স্বীকৃতি- পূৰ্ণিমা শইকীয়া গগৈ

(১) স্বীকৃতি (অণুগল্প)

পুত্ৰৰ ধৰ্ম পালন কৰাত অকণো  কৃপনালি কৰা নাছিল সি। বৃদ্ধা মাতৃৰ সি  কণাৰ লাখুটিৰ দৰে আছিল ।

মাতৃৰ মৃত্যুৰ পিছত মুখাগ্নি কৰিবলৈ বৰ ইচ্ছা আছিল তাৰ। কিন্তু বিদেশৰ পৰা আহি বৰপুত্ৰই সেই কাম কৰিলেহি।

শ্ৰাদ্ধৰ সকলো আয়োজনত সি আগভাগ ললে। সকলোৰে আগতে চুলি খুৰালে সি।এই কেইদিন ব্যস্ততাৰ বাবে শ্ৰাদ্ধৰ নিমন্ত্ৰণী পত্ৰ খন চাবলৈ পোৱা নাছিল । হঠাতে চকু পৰাত পঢ়ি চালে সি।

নিমন্ত্ৰণী পত্ৰৰ কতো তাৰ নাম দেখা নেপালে । তেতিয়াহে তাৰ মনত পৰিল বাইশ বছৰৰ আগতে ৰেল ষ্টেচনৰপৰা আহি এইখন ঘৰত সোমোৱা সেই দিনটোৰ কথা।

(২)সম্পৰ্ক 

দুৰ্ঘটনাৰ খবৰটো পাই প্ৰশান্তৰ লগত ৰীতাও গৈছিল হস্পিতাললৈ  । হস্পিতালৰ বিচনাত চটফটাই থকা বিশালৰ কাষত ৰৈ থাকিল তাই। বৰ মন গৈছিল তাৰ মূৰটো মোহাৰি দিবলৈ। 

বিশালক বহুত বুজাইছিল দেউতাকে। কিন্তু তাৰ এটাই কথা, ৰীতাৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰে সি।

ৰীতাই চকুৰ পানী মোহাৰি ওলাই আহিল । তেনেতে ডাক্তৰে বিশালৰ অভিভাৱকক বিচাৰিলে। ৰীতাই প্ৰশান্তক নেদেখি নিজেই ডাক্তৰৰ ওচৰলৈ গল। ডাক্তৰে সুধিলে—

”আপুনি তাৰ মাক?”

”হয়।” 

ৰীতাই সৰুকৈ কলে। বিশালে যেন শুনা নেপায়।

ৰীতা বিশালৰ দেউতাক প্ৰশান্তৰ পত্নী ।কিন্তু তাৰ জন্মদাত্ৰী মাতৃ নহয়। ৰীতাই বৰ কষ্ট কৰিছিল বিশালৰ  মাক হবলৈ। কিন্তু তাই ‘মা’ হব নোৱাৰিলে।

3 Comments

  • মিতালী ভাগৱতী

    খুব ধুনীয়া হৈছে গল্পদুটা

    Reply
    • Purnima Saikia Gogoi

      অশেষ ধন্যবাদ জনালো

      Reply
  • ৰাজু কুমাৰ নাথ।

    দুয়োটাই বৰ হৃদয়ষ্পৰ্ষী।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *