হতাশাগ্ৰস্ততা(Depression)-ডাঃ ধ্ৰুৱজিত বড়ো

মানসিক ৰোগ আমাৰ জীৱনৰ বৰ্তমান সময়ৰ এটা অতি গুৰত্বপূৰ্ণ বিষয় হৈ পৰিছে।কিয়নো এই বিষয়টোৰ সম্পৰ্কত সম্যক জ্ঞানখিনি আমাৰ বেছিভাগৰে নাই , লগতে এই ৰোগ সম্পৰ্কে সমাজত বহুতো ভুল ধাৰণাই তাহানিৰ দিনৰেপৰাই চলি আহিছে। যাৰ ফলস্বৰূপে আমি বহুতেই সঁচৰাচৰ এই ৰোগ বোৰৰ প্ৰতি অৱহেলা কৰা পৰিলক্ষিত হয়। 

আমি বেছিভাগ লোকেই আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ পৰিধিটো আমি এতিয়াও ভালদৰে উপলদ্ধি কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ সমাজত চলি অহা কিছুমান ভুল ধাৰণা কিম্বা উৰাবাতৰি।

আমাৰ চকুত এতিয়াও মানসিক ৰোগ মানেই হৈছে “পগলা” অথবা “বলিয়া” , যাৰ গন্তব্যস্থান কেৱল “পগলা ফাটেক”।আমাৰ বাবে মানসিক ৰোগ এটি কলংক , যেন ই এক পূৰ্বজন্মৰ কোনো পাপ-কৰ্মৰ ফলহে। আমি ভাবোঁ আমাৰ মানসিক ৰোগ কেতিয়াও হ’ব নোৱাৰে , কাৰণ আমি বহুত সুস্থ ব্যক্তি। কিন্তু আজিৰ দিনত বহু অধ্যয়ন আৰু  গৱেষণাৰ অন্তত এই সকলোবোৰ বিশ্বাস ভুল বুলি প্ৰতিপন্ন হৈ উঠিছে।

মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আমি এতিয়াও ভালদৰে বুজি উঠা নাই যদিও পশ্চিমীয়া দেশবোৰত ইয়াক শীৰ্ষস্থানত ৰখা দেখা যায়। পশ্চিমীয়া দেশবোৰত প্ৰতিজন লোকৰ নিয়মিত মানসিক স্বাস্থ্যৰ পৰীক্ষা বাধ্যতামূলক কৰা পৰিলক্ষিত হৈছে। 

অতি সাধাৰণভাৱে যদি ক’বলৈ যাওঁ, তেনেহলে ক’ব লাগিব যে আমাৰ মস্তিষ্ক অথবা ব্রেইনটো আমাৰ এনে এটা অংগ, যিটো অংগই আমাৰ দেহৰ আন সকলোবোৰ অংগ-প্ৰত্যংগক  নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ আমাৰ heart, liver, kidney, nerves ইত্যাদিবোৰক।এতিয়া এই প্ৰধান অংগটোৰেই যদি বেমাৰ হয় , তেনেহ’লে ভাবি চাওক, আমাৰ দেহৰ আনবোৰ অংগই স্বাভাৱিক কামবোৰ (functions) কৰিব পাৰিব জানো?  আৰু মানৱ দেহৰ এটি অংগ হিচাপে মস্তিষ্কৰ বেমাৰ হোৱাটো তেনেই সাধাৰণ কথা নহয় জানো?

অথচ , লিভাৰটোৰ(liver) বেমাৰ হ’লে ডাক্তৰ বিচাৰি যোৱা লোকজনে বা kidney ত stone হ’লে ডাক্তৰজনৰ ওচৰত যোৱা লোকজনে , মস্তিষ্ক বা ব্ৰেইনটোৰ বেমাৰ হ’লে হয়তো ধৰিব নোৱাৰে নাইবা ডাক্তৰৰ  ওচৰলৈ যাবলৈ বেয়া পায় নাইবা পৰিয়ালৰ লোক সকলেও লজ্জিত অনুভৱ কৰে।

যি কি নহওঁক,এনেবোৰ ভাৱধাৰা এতিয়া সলনি কৰিবৰ হ’ল , কিয়নো আনবোৰ ৰোগৰ দৰে মানসিক ৰোগবোৰো এটি এটি ৰোগ আৰু এইবোৰৰ সম্পূৰ্ণ চিকিৎসা এতিয়া উপলব্ধ আৰু চিকিৎসাৰ সহায়ত এজন মানসিক ৰোগীয়েও সম্পূৰ্ণ স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে।

মানসিক ৰোগ মানে ই কেৱল বলিয়া বা পগলা নহয়। মানসিক ৰোগ বিভিন্ন ধৰণৰ আছে ,বিভিন্ন প্ৰকাৰৰ আছে। তাৰে ভিতৰত আজি আমি এনে এক ৰোগৰ কথা আলোচনা কৰিবলৈ ওলাইছো, যিটোৱে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই শীৰ্ষ স্থান দখল কৰি আছে । ই হৈছে “বিষাদগ্ৰস্ততা” যাক আমি ইংৰাজীত “depression” বুলি কওঁ । বৰ্তমানৰ যান্ত্ৰিক যুগত বাঢ়ি অহা প্ৰতিযোগিতামূলক জীৱন শৈলীৰ ফলশ্ৰুতি হিচাপে হওক নাইবা আন আন কাৰণবোৰৰ বাবেই হওক “depression” আমাৰ সমাজত অতিকৈ common হৈ পৰিছে। কিন্তু সম্যক জ্ঞানৰ অভাৱৰ বাবেই বহু লোকে তেনেদৰেই কষ্টৰ মাজেৰে জীৱন-নিৰ্বাহ কৰি আছে আৰু বহুতো লোকে আত্মহত্যাৰ দৰে  চৰম পন্থাও গ্ৰহণ কৰি আহিছে , যাৰ বাবে বহুতো আত্মীয় লোক আমি সময়ে সময়ে হেৰুৱাই আহিছোঁ।এক সমীক্ষাৰ মতে, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় ৮,০০,০০০ লোক আত্মহত্যাৰ বলি হয়।কেৱল ভাৰতবৰ্ষতেই ২০২১ চনত আত্মহত্যাৰ সংখ্যা আছিল প্ৰায় ১,৬৪,০৩৩ যিটো যোৱা ৫ দশকৰ তুলনাত ভাৰতত সৰ্বাধিক বুলি পৰিগণিত হৈছে। এই আত্মহত্যাবোৰৰ প্ৰধান কাৰণটোৱে হৈছে বিষাদগ্ৰস্ততা বা depression। গতিকে এই ৰোগবিধক ভালদৰে হৃদয়ঙ্গম কৰাটো অতিকৈ প্ৰয়োজনীয়। 

বিষাদগ্ৰস্ততা নো কি ?

বিষাদগ্ৰস্ততা বা depression এক ধৰণৰ মানসিক ৰোগ।ই সমাজৰ এটা অতিকৈ common ৰোগ।ই ধনী-দুখীয়া, সৰু-ডাঙৰ , পুৰুষ-মহিলা সকলোৰে গাত দেখা দিব পাৰে। 

লক্ষণ সমূহ:——

১) মন বেয়া লাগি থকা

২) একো কৰিবলৈ মন নোযোৱা

৩) আগতে ভালপোৱা কামবোৰ কৰি ভাল নলগা হোৱা

৪) মনৰ স্ফূৰ্তি ভাৱবোৰ কমি যোৱা

৫) নিদ্ৰাহীনতা

৬) ভাগৰ ভাগৰ অনুভৱ কৰি থকা

৭) কোনো কামত মন বহুৱাব নোৱাৰা হোৱা

৮) জীৱনৰ প্ৰতি অনীহা অহা

৯) ঋণাত্মক চিন্তাধাৰাবোৰ বেছিকৈ আহিব ধৰা

১০) জীৱনটো শেষ কৰি দিয়াৰ কথা মনলৈ অহা

ইত্যাদি।

অৱশ্যে এই লক্ষণবোৰৰ পৰিমাণ আৰু  কিছুমান সময় সীমাও আছে, যিবোৰৰ ওপৰত ভিত্তি কৰি depression ৰ বিভিন্ন প্ৰকাৰ আছে আৰু সেই হিচাপে ইয়াৰ চিকিৎসা ব্যৱস্থাও উপলব্ধ। 

কাৰণসমূহ :——

Depression ৰ কাৰণ বুলি ক’বলৈ গ’লে প্ৰথমেই আমি ক’ব লাগিব বংশগত কাৰণৰ কথা।অন্যান্য মানসিক ৰোগবোৰৰ নিচিনাকৈয়ে depression ৰোগবিধো বংশগত হিচাপে আমাৰ মাজলৈ আহিব পাৰে। গতিকে, কাৰোবাৰ বংশত যদি কোনোবা এই ৰোগবিধৰদ্বাৰা আক্ৰান্ত হৈছিল,তেনেহ’লে তেনে বংশৰ লোকসকল সজাগ হৈ থকাটো প্ৰয়োজন ।

দ্বিতীয় কাৰণটো হৈছে মানসিক চাপ।অত্যাধিক মানসিক চাপৰ ফলত কেতিয়াবা আমাৰ মস্তিষ্কৰ ভিতৰত থকা কিছুমান হৰমন (hormone)  বা নিউৰ’ট্ৰেন্সমিটাৰ(neurotransmitters) বোৰৰ পৰিমাণৰ তাৰতম্য ঘটে। এনে তাৰতম্য ঘটাৰ ফলত depression এ দেখা দিব পাৰে।

তৃতীয়তে হৈছে মাদকদ্ৰৱ্য সেৱন। জীৱনত কেতিয়াবা আমি কু-সংগত পৰিয়েই হওক বা বেলেগ কাৰণতে হওক,কেনেবাকৈ যদি মাদক দ্ৰব্যৰ সংস্পৰ্শলৈ আহোঁ, আৰু যদি অত্যাধিক পৰিমাণে সেৱন কৰিবলৈ লওঁ আৰু  পিছলৈ গৈ যদি আমি মাদক দ্ৰৱ্যবিধ খাবলৈ নাপাওঁ,তেতিয়াও depression ৰ লক্ষণসমূহ দেখা পোৱা যায়।

তদুপৰি অন্যান্য কিছুমান কাৰণটো depression দেখা দিব পাৰে।যেনে জীৱনত কেতিয়াবা খুব বেছিকৈ আঘাত পোৱাৰ ফলত,নিজৰ কোনো ঘনিষ্ঠ ব্যক্তিক হেৰুওৱাৰ ফলত,নিজৰ আশাপ্ৰদভাৱে ফল নোপোৱাৰ ফলত, ইত্যাদি ।

চিকিৎসা:

Depression ৰ চিকিৎসা আজিৰ দিনত অতি সহজে উপলব্ধ। ইয়াৰ বাবে কেৱল দৰকাৰ আমাৰ মাজৰ সজাগতা।সজাগতাৰ অভাৱৰ বাবেই বহু লোক উপযুক্ত চিকিৎসাৰ অভাৱত ভুগি থকা দেখা যায় আৰু বহুলোকক আত্মহত্যা কৰাও দেখা যায় । National mental health program ৰ অধীনত আজিকালি প্ৰতিগৰাকী চিকিৎসকক এই ৰোগবিধৰ বাবে বিশেষ training program ৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ দৰৱ সমূহো সহজে উপলব্ধ কৰোৱা হৈছে।গতিকে উপৰোক্ত লক্ষণ সমূহ যদি দেখা দিয়ে,পলম নকৰাকৈ ডাক্তৰৰ ওচৰ চপাটো বাঞ্চনীয়।

2 Comments

  • বন্দিতা জৈন

    ভাল লাগিল।

    Reply
  • Kumkum sarmabaruah

    অতি দৰকাৰী প্ৰবন্ধ। বহুতো কথা শিকিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *