লোক-সাহিত্যৰ সুনীয়া-সঁফুৰা : গোঁসানীৰ নাম-ড০ মৃদুস্মিতা ফুকন

সন্তান সৃষ্টিৰ অসীম ৰহস্য বহন কৰা, জন্মদাত্ৰী মাতৃগৰাকীক কেন্দ্ৰ কৰি আমাৰ সমাজত অলেখ কল্পনা,ভাৱ-অনুভূতিৰ সৃষ্টি হৈছে| নাৰীৰ মোহময়ী মাতৃৰূপত আকৃষ্ট হৈ দুৰ্গা,জগদ্ধাত্ৰী,কালী,অন্নপূৰ্ণা,শীতলা,মনসা,বাসন্তী আদি নাম দি ‘যা দেৱী সৰ্বভূতেষু মাতৃৰূপেন সংস্থিতা’ বুলি প্ৰণাম কৰিছে। ই হ’ল নাৰী-সত্তাই গোপনে আমাৰ ধৰ্ম উদ্ভাৱনাৰ অন্তৰালত ক্ৰিয়া কৰাৰ ফল।সামাজিক মানসিকতাইহে বাস্তৱ প্ৰয়োজনত ধৰ্মৰ ভাৱাদৰ্শসমূহৰ জন্ম দিয়ে।সেইদৰে লৌকিক প্ৰয়োজনত জন্ম হয় সমাজৰ লোকসাহিত্যসমূহৰ।

লোক-সাহিত্যৰ এটা উল্লেখযোগ্য ভাগ হ’ল লোকগীত। অসমীয়া লোকগীতৰ বিভিন্ন শাখাসমূহৰ ভিতৰত অন্যতম গোট হ’ল ভক্তিমূলক গীতসমূহ।এই গীতসমূহৰ ভিতৰতো আকৌ গোঁসানীৰ নামবোৰ হৃদয় পৰশা । যুগ-যুগান্তৰৰ মাজেদি প্ৰবাহিত হৈ থাকি এই নামবিলাকে যেন অসমীয়া মানুহৰ প্ৰাণৰ স্পন্দনকে ব্যক্ত কৰিছে|

প্ৰধানকৈ নাৰীকেন্দ্ৰিক– নাৰীৰ কল্পনাৰ ৰহণেৰে বোলোৱা,নাৰীৰ দ্বাৰাই পৰিবেশন কৰা এই নামবোৰে জনজীৱনৰ এখন সুন্দৰ ছবি আমাৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে ।গোঁসানীৰ এই নামবিলাকত কেৱল যে দুৰ্গা, কালী,শীতলা আদি দেৱীসকলৰ গুণ-মহিমাকে ব্যক্ত কৰিছে তেনে নহয়। এইবোৰৰ লগে লগে অসমীয়া সমাজৰ এখন সুন্দৰ ছবিও ফুটি উঠিছে ।

উদাহৰণ স্বৰূপে তামোলখনৰ কথাকে ক’ব পাৰি|আমাৰ সমাজ-সংস্কৃতিৰ লগত তামোলখনৰ অতি ওতঃপ্ৰোত সম্বন্ধ । আৰ্যেতৰসকলৰ প্ৰভাৱতে আহি হিন্দু-সংস্কৃতিত সোমোৱাহি বুলি অনুমান কৰা তামোলখনৰ কথা গোঁসানীৰ নামত এনেদৰে পোৱা যায় –

“তামোল খাই দেৱী আই পাণ খাই দেৱী আই 

       চূণ খাই দেৱী আইক ডাকে।

চাধা খাই দেৱী আই হেকেটি ধৰিলে

আসনে বাগৰি পৰে হে।”

সেইদৰে উজনি অসমত বসন্ত ৰোগ বা আই নিৰাময়ৰ বাবে বিশেষভাৱে প্ৰচলিত ‘আসন পতা সবাহৰ নাম’ত গোৱা হয় –

“আসনৰ আগতে গুৱা কাটি থৈছোঁ

উঠোতে বহোঁতে খাবা।

চৰুত পাৱ ধুবা আসনত বহিবা

দাসক দয়া কৰি যাবা।”

তামোলখনৰ দৰে তাঁতশালখনো আমাৰ জনজীৱনৰ বৰ আপোন।আজি কিছুদিনৰ আগলৈকে তাঁত ব’ব জনাটো বিবাহযোগ্য যুৱতীৰ অন্যতম গুণ আছিল। আনকি নলবাৰী জিলাৰ অন্তৰ্গত কোনো কোনো গাঁৱত অবিবাহিতা যুৱতীসকল পাকৈত শিপিনী হোৱাৰ উদ্দেশ্যে ‘আউল’ বা ‘আইলা’ পূজা পাতে। দুৰ্গাপূজাৰ নৱমী তিথিৰ ৰাতি যুৱতীসকলে উজাগৰে থাকি লৌকিক প্ৰথাৰে দুৰ্গা দেৱীৰ পূজা-অৰ্চনা কৰে আৰু সূতা কাটি এনে কিছুমান গীত গায়  —

একোকে নালাগে হে দেৱী আই

  অ’ ৰাম,বোৱনী শিকাব লাগে হে।”

আকৌ,

     “ক’লা কচুৰ সূতাডালি দেৱী আইৰ পচৰা,

দেৱী আইৰ হাতৰ বিদ্যা আমাক দয়া কৰা।”

অসমীয়া শিপিনীৰ কৰ্মপটুতা অতি চমৎকাৰী।তেওঁলোকে মকৰাৰ জালৰ দৰে এবিধ পাতল বগা সূতীৰে(বুঢ়ী-সূতা) দেৱী পূজাৰ বাবে ঘৰ-দুৱাৰ সজোৱাৰ কথা লোকগীতত এনেদৰে পোৱা যায় –

     “পূজা পূজা বুলি পূজাৰ ঘৰ বান্ধিলোঁ

      হাবিৰ বৰি সূতা কাটি।

হাবিৰ বৰি সূতা দুৱাৰে মুকুতা

        সাজিছে বিচিত্ৰ কৰি।”

  কৃষিপ্ৰধান অসমীয়া সমাজৰ ঘৰ-দুৱাৰ,বাৰী-চোতালৰ বৰ্ণনা, গোঁসানী নামতো আনকি বিচাৰি পোৱা যায় –

    “আগফাল শুৱনি শালিধানৰ ভাখেৰি

পাছফাল শুৱনি পাণ,

  পূজা-ঘৰ শুৱনি আমাৰে দেৱী আই

  উলিয়াই দিবলৈ টান।”

কোনো কোনো গোঁসানীৰ নাম অসমৰ কৃষিজাত সামগ্ৰীৰ এখন থুলমূল তালিকা যেনহে লাগে –

     

চাউল দিয়া পূজিম আই চোকাই আগে গায়।

দালি দিয়া পূজিম আই পোকাই আগে খায়।।

লোণ দিয়া পূজিম আই লোণত বৰ বালা।

আদা দিয়া পূজিম আই আদাত বৰ জ্বলা।।

কল দিয়া পূজিম আই বাদুলি আগে খায়।

খীৰ দিয়া পূজিম আই বাছুৰে আগে খায়।।

তামোল দিয়া পূজিম আই বচে আগে খায়।

পাণ দিয়া পূজিম আই ফুটিকা লাগি যায়।।

অসমৰ ধাননি পথাৰখনৰ এক সুন্দৰ বৰ্ণনা লক্ষ্মী-গোঁসানীৰ নামত এনেকৈ পোৱা যায় –

  “কুবেৰেৰ কঠীয়া জেঠতে পাৰিলে

আহাৰে শাওণে ৰুলেহে

  আহিনে কাতিয়ে বনবাস খাটিলে

আঘোণত ভঁৰাল ভৰিলে।

  গোসাঁই ধানে ৰুলে মানিকী মধুৰী

মাণিক ভৰি ভৰি আছে

    বাটৰ বাটৰুৱাই চুঁচি গাল মাৰিলে

  লক্ষ্মী আই অপমান পালে।

    লাজ পাই লক্ষ্মীআই সেই অভিমানে

  গাতে বাকলি ল’লে।”

অসমৰ কৃষিজাত দ্ৰব্যসমূহৰ ভিতৰত ধানেই প্ৰধান।এই ধান খেতিৰ কথাকে লখিমী-আদৰা নামত গোৱা হয় –

“ইন্দ্ৰক খুজিলা পানী ঐ মহাদেউ

কুবেৰে কঠীয়া দিলে।

হলঙা গোমাৰে জোট জৰী ধৰিলা

বলোভদ্ৰই নাঙল দিলে।”

আই ভগৱতীৰ ভোজনীতো অসমীয়া ৰান্ধনীৰ অনন্যতা বিদ্যমান।আই মাতৃৰ ভোজন হ’ল মোৱামাছ আৰু খৰিছা—এবিধ শুকনি,আনবিধ পকনি।

  “বৰ আই কেতেকী এ

সৰু আই কেহেলৈ গ’ল।

আইয়ে ফুল বাচিছে পকনি উঠিছে

  শুকনি বিচাৰি গ’ল।

দেৱী আই পদূলিত লাগিল সুমথিৰা

আপুনি পকি সৰিব।

পকনিৰ এছাটি শুকনিৰ এছাটি

আপুনি চমকি যাব।”

আই-নামত আই শীতলাৰ ৰূপ-সৌন্দৰ্যৰ যি বিৱৰণ পোৱা যায়,তাতো যে আওপকীয়াকৈ নাৰীৰ সৌন্দৰ্য-চৰ্চাৰে কিৰণ পৰিছে এই কথা প্ৰণিধানযোগ্য ।কিয়নো কেৱল আই শীতলাই নহয় আন সকলো দেৱী-নামতো বৰ্ণনা থকা দেৱীগৰাকী অসমীয়া নাৰীৰ কল্পনাৰেই সৃষ্টি মাথোন।সেয়ে দেৱীৰ ৰূপ বৰ্ণনা কৰি নামতীসকলে গায় –

কপালতে শোভে অলকা তিলকে

নৱঘন জিনি কেশ

কুৰঙ্গক জিনি তুমি ত্ৰিনয়নী

ত্ৰৈলোক্য মোহিনী বেশ।

কমলক জিনি সুচাৰু আননী

নাসা জিনি তিলফুল

মধুৰস জিনি অমৃতৰ বাণী

লোভি ভক্ত অলিকূল।

ডম্বৰুক জিনি মধ্য দেহখনি

বাহু মৃণালক জিনি

কেয়ুৰ কঙ্কণে অতি শোভা কৰে

ভবেশ মন মোহিনী।

কামধেনু জিনি তব ভ্ৰূ দুখানি

দেখি অতি শোভা কৰে

মুকুতাৰ পান্তি জিনি দন্ত পাম্ভি

বিল্বফল ওষ্ঠাধৰে।

ৰাম ৰম্ভাতৰু জিনি তব উৰু

ৰক্ত জৱা জিনি পাৱ

সুধাকৰ জিনি শৰীৰৰ কান্তি

সৰ্ব বিশ্বে প্ৰেমভাৱ।”

আকৌ,

    “গা ধুবা দিলা আইকে উত্তম গংগাজল।

বস্ত্ৰ পিন্ধিবাক দিলা দেখিতে ধবল।।

চুঁচি মাজি আই উচঙ্গা বান্ধে খোপা।

খোপাৰ ভিতৰে লয় মালতীৰ থোপা।।

গলমতী গলপাতা গলীয়া গলোত।

চাৰি চাকি সোনা লড়ে উপাৰ কাণোত।।

বাহুত জ্বলে বালা,খাৰু কৰোত কঙ্কান।

দুই হাতে জ্বলে শাখা দেৱাঙ্গ ভূষণ।।

দহো আঙুলিত আইৰ ৰত্নোৰ আঙুঠি।

কপালোত পিন্ধিলা মানিকোৰ জেঠী।।

ৰত্নময়ী সাঞ্চিত জ্বলে সাতেসৰী হাৰ।

হৃদয়ত জিলিমিলি কৰে পেছেন্দাৰ।।”

অসমৰ প্ৰাকৃতিক পৰিবেশত উপলব্ধ বিভিন্ন ফুলৰ বৰ্ণনা দুৰ্গা পূজাৰ নামত এনেকৈ পোৱা যায় –

“নৱমীতে ৰঘুপতি পূজিবাৰে ভগৱতী

    উদ্যোগ কৰিলে ফুল-ফল

বিধিৰ বিধান মতে যত আনিল সামগ্ৰী কত 

    কপিগণে যোগাইলে ফুল।

অশোক,কাঞ্চন,জবা মল্লিকা,মালতী ধৰা

      পলাশ, পাতুলী,সু বকুল

গন্ধৰাজ আদি যত বনপুষ্প নানা মত

      স্থলপদ্ম, কদম্ব, পাৰুল।

ৰক্তোতপআল শতদল কুমুদ কহ্লাৰ নল

      আমলখী পত্ৰ পাৰিজাত

শেৱালি, কৰবী আৰ কনক,চম্পা সাৰ

        কোকনদ সহস্ৰেক পাত।

অতসী অপৰাজিতা তাতে দুৰ্গা হৰষিতা

        চম্পক চম্পকী নাগেশ্বৰ।

কাষ্ঠ মল্লিকা দুপাটি, জাতী,যুতি আৰু ঝাটি

                    দ্ৰোণ-পুষ্প মাধবী তগৰ

কৃষ্ণচূড়া চমত্কাবৰ পুষ্প ৰাখে ভাৰ ভাৰ

            অপূৰ্ব অপূৰ্ব বনফুল।”

এইবোৰৰ উপৰিও গোঁসানীৰ নামবোৰত অতীত অসমৰ ভৌগলিক বিৱৰণ আৰু লগে লগে প্ৰাচীন ধৰ্মীয় পৰম্পৰাৰো ইংগিত পোৱা যায় –

বঙালী ৰাজ্যতে তাম-পিতল

অহম ৰাজ্যতে আই

কামৰূপ ৰাজ্যতে বেলপাত তুলসী

আইক পূজা কৰা যায়।

তদুপৰি কোনো কোনো নামত অসমৰ ভৌগলিক জ্ঞান সম্বলিত এখন ছবিও অতি সুন্দৰকৈ ফুটি উঠা দেখিবলৈ পোৱা যায়|যেনে—

     “চৌপাশে কন্দাৰী মাজতে বহিল আই।

আম্ৰাজুলীঘাটে আই চলি যায়।

হাজোৰ গোঁহাই পাৰুৰ গোঁহাই কৰে  

     আটোল টোল                                  

উমানন্দ অশ্বকান্তই কৰিছে অতি বিভোল।

উত্তৰ দুৱাৰে আছে মাহা তীৰ্থোৰ জল

পশ্চিম দুৱাৰে আছে কাল-বিকাল।”

উত্তৰ লক্ষীমপুৰত আছে পিছলা নৈ,কালিকা পুৰাণত ‘গৌতমস্য মহাফলা’ বুলি এই নদীক তীৰ্থৰ মৰ্যাদা দিয়া হৈছে।পিছলা নৈৰ পাৰত ৰচিত ‘পিছলা তন্ত্ৰ’ এখনো আছে।পিছলা প্ৰকৃততে চৌষষ্ঠি যোগিনীৰে এক যোগিনী।ডফলা পৰ্বতৰ পৰা ওলোৱা এই নৈখন বুঢ়াগোঁহাই ৰাজ্য নাৰায়ণপুৰৰ মাজেদি বৈ গৈ ব্ৰহ্মপুত্ৰত সংলগ্ন হৈছে।এই পিছলা নদীৰ নামো শীতলাৰ নামত এনেদৰে পোৱা যায় –

পিছলাৰ ঘাটতে আয়ে স্নান কৰে

    লাহৰ চুলিটাৰি মেলি

যাউতিযুগীয়া আইৰে শৰণীয়া

    পৰলৈ নিদিবা এৰি।

পিছলাৰে পানী অনালে ভৱানী

      তামৰে কলসী লৈ

ব্ৰাহ্মণসকলে চণ্ডী পাঠ কৰিছে

      ভৱানীক আগতে লৈ।”

এইদৰেই আই ভগৱতীয়ে নৌ-পথেৰে যাত্ৰা কৰে বুলি বিশ্বাস কৰিয়েই আয়তীসকলে গায় –

“ইটো শৰত কালি   মানসৰ পানী

    দেৱীক পাৰ কৰিছে কোনে?

সোণাৰ নাওখনি ৰূপৰ বঠাখনি

    বাই চাই আনিছে মানে।”

যাতায়তৰ ক্ষেত্ৰখনলৈ উৰাজাহাজ আদি আধুনিক বাহনবোৰ অহাৰ বহু বছৰৰ আগতেই অসমীয়া নামতীৰ মন-মন্দিৰত ‘বিমান’ নামৰ এটি কাল্পনিক বাহনে ঠাই লৈছিলহি। তাৰ প্ৰমাণ এই নামটোতে পোৱা যায়—

“আই ঠাকুৰাণী আই আগতে শংখ বজাই।

বিমানে সহিতে নামি আহিছে নৰ-মনুষ্যৰে ঠাই॥”

আন বহুতো লোকগীতৰ দৰে এই গোঁসানীৰ নামসমূহো অসমীয়া সমাজৰ অতি আদৰৰ,অতি চেনেহৰ।সেয়েহে এইবোৰত আনকি আমাৰ সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-সংশয় আদিৰ অনেক তথ্য বিচাৰি পোৱা যায়।তেনে জন্ম-সংক্ৰান্তীয় ৰীতি-নীতিৰ কথা মনসাৰ গীত এটিত এনেদৰে আছে –

“আই উপজিবৰ দিনা মৃদংগ বাজিলে।

পাতালৰ নাগগণে উৰুলি পাৰিলে ।

পাঁচদিনৰ মূৰত আই পাঁচালি কৰিলে।

মাহ-দিনৰ মূৰত আই মাহলি কৰিলে।”

অসমীয়া নামতীৰ মানত আই ভগৱতী যদিও গোঁসানী ঈশ্বৰী তথাপি তেওঁলোকে আইক তেওঁলোকৰ দৰে এগৰাকী সাধাৰণ নাৰী হিচাপেও মাজে মাজে কল্পনা কৰি আনন্দ পায়। সেয়েহে এগৰাকী সাধাৰণ অসমীয়া নাৰীৰ দৰেই আমাৰ নামতীৰ কল্পনাত গোঁসানীয়ে এনেকৈ পচি খেলে,ঢোপ খেলে—

  “কৈলাশৰ ওপৰে আয়ে পচি খেলে,

        ৰিণিকি ৰিণিকি শুনি।

  পচিৰ ঢাল এৰি আই নামি আহে

        জীৱই দুখ পাইছে বুলি।”

আকৌ,

        “সিপাৰতে বংশী বাজে ইপাৰলৈ ধ্বনি।

ঢোপ খেলি আহি আছে শীতলা গোঁসানী।”

অসমীয়া নাৰীৰ কল্পনাৰ আই মাতৃয়ে যদিও ঢোপ খেলে,পচি খেলে তথাপিও তেওঁ দুৰ্গতি নাশিনী আই ভগৱতী।

নি:সন্দেহে ,অসমীয়া লোক-সাহিত্যৰ ভিতৰতে এই গোঁসানীৰ নামবোৰ যেন একো একোখন সুনীয়া-সঁফুৰা| কিন্তু বৰ্তমান অনুমান হৈছে,এই অমূল্য ভাণ্ডাৰ যেন আমাৰ সমাজৰ পৰা লাহে লাহে হেৰাই যাবলৈ ধৰিছে|তেনে এটা অঘটন ঘটাৰ আগতেই এই নামসমূহ ধৰি ৰাখি,সিবিলাকক আৰু অধিক উজ্জ্বল কৰি তোলাটো আমাৰ আটাইৰে দায়িত্ব আৰু কৰ্তব্য হওক।

Leave a Reply

Your email address will not be published. Required fields are marked *