মাহীৰ উপদেশ-অনসূয়া বৰঠাকুৰ

বহুদিনৰ মূৰত, পূজাৰ বন্ধত

      মাহীয়েকক লগ পাই,

কাষত বহি ধুনুৱে এফালৰপৰা

     গোচৰবোৰ গ’ল শুনায়-

“সকলোৰে সন্তান একেই বুলি

     তোমালোকেইচোন কোৱা,

আমাৰ লগত যে অন্যায় হৈছে

     এবাৰো ভাবি নোচোৱা!

পঢ়া-শুনা কৰা দেখিছানে বাৰু

     গৰু, ছাগলীৰ পোৱালীয়ে?

তেনেহ’লে কিয়নো পঢ়িব লাগে

     মানুহৰ ল’ৰা-ছোৱালীয়ে?

ফুলনি মহতিয়াই, বহীপাত খায়,

      মাকেতো নিদিয়ে গালি,

আমাৰ হ’লে, দুচাট দি ক’ব

    ‘আৰু কৰিবিনে অতপালি’?

পঢ়াৰ লগতে এই পৰীক্ষাডাল

     কোনে জানো উলিয়ালে?

খঙৰ ভমকত কি কৰোঁ ঠিক নাই

     তাক কেতিয়াবা লগ পালে।”

ধুনুৰ কথা শুনি, হাঁহি এটা মাৰি

     মাহীয়েকে তাইক বুজালে-

“জীৱশ্ৰেষ্ঠ মানুহক জন্তুৰ লগত

       উচিত হ’বনে ৰিজালে?”

ডাঙৰ হৈ ডাক্তৰ, উকীল,গায়িকা

     তোমাৰ যিয়েই হোৱাৰ মন,

পঢ়া-শুনা নকৰিলে কেনেকৈ তুমি

        চিনি পাবা জগতখন?

চোৱাচোন, কিমান যে কষ্ট কৰি 

       শিক্ষকে কৰে শিক্ষাদান,

পৰীক্ষা নাপাতিলে কেনেকৈ জানিব

       তোমালোকৰ শিক্ষাৰ মান?

সদায় খৰচি মাৰি পাঠবোৰ পঢ়িলে

        পৰীক্ষালৈ নালাগে ভয়,

সৎ পথত থাকি শিক্ষা লাভ কৰিলে

       এদিন হ’বই তোমাৰ জয়।”

Leave a Reply

Your email address will not be published. Required fields are marked *