শৰতৰ বৰ্ণনা-নৱশ্চাৰণজ্যোতি খাওন্দ

ঋতুৰাণী শৰৎ৷ স্নিগ্ধ শৰৎ৷ সুকোমল শৰৎ৷ শুকুলা মেঘ৷ শুভ্ৰ কহুৱা৷ দূৱৰিৰ দলিচাত সুশোভিত নিয়ৰসিক্ত শেৱালি৷গেৰ ঢৰা সেউজীয়া ধাননি৷ এই সকলোবোৰৰ সংমিশ্ৰণেই,শৰতৰ জলছবি৷প্ৰকৃতিৰ এই বিনন্দীয়া সাজোন কাচোনৰ উপৰিও,শাৰদীয় দুৰ্গোৎসৱ,নৱৰাত্ৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসৱ,লক্ষ্মী পূজা, শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আদি শৰৎকালীন অনেক উৎসৱে মানুহৰ মন-প্ৰাণ পুলকিত কৰি তোলে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত উল্লেখ কৰা অনুযায়ী ‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন’ৰপৰা ধৰি সুধাকণ্ঠই কণ্ঠ নিগৰোৱা ‘শাৰদী ৰাণী তোমাৰ হেনো নামাতুমি যে বুকুৰ আপোন’ ইত্যাদি অনেক শৰৎ বৰ্ণনাই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছে৷ সনাতনী ভাৰতীয়  পৰম্পৰাতো শৰতৰ ভূমিকা অপৰিসীম৷ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই নিজকে সহস্ৰ শৰৎ শ্ৰীমন্ত কৰি ৰাখিবলৈ….

জীৱেম শৰদ শতম,পশ্যামি শৰদ শতম,শৃণুয়ামি শৰদ শতম৷

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *