শৰতৰ মালিতা-ভানু বেজবৰুৱা 

শৰত , 

য’ত উটি ফুৰে সুবাস

গান গায় জাক জাক শৰালিয়ে,

প্ৰকৃতিয়ে পিন্ধে  শ্যামল  সাজ

সোণোৱালী  হেঁপাহৰ  বুটা বাচি ৷

স্নিগ্ধ  জোনাকত  বহি

তৰাই  বুটা  বাচে  নীলিম চাদৰত ,

বতাহে  গুণগুণাই  বাগেশ্ৰী

তাৰেই  ৰাগীত হয় কঁহুৱা  বাউলী

শুকুলা  সাজেৰে  নাচে  প্ৰাণঢালি ৷

শেষৰাতি  উচুপি উঠে  শেৱালিয়ে

দূৱৰিৰ  দলিচাত  উবুৰি খাই পৰি

গালে মুখে নিয়ৰৰ মুকুতা সানি

সাৱটি  ধৰে  দূৱৰিয়ে……

শেৱালি , দূৱৰি , নিয়ৰ , কঁহুৱাই

আনে  শৰতক  আদৰি

আলফুল , আমোলমোল

জ্বলমল  জ্বলমল……

শৰতে  সিঁচি  দিয়ে

প্ৰাণে  প্ৰাণে  জনে জনে

জীৱন  জীয়াৰ  আকুলতা

নিস্বাৰ্থ  প্ৰেমেৰে………

                   

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *