সংখ্যাটোৰ আঁৰৰ কথা

পৃথিৱীৰ প্ৰেমেৰে পূৰ্ণ মোৰ জোনাকী হৃদয়খনি ভাষা-সাহিত্যৰ কাৰণে কিবা অকণ কৰিবলৈ সুযোগ পালেই  প্ৰফুল্লিত হৈ উঠে । সেয়ে মুখ্য  এডমিন অৰবিন্দ গোস্বামীদেৱে মোক ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ চতুৰ্থ সংখ্যাৰ সম্পাদিকা হ’বলৈ কোৱাত মই লগে লগেই সন্মতি প্ৰদান কৰিলোঁ। জোনাকী জীৱনত আশাৰ দীপ্ত চাকি জ্বলাই তাৰ আলোকেৰে আমি বাট বুলিলো।মোক এখিনি অমূল্য পোহৰৰ সময় উপহাৰ দিয়াৰ বাবে প্ৰথমেই মই অৰবিন্দ গোস্বামীক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সময়মতেই সুন্দৰ সুন্দৰ লেখাবিলাক আহি থাকিল। মই পঢ়ি চাওঁতেই চকুত পৰা বানানবোৰ শুদ্ধ কৰি গ’লো। উচ্চমানবিশিষ্ট গল্প আৰু প্ৰবন্ধৰে ভৰি আছে আলোচনীখন। মোৰ পৰামৰ্শ অনুসৰি  আলোচনীখনত দুটা নতুন শিতান সংযোজন কৰাত মই নথৈ আনন্দিত হ’লো। এটা ‘ বিজ্ঞান বিভাগ’  আৰু আনটো ‘শিশু বিভাগ’।

মই কৃতজ্ঞ হৈ ৰ’লো  শ্ৰদ্ধাৰ লেখক লেখিকাসকলৰ ওচৰত। চাহিন জাফ্ৰি, মাতু কুকুৰাচোৱা, কুশল মহন্ত আৰু ৰাজশ্ৰী শৰ্মাই বৰ্ণাশুদ্ধিৰ কামত কৰা সহায়ৰ বাবে তেওঁলোকৰ ওচৰতো  মই কৃতজ্ঞ হৈ ৰ’লো।

গ্ৰুপৰ হৈ সাক্ষাৎকাৰ গ্ৰহণো ময়ে কৰিবলগা হ’ল। শ্ৰদ্ধাৰ বিজ্ঞানী ড০অদিতি বেজবৰুৱা বাইদেৱে সুন্দৰকৈ সহযোগ কৰি সাক্ষাৎকাৰটি  আগবঢ়োৱাৰ বাবে মই তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো।

মৰমৰ চিত্ৰলেখা দেৱী, পলাক্ষী লস্কৰ,কমলা দাস,কুশল মহন্ত,উপাসা ভাগৱতী,কুঞ্জ খাউণ্ড,সমীৰণ,বন্দিতা আৰু ডলী তালুকদাৰ ইত্যাদিৰ ওচৰতো মই ধৰুৱা হৈ ৰ’লো শেষ সময়ত কৰা সহায়ৰ বাবে।

শেষত মৰমৰ দেৱজিত শৰ্মা আৰু অৰবিন্দ গোস্বামীয়ে আপলোড কৰি নিদিয়াহ’লে আলোচনীখন নোলালেইহেঁতেন। এই দুই যুটিক মই অন্তৰৰপৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

গ্ৰুপৰ সকলো সদস্যলৈ মই প্ৰণাম জনাইছোঁ। আমাৰ শুৱলা অসমীয়া ভাষাটো অমৰ হওক।এই কামনাৰে……..

ধন্যবাদ সহকাৰে —

কুমকুম দেৱী শৰ্মাবৰুৱা

সম্পাদিকা

শব্দচিত্ৰ—-জীৱন জিজ্ঞাসা

 চতুৰ্থ সংখ্যা

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *