সফল মানুহৰ অসফল কাহিনী-স্বপ্না সৰকাৰ

“পাপা, মই কাইলৈ যাবগৈ লাগিব।প্ৰজেক্টৰ কাম বাকী আছে।” 

অষ্টম শ্ৰেণীত পঢ়া মিন্টুয়ে সন্মুখৰ ধোঁৱা উঠা ডাঙৰ পিৰিচখনৰ ফালে চাই খুব  সাধাৰণ ভাৱেই   কথাষাৰ কয়।

খোৱাৰ মেজত তাৰ মুখামুখিকৈ বহি খাই থকা চিভিল ইঞ্জিনীয়াৰ ৰূপম কলিতাৰ লুচি ছিঙা হাতখন ৰৈ যায়। মিন্টুয়ে চকু তুলি নাচালেও দৃশ্যটো চকুত পৰে। পাকঘৰত হেতা খন্তিৰ শব্দও হঠাৎ বন্ধ হৈ পৰে।

দুয়োৰে প্ৰতিক্ৰিয়াত সি কিবা এক তৃপ্তি পায়। যোৱা ৰাতিৰপৰাই সি এনেকুৱা এক গোমা পৰিবেশৰ কামনা কৰি আছিল। মনৰ আনন্দ সম্পূৰ্ণ গোপন কৰি নিৰ্লিপ্ত ভাৱে মিন্টুয়ে এখন হাতেৰেই বৰ সুন্দৰকৈ লুচি ছিঙি মুখত সুমুৱাই দুচামুচ মটৰ পনীৰ মুখত দিয়ে। তৰকাৰীখন বৰ সোৱাদ লগা হৈছে নে সি অধিক সোৱাদ পাইছে ধৰিব নোৱাৰে।

-” তোমাৰ স্কুল মানডে হে বহিব, গতিকে চানডে তোমাক থৈ আহিম বুলি হে  ভাবিছোঁ। হাতত তিনিদিন আছেই দেখোন। তোমাৰ মাৰাৰো  ছুটী আছিল, ময়ো দুদিনমান ছুটিী লৈ তোমাক ফুৰাবলৈ নিম বুলি ভাবিছিলোঁ! কণিকা, এইফালে আহাচোন!” 

ৰূপম কলিতাই  হতাশ হৈ পত্নীক মাতে।কণিকাই আগুৱাই আহি মিন্টুৰ কাষৰ চকীখনত বহি মৰমেৰে কয়, 

-” বেটা, ঘুগুনি আৰু অকণমান দিওঁনে?”

-” নালাগে।”

-” ভাল হোৱা নাই জানো ?”

-” হৈছে।”

–” তেনেহ’লে লোৱা আকৌ,, তুমি ভালপোৱা বাবেহে বনাইছোঁ।” 

কণিকাই জোৰ কৰিয়েই ঘুগুনি এহেতা দিয়ে। মিন্টুয়ে জানে মাকক আপত্তি কৰি লাভ নাই, তেওঁ দিবই। মাকৰ ইচ্ছাই সংসাৰৰ মূল কথা। সি কিমানখিনি খালে পেট ভৰে সেয়াও মাকে নিৰ্ধাৰণ কৰে। সি এহেতাৰ সমান পৰিমাণ এৰিব। এইটোৱেই তাৰ মৌন প্ৰতিবাদ। মাকে তাক  থাকিবলৈ কোৱাৰ পৰিবেশ এটা সৃষ্টি কৰিব বিচাৰিছে বুলি সি অনুমান কৰে।

-“প্ৰজেক্টৰ কামত মই সহায় কৰি দিম বেটা।”

-“গ্ৰুপ প্ৰজেক্ট মা।” ….বুলি কৈ সি বেচিনলৈ আগুৱাই যায়। হাত ধুই পোনে পোনে নিজৰ কোঠালৈ গুচি আহে। স্তব্ধ হৈ বহি থকা মাক-দেউতাকলৈ এবাৰো পিছলৈ উভতি নাচায়। 

দেউতাক অফিচ আৰু মাকে বান্ধৱীৰ ঘৰলৈ ওলাই যোৱাৰ পিছত মিন্টুয়ে আইতাকৰ কোঠালৈ আহে। আইতাকে কিবা ধৰ্মপুথি পঢ়ি আছিল, তাক দেখি পুথিখন  জপাই থয়। সি আইতাকৰ গাত লাগি বহে। তেওঁ তাৰ মূৰটো মৰমতে পিহি দিয়ে। সি আইতাকক সাবটি কয়, 

“তুমি লক্ষ্মীপূজালৈকে  থাকিম বুলি দেউতাক নোকোৱা কিয়?” 

-“সেইবাবেই তুমি হোষ্টেল যাবলৈ ওলাইছা নেকি?”

সি মুখেৰে নামাতে। আইতাকৰ কোলাত মূৰটো গুজি দিয়ে। তাৰ ভিতৰৰ ভূমিকম্পৰ উমান  আনে নাপালেও আইতাকে পায়।

-“মই অকলে থাকিবলৈ নোৱাৰাৰ বাবেহে,,!” 

-“তেনেহ’লে তুমিও ওলোৱা আইতা!”

-”  শ্বিলং যোৱাৰ সাধ্য মোৰ নাই  অ’ পিতাই।” 

যোৱাৰাতি খোৱাৰ মেজত ফুৰিবলৈ যোৱাৰ কথা ওলাইছিল। দেউতাই  তেজপুৰৰ মহাভৈৰৱ মন্দিৰ আইতাক দৰ্শন কৰোৱাই শিৱসাগৰ যোৱাৰ কথা কৈছিল। কাৰণ আইতাৰ বৰ ইচ্ছা মহাভৈৰৱ মন্দিৰত শৰাই এখন দিয়াৰ। মায়ে সেই প্ৰস্তাৱ পোনছাটেই নাকচ কৰি শ্বিলং যোৱাৰ কথা কৈছিল। সি লাহেকৈ আইতাৰ মুখলৈ চাইছিল। দেউতাকৰ কথাত উজ্জ্বলি উঠা আইতাকৰ মুখখন মাকৰ কথাত ম্লান পৰা দৃশ্যটো তাৰ চকুত পৰিছিল। তাৰ মনটো মৰি যায়। সি ভাত কেইটা লিৰিকি বিদাৰি বহি আছিল। 

-“পিতাই মনে মনে থাকিলা কিয়?” 

আইতাকৰ প্ৰশ্ন এৰাই যাবলৈ আইতাকে সামৰি থোৱা পাতল পুথিখন দেখুৱাই কয়,

“এইখন সাধু কিতাপ নেকি?” 

“হয়, তুমি শুনিবা?” 

মিন্টুয়ে শুনিবলৈ বিচৰাত আইতাকে তাৰ মনত পিতৃ-মাতৃৰ প্ৰতি ভক্তিভাৱ জগাই তুলিবলৈ তপস্বী দম্পতি শান্তনু আৰু মলয়াৰ পুত্ৰ শ্ৰৱণ কুমাৰৰ আখ্যানটো সুন্দৰকৈ  কয়। কিন্তু শ্ৰৱণ কুমাৰৰ  মৃত্যুৰ কথাটো কৈ আঘাত দিব নিবিচাৰে বাবে হঠাতে মনত পৰি যোৱাৰ দৰে কয়, 

“তোমাৰ বাবে মটৰ পনীৰ অকণ ৰাখিছোঁ।” 

আইতাকে পুৱাৰ জা-জলপান আৰু আবেলিৰ চাহ নিজৰ কোঠাতে খায়। দুবেলা দুমুঠি হে খাবলৈ সকলোৰে লগত মেজত খায়। তেওঁৰ ভাগৰপৰা  নাতিলৈ  আছুতীয়াকৈ তুলি ৰখা ঘুগুনিৰ বাতিটো তাক  দিয়ে। সি তৃপ্তিৰে খাই খাই সোধে, 

“তুমি দেউতাক এইবোৰ গল্প কোৱা নাছিলা নে?” 

“কৈছিলোঁ,  সেইবাবেইতো মোক ধুনীয়া হোষ্টেলত থৈছে। যাতে মোৰ  কষ্ট নহয়। মোৰ বাবে সি বহুত খৰচ কৰে।”

-” তোমাৰ তাত ভাল লাগেনে আইতা?”

-” লাগে , তাত মোৰ বহু বান্ধৱী আছে।” 

মিন্টুয়ে ভালকৈয়ে জানে আইতাৰ তাত ভাল নালাগে। যোৱাৰ দুদিন আগৰপৰাই আইতাকৰ মনটো মৰি থাকে তাৰ দৰে। ঘৰ ঘৰেই, মা-দেউতাই কথাটো কিয় বাৰু নুবুজে!

-” আমাৰ মিন্টু গুৱাহাটীৰ অমুক বৰ্ডিং স্কুলত পঢ়ে। বছৰত ইমান টকা দিওঁ।  এটাই সন্তান,তাৰ বাবে খৰচ নকৰিলেনো কাৰবাবে কৰিম?” 

মায়ে মানুহৰ আগত গৌৰৱ কৰি কয়।তাৰ বৰ লাজ লাগে। সি কেৰেলুৱাৰ দৰে নিজকে লুকুৱাবলৈ বিচাৰে। কেতিয়াবা তাৰ চিঞৰি ক’বলৈ মন যায়, 

“সৰু ল’ৰাটো লগত ৰাখিবলৈ সময় নাই কিন্তু কুকুৰক দিবলৈ তোমালোকৰ সময় ঢেৰ।”

আজি চাৰিবছৰে সি বাহিৰত থাকি পঢ়িছে। সি ডাক্তৰ  হ’ব লাগিব বুলি মা-দেউতাই তাক মাজে মাজে  সোঁৱৰাই থাকে। যাতে তেওঁলোকে জাপি দিয়া লক্ষ্যটো সি পাহৰি নাযায়।

দুপৰীয়া খোৱাৰ মেজত বহি মাকে তাক দুটা দিন থাকি যাবলৈ বহুত বুজায়। সি উত্তৰ নিদিয়ে। সি নিজৰ সিদ্ধান্তত অটল থাকে। মাক-দেউতাকৰ জয় পৰি যোৱা মুখ দেখি কিয় জানো তাৰ ভাল লাগে। কাইলৈ সি  নিজৰ ইচ্ছাৰে যাবগৈ। আৰু আইতা,যাবলৈ বাধ্য।কাৰণ সি ঘৰত থকালৈকেহে ইয়াত আইতাৰ প্ৰয়োজন আছিল। এতিয়া তেওঁৰ দৰকাৰ নাই। দেউতাকৰ কাম ভাগে ভাগে দুয়োকে নিৰ্দিষ্ট ঠাইলৈ পৌছাই দিয়া। এই চাৰি বছৰে মিন্টু বহু অভিজ্ঞ হৈছে। 

হোষ্টেলত থোৱাৰ আগৰ  কথাবোৰ মনত পৰে। কি যে ভাল লগা দিন আছিল। বিহু, সকাম-নিকামত সৱেই দেউতাকৰ গাঁৱলৈ গৈছিল। বাৰিষাত আধাবাটতে হাতত চেণ্ডেল লৈ আৰু শুকান দিনত মাটিৰ ৰাস্তাৰে ধূলি উৰুৱাই ভাড়া গাড়ীৰে সিহঁতে কাৰ্বিআংলঙৰ দলদলি গাঁও পাইছিল।পথৰ দুৰৱস্থাত মাকৰ খং উঠিলে  দেউতাকে অপৰাধবোধত মৌনতা অৱলম্বন কৰিছিল। সি কিন্তু  বৰ ৰং পাইছিল। সি ইচ্ছা কৰিয়েই বোকাত লুটি খাই পৰিছিল।ঘৰ পোৱা মাত্ৰকেই পেহীয়েকে—– “অ’ মোৰ বোকা গোসাঁই”—বুলি  তাক লৈ নাদৰ পাৰলৈ দৌৰিছিল। মস্ত ডাঙৰ মাটিৰ কুঁৱাৰ ভিতৰত কেইবাটাও ভেকুলী আছিল। সেইবোৰক বাল্টিৰে ধৰিবলৈ সি পেহীয়েকক খাটনি ধৰিছিল। ককা-আইতাৰ লগতে গাঁৱৰ সকলোৱে সিঁহতলৈ অপেক্ষা কৰা দেখিছিল।  গোটেই গাঁৱৰ মানুহে সিহঁতক ইমান মৰম কৰিছিল যে সি সকলোকে আলহী বুলি ভাবিছিল। পিছতহে গম পাইছিল গাঁওৰ সম্পৰ্কবোৰেই তেনেকুৱা। গাঁৱৰ সৱৰেই বোকোচাত সি বাদুলিৰ দৰে ওলমি ৰৈছিল।গাঁৱত বিয়া দিয়া পেহীয়েই সেইকেইদিন সিহঁতৰ আলপৈচান ধৰিছিল। মায়ে ঘিণ কৰে বুলি পেহীয়ে কাষৰ মানুহ ঘৰৰ দমকলৰপৰা ৰন্ধা-বঢ়া আৰু মালৈ গা-ধোৱা পানী কঢ়িয়াই আনিছিল। পিছলৈ দেউতাই ঘৰত দমকল পুতিছিল। 

গাঁৱত থকা কেইদিন সি ৰজা। তাক হকা-বধা দিয়া মানুহ নাই। দিনৰ দিনটো সি স্বাধীনভাবে অলৌ-টলৌকৈ ঘূৰি ফুৰি  বৰ ভাল পাইছিল। ৰাতিটো আৰুহে সুখৰ আছিল। আইতাকৰ মুখত সাধু শুনি শুনি সি টোপনি গৈছিল। আইতাই পিঠি খজুৱাই বিচনীৰে বা দিছিল। আইতাৰ মুখৰ তামোল-পাণৰ গোন্ধটো বৰ ভাল লাগিছিল। ককাকে তাক মাছ ধৰা খৰাহি বনাবলৈ শিকাইছিল, ইংৰাজী গ্ৰামাৰ শিকাইছিল। 

-“ককা, তুমিচোন আমাৰ শিক্ষকতকৈ ভালকৈ পঢ়োৱা।” 

-“তোৰ দেউতাৰক ইংৰাজী কোনে পঢ়ুৱাইছিল বুলি ভাবিছ?”— বুলি ককাকে তাক পিঠিত উঠাই লৈ চৌহান বস্তিৰপৰা পনীয়া মিঠৈ, কুঁহিয়াৰ ৰস আদি খুৱাই আনিছিল। বাটে বাটে গৈ থাকোঁতে মুখে মুখে আৰ্টিকেল শিকাইছিল।দিনবোৰ কি যে  সুন্দৰ  আছিল। ককা থকালৈকে সকলো ভালেই আছিল। 

এদিন মাজৰাতি মাকে তাক মাতি উঠাইছিল। 

-“মিন্টু, আমি কেইদিনমানৰ বাবে গাঁৱত থাকিব লাগিব। কি কি লাগে বেগত ভৰোৱাচোন!”

মাকে কন্দাৰ দৰে লাগিছিল। সাধাৰণতে গাৱঁলৈ যাবলৈ হ’লে তেওঁ আগ্ৰহ নেদেখুৱায়। ৰাতিপুৱাৰ আগে আগে সিহঁত পাইছিল। ককাকক বগা কাপোৰেৰে ঢাকি চোতালত শুৱাই থৈছিল। 

সিহঁতক দেখি ঘৰখনত পুনৰ কান্দোনৰ ৰোল উঠিছিল। সি ককাকক উঠিবলৈ মাতিছিল।

“ককা আৰু কোনদিন নুঠে।”— বুলি কোনোবাই কৈছিল। তাৰ সৰু বুকুখন কঁপিবলৈ ধৰিছিল। ককাকক লৈ যোৱাৰ সময়ত সি দুৱাৰৰ ফাঁকেদি চাই বৰকৈ কান্দিছিল। পিছবাৰীত দাউদাউকৈ জ্বলা জুইৰ তাপে তাৰ বুকুৰ ভিতৰখন পুৰিছিল। 

কেইটামান ঘটনা দ্ৰুতগতিত একেলগে ঘটিছিল। ককাৰ  মৃত্যুৰ এবছৰৰ পিছত পেহীয়েকৰো মৃত্যু হৈছিল। ।আইতা  অসুস্থ হৈ পৰিছিল। গাঁৱত আইতাক চোৱাচিতা কৰা মানুহ নাছিল। আইতাক লৈ দেউতাই চিন্তাত পৰিছিল। মাকৰ টেটত চাকৰি হৈছিল। সিওঁ ক্লাছ ফ’ৰত  উঠিছিল। দুটাকৈ টিউচন লাগিছিল। দেউতাকৰ সমস্যাটো মায়েই সমাধান কৰি দিছিল। সি স্কুলৰপৰা আহি আইতাকক দেখি আনন্দত আত্মহাৰা হৈ গৈছিল। আইতা থকাৰ বাবে  তাক চোৱাচিতা কৰা মহিলা গৰাকীক বিদায় দিয়া হৈছিল। 

মিণ্টুৰ মাক-দেউতাকৰ নগাঁৱতে চাকৰি  বাবে দেউতাকে পথাৰৰ মাটি বিক্ৰি কৰি  নগাঁৱতে মাটি এটুকুৰা ল’বলৈ চিন্তা কৰে। মাটিকণ আইতাৰ নামতে ল’ব বুলি কোৱাত আইতাই আপত্তি কৰি দেউতাকৰ নামত কিনিবলৈ কয়। মায়ে কয়।

“আপুনি গাৰ্জেন থাকোঁতে আকৌ এখেতৰ নামত কেলেই ? আপোনাৰ মানেই এখেতৰ।”

মাকৰ কথাত আইতাই চহী দিয়ে। চহৰৰ মাজ মজিয়াতে ঘৰে-মাটিয়ে কিনে। পুৰণি ঘৰ ৰং কৰি সিহঁতে গৃহ-প্ৰৱেশ কৰে। সেইদিনা আইতাই আনন্দতে কান্দি কান্দি কয়,

“ৰূপম, দেউতাৰা আজি থকাহেঁতেন কিমান আনন্দ কৰিলেহেঁতেন।” 

আইতাকে ৰাতি ককাৰ নতুন ফুলৰ মালা পিন্ধোৱা ছবিৰ ওচৰত থিয় হৈ কয়,——-“বহু ভাগ্যৰ বলতহে ৰূপম হেন পুত্ৰ,এনে বোৱাৰী আৰু মিন্টুৰ দৰে নাতি পোৱা যায়। মিন্টু আপোনাৰ দৰেই সৰল মনৰ। আপুনি ওপৰৰপৰা তিনিওকে আশীৰ্বাদ কৰিব। আপুনি এই আনন্দৰ দিনত নাই।জীয়েককো লৈ গ’ল..! ইহঁতৰ আলৈ-আথানি হয় বুলিহে আপোনাৰ সংসাৰ সাৱটি বহি আছোঁ।”  

মিন্টুয়ে লেপৰ তলৰ পৰা চাই থাকে। আইতাকে হয়তো সি শোৱা বুলি ভাবি উঠি গৈছিল। 

মিন্টু ক্লাছ ফ’ৰৰ পৰীক্ষা দি উঠাৰ পিছত তাক গুৱাহাটীৰ দামী স্কুলত দিম বুলি কোৱাত সি নাযাওঁ বুলি কৈছিল। সৰু ল’ৰাটোক কিয়নো  গুৱাহাটীত থোৱা বুলি  আইতাকেও আপত্তি কৰিছিল। নগাওঁনো কিহত বেয়া? দেউতাকে কৈছিল যে,”মা, এতিয়া প্ৰতিযোগিতাৰ সময়। ভাল ফলাফলৰ বাবে ভাল গাইডেন্সৰ দৰকাৰ।আমাৰ হাতত ইমান সময় ক’ত?” 

হেজাৰ আপত্তি কৰাৰ পিছতো তাক গুৱাহাটীত থৈছিল।প্ৰথম প্ৰথম মিন্টুৰ বৰ অসুবিধা হৈছিল। ডাঙৰবোৰে লুকাই-চুৰকৈ শাস্তি দিয়ে…! খোৱাৰ বস্তু লৈ যায়। ৰাতি বিজুলী মাৰিলে ভয়তে ‘মা’ বুলি চিঞৰি উঠিছিল। ভালকৈ গা-ধুব জনা নাছিল। গা-বেয়া লাগিলে খাবই লাগিব বুলি কোনেও জোৰ কৰা নাছিল। ৰাতি ঘৰৰ কথা মনত পৰি কান্দিছিল। সপ্তাহত এদিন  মাত্ৰ সেই পাঁচ মিনিট কথা পাতিব দিছিল। সি এটা কথাই বাৰে বাৰে কৈছিল, —–“মোক ঘৰত লৈ যোৱা মা।” 

তাৰ কান্দোন, তাৰ মিনতি সকলো অথলে গৈছিল আৰু সি জেদী হৈ পৰিছিল। পিছলৈ ফোনত একো কোৱা নাছিল। মাত্ৰ বন্ধত ঘৰলৈ যোৱাৰ অপেক্ষা কৰিছিল। 

প্ৰথমবাৰ বিহুৰ বন্ধত দুদিনৰ বাবে ঘৰলৈ আহোঁতে তাৰ ক্ষীণ চেহেৰাটো দেখি মাকে বৰ কান্দিছিল। সি আশা কৰিছিল তাক কিজানি নপঠিয়াব। দহজনে যিটো পাৰে তুমিও পাৰিব লাগিব বুলি সেই স্কুলৰপৰা কিমানে ডাক্তৰ-ইঞ্জিনিয়াৰ হৈছে বুলি কৈ দেউতাকে  তাৰে তালিকা গাইছিল। মাকে তালৈ দুগুণ খোৱা বস্তু বান্ধিছিল। যোৱাৰ আগদিনা ৰাতি সি আইতাকক সাৱটি উচুপি উচুপি কৈছিল,

“মই তোমালোকৰ লগত থাকিম আইতা। দিনে ৰাতিয়ে পঢ়িম। তুমি দেউতাক কোৱা না! তেওঁ তাৰ মূৰত হাত ফুৰাই কৈছিল,——-” ইচ্ছা কৰি ভাত নাখাই নাখাই ক্ষীণাইছা। তোমাৰ  এনে চেহেৰা দেখি  হোষ্টেলত নথ’ব বুলি নাভাবিবা। সিহঁতেও বুকুত কম ডাঙৰ পাথৰ থৈ তোমাক পঠিয়াইছে নে!”

মিন্টুয়ে আইতাকৰ কথাত চক্ খাই উঠিছিল। তেওঁ বাৰু কথাটো কেনেকৈ গম পালে? তাক কন্দুৱাই পুনৰ গুৱাহাটীত থৈ আহিছিল। মিন্টুৰ সৈতে মাকে নাইবা দেউতাকেহে ফোনত কথা পাতিছিল। “আইতাক দিয়াচোন”—বুলি ক’লে হয় বাহিৰত গৈছে নাইবা বাথৰূমত সোমাইছে বুলি কৈছিল। আইতাকৰ ওপৰত তাৰ অভিমান জন্মিছিল। বৃহস্পতিবাৰে সন্ধিয়াটো তাৰ ফোনৰ  অপেক্ষা কৰিব নোৱাৰেনে বাৰু। হোষ্টেলত অকল মাক-দেউতাকৰহে ফোন নং দিয়া আছে। সেই দুটাৰ ফোনহে মাত্ৰ উপলব্ধ হোৱাৰ ব্যৱস্থা কৰা আছে।আইতাকৰ ওপৰত যিমান  অভিমান থাকিলেও ঘৰ পাই আইতাকক দেখিলে সকলো কথা পাহৰি আইতাকক সাৱটি ধৰিছিল। 

-“আইতা, মোক কোনোদিন ফোন নকৰা কিয়? এইবাৰৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত ক’লৈকো নাযাবা! মোৰ সৈতে কথা পাতিবা।” 

-“হ’ব পিতাই।” 

আইতাকে উদাস হৈ কৈছিল। তেওঁৰ চকুত অশ্ৰুকণাৰ কাৰণ বিচাৰি নাপাই সি আইতাকক সাৱটি ধৰিছিল। 

মিন্টু হোষ্টেললৈ যোৱাৰ দুবছৰমানৰ পিচত সামান্য জ্বৰ হৈছিল। হোষ্টেলৰ ৱাৰ্ডেনে ডাক্তৰৰ তালৈ নিছিল। আন আন ৰোগীৰ সৈতে সিও চেম্বাৰত নম্বৰ অহালৈ অপেক্ষা কৰিছিল। ডাঙৰ টিভিত বাতৰিৰ চেনেলটোত গুৱাহাটীৰ বৃদ্ধাশ্ৰম এটাৰ প্ৰতিষ্ঠা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছিল। মিন্টুৰ চকু এঠাইত পৰাত সি চিঞৰি উঠে। কি হ’ল বুলি সৱেই আচৰিত হয়। 

“আইতা, মোৰ আইতা। আইতা তাতে আছে।” 

সি উত্তেজিত হৈ ঘামি-জামি অৱস্থা নাইকিয়া হৈ পৰে। কোনেও বিশ্বাস নকৰে তাৰ কথা। সি জোৰে জোৰে কন্দাত চেম্বাৰত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হোৱাত এজনে কয়, 

“আইতাকৰ নম্বৰ মনত আছে যদি কোৱা।” 

সি মুখস্থ মাতে। 

সেইটো নম্বৰ ৰিং হৈ কাটি যায়। অৱশেষত সিটো মূৰৰ পৰা “হেল্লো কোন” বুলি কয়।কেমেৰা ইতিমধ্য আনফালে ঘূৰিছে গতিকে কোনে কৈছে বুজা নাযায়। কিন্তু ফোনত টিভিত দেখা কাৰ্যসূচীৰ শব্দ শুনা যায়। মানুহজন বুদ্ধিমান আছিল ইটো-সিটো কথা চলাই থাকোঁতেই কেমেৰা আকৌ তেওঁৰ ফালে অহাৰ লগে লগেই মোবাইলটো মিন্টুৰ হাতত দিয়ে। 

-“তোমাক টিভিত চাই আছো আইতা” সি কান্দি দিছিল।

সি তেতিয়াহে গম পায় ঘৰলৈ ফোন কৰিলে কিয় আইতাক পোৱা নাছিল।চেম্বাৰৰ মানুহে নানা কথা কয়, 

“সম্ভ্ৰান্ত ঘৰৰ মানুহৰ এনে অৱনতি!ল’ৰাক মানুহ কৰিলে,মাক আশ্ৰমত উঠিল”—-এটা সময়ত সি বাগৰি পৰিছিল। 

সেইবোৰ দুবছৰৰ আগৰ কথা। এইবোৰ কথা জনাৰ আগত সি ঘৰ পোৱাৰ আগতে আইতাকক আনিছিল আৰু সি হোষ্টেলত যোৱাৰ পিছত আইতাকক পঠিয়াইছিল। এতিয়া দুয়ো একেলগে যায় আৰু একেলগে আহে। 

ৰাতিপুৱা কণিকাই আকৌ এবাৰ মিন্টুক থাকি যাবলৈ কয়,

” শ্বিলং বৰ সুন্দৰ ঠাই বাবা। মোৰ  ক’লিগ সকলে  পূজাতে  গৈছে। ষ্টেটাছত পিক দি  মোক জ্বলাই আছে।”

-“তুমিও  লগত যাব লাগিছিল।” 

-“তাকেইতো, দেউতাৰক কৈছিলোৱেই বুঢ়ীক আনিব নালাগে। এইবাৰ তাতেই থাকক। পূজাত আমি তিনিও ফুৰি আহিব পাৰিলোঁ হয়। 

তেওঁৰ মাতৃভক্তি,,, দুৰ্গাদেৱীক আনিহে এৰিলে।

“এইজনীক যমেও নেদেখে।” 

কণিকাই খঙত জ্বলি পকি উঠে। 

-” ময়ো যদি তোমালোকক বৃদ্ধা আশ্ৰমত পেলাই থৈ আহোঁ তোমাৰ  কেনেকুৱা লাগিব মা?”

-” কি, কি ক’লি তই,,? 

মাকে মিন্টুক কাণতলীয়া চৰ সোধায়। মিন্টুৱে হাতৰ ওচৰত যিহকে পায় দলিয়াই দিয়ে। আইতাক আৰু দেউতাকে দৌৰি আহে। হাতৰ ওচৰত পোৱা ছাতিৰেই দেউকাকে তাক দুটামান কোব দি মাকৰ ওপৰত গৰ্জি উঠে। 

-“আপোনাৰ আসৈ পাই সি বেছি বাঢ়িছে। সি মাকক বৃদ্ধাশ্ৰমত থ’ব,, টকা-পইছা খৰচ কৰি ভাল শিক্ষা দিয়াৰ এই পৰিণাম।” 

-“আপুনিও দেখোন আপোনাৰ মাক থৈছে।” 

সিওঁ মুখে মুখে কয়। 

-“আমাৰ সময় নাই বাবেহে,,।” মাকে কয়। 

-“আপোনালোকে ৰাস্তাৰ কুকুৰ ঘৰত থৈছে আৰু ঘৰৰ মানুহক ৰাস্তাত উলিয়াই দিছে। সৰু ল’ৰাটোক দিবলৈ আপোনালোকৰ সময় নাছিল,, কুকুৰক দিবলৈ সময় পাইছিল। এনে ঘৰত মই নাথাকোঁ।”  

মিন্টুয়ে ওলাই যাবলৈ বিচাৰে। আইতাকে তাক  আগচি ধৰে। মাকেও দৌৰি আহি তাক ধৰে।টনা আঁজোৰা লাগে। কোনোদিন এনে হুলস্থূলীয় পৰিবেশ নেদেখা আইতাকে আতংকিত হৈ  মূৰ ঘূৰাই পৰি যায়।  মিন্টুয়ে

” আইতা, আইতা”—-বুলি টেঁটুফালি চিঞৰে। হুলস্থুল শুনি কাষৰ ঘৰৰ মানুহ দৌৰি আহে। 

আইতাকক তিনিদিন আই.চি.ইউত ৰখাৰ পিছত কেবিনত দিয়ে। তেওঁ বৰ দুৰ্বল। প্ৰেছাৰ হাই, মাইনৰ হাৰ্ট এটেক হৈছিল। এই তিনিদিন মিন্টুক কোনেও নাৰ্চিংহোমৰপৰা লৰাব পৰা নাই। আইতাকে মিন্টুক বিচাৰে।সি চুচুক-চামাককৈ সোমাই আইতাকৰ কাষতে থিয় হয়। আইতাকে তাক চকুৰে মাতে। আৰু সি অলপ কাষ চাপি যায়। আইতাকে তাক ভালকৈ পঢ়িবলৈ  বুজায়। আৰু তাৰপৰা এটা প্ৰতিশ্ৰুতি বিচাৰে। সি দিয়ে। আইতাই শান্তিৰে চকু মুদে।

আইতা ঢুকুৱাৰ ত্ৰিশ বছৰ পাৰ হৈ গৈছে। সি আইতাকক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে। মনদি পঢ়ি-শুনি আজি সি প্ৰতিষ্ঠিত ডাক্তৰ হৈছে। ব্যস্ততাৰ মাজতো মাক-দেউতাকক নিজৰ লগতে ৰাখিছে আৰু তেওঁলোকক সময় দিছে। তেওঁলোকক চোৱাচিতাৰ বাবে মানুহ ৰাখি দিছে।

-“মোক কথা দিয়া মিন্টু, তুমি মা-দেউতাক  কেতিয়াও বৃদ্ধাশ্ৰমত নোথোৱা যেন। শেষ বয়সত আপোন মানুহৰ পৰা দূৰত থকা বৰ কষ্ট ঔ পিতাই! সহ্য নহয় নিজৰ ঘৰ আৰু সন্তানৰ বিচ্ছেদ। সন্তান শেষ বয়সৰ বাবেই মানুহে কামনা কৰে। মই বৰ কষ্ট পালোঁ। মোৰ ল’ৰাক সেই কষ্ট নিদিবা পিতাই! মোক কথা দিয়া পিতাই। ন’হলে যে মৰিও উদ্ধাৰ নাপাম। তেওঁলোকৰ কথা শুনিবা।

মাক দেউতাকে কেতিয়াও সন্তানৰ অহিত চিন্তা নকৰে। 

-” মই মা-দেউতাক মোৰ লগত ৰাখিম আইতা।তেওঁলোকৰ কথা শুনিম।” 

আইতাকৰ মুখৰ শেষ সময়ৰ সন্তুষ্টিৰ হাঁহিটো সি আজি ত্ৰিশ  বছৰেও পাহৰিব পৰা নাই। 

অসমৰ আগশাৰীৰ হাৰ্ট চাৰ্জন  ডঃ মিন্টু কলিতাই কিয় বিয়া পতা নাই কাৰণটো কিন্তু কোনেও নাজানে। মাক-দেউতাকে কৈ কৈ ভাগৰি পৰিছে। ডঃ মিন্টু কলিতাৰ হাতত নিৰ্ভয়ে হৃদয় দি জীৱন জয় কৰা হৃদৰোগীসকলে হয়তো নাজানে যে ডাক্তৰে নিজৰ হৃদয়ৰ নাৰীৰ প্ৰতি অহেতুক ভয়টোক কিন্তু জয় কৰিব পৰা নাই। কৈশোৰ কালৰ মাক-আইতাকৰ অঁৰিয়া-অৰিত পিষ্ট অসহায় দেউতাৰ ভয়লগা মুখৰ ছবিয়ে এতিয়াও ডঃ মিণ্টুক খেদি ফুৰে।

ডঃ মিন্টু কলিতাই দ্বিতীয় ৰূপম কলিতা হ’বলৈ নিবিচাৰে। এবুকু কষ্ট লৈ সময়ৰ বালিত এদিন হেৰাই যাব,,! এয়াই সফল মানুহৰ অসফল কাহিনী। 

                             

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *