সোণৰ কণীপৰা হাঁহ-হৰিচন্দ্ৰ ডেকা

চয়নিকা তাইৰ নাম।দেখাই শুনাই যিদৰে মৰমলগা, কথা বতৰাও তাইৰ হিয়া শাঁতপৰা।দেউতাক জীৱন বৰুৱাৰ একমাত্ৰ সন্তান, মাক-দেউতাকৰ আলাসৰ লাৰু। বৰুৱা কলেজ এখনৰ অধ্যাপক ৷ মাকেও স্কুলত চাকৰি কৰিছিল।ছোৱালীজনীৰ লালন- পালনত প্ৰতিবন্ধকতা সৃষ্টি হোৱাৰ ভয়তে তেওঁ স্কুলৰ চাকৰি এৰি দিলে।জীৱন বৰুৱা মানুহজনে লিখা মেলা কৰে, অনবৰতে নিজৰ জগতখনতে থাকে ৷ পিছে জীয়েকৰ মৰমেহে তেওঁক বাহিৰৰ পৃথিৱীখনলৈ লৈ আহে।সহজ সৰলভাবে চলি থকা এখন সুখৰ সংসাৰ ৷ ছোৱালীজনীয়ে আই.আই.টিৰপৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত মাষ্টাৰ্চ কৰি পি. এইচ.ডি.কৰাৰ অপেক্ষাত ঘৰতে আছে ।দেউতাকৰ চাকৰি থাকোঁতেই ছোৱালীজনীক বিয়া দিবলৈ  বৰুৱানীৰ একান্ত আগ্ৰহ; কিয়নো তেতিয়া ভাল সম্বন্ধ এটা পাবলৈ সহজ হয়।ৰিটায়াৰ হোৱাৰ পিচত আগৰ সেই আভিজাত্যতা নাথাকে।এয়া পিছে বৰুৱানীৰ হে বিশ্বাস।জীৱন বৰুৱাৰ কথা হ’ল বাপেকৰ চাকৰি বা সামাজিক প্ৰতিষ্ঠাৰে তাই কিয় নিজকে পৰিচয় দিব ৷ নিজৰ এটা পৰিচয় গঢ়ি তোলক ছোৱালীজনীয়ে।ভাল বিষয় এটা লৈ আই. আই .টি হেন প্ৰতিষ্ঠানৰপৰা মাষ্টাৰ্চ কৰিছে।গৱেষণা কৰি ওলাই আহিলে তায়ো নিজৰ পৰিচয় নিজেই গঢ়ি তুলিব পাৰিব ৷ মাক দেউতাকেহে তেতিয়া তাইৰ পৰিচয়েৰে নিজৰ পৰিচয় দিয়াৰ দিন আহিব।

বিয়াৰ পিছতো তাই গবেষণা কৰিব পাৰিব, এইবোৰ কৰি উঠে মানে আৰু ছয় সাত বছৰ পাৰ হওক,তাইৰ বয়স দুকুৰি হ’বগৈ।——এয়া হ’ল বৰুৱানীৰ বিশ্বাস।অগত্যা সহকৰ্মী অধ্যাপক এজনৰপৰা তেওঁৰ ল’ৰালৈ চয়নিকাক বোৱাৰী কৰি নিয়াৰ প্ৰস্তাৱ অহাত কথাটো ঘৰত আলোচনা কৰিলে।

‘ল’ৰাটোক মই ভালদৰে জানো।দুবছৰে তাক মই পঢ়ুৱালোঁ।ইয়াৰপৰা ওলাই যোৱাৰ পিচতো প্ৰায়ে পাইছিলোঁ দেউতাকৰ লগত।তুমিও তাক দেখিছাই ; আমাৰ চয়নিকাৰ কাৰণে ভালেই হ’ব যেন লাগে।তোমাৰ যদি আপত্তি নাই চয়নিকাৰ লগত কথাটো আলোচনা কৰোঁ দিয়া।তাইৰ মতামত হে আচল কথা।’

নিশা খোৱা বোৱা কৰি উঠি ডাইনিং টেবুলতে মাকে পাতনি মেলিলে।কেইটামান মুহূৰ্ত চুপ হৈ চয়নিকাই তলমূৰকৈ কিবা অলপ ভাবিলে।তাৰ পাচত হঠাতে ’মোৰ বৰ টোপনি লাগিছে’——— বুলি একো মতামত নজনোৱাকৈ শুবলৈ গ’ল।বৰুৱানীৰ বুকুখনত কিহবাই চেৰেংকৈ মাৰিলে ৷ জীয়েকে ক’ৰবাত ল’ৰা ঠিক কৰি থোৱা নাইতো!তাইৰ পিছে পিছে গৈ শোৱনি কোঠাত তাইৰ বিচনাতে বহি ল’লে।

‘মা ! মই আগতে ল’ৰাটোৰ লগত কথা হৈ লওঁ।তাৰ পিচত তহঁতক ক’ম।’

‘তেতিয়াহ’লে সিহঁতক এদিন মাতি পঠিয়াওঁ?’

‘ফৰ্মেলিটি এতিয়া একো কৰিব নালাগে মা।আগতে তাৰ লগত কথা পাতি ল’বলৈ দিয়াচোন।’

চয়নিকাই ল’ৰাৰ লগত কি কথা পাতিলে বৰুৱা বৰুৱানীয়ে একো গম নপালে, কিন্তু কিবা এটা যে গুৰুতৰ ঘটিছে পিচদিনা কলেজত ল’ৰাৰ দেউতাক তথা সহকৰ্মী অধ্যাপকসকলে তেওঁক আলেঙে আলেঙে চাই কিবা আলোচনা কৰি থকা যেন পাই বৰুৱাৰ মনত বিভিন্ন চিন্তাৰ উদ্ৰেক হ’বলৈ ধৰিলে।যিজন বৰুৱাৰ লগত অধ্যক্ষয়ো সম্ভ্ৰমেৰে কথা পাতে,সেইজন মানুহৰ প্ৰতি তেওঁৰ সহকৰ্মীসকলৰ তাচ্ছিল্যৰ মনোভাৱ তেওঁ সহজভাৱে ল’ব নোৱাৰিলে।গধুৰ মন এটা লৈ আনদিনাতকৈ সোনকালে তেওঁ ঘৰলৈ উভতিল।পত্নীৰ লগত কথাটো আলোচনা কৰিবলৈ বুলি চাহৰ টেবুলত বহিল।পৰিবাৰৰ গোমা মুখ দেখিয়েই বৰুৱাই সকলো অনুমান কৰি ল’লে ৷

আচলতে কলেজত পঢ়ি থকাৰ আগৰপৰাই সীমান্তৰ লগত চয়নিকাৰ অগাধ বন্ধুত্ব ৷ এই বন্ধুত্ব পিচলৈ প্ৰেমলৈ ৰূপান্তৰিত হ’ল।চয়নিকা পঢ়াত চোকা হোৱাৰ বিপৰীতে সীমান্ত মজলীয়া বিধৰ।সি ভালদৰেই জানে যে কিবাকৈ বেচ্ছেলৰ ডিগ্ৰীটো ল’ব পৰিলেও ইয়াৰ পিচত সি আৰু আগলৈ উধাব নোৱাৰে ; চয়নিকাৰ পথ মসৃণ।বুদ্ধিমত্তা আৰু আৰ্থিক সহযোগিতা উভয়ে তাইৰ ক্ষেত্ৰত বিদ্যমান। আনহাতে সীমান্তৰ এই দুয়োটাৰে অভাৱ। দুয়োটা  পৰিয়ালৰ মাজত আৰ্থিক আৰু সামাজিক প্ৰতিষ্ঠাৰ আকাশ পাতাল পাৰ্থক্য ৷ এই বিয়াত বৰুৱা দম্পতীৰ সহযোগিতা পৰ্বতত কাছ কণী বিচৰাৰ লেখীয়া হ’ব। গতিকে সময়ত সি চয়নিকাক হেৰুওৱাটো স্বাভাৱিক। এই মনোভাৱে সীমান্তক বলীয়া কৰি পেলালে।আনহাতে তাৰ এই মনোভাৱ চয়নিকাক খুলি ক’বও নোৱাৰে।এই দোদুল্যমান অৱস্থাই তাৰ নিশাৰ টোপনি হৰণ কৰিলে ৷ দুয়ো পাছ কৰাৰ পিচত মাষ্টাৰ্চ কৰাৰ কাৰণে পৰীক্ষা দিয়াৰ পাল।সীমান্তয়ো তাইৰ হেঁচাত পৰীক্ষা দিছে যদিও তাৰ মনোভাৱ সুকীয়া। সি চয়নিকাক সন্তুষ্ট কৰিবলৈহে পৰীক্ষাত বহিছে,পাছ কৰিবলৈ নহয়।

‘চোৱা চয়নিকা ! মই চিট পালেও আমি যে দুয়ো একেখন ইউনিভাৰ্চিটিতে চিট পাম সেয়া আশা একেবাৰে কম ৷ দুয়ো দুঠাইত থাকি পঢ়িলে তুমি হয়তো মোক পাহৰি যাবা, নহয়নে?’

‘কি আজেবাজে চিন্তাবোৰ মূৰত সুমুৱাই লৈ আছা তুমি? ভাবিবলৈ আৰু কথা নোহোৱাই হ’ল নেকি?আই.আই. টি.ত যেনে তেনে দুয়ো চিট ল’ব লাগিব, বুজিছা।”

আই.আই.টি তাৰ কাৰণে আকাশকুসুম, সি গুৱাহাটী বা ডিব্ৰুগড় ইউনিভাৰচিটিৰ অধীনত কোনোবা এখন কলেজত চিট পালেই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰিব।আৰু পালেও সি নপঢ়ে।পঢ়াই তাক আমুৱাইছে। চয়নিকাক পোৱাৰ তাড়নাতহে সি ডিগ্ৰীটো ল’লে।

‘তুমি মোৰপৰা আঁতৰি গ’লে মই জীয়াই জীয়াই মৰি যাম চয়নিকা ৷ মই এক মুহূৰ্তও তোমাৰপৰা আঁতৰি থাকিব নোৱাৰোঁ ৷ মোৰ এই অৱস্থা তুমিহে দূৰ কৰিব পাৰিবা।’

‘মই তোমাৰ কাৰণে সকলো কৰিবলৈ সাজু আছোঁ, কোৱা কি কৰিব লাগিব?’

‘আমি দুয়ো ক’ৰ্ট মেৰেজ কৰি লওঁ৷’

‘তুমি সঁচাকৈয়ে বলীয়া হৈছা সীমান্ত ।এতিয়া পঢ়ি ওপৰলৈ যোৱাৰ কথা ভাবিব লাগে আৰু তুমি ভাবি আছা বিয়া-বাৰু পাতি সংসাৰ কৰাৰ কথা ৷ মা-দেউতাক মই এই কথা কেনেকৈ ক’ম এতিয়াই? তেওঁলোকৰ মনৰ আশা পূৰণ নকৰাকৈ মই এইবোৰ ভাবিবই নোৱাৰোঁ।’

‘মা দেউতাক কেলেই ক’বা এতিয়াই ; এয়া আমাৰ দুয়োৰো  মাজতে সীমাবদ্ধ থাকিব ৷ কেবল তুমি হা কৰিলেই হ’ল ৷ তাৰপাছত আমি দুয়ো নিশ্চিন্তমনে পঢ়ি থাকিব পাৰিম।’

চয়নিকাৰ কি হৈ গ’ল নিজেই ক’ব নোৱাৰিলে ৷ এদিন আদালতৰপৰা দুয়ো পতি-পত্নী বুলি চিল-মোহৰ মৰা দুখন চাৰ্টিফিকেট লৈ ঘৰলৈ উভতিল।জীৱন বৰুৱা আৰু পত্নীৰ আলাসৰ লাৰু চকুৰ পচাৰতে কেৱে নজনাকৈ আনৰ বোৱাৰী হৈ গ’ল ৷ অন্ধকাৰত থাকিয়েই দেউতাকে তাইক হোষ্টেলত ৰাখি মাষ্টাৰ্চ কৰাই আনিলে।

জীৱন বৰুৱা মানুহটো একেবাৰে সলনি হৈ গ’ল।আগৰে পৰা কম কথা কোৱা মানুহটোৱে এতিয়া পত্নীৰ লগতো দৰ্কাৰী কথাখিনিহে কোৱা হ’ল। যিজনী জীয়ৰীৰ অলপ সান্নিধ্য নাপালে বৰুৱাৰ পেটৰ ভোক নুগুছে , নিশা টোপনি নাহে সেইজনী জীয়েকক কেতিয়াও নেদেখা হ’ল। আগতে যিদৰে তিনিওজনে একেলগে পুৱাৰ জলপান খাইছিল, ঠিক তেনেকৈ  নিশাৰ আহাৰো খাইছিল কৰ্মব্যস্ত দিনটোৰ সুখ-দুখ পৰস্পৰৰ মাজত ভাগবতৰা কৰি।আজিকালি খাবৰ পৰত সান্নিধ্য দিবলৈ পত্নী ওচৰত বহিহে থাকে, বৰুৱাই অকলে খাই পঢ়া কোঠালৈ পোনে পোনে গুচি যায়, তাৰ পাচত কোনো মাত বোল নোহোৱাকৈ মাক জীয়েকে খাই নিজৰ নিজৰ কোঠালৈ যায় ৷ তিনিওটা গ্ৰহই যেনিবা নিজৰ দূৰত্ব বজাই ৰাখি  নিজ নিজ কক্ষপথত পৰিভ্ৰমণ কৰি আছে।

‘অ’ মা ! দেউতাৰ এই অৱস্থা মই আৰু চাই থাকিব নোৱাৰা হৈছো।মই ইয়াৰপৰাই গুচি যোৱাই সকলোৰে কাৰণে মঙ্গল হ’ব।’

‘দেউতাৰাৰ দুখ কোনখিনিত জান নে?তই কাক পছন্দ কৰিছ সেইটো ডাঙৰ কথা নহয়, তই যে আমাৰ অগোচৰে নিজেই নিজৰ বিয়াখন পাতি পেলালি তাতেই দুখ।ইমান আদৰেৰে ডাঙৰ কৰিলোঁ তোক, তোৰ প্ৰতি আমাৰ যাতে মৰমৰ কেতিয়াও অভাৱ নহয়, তাৰ কাৰণে দেউতাৰাৰ লগত আলোচনা কৰি মই মোৰ প্ৰিয় শিক্ষকতাৰ চাকৰিটোকে বাদ দিলোঁ ৷ সহকৰ্মীজনৰ ওচৰত কম লাজ পাইছেনে তেখেতে?এতিয়া মূৰ দাঙি মানুহজনে ক’তো ওলাব নোৱাৰা হ’ল ৷ ইয়াৰ কাৰণে তয়েই দায়ী নহয় জানো?’

‘মই কাইলৈ তোমালোকৰ ওচৰৰপৰা একেবাৰে গুচি যাম।মোক নেদেখিলে হয়তো দেউতাৰ কষ্ট অলপ হ’লেও লাঘৱ হ’ব।’

নিশা খাবৰ সময়ত পত্নীয়ে জীৱন বৰুৱাক চয়নিকাৰ সিদ্ধান্তৰ কথা ক’লে ৷ দুৱাৰৰ কাষত কাণপাতি শুনি থাকিল তাইক কিজানি দেউতাকে কয়েই…. 

‘এতিয়া তাইক ক’লৈকো যাব নালাগে বুলি ক’বা। পি. এইচ. ডি.টো  শেষ হ’লে মই সামাজিকভাৱে বিয়াখন পাতি দিম৷’

শেষ আশাকণতো চেঁচা পানী ঢালি দি  বৰুৱা নিমাতে নিজৰ কোঠাত সোমাল।পিচদিনা সঁচাকৈয়ে হাতত কাপোৰৰ সামান্য বেগ এটা লৈ চয়নিকা আড়ম্বৰবিহীনভাবে মফচলীয়া চহৰ এখনত থকা সীমান্তৰ ঘৰত সোমাল ন কইনা হৈ, অকল এযোৰ চুৰিদাৰ পিন্ধি।যাবৰ সময়ত দেউতাকক সেৱা এটা কৰি যোৱাৰ মন আছিল যদিও দুৱাৰ বন্ধ থকাত সেয়াও কৰিব নোৱাৰিলে বেচেৰীয়ে।

চয়নিকাৰ কাৰণেহে যেন বাট চাই আছিল সীমান্তৰ ঘৰখনে।অভাৱে জুৰুলা কৰা ঘৰ এখন দেউতাকৰ সামান্য পেঞ্চনেৰে কিবাকৈ চলি আছে।সিহঁতৰ নিচিনা ধনবান নহয় বুলি জানে যদিও ইমান অভাবী বুলি কল্পনাই কৰিব পৰা নাছিল চয়নিকাই।চাকৰিৰ আশা বাদ দি পৰিয়ালটোক আৰ্থিকভাবে সহায় কৰিবলৈ সীমান্তই ৰাজনৈতিক সভা-সমিতিৰ পেণ্ডেল দিয়া, দৰ্শক শ্ৰোতা হিচাপে মানুহ ভাড়া কৰি অনা আদিৰ সৰু-সুৰা ঠিকা কৰিবলৈ ল’লে। পি.এইচ.ডি.কৰাৰ সকলো সপোন জলাঞ্জলি দি চয়নিকাই ৰাজহুৱা প্ৰতিষ্ঠানবোৰত চাকৰিৰ কাৰণে লিখিত পৰীক্ষা ইটোৰ পিচত সিটো দি থাকিল ৷ অৱশেষত আগশাৰীৰ বেঙ্ক এটাত চাকৰি এটা পাই তাতেই মূৰটো গুজি দিলে। সীমান্তৰ পৰিয়ালটোলৈ যেন এতিয়াহে উশাহ ঘুৰি আহিল।নতুনকৈ জীপাল হৈ  উঠিল ঘৰখন ৷ যিমানে সীমান্তৰ ঘৰখনলৈ আশা কঢ়িয়াই আনিব পাৰিছে সিমানে চয়নিকাই মাক দেউতাকৰ মানসিক কষ্টৰ কথা ভাবি চটফটাবলৈ ধৰিছে। কৰোঁ নকৰোঁকৈ এদিন খবৰ এটা কৰোঁ বুলি মাকলৈ ফোন লগালে যদিও উত্তৰ আহিল —–’এই ফোন নম্বৰটো এতিয়া উপলব্ধ নহয় ৷’ 

চিৰদিনলৈ মনৰপৰা উলিয়াই দিবলৈ হয়তো মাক দেউতাকে ফোন নম্বৰেই সলনি কৰি দিলে ৷ বুকুখন কিহবাই হেঁচা মাৰি ধৰা যেন লাগিল চয়নিকাৰ।সীমান্ত আজিকালি বেপেৰুৱা হৈ পৰিল। মদ-ভাং খোৱা এতিয়ালৈ গম পোৱা নাই যদিও আগতে কিবাকিবি সৰু-সুৰা ঠিকা কৰি দুই চাৰি পইছা উপাৰ্জন কৰিছিল যদিও তাইৰ চাকৰিটো হোৱাৰ পিছত সেয়াও বাদ দিলে।নিশা এপৰতহে ঘৰ সোমায়হি।এতিয়া সি স্থানীয় পূজা কমিটি, বিহু কমিটি, সম্বৰ্ধনা সমিতি এইবোৰৰ স্থায়ী সম্পাদকৰ নিচিনা হৈ পৰিল।চয়নিকাই বেঙ্কৰ কাম শেষ কৰি কেতিয়াবা ঘৰ সোমাই মানে নিশা ১০-১১ বাজে ৷ ভাতৰ অপেক্ষাত শহুৰ-শাহু অধীৰ আগ্ৰহেৰে ৰৈ থাকে ৷ গাটো তিয়াই দিনটোৰ ভাগৰৰ কথা পাহৰি আটাইৰে কাৰণে ভাত ৰান্ধে।পুৱা আকৌ ৰন্ধা-বঢ়া কৰি উঠি ৯ বজাত যাবৰে হয় ৷ অৱশ্যে কেঁচুৱাটোৰ সম্পূৰ্ণ তদাৰক শহুৰ শাহুৱে কৰে ৷ তাক ডাঙৰ কৰাক লৈ চয়নিকাই অকণো কষ্ট পোৱা নাই ৷ মাক দেউতাকৰ ওচৰত চিৰদিনৰ কাৰণে এৰি থৈ অহা মৰম তথা তাইৰ সপোনৰ কথা মনত পৰিলে কেতিয়াবা চিঞৰি চিঞৰি কান্দিবলৈ মন যায়।এতিয়াও হয়তো ইচ্ছা কৰিলে কোনোবা ভাল প্ৰতিষ্ঠান এটাত এটা মৰ্য্যদাসম্পন্ন চাকৰিৰ কাৰণে পৰীক্ষা দিব পাৰে, নতুবা দেউতাকৰ সপোন পূৰ্ণ কৰিবলৈ পি.এইচ.ডি. কৰিব পাৰে।কিন্তু ইয়াৰ কাৰণে তাই প্ৰয়োজনীয় উৎসাহ নামৰ আচল বস্তুটোৱে হেৰুৱাই পেলালে।আটাইতকৈ ভালপোৱা নিজৰ মানুহজনেই তাইক উৎপাদনৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ পিছত একোতে বিশ্বাস নোহোৱা হৈ পৰিল।তাইক নিজৰ কৰি আৰ্থিক নিৰাপত্তা স্থায়ী কৰি  ল’ব পৰাটোতেই যে সীমান্তৰ আকাংক্ষাৰ শেষ সীমা আছিল, এতিয়া তাই সম্পূৰ্ণৰূপে বুজি উঠিছে ৷ দিনটো কামৰ ব্যস্ততাৰ  মাজত তাইৰ দুৰ্ভাগ্যৰ কথা পাহৰি থাকে যদিও ঘৰ সোমালেই এইবোৰ কেতিয়াও পাহৰিব নোৱাৰা চিন্তাই তাইৰ উশাহ বন্ধ কৰি পেলাব খোজে ৷ এই পৰিস্থিতিৰ পৰা যেনেতেনে উদ্ধাৰ পাব লাগিব ৷ ইয়াত থাকিলে তাইৰ উশাহ বন্ধ হৈ পৰিব ৷ বেঙ্কৰ পৰীক্ষা দি এবাৰতে তাই প্ৰমোচন পাই গ’ল।মাক দেউতাকক চোৱা-চিতা কৰাৰ সুযোগ ল’বলৈ এতিয়াও তাই সাহস গোটাব পৰা নাই যদিও একেখন চহৰতে থাকিব পাৰিলে মনৰ কষ্ট কিছু লাঘৱ হ’ব বুলি শৈশৱৰ চহৰখনলৈ বদলি হৈ গুচি গ’ল।তাইৰ প্ৰমোচনত সীমান্তও উৎসাহী হৈ পৰিল।

‘ভালেই হ’ল দিয়া। তাত বেঙ্কে তোমাক ডাঙৰ ঘৰ এটা দিব নহয় ৷ আমিও আটায়ে তালৈ যাব পাৰিম।এতিয়া সা-সুবিধাও তুমি আগতকৈ বেছি পাবা নহয়?’

কিছু মুহূৰ্ত চয়নিকাই তাৰফালে চাই থাকিল ৷ সঁচাকৈয়ে এইজনেই সেইজন সীমান্ত হয়নে, যিয়ে তাক প্ৰাণভৰি ভাল পাইছিল,তাইৰ সুখ দুখৰ অনবৰত খেয়াল ৰাখিছিল!সি বেয়াকৈ চয়নিকাৰ ওচৰত নিজকে উদঙাই দিলে।তায়ো সিদ্ধান্ত লৈ পেলালে।

‘নহয় সীমান্ত ! তুমি ভুল ভাবিছা ৷ মই মা-দেউতাৰ ঘৰত হে থাকিম ৷ তাত প্ৰকাণ্ড ঘৰটো এনেই পৰি আছে।’

‘তেতিয়াহলে ভালেই হ’ব দেখোন;এসময়ততো সেইবোৰ আমাৰেই হ’ব ৷ গতিকে আমিও তাতেই থাকিবলৈ লওঁ।’

‘আকৌ ভুল কৰিলা ৷ তোমাৰ মা দেউতাৰ সৈতে তুমি ইয়াতে থাকিবা ; মোৰ মা দেউতাৰ সৈতে মই তাত থাকিম। মাহে মাহে মই টকা পঠিয়াই থাকিম, যাতে তোমালোকে সুন্দৰভাবে চলি থাকিব পাৰা।কিন্তু এটা কথা মনত ৰাখিবা,ভুলতো যদি তুমি কেতিয়াবা তাত ভৰি দিয়া পিছদিনাই ডিভোৰ্চ নটিছ পাবা।তেতিয়া জানাই নিশ্চয় কি গতি হ’ব তোমালোকৰ।খাবলৈ নাপাই শুকাই মৰিবা।বৰং মই তোমাৰপৰা ক্ষতিপূৰণহে বিচাৰিম।কথাটো মনত ৰাখি কোনোদিনেই যাতে সেইখন চহৰত ভৰি নিদিয়া ৷ তুমি আশা কৰাধৰণে  মই সদায় এটা সোণৰ কণীপৰা হাঁহ হৈয়ে থাকিম, যদিহে  মোৰ মতে কৰি যোৱা।’

চয়নিকায়ো ঠিক কৰিছে, দেউতাক মাকৰ লগত নাথাকে, ওচৰতে ঘৰ এটা লৈ থাকিব যাতে তাইৰ দুখতে অকালতে বৃদ্ধ হৈ পৰা মাক দেউতাকক বিপদৰ সময়ত অলপ সহায়ৰ হাত আগবঢ়াব পাৰে ৷তাই মনতে ভাবিলে—-

‘তেওঁলোকে নিজেই গঢ়ি লোৱা সুখখিনি ময়েই কাঢ়ি আনিলোঁ, অথচ মোৰ নিজৰ সুখখিনিয়েই নোহোৱা হৈ গ’ল।’

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *