগুৰি আৰু ফলমূলেৰে পাতলীয়া আহাৰ কৰিব। আমি দুজনে আৰু কিছু সময় ৰঙীণ বজাৰখনত ঘূৰি পকি ভিয়েটনামী খাদ্যৰ জুতি লৈ হোটেললৈ উভটিলো। পিছদিনা পুৱাৰ আহাৰ কৰিয়েই আমি বিশ্ব ঐতিহ্যৰ সংৰক্ষিত স্থান মি চাং (My son) চাবলৈ যাম।

পাহাৰৰ মাজত লুকাই থকা পৱিত্ৰ মি চাঙ( My Son)===

হ’ই এনৰ পৰা ৬০ কি: মি: দূৰৈত পাহাৰেৰে আগুৰি থকা মি চাঙ (My Son) ঐতিহাসিক স্থানে ইউনেস্কোৰদ্বাৰা বিশ্ব ঐতিহ্যৰ স্থান হিচাপে ১৯৯৯ চনতে স্বীকৃতি লাভ কৰিছিল। এতিয়া ই সুন্দৰভাৱে সংৰক্ষিত এলেকা।মূল ৰাস্তাৰপৰা পাহাৰৰ কাষে কাষে কিছুদূৰ আগুৱাই গৈ উপত্যকাটোৰ ভিতৰত সেউজীয়াৰ মাজত লুকাই থকা এখন ধুনীয়া ঠাইত সোমাই পৰিলোহি। ভিয়েটনামী ভাষাত মি চাঙ ( My Son) মানে ধুনীয়া পাহাৰ। চাৰিওফালে ধুনীয়া কেট টুথ ( cat tooth) পাহাৰে আগুৰি ৰখা মি চাঙ সংৰক্ষিত এলেকাটোৰ মাজেৰে বন নদীখন বৈ গৈছে। এই সংৰক্ষিত ঐতিহাসিক স্থানৰ ৮টা বিভিন্ন ভাগত মুঠ ৭১ টা প্ৰাচীন স্মৃতিস্তম্ভ আৰু ধ্বংসাৱশেষ আছে। গেটৰ বাহিৰত টিকট লোৱাৰ পিছতে বেটেৰি চালিত খোলা গাড়ী এখনত আমি উঠি পৰিলো। জেকিয়ে আমাক ঠাইখনৰ বৰ্ণনা দি যাবলৈ ধৰিলে।এই পুৰণি মঠ-মন্দিৰ আৰু মূৰ্তিবোৰ ৪০০ৰ পৰা ১৩০০ শতিকাৰ ভিতৰত চাম( Cham) আৰু চম্পা( Champa) সভ্যতাৰ লোকসকলে নিৰ্মাণ কৰিছিল। প্ৰকৃতিৰ মাজত লুকাই থকা স্থাপত্য কলাৰ নিদৰ্শন এই সুন্দৰ মঠ মন্দিৰবোৰৰ ভগ্নাৱশেষসমূহ ১৮৯৮ চনত পুনৰুদ্ধাৰ কৰা হয়।

ঘন সেউজীয়া গছ গছনিৰ মাজে মাজে সিঁচৰিত হৈ থকা মঠ-মন্দিৰ ,ভগ্নস্তুপ, মূৰ্তি আদিৰ ভগ্নাৱশেষবোৰ চাই বিস্ময়ত হতবাক হৈ পৰিছিলো। শিৱ, বিষ্ণু, কৃষ্ণ ,ভদ্ৰেশ্বৰ আদিৰ মূৰ্তিৰ লগতে শিৱ লিঙ্গৰ অৱশেষো দেখিবলৈ পাইছিলো। বহুতো মূৰ্তিৰ ডিঙিৰ ওপৰছোৱা নাই।কিছুমান ডাঙৰ ডাঙৰ মন্দিৰৰ ভগ্নাৱশেষবোৰ দেখুৱাই জেকিয়ে আমাক কৈ গৈছিল ইয়াৰ মাজত সোমাই থকা হিন্দু দেৱ দেৱীৰ মূৰ্তিবোৰৰ কথা। প্ৰায় এহেজাৰ বছৰৰো অধিক কাল জুৰি থকা চাম আৰু চাম্পা সভ্যতাৰ এই স্থাপত্য কলা আৰু সভ্যতাৰ নিদৰ্শনবোৰ সুদীৰ্ঘ সময়কালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু আমেৰিকান যুদ্ধৰ বোমাই বহুতো নষ্ট কৰিলে। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ তত্বাৱধানত কেইবা ঠাইতো পুনৰুদ্ধাৰ আৰু পুনৰ্নিমাণৰ কাম চলি থকা দেখা পাইছিলো। মাজতে এটা খোলা ৰঙ্গমঞ্চত সেই যুগৰ সুন্দৰ নৃত্যবোৰ দেখুৱাই আছিল। দক্ষিন ভাৰতীয় ক্লাছিকেল নৃত্যৰ লগত বহুত সামঞ্জস্য থকা এই নাচবোৰ চাবলৈ দেশী বিদেশী পৰ্যটকসকল মাটিয়ে বালিয়ে বহি পৰিছিল। তিনি ঘন্টামান মি চাঙ ঐতিহাসিক পবিত্ৰ স্থান খনত ঘূৰি পকি আকৌ হ’ই এনলৈ উভটি আহিলো। আমাৰ ভ্ৰমণ তালিকাত থকাৰ দৰেই জেকিয়ে আমাক ভিয়েটনামী ৰেষ্টুৰেন্ট এখনলৈ লৈ আনিলে।সুন্দৰ চেভেন কৰ্চ ভিয়েটনামী খাদ্যৰে আহাৰ সম্পূৰ্ণ কৰি খোজকাঢ়ি চহৰখন চাবলৈ ওলাই আহিলো।

