সম্পাদকীয়
জয়জয়তে মই ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ লেখক, পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।
আমাৰ সুৱদী-সুৰীয়া অসমীয়া ভাষাটোৰ এটা নিজা লালিত্য আছে। যিটো পৃথিৱীৰ আন কোনো ভাষাতে পোৱা নাযায়। চাৰিটা আখৰ ক্ৰমে শ, ষ, স আৰু ‘ৱ’ৰ ব্যৱহাৰ লিখাতেই নহয়, উচ্চাৰণতো আন ভাষাত উদাহৰণ পাবলৈ নাই। প্ৰথমৰেপৰাই আমাৰ ভাষাটোৱে বহুখিনি ঠেকা-ঠুকলি খাইহে নিজৰ স্থিতি পাবলৈ সক্ষম হৈছে। ভালেমান গুণীলোকে ইয়াৰ বাবে আশাসুধীয়া প্ৰচেষ্টা চলাইছিল। প্ৰথমেই আমি নাম ল’ব লাগিব খৃষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে অহা আমেৰিকান বেপ্তিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ। ১৮৩৬ খৃষ্টাব্দত শ্ৰদ্ধেয় নাথান ব্ৰাউন চাহাব উপস্থিত হৈছিলহি কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰইদি নাৱেৰে অশেষ কষ্টেৰে আহি শদিয়াত। তেখেতে শিৱসাগৰত প্ৰেছ খুলি খৃষ্টান ধৰ্মপুথি অসমীয়াত অনুবাদ কৰি প্ৰকাশ কৰিছিল। তেখেতে আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলৰ তৰফৰ পৰা ‘Grammatical Notes of Assamese Language’ বুলি প্ৰথম অসমীয়া ব্যাকৰণ পুথিখন লিখিছিল আৰু প্ৰকাশ কৰিছিল। চ্যুকাফাই সাতৰাজ সামৰি একৰাজ কৰি জন্ম দিলে বৃহৎ অসমীয়া জাতিৰ। তেনেদৰে অসমীয়া ভাষাক অসমত সুপ্ৰতিষ্ঠিত কৰাত সৰ্বাত্মক অৰিহনা যোগালে ব্ৰাউন চাহাবে। যদিও তেওঁৰ উদ্দেশ্য খৃষ্টান ধৰ্মপ্ৰচাৰ আছিল তথাপি তেওঁ প্ৰথম ছপাশাল পাতি অসমীয়া ভাষাত কিতাপ-পত্ৰ ছপা কৰি অসমীয়া জাতিৰ কাৰণে মূল্যৱান অৰিহণা যোগাই থৈ গ’ল।তেওঁৰ সহযোগী হিচাবে নিধিৰাম কেওট নামে এজন অসমীয়া লোকে তেওঁক বহুতো সহায় কৰিছিল। খৃষ্টান ধৰ্ম গ্ৰহণ কৰি তেওঁ নাম লৈছিল নিধি লেভি ফাৰৱেল। তেওঁ অসমীয়া জাতিৰ এজন সদাস্মৰণীয় অসমীয়া লোক।
আন এজন বৃটিছ লোক ড০ মাইলছ ব্ৰনছন চাহাবে বাৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি প্ৰথম অসমীয়া অভিধান ‘A Dictionary in Assamese and English ‘ প্ৰকাশ কৰিছিল ১৮৬৭ চনত মুঠ ১৪,০০০ শব্দৰে। ১৮৪৬ চনত প্ৰথমে শিৱসাগৰৰপৰা প্ৰথম অসমীয়া কাকত ‘অৰুণোদই’ প্ৰকাশ পাইছিল। ধৰ্মান্তৰিত হৈছিল যদিও নিধিৰাম কেওটে অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে অশেষ অৰিহণা যোগাই গ’ল। ‘অৰুণোদই’ ত তেখেতে বহুত লেখা-মেলা কৰিছিল।
‘ধৰ্মপুস্তক’ প্ৰথম অসমীয়া ভাষাৰ ছপাপুথি। ই বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰিৰ উদ্যোগত ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ ‘ নিউ টেষ্টামেন’খন ‘ধৰ্মপুস্তক’ নামেৰে অসমীয়ালৈ ভাঙনি কৰে । ইয়াত ‘ৰ’ আৰু ‘ৱ’ ৰ ব্যৱহাৰ হৈছিল। এইখন কলিকতাৰ প্ৰেছত মুদ্ৰিত হৈছিল।
অসমৰ সত্ৰীয়া-সংস্কৃতিৰ পীঠস্থান মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে অসমৰ প্ৰথম স্বদেশীলোকে প্ৰকাশ কৰা সংবাদপত্ৰ ১৮৭১ চনত ‘আসাম বিলাসিনী’ প্ৰকাশ কৰে মাজুলীত স্থাপন কৰা ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ নামৰ ছপাশালৰপৰা। এইখন অসমৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন সংবাদপত্ৰ আছিল। দত্তদেৱ গোস্বামীক সহায় কৰিছিল আউনিআটী সত্ৰৰে এজন বৈষ্ণৱ তথা সংবাদপত্ৰখনৰ প্ৰকাশক শ্ৰীধৰ বৰুৱাই। ১৮৮৩ চনলৈকে প্ৰায় ১২ বছৰকাল চলাৰ পিছত সত্ৰ স্থানান্তৰ হোৱাত কাকতখন বন্ধ হৈ যায়। আকৌ দ্বিতীয়বাৰ ১৯১৩ চনত যোৰহাটৰ পৰা কৃষ্ণকান্ত ভট্টাচাৰ্যৰ চেষ্টাত এখন সাদিনীয়া জাতীয়তাবাদী কাকতৰ ৰূপত ‘আসাম বিলাসিনী’ পুনৰ প্ৰকাশ হৈছিল। পিছে চৰকাৰৰ বিৰোধিতা কৰি প্ৰৱন্ধ-পাতি প্ৰকাশ কৰাৰ অপৰাধত ১৯৪২ চনত কাকতখনৰ প্ৰকাশ বন্ধ কৰা হয়।
ইতিমধ্যে ড০ ব্ৰনছন চাহাব অহাৰ আগতেই ইংৰাজে ১৮৩৬ চনৰপৰা অসমত বঙলা ভাষা শিক্ষা আৰু প্ৰশাসনীয় ব্যৱস্থাত প্ৰচলন কৰিছিল। ড০ ব্ৰনছন চাহাবে ভালদৰে বুজি পাইছিল যে এটা সমৃদ্ধ নিজৰ ভাষা থাকোতেও জোৰ কৰি বিদেশী বাংলা ভাষা চলাই তেওঁলোকে সাধাৰণ জনসাধাৰণৰ কাষ চাপিব নোৱাৰিব। তাকে ভাবি তেওঁ দেহে-কেহে অসমীয়া ভাষাৰ উন্নতিৰ বাবে খাটিবলৈ ধৰিলে।তেওঁ নিজৰ কৰ্মভূমি নগাঁৱলৈ তুলি অনাৰ পিছত নগাঁৱৰ উপ-সহকাৰী আয়ুক্ত অসমীয়া বিষয়া আনন্দৰাম ঢেকিয়াল ফুকনক লগ পালে। দুয়ো অসমীয়া ভাষাৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ ধৰিলে।
১৮৫৩ চনত ব্ৰিটিছ গৱৰ্ণৰ মোফাট মিলছ্ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। মিলছ্ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল। নগাঁৱত চাকৰিকালত ঢেকিয়াল ফুকন মিছনেৰী ব্ৰনছন আৰু আয়ুক্ত বাটলাৰৰ সংস্পৰ্শলৈ আহে। ফুকনদেৱে ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ আৰু ১৮৫৫ চনত ‘A few remarks on the Assamese language, and on the vernacular education in Assam’ নামৰ গ্ৰন্থখন লিখি উলিয়ায়। A native নামেৰে শিৱসাগৰতে এই দ্বিতীয়খন কিতাপৰ ১০০টা কপি ছপা কৰি , বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়লৈ পঠিয়ায়। পুথিখনত অসমীয়া ভাষা যে এটা স্বতন্ত্ৰ ভাষা, বঙালী ভাষাৰ ঠাল নহয় তাক ফঁহিয়াই দেখুৱাইছে। তেখেতৰ অসমীয়া ভাষাৰ প্ৰতি অনুৰাগ সদাস্মৰণীয়।
মাইলছ্ ব্ৰনছনৰ অভিধানখনকে প্ৰমাণ হিচাবে লৈ তেওঁৰ ৩৭ বছৰীয়া সংগ্ৰামৰ শেষত ১৮৭৩ চনৰ ১৯ এপ্ৰিলত অসমীয়া ভাষাই অসমত স্বীকৃতি লাভ কৰিলে আৰু সেইবছৰৰ ২৫ জুলাইৰপৰা অসমত অফিচ-কাছাৰী আৰু স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাবে অসমীয়া ভাষাৰ প্ৰচলন আৰম্ভ হ’ল। অসমীয়া ভাষাৰ উদিত আকাশত ৰেভাৰেণ্ড মাইলছ ব্ৰনছন চাহাব সদায়েই ধ্ৰুৱতৰা হৈ জিলিকি থাকিব।
তাৰপিছত আহিল কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলৰ অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ প্ৰতি জাতীয় প্ৰেমৰ উন্মেষ। ‘জোনাকী’ যুগৰ হীৰাযেন ত্ৰিমূৰ্তি চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাক কেৱল স্বকীয়তা প্ৰদানেই নহয়, এটি ওখ খাপৰ ভাষালৈ আগবঢ়াই লৈ গ’ল।বেজবৰুৱাদেৱে অসমীয়া ভাষাৰ প্ৰায় সকলো বিভাগতে লেখি ভাষাটোৰ সৌধ বান্ধি থৈ গ’ল। হেমচন্দ্ৰ বৰুৱাদেৱে অশেষ কষ্ট কৰি ‘হেমকোষ’ অভিধান প্ৰণয়ন কৰিলে। কলিকতাত প্ৰথমে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’, (অ:ভা:উ:সা:, ইংৰাজী: Assamese Language Development Society), গঠন হ’ল ১৮৮৮ চনৰ ২৫ আগষ্টৰ দিনা। ই আছিল অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায়। সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ।
তেতিয়াৰেপৰা এতিয়ালৈকে অসমীয়া ভাষাৰ উন্নতিৰ লগতে ঘাত-প্ৰতিঘাতো সমানে চলি আছে। ১৯৬০চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাবে প্ৰবৰ্তন কৰাৰ দাবীত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। সেই আন্দোলনত কটন কলেজৰ ছাত্র ৰঞ্জিত বৰপূজাৰী প্ৰথম শ্বহীদ হৈছিল।
অসমত মহাবিদ্যালয়ৰ শিক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগে বুলি কৰা আন্দোলনত ১৯৭২ চনৰ ৬ অক্টোবৰৰ দিনা অষ্টম শ্ৰেণীৰ ছাত্ৰ মোজাম্মিল হকে এদল দুৰ্বৃত্তৰ হাতত প্ৰথমেই প্ৰাণ বিসৰ্জন দিয়ে। অসমত চৰকাৰীভাৱেই হওক বা শিক্ষাৰ মাধ্যম হিচাবেই হওক ভাষাটোক প্ৰতিষ্ঠা কৰিবলৈকে ইমান সংগ্ৰাম কৰিবলগা হৈছে তথাপিও ইয়াৰ মূলসুঁতিটো সুন্দৰভাৱে প্ৰবাহিত হৈ আছে। স্বনামধন্য সাহিত্যিকসকলে উৎকৃষ্ট বৰঙণি যোগাই ভাষাৰ ফুলনিখন নানাৰঙী ফুলেৰে জাতিষ্কাৰ কৰি তুলিছে।
অসমীয়া ভাষা শ্ৰদ্ধেয় বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সুমধুৰ লেখনিৰে পুষ্ট ভাষা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ভাষা ” উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হৈ জগতসভালৈ যাব” বুলি দেখা সপোনে বাস্তৱত ৰূপ পাব লাগে।
জ্ঞানপীঠ বঁটা লাভ কৰিছে ১৯৭৯ চনত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই, ২০০০ চনত মামণি ৰয়ছম গোস্বামীয়ে আৰু ২০২০ চনত কবি নীলমণি ফুকনদেৱে।
বহুতো নামজ্বলা সাহিত্যিকে ভাষাৰ এই বৰগছজোপাত সাৰ-পানী যোগাই টনকিয়াল কৰি তুলিছে। ড০ ভৱেন্দ্ৰ নাথ শইকীয়াদেৱ, ড০ লক্ষ্মীনন্দন বৰাদেৱ, সৌৰভ কুমাৰ চলিহাদেৱ(সুৰেন্দ্ৰ নাথ মেধি), ৰেৱতীমোহন দত্ত চৌধুৰী(শীলভদ্ৰ) আদি বিজ্ঞানৰ লোক হৈও সাহিত্যৰ পথাৰখনত অবিৰত চহ কৰি আমাক বহুতো ফচল দি থৈ গ’ল।শ্ৰদ্ধাৰ চৈয়দ আব্দুল মালিকদেৱ , ড০ নগেন শইকীয়াদেৱ , ৰীতা চৌধুৰী, মণিকুন্তলা ভট্টাচাৰ্য আদিয়ে অসমীয়া ভাষাক কিমান যে সমৃদ্ধ কৰিছে তাৰ তুলনা নাই।
বৰ্তমান যুগটো ডিজিটেল যুগ। যুগৰ লগত মিলি আগবাঢ়ি যোৱাটোৱেই যুগধৰ্ম। বিজ্ঞানৰ এই জয়যাত্ৰাক আমি এৰাই চলিব নোৱাৰোঁ। এতিয়া ‘ ইয়াতে মাৰিলে টিপা, আমেৰিকা পালেগৈ শিপা’ৰ দিন। সেয়ে এইসংখ্যাত বিজ্ঞানৰ লেখাও সন্নিবিষ্ট কৰা হৈছে।শিশুসকলক আমি জ্ঞানৰ বাটেৰে আগবঢ়াই নিবই লাগিব।সেয়ে ইয়াত শিশুসাহিত্যও সংযোজন কৰা হৈছে।
ছপা মাধ্যমতে হওক বা ডিজিটেল মাধ্যমতে হওক লেখা-মেলা কৰা কামটোত জ্ঞানৰ সংযোজন হৈ থাকে। প্ৰথমতেই লাগিব ভাষাত দখল। অশুদ্ধ ভাষাৰে লেখা যিকোনো লেখাবস্তু পাঠকে পঢ়ি ভাল নাপায়। বাক্যৰ গঠন প্ৰণালী, বানান ইত্যাদি শুদ্ধ হ’ব লাগে। তাৰপিছত লাগিব জ্ঞান। লিখিব খোজা বিষয়টোৰ ওপৰত পূৰঠ জ্ঞান অবিহনে লিখা-মেলা কৰাটো দুৰূহ। প্ৰচুৰ পৰিমাণে উন্নত সাহিত্যৰ কিতাপ পঢ়িব লাগিব। চিন্তাশক্তি পূৰঠ হ’লে কলমৰ আগেদি নিজেই ওলাই আহি থাকিব নিৰৱছিন্নভাৱে ভাৱধাৰা। তাৰবাবে লাগিব মাথোঁ মানৱীয় গুণেৰে ভৰপূৰ এটা মন আৰু সূক্ষ্ম পৰ্যবেক্ষণ শক্তি।
এতিয়াৰ যুগটোক ‘ই-জোনাকী যুগ’ বুলি ক’ব পাৰি। এইটো ইণ্টাৰনেটৰ সোণালী যুগ। এখন ই-মেগাজিন বিশ্বৰ চুকে-কোণে পঢ়িব পাৰে।গতিকে ই গুণগত দিশত উন্নত হোৱাটো বাঞ্চনীয়।প্ৰথমতে ফেচবুকত ৰোমান লিপিতহে লিখিবলগা হৈছিল।এইদৰে অন্য ভাষাৰ লিপিত লিখি বা পঢ়ি ভাবৰ আদান-প্ৰদান কৰিব পাৰিলেও ভাষাৰ উন্নতি সাধন কৰিব নোৱাৰি। ২০১১ চনৰ জুলাই মাহৰপৰাহে অসমীয়া লিপিত লিখিবপৰা হৈ উঠিল। এতিয়া আমাৰ কৰ্তব্য হ’ল অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ UNICODE ত লিখা বৃদ্ধি কৰা। ইতিমধ্যে ১২ মে’ , ২০২২ তাৰিখে পৃথিৱীৰ আগশাৰীৰ ছফটৱেৰ প্ৰতিষ্ঠান গুগলে Google Translate (অনুবাদ) নামৰ ছফটৱেৰটোত অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰিলে। ই এক আশাৰ বতৰা। ফেচবুকত এতিয়া বিভিন্ন গোটৰ জন্ম হ’ল। যি গোটত যি বিষয়বস্তুৰ চৰ্চা হয় তাত সেই বিষয়বস্তু ভালপোৱা লোকৰ সমাগম হয়।কিন্তু কিছুমান গোটত ভাষা-সাহিত্যৰ সকলো বিষয় চৰ্চা কৰিব পাৰি। আমাৰ মৰমৰ ‘ শব্দচিত্ৰ’ গোটটি এইধৰণৰ এটি গোট। নতুনকৈ ইয়াত সংযোজন হৈছে প্ৰতি তিনিমাহৰ মূৰে মূৰে এখন ই-মেগাজিন। গোটৰ সকলো সদস্যৰ বাবে ই অতি সুখৰ খবৰ।
শেষত আকৌ এবাৰ ই-আলোচনীখনৰ লেখক-লেখিকাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। আলোচনী এখনৰ মূল চালিকাশক্তি হ’ল এই লেখক-লেখিকাসকলেই। আশা ৰাখোঁ আগলৈও তেখেতসকলে এইদৰেই এই তিনিমহীয়া আলোচনীখনক পুষ্টি যোগাই টনকিয়াল কৰি জীয়াই ৰাখিব। নমস্কাৰ জনালোঁ সকলোলৈকে
দুলীয়াজান
সম্পাদিকা
শব্দচিত্ৰ–জীৱন জিজ্ঞাসা
(প্ৰথম বৰ্ষ,চতুৰ্থ সংখ্যা)
7:53 PM
ভাল লাগিল বাইদেউ 🙏
7:58 PM
সুন্দৰকৈ লিখিছা । ভাল লাগিল ।
8:03 PM
সম্পাদকীয় পঢ়ি ভাল পালো বহুত।। আন্তৰিক শুভেচ্ছা জনালো।
8:52 PM
অতি সুন্দৰ তথ্য সমৃদ্ধ সম্পাদকীয় । পঢ়ুৱৈ নিশ্চয় উপকৃত হব ।
9:08 PM
বহুত ভাল লাগিল পঢ়ি!সবিশেষে বহুকথা জানিলো!
10:09 PM
ভাল লাগিল , সুন্দৰ সম্পাদকীয়।
10:35 PM
খুব ভাল লাগিল বৰমা
8:15 AM
বহুত ভাল লাগিল, মই নজনা কথা কেইটামানও জানিব পাৰিলো ।সুন্দৰ মনোপুতঃ লিখনি
8:58 AM
ইমান সুন্দৰকৈ লিখিছে..
7:48 AM
‘সম্পাদকীয়’ অনুপম হৈছে।বহুখিনি শিকিবলগীয়া কথা সন্নিবিষ্ট থকা ‘সম্পাদকীয়’টো পঢ়ি সঁচাই আনন্দিত হ’লো।বাইদেউলৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছো।
9:12 AM
সুন্দৰ, তথ্যসমৃদ্ধ লেখা ৷ অশেষ ধন্যবাদ আৰু অভিনন্দন
9:45 PM
ধন্যবাদ জনালোঁ।