ৰং নাম্বাৰ:মূল: মহাশ্বেতা দেৱী, অনুবাদ-উপাসা ভাগৱতী

ৰাতি এক বাজিছে ৷ তীর্থবাবুৰ টোপনি ভাঙি গ’ল ৷ টেলিফোন বাজিছে।মাজৰাতি টেলিফোন বাজিলে কিয়  ইমান ভয় লাগে বাৰু ?

: হেল্ল’।শুনক, হস্পিতালৰ পৰা কৈছো ,অপোনালোকৰ পেচেন্টৰ এইমাত্ৰ মৃত্যু হৈছে ৷ হেল্ল’ ৷

: আমাৰ পেচেন্ট?হস্পিতালতটো আমাৰ কোনো পেচেন্ট নাই।আপোনাৰ নম্বৰ?

: ৰং নাম্বাৰ ! থৈ দিয়ক।

: ৰং নাম্বাৰত ফোন কৰে কিয় ? ৰং নাম্বাৰত?

তীর্থবাবুয়ে ফোনটো নমাই থলে ৷ ভয় কৰে।ভীষণ ভয় কৰে।

: হঠাৎ ফোনটো বাজি উঠে কিয় ? কিয় ইমান ৰং নাম্বাৰ হয়?

সবিতাই সুধিলে।

আজি বহুদিন হৈ গ’ল সবিতা বা তীর্থবাবু কোনেও ৰাতি টোপনি নাযায়।ঠিক বাৰ বজাত তীর্থবাবুয়ে এটা টোপনিৰ বড়ি খাই লয় ৷ খাই উঠিয়েই চকু মুদি শুই মনটো চিন্তাশূণ্য কৰি পেলাবলৈ চেষ্টা কৰে।

নোৱাৰে।একোৱেই কৰিব নোৱাৰে তীর্থবাবুৱে।তেওঁৰ চেতনা আৰু অৱচেতনা , প্ৰথম স্তৰৰ চেতনা আৰু অতল স্তৰৰ চেতনা,প্ৰত্যেকটিৰ মাজেৰে থিয় থিয় দেৱাল উঠি যায়।দেৱালবোৰৰ গাত প’ষ্টাৰ আঠা লাগি থাকে ৷

দীপঙ্কৰৰ ছবি।শৈশৱৰ দীপঙ্কৰ ,মূৰ লৰাই, শিশুসুলভ চেহেৰাৰ।মেট্ৰিক পাছ কৰা দীপঙ্কৰ।গ্ৰেজুৱেট দীপঙ্কৰ। ওখ, কৃশকায় ,ভাবুক আৰু শান্ত চেহেৰা ৷

দীপঙ্কৰ ! তীর্থবাবুৰ একমাত্ৰ ল’ৰা ৷ সন্তান, মানুহে সন্তান কিয় বিচাৰে? কিয় ভালপায় সন্তানক তীর্থবাবুয়ে নিতৌ এই প্ৰশ্নটো নিজকে কৰে।

 তাৰপিছত টোপনি আহে।গাঢ়,অথচ অস্বস্তিত আতঙ্কত বিপর্যস্ত টোপনি।সবিতা বোধহয় তেতিয়াও টোপনি যোৱা নাই ৷ সেইবাবেই তাই সুধিলে ,’

: কাৰ ফোন?

 : ৰং নাম্বাৰ ৷

  : ক’ৰপৰা কৰিছিল ?

: হস্পিতালৰপৰা?য়ে ৰাম আমাৰ ফোন আছিল যদি?

 : পাগলামি নকৰিবা সবু ৷ দীপু নীৰেনৰ ওচৰত আছে তুমিতো জানাই।তাৰপৰা নীৰেনে তাক দিল্লীত ভর্তি কৰি দিবলৈ চেষ্টা কৰিছে ৷সকলো জানিও পাগলামি কৰা কিয়?

: নীৰেনৰ ওচৰত যদি আছেই ,তেতিয়াহলে দীপুয়ে চিঠি নিলিখে কিয়?নীৰেনেই বা কিয় মোলৈ  চিঠি নিলিখে? তুমি কি ভাবিছা মই কন্দা-কটা কৰিম ? দৌৰি যাম নীৰেনৰ ওচৰলৈ ?’

: সবু অস্থিৰ নহবা।

: মোৰ যে ভাৱ হয় দীপু নীৰেনৰ ওচৰত নাই জানা? নীৰেনে ইচ্ছা কৰি মোক একো কোৱা নাই?

: মনে মনে থাকা সবু , নাকান্দিবা ৷ সকলো ঠিকে আছে ৷ তুমিতো জানাই দীপুৰ পলাই থকাৰ কোনো কাৰণ নাই।

 : তেন্তে সি নাহে কিয়?

 : সবু ,অসুখে অসুখে থাকি থাকি তুমি অবুজ হৈ পৰিছা।দিনকাল বেয়া,এই অঞ্চলটোও ভাল নহয় সেইবাবেই সি নাহে ৷

সবিতাই এই সময়ত কান্দিবলৈ আৰম্ভ কৰিলে ৷ লাহে  লাহে ,গুজৰি গুমৰি ৷

কান্দি কান্দি এটা সময়ত সবিতা টোপনি গ’ল ৷ তীর্থবাবুৰ টোপনি অহা দেৰি হয় ৷ কি যে হৈ গ’ল দেশখনৰ অৱস্থা।আচ্ছা ,ৰোগী যদি মৰি যায়  তেতিয়া টু-থ্ৰি এক্সেচেঞ্জৰ নম্বৰ দিলে ফোৰ চেভেনত ফোন কৰিবিনেকি তহঁতে?ৰং নাম্বাৰ।যাৰ ৰোগী ,তেওঁলোকৰ মনৰ অৱস্থা কি হয় বাৰু?

নতুবা হয়তো একো অৱস্থাই নহয় ৷ আজিকালি হেনো সকলোৱেই কুৰুক্ষেত্ৰৰ অর্জুন ,চুড়ান্ত নির্বিবাদে মৃত্যুক গ্ৰহণ কৰে ।লাচ হেনো বিছনাতেই পৰি থাকে।খৰচ বচাবৰ বাবে আত্মীয়বোৰ গুচি যায় , আৰু নাহে।ঠাণ্ডা গুদামত পৰি ৰয় দেহ ৷ চাবলৈ কোনোবা নহা পর্যন্ত ৷

তীর্থবাবুয়ে ভয় কৰে ।কেৱল ভয় কৰে।এই এখন তেওঁ অন্য কলকতাত বাস কৰিছে ,অন্য পশ্চিমবঙ্গত।দেখাত ভাৱ হয় সেইখনেই চহৰ ।সেই গড়ৰ সুবিস্তীৰ্ণ ক্ষেত্ৰ – মনুমেন্ট-ভবানীপুৰ – আলিপুৰ-চড়কদাঙ্গাৰ প্ৰান্ত ! সেই অষাঢ়ৰ ৰথৰ মেলা – চ’তত কালিঘাটৰ গাজন উৎসৱ– মাঘত বৰদিনৰ আলোকসজ্জা ৷

সেই চহৰ নহয়।এইখন এখন ভুল চহৰ।ৰং চিটি ৷ ভুল ট্ৰেনত উঠি ভুল চহৰলৈ আহিল তীর্থবাবু।

ন’হলে, সবিতাক কোৱা সকলোবোৰ প্ৰবোধ দিয়া কথা পাহৰি গৈ তীর্থবাবুয়ে ভাবে , নহলে দীপঙ্কৰে চিঠি নিলিখে কিয়?কিয় নীৰেনে দীপঙ্কৰৰ খবৰ নিদিয়ে?

কিয় , কিয় সন্তান বিচাৰে মানুহে ,কিয় ভালপায় আত্মজক,অত্মজাক ? মৃত্যুত মুখাগ্নি কৰিব বুলি ? ৰং এনচাৰ ৷ যিমানদিন জীৱিত আছে সিমানদিনেই সন্তানক বিচাৰে তীর্থবাবুয়ে।ওচৰতে থাক তই ,কাষতে থাক। আমাৰ জ্বালা-যন্ত্ৰণা ল,ভাগ ল ৷ আমাৰ লগত এক হৈ যাবলৈ শিক ৷

 ৰং হোপ !

ক’ৰবাত এটা এক্সচেঞ্জ আছে যেন ,এই চহৰত ক’ত আছে এই এক্সচেঞ্জ ? কোনে তাত বহি তীর্থবাবুক কেৱল কৈছে ৰং নাম্বাৰ।ৰং চিটি ,ৰং হোপ !

কোন তেওঁ?ক’ত সেই অদৃশ্য অপাৰেটৰ? অপাৰেটৰজনক দেখা পোৱা নাযায় কিয় ?

ভাবি ভাবি তীর্থবাবু টুপুক কৈ টোপনিৰ ভিতৰলৈ  ডুবি যায়।এই ধৰণেৰে চলি থাকে দিনৰ পিছত ৰাতি ,সোমৰ পৰা ৰবি ,ৰাতিপুৱাৰ পৰা সন্ধিয়া ৷ ৰাতিবোৰক ভয় কৰে তীর্থবাবুয়ে,কিয়নো টোপনিৰ মাজত কেৱল  শাৰী শাৰী দেৱাল তেওঁ দেখিবলৈ পায় ৷

দেৱালত দীপঙ্কৰৰ মুখ অঁকা থাকে ৷ টোপনিৰ মাজেৰেই তীর্থবাবুয়ে ভাবি থাকে তেতিয়াহলে কি মনোজৰ ওচৰলৈ যাব নেকি ? মনোজ তেওঁৰ বন্ধু ,মনৰ ৰোগৰ ডাক্তৰ।তীর্থবাবুৰ নিশ্চয়েই অসুখ হৈছে ৷ তোমাৰ অসুখ হৈছে তীর্থ ৷

মনোজে ৰায় দিলে ৷ তীর্থবাবুৰ শুকান মুখ ,কাতৰ চাৱনি আৰু বাৰে বাৰে কপালৰ ঘাম মচাৰ চেষ্টা তেওঁ লক্ষ্য কৰিছিল ৷

: কি অসুখ ?

: নার্ভৰ ৷

: নার্ভ দেখোন মোৰ ভালেই মনোজ !

: তোমাৰ চিন্তাবোৰ অলীক।

: অলীক!

: তুমি কি কৈছিলা তুমি নিজেই শুনা।

মনোজে টেপ ৰেকর্ডাৰ চলাই দিলে ৷ মনোজে ৰোগীবোৰৰ স্বীকাৰোক্তি টেপ কৰি থয় ৷ তাৰপিছত বিচাৰ কৰে ৷ ৰায় দিয়ে ৷ তীর্থবাবুয়ে ৰেকর্ডাৰটো দেখি মনে মনে টকাৰ অঙ্কটো হিচাপ কৰিছিল ৷ এতিয়া এটা কাতৰ আৰু সৰু মাত শুনিবলৈ পালে ৷

: মোৰ ভাৱ হয় ঘৰটো মোৰ নহয় ৷ কৰাঘাত কৰিলে কোনেও দৰজা নুখুলিব – কিয়নো মই ৰং এদ্ৰেচত আহিছো।পথে -ঘাটে চলি থাকি থাকি মোৰ কেৱল ভাৱ হয় কলকাতা এতিয়া কলকাতাত নাই।বাহিৰৰ ঘৰ-দুৱাৰ ,দূৰৰ গড়ৰ বিস্তীৰ্ণ প্ৰান্তৰ-মনুমেন্ট সকলো অন্য এখন চহৰৰ লগ হৈ কলকতা উধাও হৈ গৈছে।ভাৱ হয় ইটচ এ ৰং চিটি ! কোনো প্ৰয়োজন নাই তথাপি এটাই  কাৰণত সেই কলকাতাত নিজকে বিশ্বাস  জন্মাবৰ বাবে সেইদিনা  কাওৰাতোলা গৈছিলোঁ ৷ দেৱালৰ লেখাবোৰ  পঢ়োতে বুজিব পাৰিলো মই ভুল ঠাইলৈ আহিছো ৷ সেইদিনা মই স্বপ্ন দেখিছো ….

টেপৰেকর্ডাৰটো ৰখাই দিলে মনোজে ৷ তীর্থবাবুৰফালে চালে ৷ কলে —-

: কি সপোন দেখিছ তীর্থ?

: মই ক’ব নোৱাৰিম।

: কি সপোন?

: মোক নুসুধিবা মনোজ,মোক নুসুধিবা ৷ সপোনটো মই মাজে মাজে দেখি থাকো।

: সেইবাবেই মোৰ জনা দৰকাৰ।

: নালাগে মনোজ।

: তুমি সুস্থ তীর্থ।স্বাভাৱিক,অসুস্থ হোৱা স্বাভাৱিক …

: কিয়?মোৰ বাবে অসুস্থ হোৱা স্বাভাৱিক কিয়?

: তোমাৰ ল’ৰাটো……

: মোৰ ল’ৰা কি ?

: ঘৰত নাই৷

: মনোজ , মই নাজানো কোনে তোমাক কি কৈছে ৷ মোৰ ল’ৰা দীপঙ্কৰ ৷ কাজিন নীৰেনৰ ওচৰত আছে লক্ষ্ণৌত ৷ তাৰপৰাই দিল্লীত পঢ়িব দীপঙ্কৰে।

: গড!

মনোজে যেন যন্ত্ৰণা আৰু দুঃখেৰে কথাটো ক’লে। ভিতৰৰপৰা এটা দীৰ্ঘনিশ্বাস কাঢ়ি উঠিল।তীৰ্থ, তেওঁলোকৰ সময়ৰ সকলোতকৈ ঠাণ্ডা মগজুৰ ভাল ল’ৰাটোৰ এয়া কি ধৰণৰ হৈ গ’ল?

: গড !

মনোজে খচখচকৈ ঔষধৰ নাম লিখিলে ৷ কাগজখন ছিঙি পেলালে , তাৰপিছত এটা ঔষধৰ চিচি দিলে তীর্থবাবুক ৷

ক’লে—-

: ৰাতি এটা খাবা তীর্থ।টোপনি হ’ব।

: দিয়া।

তীর্থবাবুয়ে ঔষধৰ চিচিটো ল’লে ৷ বাহিৰলৈ আহিল ৷ মনোজে দৰজা পর্যন্ত আগুৱাই আহিল ৷ তাৰপিছত ক’লে –

: বসু তোমাৰ ওচৰলৈ আৰু যোৱা নাই নহয়?

: নাই ,কিয়?

: সি আহিলে মই ঘৰৰ ভিতৰলৈ সোমাবলৈ দিম বুলি ভাবিছা নেকি?সবিতাক সকলো আজে বাজে কথা কিছুমান কেৱল কৈ যায়।

তীর্থবাবু ওলাই আহিল তেতিয়া সন্ধ্যা নামিছে ৷

নে ৰাতিপুৱা ? ৰাস্তাত গন্দাই গন্দাই মানুহ।নে জনশূণ্য পথ?

নির্জন পথ – মেঘাবৃতা ৰজনী …. কুৱঁলীৰে ভৰা ঝাঞ্চা — জয়সিংহই  চুৰিখনত শান দিছে ৷ ৰবীন্দ্ৰনাথৰ কিতাপখনৰ বর্ণনাখিনি তীর্থবাবুৰ বৰ ভাল লাগিল ৷

দীপঙ্কৰৰ পাঠ্য আছিল ‘ৰাজৰ্ষি’৷

তীর্থবাবুয়ে বুজিব পাৰিলে তেওঁৰ চকুৰে পানী টপটপকৈ পৰিছে ৷

সন্তানবোৰ এতিয়া ঘাতক,ঘাতক সিহঁত ৷ পিতৃ-মাতৃক প্ৰতিনিয়ত হত্যা কৰি থাকে।তীর্থবাবুয়ে ঔষধৰ চিচিটো সযত্নেৰে লৈ যাবলৈ ধৰিলে ৷ যেন অলিম্পিকৰ পবিত্ৰ অগ্নিশিখাহে লৈ গৈছে ৷

আজি ৰাতি শুই শুই তীর্থবাবুয়ে সেই সপোনটো পুনৰ দেখিলে।শুয়েই দেখিলে চৌৰঙ্গী ৰোডটোৰ দুয়োকাষে লাখ মানুহ থিয় হৈ আছে ৷ তেওঁলোক সকলো নিশ্চল। পথৰ দুয়োকাষে ডাঙৰ ডাঙৰ বগা উজ্জ্বল পোহৰ। পথৰ মাজখিনি ৰক্তাক্ত।সেইখিনিত থিয় হৈ এগৰাকী প্ৰৌঢ়া ৰমণী বিশৃংখল চুলিৰে ৰৈ আছে, বুকুত হাত চপৰিয়াই প্ৰবীৰ!প্ৰবীৰ!বলেৰে বিলাপ কৰিছে।ছোৱালীজনীক দেখি তীর্থবাবুয়ে বুজিব পাৰিলে তেওঁ পুৰাণৰ সেই জনা ৷

         দূৰে –দূৰে –ভীষণ প্ৰান্তৰে

         মৰুভূমিত –দুৰন্ত শ্মশানত –

         ইয়াত তোৰ নাহি স্থান ৷

         দুর্গম কান্তাৰে , তুষাৰ—মাজেৰে ,

         পর্বত শিখৰলৈ ব’লা ৷

         ব’লা পাপ ৰাজ্য ত্যেজি,

         পতি তোৰ পুত্ৰঘাতী অৰাতিৰ সখা,

         বলা পুত্ৰ-শোকাতুৰা—

ৰমণীগৰাকীয়ে আকাশ ফাটি যোৱাকৈ চিঞৰিছে।এই সময়তে ড্ৰপ পেলাই দিয়া।ঘণ্টা বজোৱা! কৈ কৈ কোনোবাই চিঞৰি উঠিল ৷ কোনে ক’লে এইখন মহিষ্মতীপুৰ নহয়।গুচি যোৱা।

তৎক্ষণাৎ তীর্থবাবুয়ে ক’বলৈ গ’ল- চি ইজ ইন দা ৰং চিটি! কিন্তু ঘণ্টা বাজিবলৈ আৰম্ভ কৰি দিলে।

ঘন্টা বাজিছে।ফোনো বাজিছে।

তীর্থবাবু উঠি বহিল।টেলিফোন মানুহে ৰাখে কিয়? ভাড়া দিওঁতেই জিভা বাহিৰ হৈ যায়,তেতিয়া মৃত্যু যন্ত্ৰণা  উঠি যায়।

তীর্থবাবুয়ে ৰিচিভাৰ তুলিলে ৷

: ফৰ চেভেন…..নাইন?

ঠিক এই নাম্বাৰটোৱেই তীর্থবাবুৰ সন্মুখৰ টেলিফোনটোৰ গাত লিখা আছে ৷ তীর্থবাবুয়ে কলে…

: নৌ।

: এইটো তীর্থঙ্কৰ চেটার্জিৰ ঘৰ নহয় জানো !

: নৌ।

: তীর্থবাবু, মই ! বসু ৷ হয়, সেইদিনা যে কথা হৈছিলোঁ।…দূৰৰ ৰেল লাইনৰ ওচৰৰ বডিটো, হয় দীপঙ্কৰৰেই। ডাইড অফ ইনজিওৰিচ।আপুনিতো নাহিল আৰু! বডি হেজ বীন ক্ৰিমিটেড ৷ হেল্লো , শুনিবলৈ পাইছেনে ?’

: নাই।

: এইটো তীর্থঙ্কৰ চেটার্জিৰ ঘৰ নহয় !

: নহয়।

: এইটো ফৰ চেভেন…নাইন নহয়?

: নহয়, ৰং নাম্বাৰ।

তীর্থবাবুয়ে ফোনটো নমাই থলে ৷ কি ভাবি জানো ৰিচিভাৰটো ক্ৰেদেলৰপৰা নমাই থলে।তাৰপিচত বিছনালৈ ঘূৰি গ’ল। সপোনটো আকৌ দেখিব লাগিব। যেনেকৈয়ে হওঁক আকৌ এবাৰ দেখিবই লাগিব। সপোন দেখিলে তেতিয়া জানিব পাৰিব কেনেকৈ উন্মাদিনীজনী ৰং চিটিৰ পৰা পলাই গ’ল।সপোনৰ বাহিৰে তীর্থবাবুৰ হাতত আৰু একোৱেই নাই আজি।জাগি জাগি কলকতাৰ পথত ঘূৰিলেও এটাও বাহিৰলৈ ওলাই যোৱাৰ  পথ দেখিবলৈ  নাপায় তীর্থবাবুৱে।এতিয়া তেওঁ পথ চিনি পোৱাসকলৰ পিছে পিছে যাব লাগিব।প্ৰবীৰৰ মৃত্যুৰ পিচত  প্ৰবীৰৰ দেউতাকৰপৰা সকলোৱে  যেতিয়া ঘাতকবোৰৰ বিজয়োৎসৱ কৰিছিল,এজন পলাই গৈছিল।

তীর্থবাবু টোপনি গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *