লিমাৰিক-হৰেশ্বৰ গোস্বামী
এইবাৰ নিবনুৱাৰ হ’ব চাকৰি
বহু বিভাগত আছে খালীপদ ভৰি
যদি কিবা মেৰপাক
লাগে আকৌ ক’ৰবাত
হাই কৰ্টে লগে লগে থ’ব বন্ধ কৰি।
আহিন মানে বুজিবা পূজাৰ বতৰ
চিন্তা লাগিল এতিয়া অভিভাৱকৰ
ধন-বিত নাইকিয়া
উপায়ো নাই এতিয়া
দিবই লাগিব যে কাপোৰ সিহঁতৰ।
অভিজাত হ’বলৈ বুলি কৰি সি পণ
বিলাতী কুকুৰ পোহাৰ কৰিলে মন
আনিলে এটা কুকুৰ
জাত হ’ল লাব্ৰাডোৰ
পস্তাইছে খৰচ কৰি সাঁচতীয়া ধন।
ফুৰিবলৈ মন কৰি উঠিলে ৰে’লত
পাহৰিলে ল’বলৈ দৰকাৰী টিকট
টি টি য়ে খুজিলে সেয়া
নাই যদি বুজি লোৱা
জৰিমনা ভৰি তুমি লৈ লোৱা টিকট।