মনেই একমাত্ৰ সঁজুলি যাক নিয়ন্ত্ৰণ কৰি অসাধ্য সাধন কৰিব পাৰি-বিজয়া শৰ্মা
এই পৃথিৱীত সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰত থকা মূল শক্তিয়েই হৈছে প্ৰচণ্ড ইচ্ছা শক্তি।
স্বামী বিবেকানন্দই কৈছিল,
“এটা নিয়ন্ত্ৰিত আৰু শান্ত মন সংসাৰত সকলোতকৈ শক্তিশালী। এনেকুৱা মনৰ ওচৰত গোটেই বিশ্ব নতমস্তক হৈ যায়।”
সঁচাকৈয়ে, মনত কৈ শক্তিশালী আৰু একোৱেই নাই।
যক্ষই যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক পৰীক্ষা লওঁতে সুধিছিল,
বায়ুতকৈ বেগী কি?
যুধিষ্ঠিৰেও কৈছিল,
“আমাৰ মনটোৱেই হৈছে বায়ুতকৈ বেগী।”
আমাৰ মনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি নিদ্ৰা নোযোৱালৈকে ক’ত ক’ত যে বিচৰণ কৰি ফুৰে ভাবিলে আচৰিত লাগে।
এইখিনিতে মই ইণ্টাৰনেটত পঢ়া এটা সুন্দৰ কাহিনী আছে, মহাজ্ঞানী জনক ৰজাক কেনেকৈ অষ্টাবক্র মুনিয়ে মনৰদ্বাৰা বশ কৰিছিল।কাহিনীটো এনে ধৰণৰ….
মহাৰাজ জনক আছিল প্ৰচুৰ জ্ঞানৰ ভাণ্ডাৰ। কিন্তু তেওঁ কোনো গুৰুৰ ওচৰত দীক্ষা লোৱা নাছিল। এবাৰ এজন সন্তই আহি জনক ৰজাক ক’লে,
“মহাৰাজ আপুনি এজন গুৰুৰ ওচৰত দীক্ষা লওক। গুৰু অবিহনে সকলো বৃথা।”
ৰজাই সভা আহ্বান কৰি ঘোষণা কৰিলে,
“মই এজন গুৰুৰ পৰা দীক্ষা ল’ব বিচাৰোঁ, কিন্তু মোক ইমান কম সময়ৰ ভিতৰত দীক্ষা দিব লাগিব যে মই ঘোঁৰাত উঠাৰপৰা লেকামত হাত দিয়ালৈকে যিখিনি সময় সেইখিনি সময়ৰ ভিতৰতে দীক্ষা দিব লাগিব। আপোনালোকৰ বিদ্বান,জ্ঞানীসকলৰ মাজৰপৰা এজন আহি এই চন্দনৰ চকীত বহি মোক জ্ঞান দিয়কহি। কিন্তু চন্দনৰ চকীত বহি জ্ঞান দিব নোৱাৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব।”
ৰজাৰপৰা এনেকুৱা এটা চৰ্ত পাই কোনো আগবাঢ়ি আহি দীক্ষা দিবলৈ সাহস নকৰিলে।কাৰণ ইমান কম সময়ত জ্ঞান দিয়াটো অসম্ভৱ।তেনেতে অষ্টাবক্র মুনি থৰক্-বৰককৈ আগুৱাই আহি চন্দনৰ চকীত বহি ল’লেহি।অষ্টাবক্র মুনিৰ তেৰা বেঁকা চেহেৰা দেখি সকলোৱে গিৰ্জনি মাৰি হাঁহিব ধৰিলে। সকলোৱে ভাবিলে, ইমান বোৰ বিদ্বান,জ্ঞানী মানুহ থাকোঁতে এই সাধাৰণ যেন লগা মানুহজনে ইমান সাহ কৰিছে ৰজাক জ্ঞান দিবলৈ। তেনেতে মন্ত্ৰীয়েও আগভেটা দি সুধিলে,
“মুনিবৰ! আপুনি ভালদৰে এবাৰ চিন্তা কৰি লওক, কাৰণ ইমান এটা ডাঙৰ পদবী লোৱাটো সহজ কথা নহয়।”
তেতিয়া অষ্টাবক্র মুনিয়ে সকলোকে উদ্দেশ্য কৰি ক’বলৈ ধৰিলে,
“আপোনালোকে মোৰ কুন্ধচ চেহেৰাটো দেখি হাঁহিছে, কিন্তু আপোনালোকে জানেনে জ্ঞান মানুহৰ চেহেৰাত থাকে নে মগজুত থাকে?”
তেনেতে ৰজায়ো লজ্জিত হৈ মুনিবৰক আথে-বেথে বহিবলৈ দিলে আৰু গুৰু-পূজন কৰিলে। গুৰু-পূজন হোৱাৰ পিচত মুনিবৰে ৰজাক মাত লগালে,
“মহাৰাজ মই যিহেতু আপোনাৰ গুৰু হ’লো,গতিকে আপুনি ঘোঁৰাত উঠাৰ আগতেই গুৰু-দক্ষিণাটো দি লওক, কাৰণ মই জ্ঞান দিয়াৰ লগে লগেই আপুনি ঘোঁৰা চেকুৰাই গুচি যাব।”
ৰজাই ক’লে,
“মুনিবৰ কওঁকচোন,আপোনাক গুৰু-দক্ষিণা কি দিম?”
গুৰুৱে ক’লে,
” তন, মন, ধন এই তিনিটাৰ এটা দিয়ক।”
ৰজাই নিজে সিদ্ধান্ত ল’ব নোৱাৰি ৰাজমহলত ৰাণীক সুধিব গ’ল।ৰাণীয়ে ক’লে, মহাৰাজ ধন দিলে আমি দৰিদ্ৰ হৈ যাম, তন দিলেও শান্তি নহ’ব ,গতিকে মনেই দিয়ক।ৰজাই আহি ক’লে,
“গুৰুবৰ মই দক্ষিণা হিচাবে মনটোকে অৰ্পণ কৰিলোঁ।”
গুৰুৱে ক’লে,
“ঠিক আছে এতিয়া ঘোঁৰাটো আনক।”
ৰজাৰ ওচৰলৈ ঘোঁৰাটো লৈ অনা হ’ল আৰু ৰজাই ঘোঁৰাত উঠি লেকামত হাত দিয়াৰ সময়তেই গুৰুৱে মাত লগালে,
“আপুনি যিহেতু মনটো মোক দক্ষিণা হিচাবে দিলে আপোনাক ঘোঁৰাত উঠিবলৈ দিবলৈ মোৰ একেবাৰেই মন নাই।আপুনি ঘোঁৰাৰ পৰা নামি আহক।”
ৰজায়ো আচল কথাটো জানিব পাৰি অষ্টাবক্রক গুৰু মানি সাষ্টাঙ্গে প্ৰণাম কৰিলে। লগে লগে সভাত উপস্থিত থকা সকলোৱে অষ্টাবক্রৰ চৰণ চুই সেৱা কৰিলে আৰু প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। ৰজা জনকেও বুজি পালে যে আমাৰ মন বৰ চঞ্চল। মনটোক সদায় অস্থিৰতাই গ্ৰাস কৰি থাকে। মনক বশীভূত কৰিব পাৰিলেহে আত্মোপলব্ধি সম্ভৱ।মন হৈছে বিবেকবোধৰ এক সমষ্টি। যি চিন্তা, আবেগ,অনুভূতি ইচ্ছা আৰু কল্পনাৰ মাধ্যমত প্ৰকাশ পায়।মৌন অৱস্থাতহে মানুহে পৰম শান্তি লাভ কৰিব পাৰে।অলাগতিয়াল চিন্তাসমূহৰ পৰা আঁতৰি থকাটোৱেই হৈছে মৌন অৱস্থা।গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল,
“আমাৰ আত্মা যদি ৰথৰ স্বামী হয়, মন শৰীৰৰূপী ৰথৰ সাৰথি হয়। মনেই ইন্দ্ৰিয় ৰূপী ঘোঁৰাক ইফালে সিফালে লৈ ফুৰায়।”
আকৌ গীতাৰ এটা শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে,
” বন্ধুৰাত্মাত্মনস্তস্য য়েনাত্মৈৱাত্মনা জিতঃ।
অনাত্মনস্তু শত্ৰুত্বৈ বৰ্ততাত্মৈব শত্ৰুবত্॥
যি জনে মনটো জয় কৰিব পাৰিছে তেওঁৰ বাবে মনটোৱেই আটাইতকৈ ডাঙৰ বন্ধু। কিন্তু যিজনে সেয়া কৰিব পৰা নাই ,তেওঁৰ মনটো সদায়েই তেওঁৰ বাবে ডাঙৰ শত্ৰু হৈ ৰ’ব।
যেতিয়ালৈকে আমি মনটোক দমন কৰি ৰাখিব নোৱাৰোঁ তেতিয়ালৈকে আমি সুখী হ’ব নোৱাৰোঁ।যি জনে মনক জয় কৰিব পাৰিছে তেওঁৰ বাবে শীত, তাপ, সুখ, দুখ, মান, অপমান সকলো সমান।অশান্ত মনক শান্ত কৰি ৰখাৰ প্ৰধান উপায়টোৱেই হৈছে ধ্যান। ধ্যানৰ দ্বাৰা আমি আমাৰ বিকাৰসমূহ দূৰ কৰি এটা সুস্থ মনৰ অধিকাৰী হ’ব পাৰোঁ।
আমাৰ মনত একেলগে বহুত চিন্তাই অহা যোৱা কৰি থাকে আৰু এইবোৰেই মানসিক অশান্তিৰ সৃষ্টি কৰে।ধ্যানে অলাগতিয়াল বিচাৰধাৰা মস্তিষ্কৰপৰা বাহিৰ কৰি শুদ্ধ বিচাৰক স্থান দিয়ে।ধ্যানৰ সৰল বিধি হৈছে- সুখাসন বা পদ্মাসনত বহি কোনো এটা বিষয় ধাৰণ কৰি তাতে মন কেন্দ্ৰীভূত কৰা।
দ্বিতীয় বিধি হৈছে – আমাৰ আজ্ঞাচক্ৰৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰা।
তৃতীয় বিধি হৈছে- নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰা।
ধ্যানত বহাৰ সময়ত আমাৰ মনলৈ বহুত ধৰনৰ চিন্তা,ভাৱনা আহি থাকে যিয়েই নাহক আহিবলৈ দিব লাগে আৰু এটা সময়ত সেই চিন্তা ভাৱনাবোৰ অহা কমি যায় আৰু মন নীৰৱতাত প্ৰৱেশ কৰে। সেই নীৰৱতাই হৈছে প্ৰকৃত শান্তি।
ধ্যানৰ দ্বাৰা উচ্চ ৰক্তচাপ, যন্ত্ৰণা, মানসিক চাপ ,হতাশা আদিও দূৰ কৰিব পাৰি।
গৌতম বুদ্ধক এবাৰ সোধা হৈছিল,
“আপুনি ধ্যানৰদ্বাৰা কি পালে?”
বুদ্ধই উত্তৰত কৈছিল,
“একো নাই,মাত্ৰ মই ইয়াকে ক’ব পাৰোঁ যে- ক্ৰোধ, নিৰাশা, বৃদ্ধাৱস্থা, মৃত্যুভয় সকলো হেৰুৱালোঁ।”
এয়ে হৈছে ধ্যানৰ মহত্ব।
মনোবিজ্ঞানত আমাৰ মনক দুটা ভাগত ভগোৱা হয়-চেতন মন আৰু অৱচেতন মন।চেতন মন হৈছে মনৰ সক্ৰিয় অৱস্থা আৰু চেতনাৰ পৰিসৰত নথকা চেতনাক অৱচেতন মনে বোলা হয়।মানুহৰ চেতন মনে যি চিন্তা কৰে অৱশেষত অৱচেতন মনত জমা হয়।অৱচেতন মনে ভাল, বেয়া একো বিচাৰ কৰিব নোৱাৰে, চেতন মনে যি ভাৱে, অৱচেতন মনে তাকেই কাৰ্য্যত পৰিণত কৰে। আমি যেতিয়া টোপনি যাওঁ, অৱচেতন মন তেতিয়া সক্ৰিয় হয়। চেতন মনে ভাল ,বেয়া গ্ৰহণ কৰিবও পাৰে, পৰিত্যাগ কৰিবও পাৰে কিন্তু অৱচেতন মনে কেৱল গ্ৰহণ হে কৰে আৰু মেম’ৰিত জমা কৰি দিঠকত পৰিণত কৰিবলৈ লাগি যায়।চেতন মন 10% আৰু অৱচেতন মন 90%শক্তিশালী।
সেইকাৰণেই আমি সদায় যোগাত্মক চিন্তাৰে অৱচেতন মন ভৰাই দিব লাগে। উদাহৰণস্বৰূপে যদি আমি ৰাতি শোৱাৰ আগতে এইদৰে যোগাত্মক চিন্তাৰে অৱচেতন মন ভৰাই তোলো,
“মই সকলোকে ভাল পাওঁ, সকলোৱে মোক ভাল পায়…মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ….মই বহুত সৌভাগ্যবান কাৰণ পৰমাত্মাই মোক সকলো দিছে…মই জীৱনত সফল হৈছোঁ………অৱচেতন মনে সেয়া কাৰ্যত পৰিণত কৰাত লাগি যায় যাৰ ফলত আমি ভবামতেই সকলো হয়।এই দৰেই আমি দুৰাৰোগ্য ব্যাধিৰপৰাও মুক্ত হ’ব পাৰোঁ।