শিপা-কমলা দাস
ৰাস উৎসৱ অনুষ্ঠিত হোৱাৰ ভালে কেইদিনমান আগৰে পৰাই চেমনীয়া ল’ৰা ছোৱালীহঁতৰ আবেলিতো ৰাস মন্দিৰৰ সন্মুখৰ পথাৰখনতে পাৰ হয়। ল’ৰাহঁতে ফুটবল আদি খেলে আৰু ছোৱালীবোৰে হয় হাউ, কাবাদী খেলিব নাইবা ঘূৰণীয়া কৈ বহি অন্ত নোহোৱা কথা পাতিব। তাৰ মাজতে ছোৱালীহঁতৰ হাঁহিৰ নিজৰা বয় আৰু ল’ৰাহঁতৰ কিৰীলিয়ে কাণৰ পৰ্দা ঠেলি সোমাব খোজে। সিমানখিনি ব্যস্ততাৰ মাজতো কিন্তু সিহঁতে মূৰ্তি বনোৱা কাম কিমানখিনি আগবাঢ়িল চাবলৈ নাপাহৰে। গধুলি হ’লে ঘৰলৈ উভতাৰ সময়ত সদায়েই আঙুলিৰ মূৰত গণি গণি হিচাপ কৰে ৰাসলৈ আৰু কেইদিন আছে বুলি!
স্কুলৰপৰা আহিয়েই কিতাপখিনি টেবুলৰ ওপৰত ঠেকেচা মাৰি থৈ মুখ হাত কেইটা ধুবলৈ লৰালৰি লাগে দিপুৰ।মাকে ঢাকি থোৱা ভাতসাঁজ যেনেতেনে গিলি দৌৰ মাৰে ৰাসৰ খোলালৈ বুলি।
ৰাসৰ খোলাত ইতিমধ্যে তাৰ লগৰ দীপক, নাৰায়ণ, পবেনকে আদি কৰি বহু কেইজন আহি হাজিৰ হয়েই। সিহঁতে ৰাস মন্দিৰৰ খেল পথাৰত খেলিবলৈ টেঙা বল এটাও লৈ আনে।আটাইকেইটা লগৰীয়া আহি নোপোৱা বাবে খেল আৰম্ভ নকৰি সিহঁতে ৰাসৰ মূৰ্তিবোৰ কাৰিকৰে বনোৱা চাই চাই সিহঁতলৈ অপেক্ষা কৰে। দিপুৱে পিছে এইকেইদিন সিহঁতৰ লগত নেখেলে।সি এই কেইদিন মূৰ্তি বনোৱা কাৰিকৰৰ কাম চাই হে ভাল পায়।
আঠালতীয়া মাটি এখিনি তেনেই কোমল মিহি কৰি ফেনেকি লৈ ধান খেৰেৰে বনাই লোৱা জঁকাৰ ওপৰত কাৰিকৰে স্তৰে স্তৰে গঢ়ি নিয়া কাৰুকাৰ্য্যবোৰ চাই মজা লাগে তাৰ। তাৰো কৰিবলৈ মন যায়। পিছে মূৰ্তি বনোৱা প্ৰধান কাৰিকৰ তাৰ দেউতাকে তাক এইবোৰৰ ওচৰ চাপিবলৈকে নিদিয়ে।দেউতাকৰ তাক লৈ বহুত আশা। পঢ়ি শুনি সি এদিন দেউতাকতকৈ দুখোজ আগুৱাই যাওক, তাৰেই কামনা কৰি আহিছে সদায়। দেউতাকৰ দৰে মৃৎ শিল্পীৰ জীৱন দিব নোখোজে পুতেকক। গতিকে ইচ্ছা থাকিলেও দিপুৱে এইবোৰত কেতিয়াও হাত দিব নোৱাৰে।সেয়ে দেউতাকে যেতিয়াই মূৰ্তি বনোৱা কাম পায়, সি দেউতাকৰ কামবোৰ একান্তমনে চাই চায়েই হেঁপাহ পলুৱায়। আজিও সি কাৰিকৰৰ কামেই চাবলৈ লাগিল।
উৎসৱলৈ এমাহমান থকাৰপৰাই ৰাস মন্দিৰৰ লগতে থকা চালি ঘৰ এটাত মৃণ্ময় মূৰ্তিবোৰ সজোৱা কাম আৰম্ভ হয়।ভাল দিন এটা চাই দিপুৰ দেউতাকে কামৰ শ্ৰীহৰি কৰে। মূৰ্তিবোৰ সাজোঁতে প্ৰধান কাৰিকৰৰ লগত আৰু তিনি-চাৰিটামান সহায়কাৰীয়েও সহযোগ কৰে।
ৰাস উৎসৱত বিভিন্ন ধৰণৰ বহুত মূৰ্তি বনাব লগা হয়। ৰাস-লীলাৰ কেইবাযোৰাও ৰাধা-কৃষ্ণৰপৰা আৰম্ভ কৰি শিশু লীলাৰ পুতনা বধলৈকে বহুত মূৰ্তি। আজিকালি আকৌ সমাজত চলি থকা কিছুমান চলন্ত বিষয়ৰ ওপৰতো ৰাস কমিটিৰ ফৰ্মাইচ অনুসৰি মূৰ্তি বনাই দিব লগা হয়। সেয়ে বহুত কাম হয়। অৱশ্যে যিমান কাম, সিমানেই পইচা। ৰাসৰ নিচিনাকৈ আন আন পূজা আদিত ইমানবোৰ মূৰ্তি বনাব লগা নহয়। কিছুমান পূজাৰ বাবে এটা মূৰ্ত্তি বনালেই হয়। কিছুমানত অবশ্যে দুই তিনিটামান মূৰ্তি বনাব লাগে।সেইমতে টকাৰ পৰিমাণো নিৰ্দ্ধাৰণ হয়। সেয়ে দিপুৰ দেউতাকে ৰাসৰ কামটো পালে ভাল পায়। দুপইচা হাতলৈ আহে। ৰাসৰ মূৰ্তি বনোৱা কাম পাবলৈ প্ৰতিজন কাৰিকৰেই বছৰটোলৈ অপেক্ষা কৰে। কমিটিয়ে যিমানেই বেছি মূৰ্তি বনাব দিয়ে,কাৰিকৰৰ সিমানেই লাভ হয়। আজিকালি পিছে কমিটিবোৰে চমক দিবলৈ বাহিৰৰ কাৰিকৰো আমদানি কৰা হৈছে।তেতিয়া থলুৱাবোৰে হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে উপায় নাথাকেগৈ।
জন্মৰপৰাই ভৰি এখন চুটি বাবে দিপুৰ দেউতাক ৰজনীয়ে লেঙেৰাই খোজ কাঢ়ে। গাঁৱৰ মানুহৰ লগতে দূৰ দূৰণিৰ চিনাকিসকলেও তেওঁক ‘ৰজনী খোৰা’ বুলিয়েই জানে। ভৰিখনৰ অসুবিধাৰ বাবে তেওঁ হালত ধৰিব নোৱাৰিলে।হলেও মৰণা মৰাৰপৰা হালোৱা গৰুৰ যতন লোৱালৈকে সকলোবোৰ কামেই কৰে। তাৰ মাজতে তেওঁ হাতৰ বিদ্যা কিছুমানো শিকি ললে। বাঁহ- বেতৰ কামৰপৰা আৰম্ভ কৰি মৃন্ময় মূৰ্তি সজোৱালৈকে তেওঁৰ হাত দুখন নিপুণ হৈ উঠিল।
এটা পৰিয়াল হৈ থাকোঁতে ভাই ককাই কেইজনে মিলি খেতি খোলা কৰি ঘৰখন চলাইছিল।অভাৱ নোহোৱাকৈ ভালদৰেই চলিছিল ঘৰখন।সকলো দিন সমানে নাযায়। আটাইকেইজন ভাই-ককাইৰ ল’ৰা-ছোৱালীবোৰ ডাঙৰ হৈ অহাত পুৰণি ঘৰটোত ভালদৰে থাকিবলৈ ঠাই কম পৰিল। ‘ভাই হ’লে ঠাই, ঠাই।’ এটা সময়ত পৈতৃক সম্পত্তি ভাগ বতোৱাৰা কৰি লৈ সকলোৰে পাগবোৰ বেলেগ বেলেগ হ’ল।
যৌথ পৰিয়ালৰপৰা আঁতৰি অকলশৰীয়া হোৱাত দিপুৰ দেউতাকৰ সংসাৰখন চলাবলৈ টান পৰিল। খেতিৰ মাটি যি অকনমান ভাগত পাইছিল, সেইখিনি আধি দি পোৱা ধানেৰে বছৰটোৰ ছয় মাহো নোজোৰে।তাৰোপৰি ল’ৰা ছোৱালীৰ পঢ়াৰ খৰচৰ লগতে আন আন খৰচবোৰ আছেই!সেইবোৰ মিলাবলৈ হাতৰ কৰ্মখনেই তেওঁৰ আয়ৰ প্ৰধান উৎস হৈ পৰিল। যি সময়ত যি কাম পায় তাৰেই সংসাৰখন টুকটাককৈ চলাই গৈছে তেওঁ।
: ঐ দিপু, সেইবোৰকে চাই থাকিবি নে খেলিবলৈ আহিবি! আহ,আহ, দলত এটা কম হৈ আছে।
পবেনে খেলি থকাৰপৰাই দিপুক চিঞৰিলে। তন্ময় হৈ দেউতাকহঁতৰ কাম চাই থকা দিপুৱে, লগৰীয়াবোৰেনো কেতিয়া তাৰ ওচৰৰপৰা গৈ খেলি আছেগৈ,সি গমেই নাপায়।পবেনৰ চিঞৰতহে তাৰ সম্বিত ঘূৰি আহিল। সি তাৰপৰাই নাযাওঁ বুলি মূৰ জোকাৰি দিলে।কামৰ ব্যস্ততাত দিপু তাত থকা বুলি দেউতাকে গমেই নাপায়। পবেনৰ চিঞৰত দেউতাকে ঘূৰি চাই দিপুক দেখি ক’লে–
: যা আকৌ, সিহঁতৰ লগত খেলগৈ। ইয়াত কি কৰি আছ?
দেউতাকৰ কথাত দিপুৱে নেতিবাচক ভাবত মূৰ জোকাৰিলে। দেউতাকেও আৰু একো নক’লে তাক। সিও পুনৰ একান্তমনে কাম চাবলৈ লাগিল।
সেইবাৰ ৰাস উৎসৱত দেউতাকে দিপু আৰু ভনীয়েক দুয়োকে নতুন চোলা দিলে। গৰম গৰম জিলাপীও বহুত খুৱালে।
সময় নিজস্ব গতিৰে আগবাঢ়ে। দিপুৱে সেইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব।টেষ্ট পৰীক্ষা হৈ যোৱাৰ পাছত মেট্ৰিক পৰীক্ষাৰ বাবে দিপুহঁতে ঘৰতে পঢ়ি আছে। পঢ়াৰ বোজা বাঢ়ি যোৱা বাবে বাহিৰত গৈ খেলা বা ফুৰা চকাও কমি গৈছে।
দিপুৰ দেউতাকে সেইবাৰ সৰস্বতী পূজা উপলক্ষে কেইবাখনো স্কুলৰপৰা মূৰ্তি বনোৱা কাম পাইছে। বেছিকৈ কাম পোৱা বাবে দেউতাকৰ মনটো ভাল লাগিছে।এইখিনি কাম কৰি দিলে মোটা অংক এটা হাতলৈ আহিব। সেই টকাৰে ঘৰৰ কিছু লাগতিয়াল বস্তু কিনাৰ বাহিৰেও দিপুৰ পৰীক্ষাৰ ফৰ্ম ফিলাপৰ বাবে লোৱা ধাৰখিনিও মাৰি দিব পৰা হ’ব। সেয়ে তেওঁ খুব উৎসাহেৰে কামত লাগিছে।স্কুল কলেজত দিবলগীয়া মূৰ্তিবোৰ ঘৰতে বনায় তেওঁ। ঘৰত বনোৱা বাবে সহায়কাৰীৰো প্ৰয়োজন নহয়।অলপ অচৰপ যি সহায়ৰ প্ৰয়োজন হয়, সেইখিনি দিপুৰ মাকেই কৰি দিয়ে। ফলত টকা দুটামান ৰাহি হয়।
মূৰ্তি বনাবলৈ ইতিমধ্যে তেওঁ ভাল আঠালতীয়া মাটি যোগাৰ কৰি আনিছেই। নতুন ধানৰ ভাল ধানখেৰো গোটাইছে। এতিয়া প্ৰয়োজনীয় বাঁহখিনি নিজৰ বাৰীৰ পৰা কাটি ললেই হৈ যাব।বাঁহখিনি জোখত কাটি লৈ অলপ শুকুৱাই ললে ভাল হয়। তাকেই কৰোঁ বুলি ভাবি এদিন তেওঁ দা খন লৈ বাঁহ কাটিবলৈ গ’ল। পূৰঠ বাঁহ এডাল বিচাৰি কাটিলেও। পিছে কটা বাঁহডাল বাঁহৰ চোপৰপৰা টানি উলিয়াবলৈ বৰ টান। কেঁচা বাঁহৰ ওজনৰ লগতে বাঁহৰ দীঘল দীঘল জেংবোৰ ইডালে সিডালে সি থাকে।অকলেতো টানি উলিয়াব নোৱাৰিয়েই।উলিয়াব লগা হ’লেও বহুত জোৰ দিবলগা হয়। সহায় কৰিবলৈ ওচৰত কোনো নথকাত দিপুৰ দেউতাকে অকলেই যুঁজি যুঁজি বাঁহডাল টানি উলিয়াবলৈ চেষ্টা কৰি থাকিল।শৰীৰৰ সমস্ত জোৰ লগাই চেষ্টা কৰি থাকোঁতে হঠাতে তেওঁৰ হাত পিছলি যোৱাত ছিটিকি গৈ খুব জোৰেৰে থেকেচা খাই পৰিলগৈ। কঁকালত দুখ পোৱাৰ লগতে বাঁহৰ মূঢ়াত বেয়াকৈ পৰি সোঁহাতখনো ভাগি থাকিল।
কামৰ সময়ত মূল মানুহজনৰ হাতখন ভাগি থকাত ঘৰখনত হাহাকাৰ লাগিল। হাতত প্লাষ্টাৰ লৈ তেওঁ একো কৰিব নোৱাৰাত পৰিল।ইফালে মূৰ্তি বনাবলৈ আগধন লোৱাও হৈছে। হাতত বৰ বেছি সময়ো নাই। বেলেগ কাৰিকৰ বিচাৰি আনিবলৈও যিকেইজন চিনাকি কাৰিকৰ আছিল,সকলোৰে নিজাকৈ লোৱা কাম আছেই।এনেকুৱা এটা অবস্থা আহি পৰাত দিপুৰ মাক -দেউতাকে মূৰে কপালে হাত দিলে।
দেউতাকে বহুত ভাবি চিন্তি আন একো উপায় নেদেখি আগধনখিনিকে সকলোকে ঘূৰাই দি ক্ষমা খুজিব বুলি সিদ্ধান্ত এটালৈ আহিল।এনেকুৱা এটা সিদ্ধান্ত ল’বলৈ গৈ দিপুৰ দেউতাকে বৰ কষ্ট পালে। কাৰণ তেখেত হৈছে কথাৰ মানুহ।কথা দি নাইবা কাম এটাৰ দায়িত্ব লৈ সময়ত কৰি দিব নোৱাৰিলে মৰাৰ সমান লাজ পায় তেওঁ। তথাপিও পৰিস্থিতিয়ে বাধ্য কৰাৰ বাবে এনেকুৱা সিদ্ধান্ত এটা লবলগা হ’ল। পিছে তেওঁলোকৰ আগধন বোৰ ঘূৰাই দিলেও ইমান কম সময়ৰ ভিতৰত কোনেনো মূৰ্তি বনাবলৈ গাত ল’ব বুলি ভাবি চিন্তাতো পৰিল।
দিপুৱে পঢ়ি থকাৰ মাজতো ঘৰখনৰ পৰিস্থিতি মন কৰি আছিল। কামৰ বাবে লোৱা আগধনবোৰ ঘূৰাই দিব লগা পৰিস্থিতি ঘৰখনলৈ আহি পৰাত তাৰ দুখ লাগিল। এইখিনি সময়তে দেউতাকৰ হাতখন ভাঙিব পায়নে! হওঁতে সি মূৰ্তিবোৰ বনাবলৈ চেষ্টা কৰিব পাৰে। দেউতাকৰ কাম চাই চায়েই সি মূৰ্তি বনোৱা সকলো কাম শিকি পেলাইছে। এতিয়া যদি দেউতাকে তাক দিহা পৰামৰ্শ দি থাকে তেন্তে সি হাতে কামে লাগিবলৈ সাহস কৰিব পাৰে। পিছে তাৰ এই পৰীক্ষাৰ সময়ত কথাটো যে দেউতাকে মানি ল’ব সি আশা দেখা নাই।
প্ৰাইমেৰী স্কুলৰপৰাই তাৰ পৰীক্ষাৰ ফলাফল ভালেই হৈ আহিছে।সেয়ে মাক দেউতাকে মুখেৰে নক’লেও তাক লৈ জান-নেজান ক্ষীণ সপোন এটা কঢ়িয়াই লৈ ফুৰিছে। কিজানি বোকাত পদুম ফুলেই! পঢ়ি শুনি কিজানিবা তেওঁলোকৰ সন্তানৰ ভাগ্যত চাকৰি এটা মিলেই!সিও যৎপৰোনাস্তি চেষ্টা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ভাল কৰিবলৈ। পিছে শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল হ’লেই যেনিবা, আগলৈ আৰু পঢ়িবলৈ পাব নে নাই সি নাজানে।সপোনো নেদেখে সি। বাস্তৱমুখী ল’ৰাটোৱে সন্মুখত যি পৰিস্থিতি আহে, তাকেই মানি লবলৈ সদায় সাজু থাকে। কথাবোৰ পিছে সি মাক দেউতাকক খুলি নকয়। তেওঁলোকে তাক লৈ যে বহু আশাবাদী! তেওঁলোকৰ সপোন ভঙাৰ অধিকাৰ নাই তাৰ। সময়ত যি হয় দেখা যাব মনোভাবেৰে সি কথাবোৰ বৰ বেছি ভাবিও নাথাকে।
ৰাতি সকলোৱে ভাত খাবলৈ বহাৰ পৰতে দিপুৰ দেউতাকে ঠিৰাংকৈ ক’লে যে পাৰ্টিৰ পৰা আগধন লোৱা টকাবোৰ পিছদিনা উভতাই দিব! টকা উভতাই দিবলৈ তেওঁ নিজেই যাব আৰু তেওঁলোকৰ ওচৰত ক্ষমা খুজিব কাম লৈও সময়ত কৰি দিব নোৱাৰা বাবে।
দিপুৰ দেউতাকে কথাখিনি কওঁতে বৰ কৰুণ শুনা গ’ল। সকলোৱে তলমূৰ কৈ নিৰৱে ভাত খাই থাকিল। সেইখিনি টকা হাতৰপৰা গ’লে যে ঘৰখন চলিবলৈ টান পৰিব,সেয়া আটাইকেইজনে উপলব্ধি কৰিছে।
পিছদিনা কাহিলি পুৱাতে দিপুৰ দেউতাকে শোৱা পাটি এৰিলে। ৰাতিটো ভালদৰে টোপনিয়েই নাহিল। ভগা হাতখনৰ বাবে শুবলৈ অশান্তি পোৱাৰ লগতে মনটোও ভাল নহয়। আধামান ৰাতিৰপৰা বিছনাতে ইকাটি সিকাটি কৈ থাকি অৱশেষত বিছনাৰপৰা উঠিয়েই আহিল।
প্ৰাতঃ নিত্যকৰ্মৰ বাবে বাহিৰলৈ যাবলৈ দুৱাৰখন খুলি দিয়াৰ লগে লগে পুহমহীয়া চেঁচা বতাহ এছাটিয়ে তেওঁৰ গালে মুখে কোবাই গ’ল।ঘৰ এন্ধাৰ -বাজ পোহৰ পুৱাতে তেওঁ ঘৰৰ বাহিৰ ওলাল।বাহিৰত থিয় হওঁতেই চোতালৰ এচুকত কিহবাৰ খচমচনি শুনি ভালদৰে চাই দেখিলে যে মূৰ্তি বনাবৰ বাবে আনি থোৱা নতুন ধানখেৰখিনিৰ পৰাই খচমচনিটো আহিছে। মুগাকৈ সেইজনী কাৰোবাৰ উদঙীয়া গৰু চাগৈ! তেওঁ ‘হেই হেই’ কৈ গৰু খেদিবলৈ ওচৰলৈ গৈ দেখে যে গৰু নহয়, সেইটো চোন মানুহ হে! এৰীচাদৰ গায়ে মূৰে উৰি লৈ পিছমুখ দি ধানখেৰৰ ওচৰতে বহি লৈ কিবা কৰি আছে। তেওঁ উৎসুকতাৰে সেইজনাৰ একেবাৰে ওচৰলৈ গৈ মাত লগালে–বোলো কোন নো! ইয়াত কি কৰি আছে!
মূৰে গায়ে এৰীচাদৰ মেৰিয়াই লৈ একান্তমনে কাম কৰি থকা সিজনাই হঠাতে নিচেই কাষতে কাৰোবাৰ মাত শুনি ঘপহকৈ উঠি থিয় দিলত হাতৰপৰা কিবা এটা সৰি পৰিল। সিজনাক চিনিব পাৰি দিপুৰ দেউতাকে আচৰিত হৈ সুধিলে—-
: বাবা,তই! কি কৰিছ ইয়াত ইমান ৰাতিপুৱাই! তেওঁ সৰি পৰা বস্তুটো বুটলি লৈ দেখিলে-এয়াচোন ধান খেৰেৰে বনোৱা এটা ৰাজহাঁহৰ প্ৰতিকৃতি! তাৰ মানে!
দেউতাকৰ কিংকৰ্তব্যবিমূঢ় অবস্থাটো দিপুৰ সহ্য হোৱা নাছিল। সেয়ে সি ইমানবছৰে দেউতাকে কৰি অহা কামটো দেখি দেখি যিখিনি মনেৰে আয়ত্ব কৰিছিল,তাকেই হাতে কামে কৰিবলৈ চেষ্টা এটা কৰি চাব খুজিলে। পিছে দেউতাকক কামটো কৰিম বুলি ক’লে মানা কৰিব বুলি সি জানে। কাৰণ এই কামটো দিপুৱে কেতিয়াও হাতে কামে কৰি পোৱা নাই। তাতে আকৌ পৰীক্ষাও ওচৰ চাপিছে। সেয়ে সি দেউতাকক নোকোৱাকৈয়ে নিজে এবাৰ চেষ্টা কৰি চাব খুজিছিল। ৰাতি নৌপুৱাওঁতেই উঠি দেউতাকে কিদৰে কামটো প্ৰথমৰপৰা কৰে, সেয়া মনত পেলাই পেলাই চেষ্টা কৰি থাকোঁতেই সি এতিয়া দেউতাকৰ সন্মুখত হাতে লোটে ধৰা পৰি গ’ল!
ভয়ত তলমূৰ হৈ থকা তাৰ মুখলৈ দেউতাকে একো নোকোৱাকৈ বহু সময় চালে। তাৰ ভয় লাগি আহিব ধৰিলে।কোনো দিনে গালি নিদিয়া দেউতাকে আজি নিশ্চয় ভাল গালি দিব! দেউতাকক নোকোৱাকৈ কামটো কৰা বাবে দুই একোব দিবও পাৰে আজি!
কাহিলী পুৱাৰ নিৰ্জনতা ভাঙি দেউতাকে হঠাতে গলহেকাৰি মাৰি দিয়াত,ভাবৰ বুৰবুৰণিত ডুবি থকা দিপু উচপ খাই উঠিল। ভয়ে ভয়ে দেউতাকৰফালে চালে। দেউতাকে গহীন হৈ ক’লে–
: এইবোৰ কাম কৰাৰ আগতে গা পা ধুই বিশ্বকৰ্মাক স্মৰণ কৰিহে হাত দিব লাগে! দেউতাকৰ কথা শুনি দিপুৱে প্ৰথমে তৎ ধৰিবই পৰা নাছিল। পিছে বুজি পাই তাৰ মুখত হাঁহি বিৰিঙি উঠিল। সি লৰালৰিকৈ ক’লে-
:মই জানো পিতাই। তই তেনেকৈ কৰা দেখা পাওঁ নহয়। মই গা ধুয়েই কামত হাত দিছো।
দেউতাকৰ সন্মতি পোৱাৰ পাছত আৰু দিপুহঁতে ৰোৱা নাই। মাক,ভনীয়েক আৰু সি পূৰাদমে কামত লাগিছে। দেউতাকে সিহঁতক শিকাই গৈছে। দিপুৱে ধান খেৰৰ জঁকা বনাইছে। মাকে মাটি মিহি কৰিছে। ভনীয়েকে বস্তু বোৰ আগবঢ়াই দি আহিছে।তাৰ মাজতে দিপুৱে পঢ়া শুনাও কৰি গৈছে।
চাওঁতে চাওঁতে দিপু আৰু মাকে আটাইবোৰ মূৰ্তিয়েই বনাই শেষ কৰিলে। দিপুহঁতৰ অপৈনত হাত হ’লেও দেউতাকে বাৰে বাৰে শিকাই থকাৰ বাবে মূৰ্তিয়ে সুন্দৰ ৰূপ লৈছে। এতিয়া মাথো ৰং দিবলৈ বাকী। অলপ শুকালেই ৰংবোৰ বোলাব পৰা যাব।আই সৰস্বতীয়ে কৃপা কৰিলে মূৰ্তিবোৰ সময়মতেই দিব পৰা হ’ব।
পূজাৰ আগদিনা দুপৰীয়াই চাকি-বন্তি জ্বলাই সকলো বোৰ প্ৰতিমা শাৰী পাতি চোতালত উলিয়াই থলে।প্ৰতিখন প্ৰতিমাৰ সন্মুখত স্কুলসমূহৰ নাম লিখা কাগজ একোখন আঁৰি দিলে। প্ৰতি বছৰৰদৰে এইবাৰো দলে দলে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহি খোল তাল বজাই, ধূপ ধুনা জ্বলাই ভকতিসহিতে নাম গাই,গাই নিজৰ নিজৰ স্কুলৰ বাবে আই সৰস্বতীৰ প্ৰতিমা, দিপু হঁতৰ চোতালৰপৰাই লৈ গ’লহি। এচোতাল ভৰ্তি মানুহক দিপুৰ মাকে কেঁচা তামোল একোখনকৈ দি মান যাচিলে।
সকলোবোৰ যোৱাৰ পাছত দেউতাকে দিপুক ওচৰলৈ মাতি ক’লে–
: বাবাটো, এইবাৰ যি কৰিলি,কৰিলি। আগলৈ আৰু এইবোৰ কৰাৰ ইচ্ছা নাৰাখিবি। তই পঢ়ি শুনি ওলাই ক’ৰবাত সৰু চাকৰি এটা পালেও জীৱনটো ভালদৰে চলিব পাৰিবি। তেতিয়া মোৰদৰে ইমান কষ্টত চলিব নালাগিব অ’ বাবা!
পল পলকৈ আগবঢ়া সময়ৰ লগে লগে দিপুৰ পঢ়া শুনাও চলি থাকিল। দেউতাকে মূৰৰ ঘাম মাটিত পেলাই অৰ্জন কৰা টকাৰে সি ডিগ্ৰী লোৱাও কেইবাবছৰো হ’ল। বহুতো ইন্টাৰভিউ দিলে যদিও চাকৰি এটাহে পাবলৈ সি সক্ষম নহ’ল। পিছলৈ আৰু চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি নাথাকি সি দেউতাকৰ বৃত্তিটোকে আপোন কৰি ললে। তাৰ বাবে সি কলকাতাত গৈ তিনিমহীয়া প্ৰশিক্ষণ এটাও লৈ আহিল।
দেউতাকক লগত লৈ, নতুন নতুন কাৰিকৰী কৌশল খটুৱাই সি বনোৱা উন্নত মানৰ মূৰ্তিবোৰ খুব সোনকালেই জনপ্ৰিয় হ’ল। জনপ্ৰিয়তা বঢ়াৰ লগতে কাম বাঢ়িল আৰু তাৰ লগে লগে সিহঁতৰ আৰ্থিক অৱস্থাও উন্নত হ’ল। তথাপিও দেউতাকে কেতিয়াবা তাক চাকৰি এটা কৰাৰ কথা কয়। সি তেতিয়া হাঁহি হাঁহি দেউতাকক কয়–
পিতাই অ’,তোৰ মনে বিচৰা মোৰ চৰকাৰী চাকৰিটো নহ’লেও মই মোৰ আত্মবিশ্বাস আৰু এই কৰ্মঠ হাত দুখনেৰে, তই দিয়া বিদ্যাটোৰে কৰ্ম কৰি খাম দে। মাথো তই মোৰ আৰু তহঁতে মোক দিয়া সংস্কাৰৰ ওপৰত বিশ্বাস ৰাখিবি।
তাৰ কথা শুনি দেউতাকে ভাবে–
: ল’ৰাটো সঁচাকৈ ডাঙৰেই হ’লচোন!