যোগ -উৰ্ব্বশী ভাগৱতী
মহীধৰৰ জীয়েক মামনিৰ বিয়া।চহৰৰ ল’ৰা।বৰকেৰাণী চাকৰি। তাতে এটাই ল’ৰা। মাটিয়ে-সম্পত্তিয়ে উভৈনদী। মামনিৰ কপাল ফুলিল বুলিহে গাঁৱত এতিয়া আলোচনা। এৰা,কাৰ ভাগ্যত কি লিখা থাকে কোনে জানে
সকলোবোৰ বিধাতাৰ লিখন। চহৰত থাকিলেও ল’ৰাৰ মাক-দেউতাকে পুৰণিকলীয়া নীতি-নিয়মবোৰ এৰি দিয়া নাই। ছোৱালী পছন্দ হ’লেও দুয়োৰে জোৰা মিলাবলৈ মামনিৰ সোঁৱৰণীখন বিচাৰিলে তেওঁলোকে। ঘৈনীয়েকৰ যৌতুকত দিয়া লোৰ বাকচটোৰ তলিত সযতনে মেৰিয়াই থোৱা মামনিৰ সোঁৱৰণীখন লৈ দেউতাকে চহৰৰ ল’ৰাৰ ঘৰ পালেগৈ। আথে-বেথে বহুৱাই চাহ-জলপানেৰে আপ্যায়ন কৰিলে ল’ৰাৰ মাকে। তেনেতে দেউও আহি পালেহি হাতত মোনা এটা লৈ…
“পিছে কথা এটা নহয়, সকলোবোৰ বাৰু ঠিকেই আছে। কিন্তু…….”
নকল চাই থকা দেউৰ এই ‘কিন্তু’টোত জীৱ ওলাই যোৱাৰ দৰে লাগিল মামনিৰ দেউতাকৰ।
“কওকচোন দেউ…কিবা অসুবিধা আছে নেকি?” উদগ্ৰীৱ হৈ সুধিলে ল’ৰাৰ মাকে।
“অ’ অসুবিধা ডাঙৰেই, ছোৱালীৰ কালসৰ্প যোগ… বাকী কিন্তু সকলো গুণ মিলিছে দেই।”
“এস বাকী গুণবোৰ মিলিলে কি হ’ব? এইটো যোগ, শুনিলেই ভয় লাগে পাই!”
মামনিৰ দেউতাকৰ মুখ শুকাই গ’ল ল’ৰাৰ মাকৰ কথাত।
“ৰ’বাহে আই, ইয়াৰ প্ৰতিকাৰ আছে নহয়, এইটো কথাৰ কাৰণে ৰৈ দিলে এনে গুণী ছোৱালী ক’ত বিচাৰি পাবা।”
দেউৰ কথাত যেন সকাহ পালে মামনিৰ দেউতাকে।
কালসৰ্প যোগৰ নামত মন্দিৰত ৰূপৰ সাপ দান দিয়াৰ পৰা মামনিক পানী কাটি গা ধুওৱালৈকে সকলোবোৰ কৰা হ’ল। তাইৰ হাতৰ আঙুলিত শোভা বৰ্ধন কৰিলে কেইবাটাও ৰত্ন খচিত আঙুঠিয়ে।বিয়াও ধুমধামেৰে হৈ গ’ল মামনিৰ। মহীধৰে চকু পানীখিনি কান্ধৰ গামোচাখনেৰে মচি হাঁহি হাঁহি বিদায় দিলে জীয়েকক।
নতুন ঘৰখনত সকলো ভাল লাগিল মামনিৰ। শাহু-শহুৰৰ আদৰ আৰু মানুহজনৰ মৰমৰ মাজত দিনবোৰ খৰকৈ আগবাঢ়িল তাইৰ। পিচে বিয়াৰ অলপদিন পিছতহে লাগিল কেণাটো। সেইদিনা ৰাতি বহুত দেৰিলৈকে মানুহজন ঘৰ আহি নোপোৱাত চিন্তাত অস্থিৰ হ’ল মামনি। তাৰ বিপৰীতে শাহু-শহুৰৰ কোনো ধৰণৰ চিন্তা নেদেখিলে তাই।
“ৰ’বাহে বোৱাৰী, আহিব নহয়।”
ৰাতি বাৰ বাজিবলৈ কেইমিনিটমান থকা ঘড়ীটোলৈ চাই আচৰিত হ’ল মামনি তেওঁলোকৰ নিৰ্লিপ্ততাত। তেনেতে বাজি উঠা কলিংবেলৰ শব্দত দৌৰি গৈ দুৱাৰ খুলিলে তাই। এজনৰ কান্ধত ভৰ দি অৰ্দ্ধচেতন অৱস্থাত মানুহজন।
“হে হৰি! কি হ’ল এখেতৰ!”…..বিচলিত হ’ল মামনি।
“একো নাই হোৱা বৌ। ইমান দিনৰ মুৰত গৈছেতো পাৰ্টিলৈ, অলপ বেছি হৈ গ’ল আৰু।”
দাঁত নিকটাই কোৱা মানুহটোৰ কথাত আচৰিত হোৱাৰ পাল মামনিৰ। তাতোকৈ আচৰিত হ’ল শাহু-শহুৰৰ ভাব-ভংগীত। যেন একোৱেই হোৱা নাই!
ইয়াৰ পিছত আৰু ৰোৱাৰ সকাম নাই। সদায়েই মানুহজনৰ এনে ৰূপত অতীষ্ঠ হ’ল মামনি। কিবা ক’লেই তাইৰ সৰ্বশৰীৰত পৰে চৰ গোৰ। কাষৰ ঘৰৰ বান্ধবীৰ ৰূপত পোৱা নীলাই মামনিক এদিন কৈছিল বোলে….
“এয়াটো এয়াই, তোমাৰ মানুহজনৰ চৰিত্ৰও বেয়া। কোনোবা এজনীৰ লগত হলিগলি আছে বুলিও শুনিছো কিন্তু। একে অফিচৰে বোলে। আগত তোমাক লগ পোৱা হ’লে মানা কৰিলোহেঁতেনি বিয়া হ’বলৈ।”
কথাবোৰ শুনি তভক মাৰি ৰ’ল মামনিয়ে।
লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে মানুহজনৰ অত্যাচাৰবোৰ। লগতে বাঢ়ি আহিল মামনিৰ শৰীৰত লগা দাগবোৰৰ ক’লা ৰঙবোৰো। কোনোদিনে কথাবোৰ ঘৰৰ মানুহক কোৱা নাছিল যদিও দেউতাক মহীধৰে অহুকানে-পহুকানে গম পালে গোটেইবোৰ কাণ্ড। এনেয়ে গাঁৱৰ ভিতৰতে নিমাখিত মহীধৰৰ তেজ উতলি উঠিল আলাসৰ জীয়েকৰ এনে দুৰ্দশাৰ কথা শুনি। তাইক একেবাৰে ঘৰলৈ লৈ অহাৰ লগতে চহৰীয়া মানুহঘৰক এশিকনি দিয়াৰ মানসেৰে বেগেৰে বাট ল’লে মহীধৰে মামনিৰ ঘৰলৈ। যথেষ্ট বাক-বিতণ্ডাৰ অন্তত মামনিৰ শাহুৱেকে লাহেকৈ মাত দিলে
“তাইৰ আচলতে কালসৰ্প যোগ আছে যে…!”
ইমান দেৰি এচুকত ৰৈ মনে মনে সকলোবোৰ শুনি থকা মামনিয়ে এইবাৰ মাত লগালে….
“আপোনাৰ পুতেকৰ বাৰু কেতিয়াবা সোঁৱৰণী চোৱাইছিলনে মা? তেওঁৰ বাৰু এনেকুৱা কি যোগ আছিল যে লোকৰ আদৰুৱা জীয়েক এজনীৰ গোটেই জীৱনটোৱেই ধ্বংস কৰি পেলালে।”
একো মাত দিব নোৱাৰা শাহু- শহুৰৰ ভৰি চুই লাহেকৈ মামনি ওলাই আহিল দেউতাকৰ সৈতে…এক মুক্ত বিহংগৰ দৰেই।