হ’ই এন ঐতিহাসিক চহৰ খন ১৫ ৰ পৰা ১৯ শতিকাৰ সময় ছোৱাত দক্ষিণ পূব এছিয়াৰ বাণিজ্য বন্দৰ আছিল। ই এখন ব্যতিক্ৰমী ভাৱে সংৰক্ষিত ঠাই। ইয়াৰ কাঠেৰে নিৰ্মিত পুৰণি ঘৰ আৰু ধুনীয়া ৰাস্তাবোৰে নিজ দেশৰ লগতে চীন আৰু জাপানৰ প্ৰভাৱ সুন্দৰভাবে প্ৰতিফলিত কৰিছে। চহৰখনত ইটা আৰু কাঠেৰে নিৰ্মিত ১,১০৭ টা ঘৰৰে সতে এটা সু- সংৰক্ষিত এলেকা আছে। এই এলেকাটোৰ মাজত আছে কাঠৰ বিভিন্ন কাৰুকাৰ্য্য খচিত পুৰণি চীনা আৰু জাপানী আৰ্হিৰ ঘৰ, পেগোডা, পাৰিবাৰিক ঘৰ, ধৰ্মীয় ভৱন আৰু খোলা বজাৰসমূহ।

আমি পুৰণি চহৰ খনৰ মাজে মাজে ঘূৰি ঐতিহাসিক কেন্টনীজ এছেম্বলী ভৱনটো ( কোৱাং ডং) চাবলৈ গ’লো। ভৱনটো আৰু তাৰ বৃহৎ চৌহদটোৰ কেউকাষে সৰু ডাঙৰ অসংখ্য ড্ৰেগনৰ চালে চকুৰোৱা মূৰ্তি আৰু বিশালাকাৰৰ পেইণ্টিং। ফটো তুলি তুলি যেন শেষেই নহ’ব! জেকিয়ে আমাক মিউজিয়ামৰ দৰে সংৰক্ষিত এটা ২০০ বছৰ পুৰণি জাপানী ঘৰৰ ভিতৰলৈ আমাক লৈ গ’ল। ঘৰৰ বৰ্তমানৰ মুৰব্বী লোকজনৰ লগত কথা পাতি জেকিয়ে আমাক ঘৰৰ ভিতৰখন দেখুৱালে।

 সম্পূৰ্ণ অনন্য এই চহৰখনৰ মাজে মাজে আত্মবিভোৰ হৈ ঘূৰি পকি আমি ১৫৯০ চনত নিৰ্মিত জাপানী কাঠৰ দলঙখন Japanese covered bridge) পালোহি। এই দলংখন ১২ মিটাৰ দীঘল আৰু কাঠৰ অপূৰ্ব কাৰুকাৰ্য্য খচিত আচ্ছাদনেৰে ই সম্পূৰ্ণ ভাৱে আচ্ছাদিত। দলংখনত এফালে দুটা বান্দৰ আৰু আনফালে দুটা কুকুৰৰ মূৰ্তি খোদাই কৰি থোৱা দেখিবলৈ পালো। দলংখন কেইবাবাৰো মেৰামতি কৰা হৈছে যদিও পুৰণি আৰ্হি আৰু শিল্পসমূহ একেবাৰে নষ্ট হ’বলৈ দিয়া নাই।

১৭শ শতিকাৰ পুৰণি বন্দৰ চহৰখন দেখুৱাই জেকিয়ে হোটেললৈকে আগুৱাই দিয়াৰ পিছত আমাৰপৰা বিদায়

ল’লে। মৰমলগা হাঁহিমুখীয়া ল’ৰাটোলৈ এই কেইদিনতে আমাৰ মৰম সোমাই গৈছিল। পিছদিনা আমাৰ জিৰণিৰ দিন। নিজৰ মতে লাহে ধীৰে ঘূৰি পকি হ’ই এন  বাণিজ্যিক চহৰখন চাব পাৰিম। তাৰ পিছদিনা ৰাতিপুৱাই আমি দা নাং বিমান বন্দৰৰ পৰা দক্ষিণ ভিয়েটনামৰ হো চি মিন চিটিলৈ (চাইগন) উৰা মাৰিম।

ভ্ৰমণৰ আমেজ সদায় সুকীয়া।ভ্ৰমণ একোটাই মনত যি অপাৰ আনন্দ দিয়ে সেয়া শব্দৰে প্ৰকাশ কৰা সম্ভৱ নহয়।এই ভ্ৰমণত দেখি অহা সুন্দৰ ঠাইবোৰ সদায় প্ৰকৃতিৰ বুকুত এনেদৰেই সুন্দৰ হৈ থাকক,ইয়াকেই কামনা কৰিলো।

One comment

  • Upasha Bhagawati

    পঢ়ি বৰ ভাল লাগিল। ঠাইখনৰ বিষয়ে বহুতো তথ্যৰে সমৃদ্ধ এটা লেখা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *