সময়ৰ আহ্বান-প্ৰদীপ বৰা 

জ্যোতিৰূপাই হট ৱাটাৰ বেগটো লৈ প্ৰকাশৰ কাষ চাপি গ’ল।  

“চাওঁ কোনখিনিত বিষাইছে ?” 

প্ৰকাশে এটি মৃদু কেঁকনি মাৰি ক’লে—-

‘তল পেটৰ সোঁফালে ঠিক এইখিনিতে,উস! সাংঘাটিক বিষ।বিষ আৰম্ভ হ’লে হাগিমেই নে মুতিমেই নে ব’মিয়েই কৰিম একো ধৰিব নোৱাৰা হওঁ হে!’

‘চাওঁ তলফালে পেট পেলাই শোৱক আৰু এই গৰম পানীৰ বেগটোত পেটৰ হেঁচা দিয়ক।চিন্তা নকৰিব, ভাল হৈ যাব ৷প্ৰকাশে যেন এটি মধুৰ স্পৰ্শানুভুতি লাভ কৰিলে,মনত পৰি গ’ল এক দীঘলীয়া যুগ্ম জীৱনৰ  সুখানুভুতিলৈ।জীৱন সংগ্ৰামৰ অক্লান্ত শ্ৰমিক প্ৰকাশৰ অলিখিত হৃদয়ৰ দিনপঞ্জীত খোদিত হৈ আছে বহুতো নিভাঁজ কাহিনী।

‘দিপু শুলানেকি?’

‘নাই শোৱা সোমাই আহাঁ।’

ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ ফাৰ্মাচিষ্ট  মনোজ আহি প্ৰকাশৰ বিচনাৰ কাষলৈকে সোমাই আহিল ৷প্ৰেচাৰটো জুখি চালে আৰু এটা ইনজেকচন পুছ কৰিলে।

‘মই এক্স-ৰে ৰিপৰ্টটো চালো,তেখেতৰ বৃক্কৰপৰা মূত্ৰাশয়লৈ যোৱা সোঁফালৰ নলীডালত এইটো চাওক কাবুলি বুটটোৰ সমান এটা পাথৰ ফচি আছে ৷একো চিন্তা কৰিব নালাগে,কাইলৈ নেমকেয়াৰ হস্পিতাললৈ লৈ যাওক।তাত ডাঃ বৰুৱাক দেখুৱাব।কিছু পৰীক্ষা কৰাৰ পিচত কটা-ছিঙা নকৰাকৈ মেচিনেৰে প্ৰেছাৰ দি পাথৰটো গুড়ি কৰি দিব আৰু প্ৰস্ৰাৱত ওলাই যাব।

‘দিপু ৰাষ্টাটো দেখুৱাই দিয়া’—- বুলি মনোজ ওলাই গ’ল।

জ্যোতিৰূপাই সকলোকে খুৱাই-বোৱাই শুবলৈ দি প্ৰকাশৰ ওচৰলৈ আহিল।প্ৰকাশৰ চিলমিলকৈ টোপনি ধৰিছে। আৰামত যিমান পাৰে টোপনি মাৰি লওঁক,তাই তাৰ কাষতে বহি বিচনাৰ ৰেলিঙত কঁকালটো আউজাই চিন্তা আৰু কল্পনাৰ সাগৰত নিজকে উটুৱাই দিলে।

এইজন প্ৰকাশেই জীৱন যুদ্ধত যে কিমান যুঁজিলে। পি. ডি.চায়েন্স পাছ কৰিয়েই নব প্ৰতিষ্ঠিত হাইস্কুলত সোমাল।স্কুলত গণিতৰ ক্লাছটো কৰি তেওঁ পোন্ধৰ কিলোমিটাৰ দূৰত নগৰৰ কলেজত বি.এছ. চি ৰ ক্লাছ কৰিবলৈ যায়।পিচৰ বছৰ স্কুল সাময়িকভাবে ছুটী লৈ নিজৰ অধ্যয়নত লাগিল ৷কিন্তু দেউতাকৰ এজমেটিক ট্ৰাবোল থকাৰ বাবে তেওঁ ছজনীয়া পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব মূৰ পাতি ল’ব লগা হৈছিল ৷ঘৰৰপৰা দুই কিলোমিটাৰ আহি এখন স্কুলত ছয় বজাৰপৰা ন বজালৈ অষ্টম,নৱম আৰু দশম শ্ৰেণীৰ ল’ৰা ছোৱালীবিলাকক অংক শিকাই বাহিৰে বাহিৰে পোন্ধৰ কিলোমিটাৰ পাটি চাইকেল চলাই নগৰত কলেজ কৰেগৈ ৷এইখিনি কথা মনত পৰিলে জ্যোতিৰূপাৰ কিবা সাঁথৰ সাঁথৰ যেন লাগে।জ্যোতিৰূপাই মাক দেউতাকৰ লগত আলোচনা কৰি প্ৰকাশৰ ন বজাৰ ভাত মুঠিৰ ব্যৱস্থা সিহঁতৰ ঘৰতে কৰিছিল।প্ৰথম অৱস্থাত সি মান্তি হোৱা নাছিল যদিও জ্যোতিৰ আহ্বানক সি প্ৰত্যাহ্বান জনাব নোৱাৰিলে। নোৱাৰিলে সাদৰক নেওচা দিব।এই বিলাকৰ উপৰিও প্ৰকাশে প্ৰতি দেওবাৰে আৰু বন্ধৰ দিনত বজাৰত মনোহাৰী মালৰ বজাৰ কৰে।

জ্যোতিয়ে দেখোন এটা দিন তাক নেদেখিলেই তাইৰ মনটো শুকান শুকান লাগে।তাই প্ৰকাশক কয়…

‘আপোনাৰ যদি কিবা অসুবিধা হয় মোক জনাব,মই নিশ্চয় সহায় কৰিম।’

সি কয়…’ তুমি মোৰ কাৰণে কোনো চিন্তা কৰিব নালাগে,তুমি তোমাৰ কাম নিখুঁতভাৱে কৰি যোৱা যাতে সুখ্যাতিৰে একেবছৰে মেট্ৰিকৰ জপনাখন পাৰ হ’ব পাৰা।’

জ্যোতিয়ে সুধিলে…..’যদি নকৰোঁ?’

প্ৰকাশে কলে….

‘তেতিয়া আৰু তুমি মোক কেতিয়াও এইটো ৰাস্তাত দেখি নাপাবা।তাই উচপ খাই উঠিল আৰু নিজকে উপযুক্ত কৰি তুলিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ল।

প্ৰকাশে মৃদু কেঁকনি এটা মাৰি চকু মেলি দিলে,তাই উচপ খাই উঠিল ৷

‘তুমি বাৰু কিয় টোপনি খতি কৰি দেহাটোক শাস্তি দিব লাগে?মোক খাবলৈ অকণমান গৰম পানী দিয়া আৰু শুই থাকাগৈ যোৱা।জ্যোতি বহুত ৰাতি হ’ল নেকি?’

দিনৰ পিছত ৰাতি অবিৰত হৈ থাকিব যেনেকৈ আপোনাৰ বিৰামহীন অক্লান্ত অবিশ্ৰান্ত জীৱন চক্ৰ। নিৰৱ নিস্তব্ধ ৰাতি অসুস্থতাৰ মাজতে যৌৱনৰ নাতিশীতোষ্ণ বতাহজাকে যেন দুয়োৰে মন প্ৰাণ পুলকিত কৰি তুলিছে।দুয়োৰে মন পখিলাই যেন এটি মৃদু গুঞ্জন সৃষ্টি কৰি হৃদয়ৰ আঁৰে আঁৰে নাচিব লাগিছে। জ্যোতিৰূপাই মোবাইলত সময়টো চালে।বাৰ বাজি সাত মিনিট গৈছে।নীৰৱ নিস্তব্ধ ৰাতি।বাহিৰত দুটামান জিলিৰ  জিজিঅনি আৰু ভিতৰৰ বেৰত জেঠী এটাৰ টিক্ টিক্ শব্দই নিস্তব্ধতা ভঙ্গ কৰিলে।জ্যোতিয়ে কাইলৈ যিকোনো প্ৰকাৰে প্ৰকাশক ঘৰৰ কাৰখনতে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱাটো ঠিৰাং কৰিলে।সেই সময়ত প্ৰকাশ গভীৰভাবে নিদ্ৰাদেৱীৰ সুকোমল কোলাত।তাই প্ৰকাশৰ কপালত হাতখন দি চালে ,জ্বৰ নাই।নাভিটোৰ ওচৰত পেটটো চুই চালে  কিছু গৰম ভাব এটাৰ উপলব্ধি হ’ল।লাহে লাহে জ্যোতিৰূপাও  নিদ্ৰাদেৱীৰ সুকোমল কোলাত হেৰাই গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *