অনুতাপ-গীতামণি দত্ত

মঞ্জুলাৰ আজি বিয়া ঠিক হ’ল।দৰাৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত।ল’ৰাজন চৰকাৰী চাকৰিয়াল।

চৰকাৰী চাকৰিয়াল ল’ৰা পাই ঘৰৰ আটায়ে আনন্দিত হ’ল।মঞ্জুলাৰ দেউতাকেও একমাত্ৰ ছোৱালীজনী চাকৰিয়াল ল’ৰা জনৰ ওচৰত গটাব পাৰি মনতে শান্তি পালে।দুজন ল’ৰাৰ মাজত এজনী ছোৱালী। বহুত মৰম-চেনেহৰ মাজত মঞ্জুলা ডাঙৰ দীঘল হৈছে। 

চাকৰি কৰা ল’ৰা পাই ল’ৰাৰ বিষয়ে একো খবৰ খাতি নকৰাকৈ বিয়াখন ঠিক কৰি পেলালে।এনেদৰেই এদিন মঞ্জুলাই দিচাংমুখৰ হৰকান্তৰ লগত বিয়া হৈ আহিল।

কলৰ তলৰপৰা হৰকান্তৰ মাকে আদৰি বোৱাৰীয়েকক ঘৰৰ ভিতৰলৈ লৈ গ’ল ।

অচিনাকি পৰিবেশ এটাত মঞ্জুলাই বৰ অকলশৰীয়া অনুভৱ কৰিলে।ছোৱালী নোহোৱা ঘৰখনত মঞ্জুলাৰ প্ৰতি যিটো হেঁপাহ থাকিব লাগিছিল ,সেইটো তাই হৰকান্তহঁতৰ ঘৰ খনত দেখা নাপালে।

হৰকান্ত ঘৰৰ ডাঙৰ ল’ৰা।তেওঁৰ তলত তিনিজন ভায়েক।মঞ্জুলাহঁতৰ ঘৰখনে ভাবিছিল ছোৱালী নোহোৱা ঘৰখনত মঞ্জুলাক বৰ মৰম-চেনেহত ৰাখিব।কিন্তু মঞ্জুলাই বিয়া হৈ আহি ওলোটা ছবি এখনহে দেখিবলৈ পাইছিল।

প্ৰথম দিনাখনৰপৰাই হৰকান্তহঁতৰ ঘৰখনে তাইক বোৱাৰী ৰূপতহে বিচাৰিছিল,ছোৱালী হিচাপে নহয়।ঘৰ খনত সোমোৱাৰ দিন ধৰি তাই কেৱল শাহুৱেকৰ খেচ্ খেচনিহে শুনিবলৈ পালে।কেতিয়াবা আকৌ শাহুৱেকৰ লগতে শহুৰেকেও হাত উজান দিয়ে।এইবোৰ দেখি শুনিও হৰকান্ত যেন টোপনিৰ ভাও ধৰা কুলি চৰাইহে!

মনত খং উঠি থাকিলেও মঞ্জুলাই কাকো ক’ব পৰা নাছিল,আনকি হৰকান্তকো।ক’লে জানোচা গিৰীয়েকে ওলোটা বুজে।তাইৰ প্ৰতি হৰকাম্তৰ যিকণ মৰম আছে, সেইকণো শেষ হৈ যোৱাৰ ভয়ত সকলো সহ্য কৰি নীৰৱে ঘৰুৱা কাম বনবোৰ কৰি যাবলৈ ধৰিলে।

বিয়াৰ এবছৰমানৰ পাছত মঞ্জুলা অন্তঃসত্বা হ’ল।ঘৰৰ সকলোৱে কথাটো জনাৰ পাছতো শাহুৱেকৰ অত্যাচাৰ কমক চাৰি দিনে দিনে বাঢ়িবলৈহে ধৰিলে।

অৱশেষত উপাই নাপাই মঞ্জুলাই মৰমেৰে হৰকান্তক বুজাই বঢ়াই শিৱসাগৰত এটা ভাড়াঘৰ লৈ দিচাংমুখৰ ঘৰখনৰপৰা ওলাই আহিল।নৰক যন্ত্ৰণাৰপৰা ওলাই আহি  মঞ্জুলাই শান্তিৰে উশাহ ল’ব পাৰিলে।এইদৰে কেইমাহমান যোৱাৰ পাছত মঞ্জুলাৰ এজনী ছোৱালী জন্ম হ’ল।ছোৱালী নথকা ঘৰখনত ছোৱালী এজনী জন্ম হোৱাত হৰকান্তৰো ভাল লাগিল।নাম থ’লে ‘বন্তি’।বন্তি জন্মৰ পাছত সিহঁতৰ সংসাৰখন ভালেৰে চলি আছিল।

সিহঁত ভাড়া ঘৰলৈ অহাৰ পাছত মাক দেউতাকতো বাদেই হৰকান্তৰ ভায়েকহঁতেও মঞ্জুলাহঁতৰ খবৰ এটাও লোৱা নাছিল।হৰকান্তহে মাজে মাজে ঘৰলৈ গৈ  দেউতাক মাকহঁতৰ খবৰ লৈ থাকে।

নাতিনীয়েকক চাবলৈ এদিন হৰকান্তৰ দেউতাক আহি ওলালহি।শহুৰ দেউতাক দেখি মঞ্জুলাই ভৰি চুই সেৱা এটা কৰিলে।তেখেত অহাত মঞ্জুলাই মনতে বৰ আনন্দ পালে।খুব আগ্ৰহেৰে ভাত পানী ৰান্ধি বাঢ়ি খুৱালে।ভাত পানী খাই জিৰাই-শতাই শহুৰৰেক যাবলৈ ওলাল। দেউতাকক আগবঢ়াই দিবলৈ হৰকান্তও লগতে ওলাল ।দেউতাকক বাছত উঠাই হৰকান্ত প্ৰায় এঘন্টামানৰ পাছত ঘৰলৈ ওভতি আহিল।মঞ্জুলাই…

‘ইমান দেৰি হ’ল যে!’ 

বুলি কথাষাৰহে সুধিলে হৰকান্ত একেবাৰে দাং খাই উঠিল।উধাই মুধাই মঞ্জুলাক গালি পাৰিবলৈ ধৰিলে। গিৰীয়েকৰ ব্যৱহাৰত তাই আচৰিত হ’ল।কিহৰ অপৰাধত তাইক ইমান গালি পাৰিছে ,এই বুলি ক’বলৈহে পালে,হৰকান্তাই তাইক মাৰিবলৈহে বাকী!

মঞ্জুলাই হেনো হৰকান্তৰ দেউতাকৰ ওচৰত ওৰণি নোলোৱাকৈ ওলাল,অপৰাধ সেয়াই।হৰকান্তও যে ইমান ঠেক মনৰ,মঞ্জুলাৰ আৰু বুজিবলৈ বাকী নাথাকিল। ইমান সৰু কথাতে ইমান চিঞৰ-বাখৰ,এই মানুহজনৰ লগত তাই কেনেকৈ কটাব!

মঞ্জুলাই নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰি নীৰৱে সকলো সহ্য কৰি থাকিল।দেউতাক অহাৰ পাছৰপৰা হৰকান্তৰ কথা বতৰাৰ সুৰ সলনি হ’বলৈ ধৰিলে। মঞ্জুলাৰ বাবেই সি হেনো মাক -দেউতাকৰপৰা আঁতৰি আহিবলগা হ’ল ইত্যাদি নানা দোষ উলিয়াই খং ৰাগ কৰি ঘৰখন অশান্তিময় কৰি তুলিলে।

এনেদৰে হাই কাজিয়াৰ মাজতে সিহঁতৰ জীৱন অতিবাহিত হ’বলৈ ধৰিলে।মঞ্জুলাৰ মাকৰ ঘৰৰপৰা ককায়েকহঁত আহি হৰকান্তক বুজালে তেওঁলোক যোৱাৰ পাছত তাইৰ ওপৰতহে মাধমাৰ পৰে।লাহে লাহে বন্তিয়ে হাতত ধৰি এখোজ দুখোজ কৈ যাব পৰা হৈছে ,তেনেতে মঞ্জুলাই  গ’ম পালে তাই দ্বিতীয়বাৰৰ বাবে মাক হ’বলৈ ওলাইছে।

হৰকান্তই মাৰধৰ কৰা বাবে তাই সেই মঞ্জুলাজনী হৈ থকা নাই।আইনাৰ ওচৰত থিয় হৈ তাইৰ নিজকে অচিনাকি যেন লাগে।ক’ত হেৰাই গ’ল তাইৰ সেই আগৰ সৌন্দৰ্য্য।

মঞ্জুলাই সময় সুবিধা বুজি,তাই যে পুনৰ মাক হ’বলৈ ওলাইছে খবৰটো দিয়াত হৰকান্তই বিশেষ গুৰুত্ব নিদিলে।কেৱল ক’লে যে তাক এইবাৰ ছোৱালী নালাগে ,ল’ৰাহে লাগিব।

মঞ্জুলাই ল’ৰা এটা পাবৰ কাৰণে শিৱ দৌললৈ শৰাই এখন লগে লগে আগবঢ়াই থ’লে জনোচা ল’ৰা এটা জন্ম হ’লে সিহঁতৰ মাজলৈ শান্তি ঘূৰি আহেই !

কেতিয়াবা হৰকান্তই মঞ্জুলাক মৰম নকৰাকৈ নাথাকে। লাগ বুলিলে ইটো -সিটো আনি নিদিয়াকৈ নাথাকে। বন্তিক লৈ মাজে মাজে ফুৰিবলৈ,আকৌ কেতিয়াবা চিনেমা চাবলৈও গৈছে।

মাজে মধ্যে দুই এটা গালি গালাজ পৰাৰ বাহিৰে আজিকালি হৰকান্তই মঞ্জুলাক মাৰপিট নকৰা হ’ল।হৰকান্তৰ এনে ব্যৱহাৰত মঞ্জুলা মনে মনে আচৰিত হ’ল। হয়টো ল’ৰা এটা পোৱাৰ আশাত তাইৰ প্ৰতি এইকণ মৰম স্নেহ!

নিৰ্দিষ্ট সময়ত মঞ্জুলাই দ্বিতীয় সন্তানটো প্ৰসৱ কৰিলে।ছোৱালী হৈছে বুলি গম পাই তাই প্ৰসৱ বেদনাৰ কথা পাহৰি হৰকান্তৰ কথাকে ভাবি থাকিল।এতিয়া ঘৰলৈ ওভতি গৈ হৰকান্তই কি বা লংকা কাণ্ড কৰে তাৰ কি ঠিক!

পুনৰ ছোৱালী হোৱা খবৰটোৱে হৰকান্তক কিমান সুখী কৰিলে,মঞ্জুলাই ধৰিব নোৱাৰিলে।

ভাড়াঘৰটো এৰি হৰকান্তই নিজাকৈ মাটি এডোখৰ কিনি ঘৰ এটা তৰিলে।ঘৰটোৰ দুটা মান কোঠালী ওলালত ভাড়া ঘৰটো এৰি নিজৰ ঘৰলৈ আহিল।

হস্পিতালৰ পৰা ঘৰলৈ আহি মুঞ্জুলাই গাটো ধুই চাহ দুকাপ বাকি বাৰাণ্ডাত বহি থকা হৰকান্তৰ হাতত একাপ দি  নিজে একাপ হাতত লৈ মূঢ়াটো চপাই হৰকান্তৰ ওচৰতে বহিল।হৰকান্তই নিৰৱে চাহ খোৱাত লাগিল। হৰকান্তৰ মনটো জুখিবলৈ তাই ছোৱালী জনীৰ কথাটো উলিয়ালে।কণমানিজনীক কি নামেৰে মাতিম?কথাষাৰ তাই সুধিবলৈহে পালে হৰকান্তই খঙতে উচাৎ মাৰি আধা চাহ খোৱাকৈ আঁতৰি গ’ল।তাই একো নামাতিলে।বন্তিৰ লগত মিলাই কণমানি জনীৰ নাম ধন্তি থ’লে।লাহে লাহে ধন্তি স্কুল যাব পৰা হ’ল ।দেউতাকৰ বিনা মৰমতে ধন্তি ডাঙৰ হ’ল।

হৰকান্তই এদিন কথা নাই বতৰা নাই সন্ধিয়া মদ খাই আহি মঞ্জুলাৰ গালত দুচৰ লগালে।

:ল’ৰা লাগে বুলি কৈছিলো ,কিয় দিব নোৱাৰিলি?

তাই আজিকালি গিৰিয়েকৰ কথাত একো মুখেৰে নামাতে।মনতে ভাবিলে দোষটো মোৰ নে,তেওঁৰ নিজৰ! কিন্তু সেইষাৰ কথা ক’বলৈ গ’লে মহাভাৰতহে হ’ব।

     

এনেকৈ দিন বাগৰি গ’ল।পুনৰ তাই আৰু এজনী ছোৱালীৰ মাক হ’ল।তিনিজনী ছোৱালী জন্ম দিয়াৰ অপৰাধত হৰকান্তই তাইৰ ওপৰত অত্যচাৰ চলাই গ’ল।ছোৱালী তিনিজনীৰ মুখলৈ চাই মুঞ্জুলাই হৰকান্তৰ অত্যাচাৰ নিৰৱে সহ্য কৰি গ’ল।তাৰ বাহিৰে তাইৰ আন উপায় নাই।তাইৰ ইমানো পঢ়া শুনা নাই যে তাই নিজাকৈ কিবা এটা কৰিব।

মুঞ্জুলাই মনে মনে সিদ্ধান্ত এটা ল’লে __তাই তিনিজনী ছোৱালীকে উপযুক্ত কৰিহে সিহঁতৰ বিয়া বাৰুৰ কথা চিন্তা কৰিব।

হৰকান্ত ল’ৰা এটাৰ কাৰণে পগলা হোৱাদি হ’ল। হৰকান্তৰ মতে ল’ৰাইহে বংশৰ মান-মৰ্যদা ৰক্ষা কৰে। হৰকান্তৰ এইবোৰ কথা শুনি শুনি তাইৰ কাণ ঘোলা হৈছে ।ল’ৰা বিচাৰি মাঘৰ বিহুৰ উৰুকাত ৰাইজক ভোজ ভাত খুৱাই ,মেজিৰ ওচৰত সেৱা কৰি ৰাইজৰ আৰ্শীবাদ ল’লে।ঈশ্বৰৰ কি ইচ্ছা তাৰ এবছৰমানৰ পাছতেই মঞ্জুলাই ল’ৰা এটা জন্ম দিলে।হৰকান্তই মৰমতে ল’ৰা টোক ‘পোনা’ বুলি মাতিবলৈ ল’লে।ছোৱালী তিনিজনীৰ পাছত ল’ৰা এটা হোৱাত মঞ্জুলাৰো মনটো ভাল লাগিল। লাহে লাহে পোনা ডাঙৰ হৈ আহিল।পোনাক ডাঙৰ কৰোঁতে মঞ্জুলাৰ অকণো কষ্ট নহ’ল।বায়েক তিনিজনীৰ আদৰ যত্নতে পোনা ডাঙৰ হ’ল।

মঞ্জুলাই মন কৰে পোনা যেন জোখতকৈ অলপ বেছি উৎপতীয়া।পোনাই যেতিয়াই সুবিধা পাই বায়েকহঁতক চৰ কিল ,চুলি জোকৰা দিয়ে।সিহঁতে দেউতাকক গোচৰ দিলে ওলোটাই সিহঁতেহে ধমক খায়।

: তহঁত তিনিজনীৰ লগত ধেমালী নকৰি সি কাৰ লগত কৰিব?

দেউতাকৰ তেনে কথাবোৰ শুনি পোনায়ে একেবাৰে বায়েকহঁতৰ কথা নুশুনা হ’ল।লাগ বুলিলে পোনাক দেউতাকে সকলোবোৰ আনি দিয়ে,একোতে মানা নকৰে।

মঞ্জুলাই মন কৰিছে বায়েকহঁতৰ নিচিনাকৈ তাৰ পঢ়া শুনাত মন নাই।কেৱল লগৰ ল’ৰাৰ লগত আড্ডা মাৰি সময় কটায়।হৰকান্তই পুতেকৰ একো কামতে দোষ নেদেখে,বেছিকৈ ক’লে বয়সৰ লগে লগে সকলো ঠিক হৈ যাব বুলি কয়।হৰকান্তই জীয়েকহঁতৰ আগত কয়….

: পোনাই আমাৰ বংশৰ নাম উজ্বলাব এদিন!

কিন্তু মঞ্জুলাই পোনাৰ কাম কাজবোৰ দেখি সহজভাৱে ল’ব পৰা নাই।কি হ’ব আগলৈ!মঞ্জুলাই জানে এবাৰ বেয়া কামবো্ৰৰ অভ্যাস কৰিলে পাছলৈ সহজে এৰিব নোৱাৰে।

ডাঙৰ হৈ অহাৰ লগে লগে পোনাই ঘৰৰ কাৰো কথাই নুশুনা হ’ল।তাক কেৱল বস্তু লাগে।আজি যদি কিবা এটা আনি দিয়ে,কালি আকৌ আন এটা বিচাৰে।নিদিলে চিঞৰ বাখৰ হুলস্থূল লগায়।তাকে লৈ ঘৰত সদায় হাই কাজিয়া।

পোনা ক্লাচ নাইনত পঢ়ি থাকোঁতে ডাঙৰ বায়েক বন্তি বিয়া হৈ গ’ল।ল’ৰাৰ ভাল চাকৰি আছে আৰু পৰিয়ালটোও ভাল।তাৰ এবছৰ মানৰ পাছত মঞ্জুলাৰ দ্বিতীয় ছোৱালী ধন্তিৰো বিয়া হৈ গ’ল।তায়ো ভালতে পৰিল।অন্ততঃ সিহঁত দুজনীৰ কপাল দুখন মঞ্জুলাৰদৰে নহ’ল।সিহঁতক তাই ইমান উপযুক্ত কৰি ডাঙৰ দীঘল কৰিলে যে কিবা জীৱনত বিপদত পৰিলেও মুখা মুখি হ’ব পাৰিব।

ইফালে পোনা মেট্ৰিক পৰীক্ষা দিব পৰা হ’ল।সি পঢ়াৰ নামত কেৱল ঘূৰি ফুৰে।সৰু বায়েক মণিক পঢ়া শুনা কৰা দেখিলেও তাৰ পঢ়িবলৈ মন নাযায়।দেউতাকৰ ওচৰত দাবী কৰিলে মটৰ চাইকেল কিনি দিলেহে ভালকৈ পঢ়িব।ভালকৈ পঢ়াৰ আশাত হৰকান্তই মটৰ চাইকেল এখনো কিনি দিলে।পঢ়াৰ নামত মটৰ চাইকেল পাই সি ঘৰতেই নথকা হ’ল।তেল ভৰাবলৈ মাকৰপৰা সদায় এশ দুশ টকা জোৰ কৰি লৈ যোৱা হ’ল।নিদিলে চিঞৰ বাখৰ লগায়।এবাৰ মটৰ চাইকেলেৰে মানুহ এজন খুন্দিয়াই এৰাতি মান থানাটো থাকি আহিল।

মঞ্জুলাই নিজৰ মাজতে দুখ কৰি ভগৱানক কয় 

: হে প্ৰভু! ল’ৰাৰ নামত  অসুৰহে দিলা।

 পোনাৰ মেট্ৰিকৰ ৰিজাল্ট ওলাল। সি পৰীক্ষা বেয়া কৰিলে।হৰকান্তই বুজাই বঢ়াই পুতেকক দ্বিতীয়বাৰ ভালকৈ পৰীক্ষা দিবলৈ ক’লে।পোনাই সেইদিনা ঘৰৰ পৰা ওলাই গৈ মাজ নিশাহে ঘূৰি আহিল।দ্বিতীয়বাৰৰ বাবেও সি পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে।লগৰ ল’ৰাৰ লগ লাগি ঠিকা কৰাৰ নামত দেউতাকৰ যথেষ্ট টকা পইচাও সি খৰচ কৰিলে।সকলো নিৰৱে সহ্য কৰি গ’ল । ইতিমধ্যে সৰু জীয়েক মণিৰো বিয়া হৈ গ’ল।

ঘৰত মুঠতে তিনিটা প্ৰাণী।পোনাৰ বয়স বাঢ়ি অহাৰ লগে লগে তাৰ অতপালিও বাঢ়ি গ’ল।এদিন সন্ধিয়া ঘৰৰ গাড়ীখন লৈ ওলাই গৈ দুজনমান লগৰ ল’ৰাৰ লগ লাগি ছোৱালী এজনী লৈ ঘৰ সোমালহি।

পুতেকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি হৰকান্তই তাৰ গালত চৰ এটা সোধালে।বাপেকৰ চৰ খাই পোনা পগলা কুকুৰৰ দৰে হ’ল।ভিতৰৰপৰা কেৰাচিন তেলৰ গেলেনটো আনি ঘৰ জ্বলাই দিয়াৰ ভাবুকি দিলে। অৱশেষত উপাই নাপাই মঞ্জুলা আৰু হৰকান্তই পুতেকৰ ওচৰত সেও মানিলে।পোনাৰ উৎপাতৰ কাৰণে বায়েকহঁতো ঘৰলৈ নহা হ’ল।

হৰকান্তই জীয়েকহঁতৰ লগত আলোচনা কৰি পোনাৰ পৰা বেলেগে থকাৰ সিদ্ধান্ত ল’লে।ডাঙৰ ছোৱালী বন্তিয়ে মাক দেউতাকক কেইদিনমান তাইৰ লগত থকাৰ কথা ক’লে।হৰকান্ত মান্তি নহ’ল।ছোৱালীকেইজনীৰ ওচৰত তাৰ বৰ লাজ লাগিল।বাপেক হিচাপে তিনিও জনীকে খঙতে কমখন অত্যাচাৰ কৰিছিল নে সি!ছোৱালী হৈ জন্ম লোৱা কাৰণে যে সি তিনিও জনীকে দেখিবই নোৱাৰিছিল।ঈশ্বৰে তাক উচিত শিক্ষা দিলে। ল’ৰা জন্ম দিব নোৱাৰাৰ অপৰাধত সি জানো কমখন মঞ্জুলাৰ ওপৰত অত্যাচাৰ কৰিছিল!!বিয়া কৰাই অনাৰ দিন ধৰি তাই কেৱল কষ্টহে পালে।

অৱশেষত শান্তি বিচাৰি হৰকান্তই মঞ্জুলাক লৈ ভাড়াঘৰলৈ ওলাই আহিল।অনুতাপত হৰকান্তৰ 

দুধাৰি চকুলো বৈ আহিল।

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *