অণুগল্প- কমলা দাস। 

 (১) প্ৰত‍‍্যুত্তৰ

কি খবৰ ধৰিত্ৰী, চিনি পাইছানে?  

বিয়া ঘৰত লগৰ এজনীৰ লগত হাঁহি হাঁহি কথা পাতি থকা তাইক উদ্দেশ্য কৰি দূৰৰ পৰাই তাইৰ নাম ধৰি মতা মানুহজনলৈ তাই ঘূৰি চালে।  তাক দেখি তাই ঠিকেই  চিনি পালে। দেখিবলৈ মন নোযোৱা এজন অপ্ৰিয় মানুহ। দাঁতকেইটা উলিয়াই এটা ব্যংগাত্মক হাঁহি মাৰি সি তাইৰ ফালে  আগুৱাই আহিল।  

নিজৰ মানুহজনে ডেকা কালতে তাইক চিৰদিনলৈ এৰি যোৱাত,অকলশৰীয়া তাইক সি বহু বছৰলৈকে বহুতো অশ্লীল ইঙ্গিত দি আমনি কৰিছিল। এবাৰ তাই খুব বেয়াকৈ কোৱাৰ ফলত বহু বছৰ মাত-বোল,দেখাসাক্ষাৎ নাছিল সিহঁতৰ মাজত। সময় আগুৱাই গৈছে। তাইৰ বয়সে ভাটী দিলে, সিও অৱসৰ ললে। এতিয়া আজি হঠাতে বিয়াখনত তাইক দেখা পাই হয়তো তাৰ পুৰণি স্বভাৱে পুনৰ উক দিলে!  

সি আহি ওচৰ পোৱাত তায়ো হাঁহি মাৰি ক’লে—কিয় চিনি নাপাম আপোনাক? এনেকুৱা লম্পট মানুহক পাহৰা নাযায় তো। 

মুখত কোব পৰা দমৰাটোৰ দৰে ভেচভেচীয়া  হৈ হাঁহিটো সামৰি আনফালে গুচি গ’ল সি।

(২) পোক

বৰ যতনেৰে আপদাল কৰা ৰঙালাউজোপাই কলি এটা পেলোৱাত দাসৰ মুখত হাঁহি বিৰিঙি উঠিল। হওক তেও, সাৰ নিদিয়া পাচলিৰ এটা খাবলৈ পালেও! পোকে বিন্ধি যাতে নষ্ট কৰিব নোৱাৰে তাৰ বাবে তেওঁ ৰঙালাউজোপাৰ কলিটোত  প্লাষ্টিকৰ ঠোঙা এটা পিন্ধাই থ’লে। 

পিচে বৰ আদৰ যত্নেৰে ৰখাৰ পাচতো কলিটো ঘুণীয়া হৈ হে ডাঙৰ হ’ল। ঠোঙাটোৰ কোনোবা ফালেদি বৰল এটা সোমাই কলিটো বিন্ধা কৰাত, ৰঙালাউটো নিৰোগী হ’ব নোৱাৰিলে। ৰঙালাউটোৰ অৱস্থা দেখি দাসৰ মুখত বেজেৰুৱা হাঁহি এটা বিৰিঙি মনলৈ ভাৱনা আহিল— এৰা! এইটোৰ কথানো কি কম! নিজৰ ল’ৰাটোকে নিৰোগী কৈ তুলিব নোৱাৰিলোঁ। মাকে বহু চিকিৎসাৰ অন্তত লাভ কৰা ল’ৰাটোক হাজাৰ মৰমেৰে তুলিতালি ডাঙৰ কৰাৰ পাচতো তাৰ মূৰত কেনিবাদি পোক এটা সোমাল আৰু আমি একমাত্ৰ পুত্ৰই শান্তিত থাকক বুলি ভাবি তাৰ অন‍্যায় দাবীবোৰ পূৰণ কৰি গ’লোঁ। ফলত সিও খালে-ডোঙে পৰি থকা  ঘুণীয়া এটা হৈ হে ডাঙৰ হ’ল!

2 Comments

  • Kumkum Sarmabaruah

    ভাল পালোঁ দুয়োটা অৰ্থবহ অণুগল্প।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *