অভিশপ্ত ঘৰ-কুশল মহন্ত

(এক)

ঘৰটোলৈ অহা মোৰ বেছিদিন হোৱা নাই।এটা দুমহলীয়া ঘৰ  আৰু বৰ্তমানৰ ইয়াৰ একমাত্ৰ আৱাসী মই।ঘৰটো লোৱাৰেপৰা ওচৰ চুবুৰীয়াই মোক আচহুৱাকৈ চায়, তেওঁলোকে হয়তো মোক সহজভাৱে ল’ব পৰা নাই। নল’বলগীয়া কথাই ,কাৰণ তেওঁলোকৰ বাবে সেই ঘৰটো অভিশপ্ত বা ভূত-প্ৰেতৰ বাসস্থলী।ঘৰটোত হেনো ৰাতি ভূত-প্ৰেত ওলায়।বহুজনে দেখিছে বুলি মই শুনিবলৈ পাইছোঁ।ঘৰটো মোৰ বন্ধু এজনৰ আছিল।ঘৰটোত তাৰ বাহিৰে কোনো নাছিল।পিছলৈ সি ডিপ্ৰেচনৰ চিকাৰ হৈ ঘৰটোতেই চিপ লৈ আত্মহত্যা কৰিছিল।তেতিয়াৰপৰাই ঘৰটোলৈ যাবলৈ মানুহে ভয় কৰিছিল আৰু যেতিয়া ঘৰটোৰ দ্বিতীয় আৱাসী ভাড়াতীয়া এজনেও আত্মহত্যা কৰিছিল,তেতিয়া ওচৰ চুবুৰীয়াবোৰৰ মনত ভয়টোৱে অধিক থিতাপি লৈছিল।যিহেতু বন্ধুজনৰ বায়েক এজনীৰ বাহিৰে কোনো নাছিল,উত্তৰাধিকাৰসূত্ৰে ঘৰটো বায়েকৰেই হৈছিল।মই কৰ্মসূত্ৰে বদলি হৈ যিহেতু এই চহৰখনলৈ আহিছোঁ, সেয়েহে তাৰ বায়েকৰ লগত যোগাযোগ কৰি ঘৰটোৰ তলৰ মহলাৰ কোঠাকেইটা  ভাড়ালৈ লৈছোঁ।বৰ্তমান মই অকলে আহিছোঁ,চাকৰিৰ কামবোৰ থান-থিত হ’লে মোৰ পৰিবাৰকো লৈ আহিম। বেলেগ মানুহৰদৰে মোৰ আত্মীয় সকলেও মোক ঘৰটো লোৱাত বাধা দিছিল কিন্তু ইমানখিনি মোৰ লাগতিয়াল সুবিধা থকা বাবেই মই আৰু মোৰ পত্নীয়ে ঘৰটোত থকাৰ সিদ্ধান্ত ল’লো। মানুহ মৰাৰ  পিছত আৰু আমাক ভয় খুৱাবলৈ ভূত হৈ নাহে।আমি এইবোৰ বিশ্বাস নকৰোঁ। ক’তা!মই  ঘৰটোলৈ অহা আজি এসপ্তাহেই হ’ল,ক’তো ভূতৰ নামত এটা ছাঁ দেখিবলৈ বা শব্দ শুনিবলৈ পোৱা নাই।এইবোৰ সকলো মানুহৰ মনৰ ভ্ৰম।ভূত বোলা একো বস্তুৱেই নাই ।

 (দুই)

মোৰ অফিচৰ কামবোৰ ঠিকেই চলি আছে।অহা শনিবাৰে ঘৰলৈ গৈ মই মোৰ পৰিবাৰক ইয়ালৈ লৈ আনিম।তেওঁ মোৰ কাষত নথকাত মোৰ অলপ অসুবিধা হৈছে।অ’,মই আপোনালোকক এই ঘৰৰ মালিক,মোৰ বন্ধু প্ৰয়াত ৰক্তিম বৰুৱাৰ কথা ক’বলৈ পাহৰিছিলোৱেই।তাৰ দেউতাক প্ৰয়াত প্ৰদীপ বৰুৱা এই অঞ্চলৰ বিখ্যাত আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল। তেওঁলোকৰ এখন ডাঙৰ চাহ বাগিচাৰ লগতে বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল।

মাক-দেউতাক,সি আৰু বায়েকৰ সৈতে এটা সুখী পৰিয়াল।সকলো ঠিকেই আছিল।কিন্তু আমি যেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলো,হঠাৎ এদিন তাৰ দেউতাক নোহোৱা হৈছিল আৰু তাৰ কেইদিনমানৰ পাচত দেউতাকৰ দেহটো মৃত অৱস্থাত নদীত পোৱা গৈছিল। আমি পিছত দেউতাকক সন্ত্ৰাসবাদীয়ে উঠাই নি মাৰি পেলালে বুলি বাতৰিকাকতত পঢ়িবলৈ পাইছিলোঁ।সেই ঘটনাটোৰ পিচৰপৰাই সি মানসিকভাৱে ভাঙি পৰিছিল। মানুহৰ লগত মিলামিচা কমকৈ কৰিছিল।মোৰ বাহিৰে তাৰ অন্য বন্ধু নাছিল।মাকে বায়েকক মোমায়েকৰ ঘৰলৈ পঠিয়াই তাক নিজৰ লগত ৰাখি ব্যৱসায় আগবঢ়াই নিছিল।মোৰ দেউতাৰো চাকৰিৰপৰা অৱসৰ লোৱাৰ পিচত আমি গাঁৱৰ ঘৰলৈ গুচি আহিলোঁ।তেতিয়াৰপৰা আমাৰ মাজত কেৱল টেলিফোনতেই কথা হৈছিল। মোৰো চাকৰি এটা হোৱাত ব্যস্ততা বাঢ়ি গৈছিল আৰু তাক লগ কৰিব পৰা নাছিলোঁ।তাৰ বায়েকৰো বিয়া হৈ গৈছিল।মাক আৰু সিয়েই আছিল এই ঘৰটোত কিন্তু দুবছৰৰ আগতে তাৰ মাকৰো এটা কাৰ এক্সিডেন্টত মৃত্যু হৈছিল। তেতিয়াৰপৰাই সি নিজকে অকলশৰীয়া অনুভৱ কৰিছিল আৰু শেষলৈ  ডিপ্ৰেচনত ভুগি চিপ লৈ আত্মহত্যা কৰিছিল। সি আত্মহত্যা কৰাৰ আগতে মোলৈ বহুবাৰ ফোন কৰিছিল আৰু কৈছিল যে তাৰ বোলে ভয় লাগে।তাৰ দেউতাক আৰু মাকে হেনো তাক নিবলৈ আহি থাকে।অনবৰতে সি তেওঁলোকৰ উপস্থিতি অনুভৱ কৰে।মই তাক বুজাইছিলো যে সেয়া তাৰ ভ্ৰম।তথাপিও তাৰ ভয় কমা নাছিল।মই এবাৰ গৈ তাক মনোৰোগ চিকিৎসকৰ ওচৰলৈ লৈ গৈছিলোঁ।চিকিৎসকেও বহুত দৰব আৰু কাউনচেলিং দিছিল যদিও তাৰ সেই ভয় কমা নাছিল।শেষত সি আত্মহত্যা কৰিছিল। মোৰ এটাই দুখ থাকি গ’ল যে মই তাৰ শেষ সময়ত তাৰ লগত নাছিলোঁ।মই তাৰ ওচৰত থকাহ’লে সি হয়তো এই সিদ্ধান্ত ন’ল’লেহেঁতেন ।সেই সময়ত মই চাকৰিৰ প্ৰশিক্ষণ এটাৰ কাৰণে দিল্লীত আছিলো। সি সেইদিনা মোলৈ বহুত ফোন কৰিছিল কিন্তু মই ফোনটো চুইচ অফ কৰি থৈছিলো।দিনটোৰ অৱসাদে মোক বৰ ভাগৰুৱা কৰিছিল আৰু মই ফোনটোৰদ্বাৰা ডিষ্টাৰ্ব নহ’বৰ বাবে চুইছ অফ কৰি ৰাখিছিলোঁ। সেইদিনা ফোনটো চুইচ অফ নকৰাহেঁতেন আজি সি আমাৰ মাজত থাকিলহেঁতেন।

(তিনি)

আজি বতৰটো বেয়া, বৰষুণ আহিব পাৰে।মোৰ শ্ৰীমতীক ইয়ালৈ লৈ অহাৰ কথা আছিল যদিও এইবাৰ অনা ন’হল।তেওঁক অসম চৰকাৰৰ তৰফৰপৰা পশুপালনৰ এটা প্ৰশিক্ষণ লবলৈ অন্ধ্ৰপ্ৰদেশলৈ পঠালে। আজি মোৰ ভোক একেবাৰে নাই।অলপ ঠাণ্ডা পৰিছে , সেইবাবে অলপ সুৰাপান কৰোঁ বুলি চেল্ফৰপৰা সুৰাৰ বটলটো উলিয়াই ললোঁ।সুৰাপান মই সদায় নকৰোঁ কিন্তু কেতিয়াবা কেতিয়াও কৰোঁ।

আজি কিয় জানো মোৰ বন্ধু ৰক্তিমলৈ মনত পৰিছে, তাৰ সান্নিধ্য পাবলৈ কিয় ইমান ব্যাকুল হৈ পৰিছোঁ নাজানো।তাৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিবলৈও উত্তেজিত হৈ পৰিছোঁ।কি কাৰণত ইমান ভয় খাই চিপজৰী ল’ব লগা হ’ল? তাৰ প্ৰকৃত কাৰণ কি?সেই ৰহস্য কেনেকৈ জানিম বাৰু?এই কথা ভাবি ভাবি দেৱালত আঁৰি থোৱা তাৰ ফটোখন চাই চাই সুৰাপান কৰি আছোঁ।তেনেতে কাকতালীয়ভাৱে ক’ৰপৰা জানো অহা এজাক বতাহে তাৰ ফটোখন দেৱালৰপৰা মজিয়াত পেলাই দিলে ধৰিবকে নোৱাৰিলোঁ।ফটোখনৰ গ্লাচবোৰ ভাঙি চূড়মাৰ হৈ গ’ল।ভঙা গ্লাচবোৰ আঁতৰাই মই তাৰ ফটোখন হাতত তুলিবলৈ লওঁতেই তাৰপৰা এটা এনভেলপ সৰি পৰিল।মই এনভেলপটো তুলি ললোঁ আৰু তাৰ ওপৰত লিখা আছিল মোৰ নাম,ঠিকনা‌।

(চাৰি)

 

চিঠিখন মই খুলি পঢ়িবলৈ ধৰিলোঁ –

মৰমৰ 

       বন্ধু অভি ,

                       মৰম ল’বি।চিঠিখন পোৱালৈ মই আৰু নাথাকিম।কিন্তু তাৰ আগতে মই তোক মোৰ মনৰ মাজত দবাই ৰখা কথাবোৰ এই চিঠিখনৰ জড়িয়তে কৈ যাব লাগিব, নহ’লে মোৰ আত্মাই শান্তি নাপাব।বাইদেউক এই কথা জনাবলৈ মোৰ সাহস নাই,সেইবাবে চিঠিখন তোলৈয়ে লিখিলোঁ।তইতো জান,দেউতা নোহোৱা হোৱাৰ পিচত মই নিজকে নিঃসংগ কৰি ৰাখিছিলোঁ,একমাত্র তোৰ বাদে মোৰ কোনো বন্ধু নাছিল।সেইসময়ত মা, বাইদেউ আৰু তয়েই মোৰ আপোন আছিলি।তেতিয়াৰ পৰাই মোক এটা সৰু ভয়ে আমনি কৰি আছিল যে দেউতাৰ আত্মাই আহি মোক মাৰি পেলাব।সেইকথা মই মাৰ বাহিৰে কাকো কোৱা নাছিলোঁ। মাৰ সান্ত্বনা আৰু অভয়দানে মোক কিছু সময়ৰ বাবে শান্তি দিছিল যদিও সেই ভয় মোৰ লগত সদায় আছিল।কিন্তু মা ঢুকুৱাৰ পিছত সেই ভয় মোৰ দুগুণ হৈছিল।দেউতাৰ লগতে মাৰ আত্মায়ো আহি যেন মোক মাৰি পেলাব তেনে অনুভৱ কৰিছিলোঁ।কেতিয়াবা সেই ভয়ৰপৰা পৰিত্ৰাণ পাবলৈ মই দুৱাৰৰ চুকত,আলমাৰিৰ ভিতৰত,বিচনাৰ তলত গোটেই ৰাতিটো কান্দি কান্দি সোমাই আছিলোঁ।তোক বা বাইদেউক ফোন কৰিলেও কাকো ওচৰত নাপাওঁ তহঁতৰ ব্যস্ততাৰ বাবে।এবাৰ তই আহি মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলি যদিও মই তেওঁৰ কাউনচেলিঙত আশ্বস্ত হ’ব পৰা নাছিলোঁ। এনেই তহঁতক দেখুৱাই মই ভাল হোৱাৰ অভিনয় কৰিছিলোঁ। যেতিয়া তই গুচি গৈছিলি,ভয়টোৱে মোক খুলি খুলি খাইছিল।আজি এই চিঠিখনৰ জড়িয়তে মোৰ ভয়ৰ আচল কথাটো তোক জনাম।

তহঁতে জনামতে মোৰ দেউতাক কোনো সন্ত্ৰাসবাদীয়ে হত্যা কৰা নাছিল।দেউতাক হত্যা কৰা হৈছিল।অঁ দেউতাক হত্যা কৰা হৈছিল আৰু সেই হত্যা কৰিছিলোঁ মই নিজে।হয়, সেই হত্যা ময়েই কৰিছিলোঁ।মা-দেউতাৰ সম্বন্ধ সমাজৰ আগত সুন্দৰ আৰু সুখী আছিল যদিও ভিতৰি ভিতৰি তেওঁলোকৰ সম্বন্ধত বৃহৎ ফাট মেলিছিল।দেউতাই মাৰ পৰপুৰুসৰ লগত অবৈধ সম্বন্ধ থকা বুলি সদায় কাজিয়া কৰিছিল।এদিন সেই কাজিয়া মাৰপিটলৈ 

ৰূপান্তৰ হৈছিল।সেইদিনাই মই দেউতাই মাক ডিঙি চেপিব ধৰা দেখি দেউতাক পিচফালৰপৰা ওচৰত একো নাপাই মোৰ ক্ৰিকেট বেটখনৰে মূৰত আঘাত কৰিছিলোঁ আৰু দেউতা তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত ঢলি পৰিছিল।মা আৰু মই ,দেউতাক জগাবলৈ বৰ চেষ্টা কৰিছিলো কিন্তু দেউতা নুঠিল,দেউতাৰ মৃত্যু হৈছিল।মই বহুত কান্দিছিলো আৰু মায়েও বহুত কান্দিছিল।হঠাতে মায়ে উঠি গৈ দেউতাৰ শৱটো টানি নি গাড়ীত উঠাই লৈ গৈছিল।

ঘূৰি আহি তেওঁ দেউতাৰ শৱটো দূৰণিৰ নদীত পেলাই দিছিল বুলি মোক কৈছিল।তেওঁ মোৰপৰা প্ৰতিশ্ৰুতি লৈছিল যে আমি দুয়োজনৰ বাহিৰে এই কথা যেন কোনেও গম নাপায়।যদি মই আনক জনাওঁ তেন্তে মই মাকো হেৰুৱাব লাগিব।মই এচুকত বহি বহি কান্দি আছিলোঁ আৰু মায়ে মজিয়াৰ তেজবোৰ ধুই চাফা কৰিছিল।বেটখন ফায়াৰ প্লেচত জ্বলাই প্ৰমাণসমুহ নষ্ট কৰিছিল।পিচৰদিনা দেউতাক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰা বুলি প্ৰচাৰ কৰা হৈছিল। ঘৰলৈ পুলিচ আহিল আৰু প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিলে আৰু হত্যাৰ এসপ্তাহৰ পিচত দেউতাৰ শৱটো নদীৰ পাৰৰপৰা উদ্ধাৰ কৰিলে। অজ্ঞাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গোচৰ তৰি পুলিচৰ তদন্ত ইমানতেই সামৰণি পৰিল।কিন্তু সেই ভয় মোৰ আজীৱন থাকি গ’ল।    

 

লাহে-লাহে মাৰ সান্নিধ্যত আৰু মৰমত মোৰ সেই ভয় কমি আহিছিল।মই স্বাভাৱিক জীৱন কটাবলৈ আৰম্ভ কৰিছিলোঁ।কিন্তু মাৰ মৃত্যুৰ পাচত সেই ভয়ে পুনৰ মোৰ লগ দিছিল।মই অৱশেষত সেই ভয়ৰ পৰিত্ৰাণ বিচাৰি আত্মহত্যাৰ পথ বাচি লৈছিলোঁ। মাৰ মৃত্যুও দুৰ্ঘটনাত হৈছিল যদিও সেইটোও এটা পৰিকল্পিত হত্যাকাণ্ড আছিল।সেই পৰিকল্পনা কৰিছিলোঁ মই।যেতিয়া সকলো স্বাভাৱিক আছিল,এদিন হঠাতে মই কলেজৰপৰা আহি মায়ে উচ্চস্বৰত হাঁহি থকা শুনিবলৈ পালোঁ।লাহে লাহে মই মাৰ কোঠাটোৰ পিনে আগবাঢ়ি গ’লো।কোঠাটোৰ দুৱাৰখন অলপ ফাক হৈ আছিল বাবে কোঠাটোৰ ভিতৰত হৈ থকা কথাবোৰ মোৰ কাণত স্পষ্টকৈ পৰিছিল।মাৰ লগত এজন মানুহ আছিল,যিজন মোৰ সম্পৰ্কীয় খুৰা।দেউতা ঢুকুৱাৰ পিচত তেখেতেই মাৰ লগ লাগি আমাৰ ব্যৱসায় চলাই গৈছিল।কিন্তু সেইদিনা যি কথা শুনিলোঁ,সেইখিনি মোৰ মাৰ ওপৰত এক ঘৃণাৰ ভাৱ ওপজিছিল আৰু মাৰ সৈতে সেই মানুহজনক হত্যা কৰিবলৈ মই সুযোগ বিচাৰি আছিলোঁ।তেনেকৈয়ে এদিন মই মোৰ পৰিকল্পনাত সফল হৈছিলোঁ।

(পাঁচ)

সেইদিনা ঘটনাটো আছিল এনেধৰণৰ – যেতিয়া মই মা আৰু খুৰাৰ অট্টহাস্য শুনি দুৱাৰখন ওচৰ পাওঁ, মনত কি জানো ভাবি মাক মাত লগাম বুলি ভাবিও ৰৈ দিলোঁ। তেওঁলোকে মোৰ উপস্থিতি সুৰাৰ ৰাগীত ধৰিব নোৱাৰিলে আৰু কৈ গ’ল, অত দিনে লুকুৱাই ৰখা দেউতাৰ মৃত্যুৰ ৰহস্য।মই ইমানদিনে নিজকে দোষী বুলি ভৱাৰ সম্পূৰ্ণ বিপৰীত আছিল সেই ৰহস্য।দেউতাৰ হত্যা সম্পূৰ্ণ পৰিকল্পিত আছিল।মোক মাথোন বলিৰ পঠা সজা হৈছিল। ঘটনা মতে সেইদিনা দেউতাই মাক পিটি থকা নাছিল মায়েহে মোক দেখুৱাই মাৰ খাই থকাৰ অভিনয় কৰিছিল আৰু মোক বাধ্য কৰিছিল এক তাৎক্ষণিক চৰম সিদ্ধান্ত ল’বলৈ।ফলস্বৰূপে মই দেউতাৰ মূৰত আঘাত কৰিছিলোঁ আৰু দেউতা মজিয়াত ঢলি পৰিছিল। তাতোকৈ ডাঙৰ কথা হ’ল তেতিয়া দেউতাৰ মৃত্যু হোৱা নাছিল।মায়ে গাড়ীত দেহটো উঠাই নি শেষত খুৰাৰ লগ লাগি হত্যা কৰি নদীত পেলাই থৈ আহিছিল। এই ৰহস্য মোৰ পৰা ইমানদিনে লুকুৱাই থোৱা হৈছিল আৰু মোক অপৰাধী সজোৱা হৈছিল।এই সকলোখিনি হৈছিল মাত্ৰ তেওঁলোকৰ অবৈধ প্ৰেমৰ পৰিণতিত।

এই সত্য জানিব পাৰি সেইদিনা মোৰ তেজ উথলি উঠিছিল কিন্তু মই নিজকে সংযম কৰি প্ৰতিশোধস্বৰূপে তেওঁলোক দুয়োকে একেলগে হত্যাৰ কুপৰিকল্পনা কৰিব ধৰিলোঁ।এদিন সুযোগ আহিল।আমাৰ ব্যৱসায়িক কামত তেওঁলোক দুয়োজন শ্বিলঙলৈ যাব লগা হ’ল আৰু মই সুযোগ বুজি তেওঁলোক যোৱা গাড়ীখনৰ ব্ৰেকডালৰ নট এটা ঢিলা কৰি দিলোঁ।পৰিণতিত তেওঁলোকৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাবৈত বাগৰি পৰি গৈ জুই লাগি যায় আৰু তেওঁলোক দুয়োৰে মৃত্যু হয়।

তেওঁলোকৰ মৃত্যুৰ পিছত পুনৰ ভয়টোৱে মোক লগ দিলে আৰু আত্মগ্লানিৰ ফলস্বৰূপে মই আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লো।

শেষত,মোৰ এই চিঠিখন পঢ়ি তই মোক বেয়া  নাপাবি। তোৰ বন্ধু এজন হত্যাকাৰী নহয় কিন্তু পৰিস্থিতিয়েহে তোৰ বন্ধুক হত্যাকাৰী সজালে । এই কথাবোৰ বাইদেউক নজনাবি,নহ’লে তাই বহুত দুখ পাব।তোৰে মোৰে মাজতেই এই কথা গোপন কৰিবি।বহুত মৰমৰে 

                                       ইতি 

                                       তোৰ বন্ধু,ৰক্তিম

(ছয়)

 

চিঠিখন পঢ়ি ,মই  চিগাৰেট এটা জ্বলাই ল’লো লগতে সুৰাৰ বটলটোৰপৰা অলপ সুৰা গিলাচত ঢালি পেগ এটা বনাই ল’লো।ঘটনাটো মনতে পাগুলিলো।কিদৰে এটা অবৈধ সম্পৰ্কই এটা পৰিয়াল নিঃশেষ কৰি পেলালে!!চিগাৰেটৰ ধোঁৱাবোৰে কুণ্ডলী পকাই কোঠাটো ভৰি পৰিছে লাহে-লাহে।মোৰ সুৰাৰ ৰাগিত লাগিল আৰু মই কেতিয়ানো শুই পৰিলো ক’বকে নোৱাৰিলোঁ। মাজৰাতি চকামকাকৈ সাৰ পোৱাত ঘড়ীটোলৈ চালো।পুৱা তিনি বাজিছিল।মোৰ ভোক লাগিছিল আৰু সেইবাবে পাকঘৰলৈ কিবা খোৱা বস্তু আনিবলৈ যাব বিচাৰিলো। কিন্তু আজি দেখোন মোৰ পাকঘৰলৈ যাবলৈ ভয় লাগিছে!এয়া কি মোৰ হাত-ভৰিবোৰ দেখোন কঁপিব ধৰিছে।মোৰ পত্নীয়ে তেজেৰে ৰাঙলী হৈ মোক খেদি আহিছে,মোৰ বৰ ভয় লাগিছে।         

                                                (আগলৈ)

8 Comments

  • পূৰ্ণিমা শইকীয়া গগৈ

    সুন্দৰ আৰম্ভণি। পিছৰ খণ্ড পঢ়িবলৈ আগ্রহেৰে ৰলো।

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ জনালোঁ।

      Reply
  • Mitali bhagawati

    খুব ভাল লাগিছে পঢ়ি। পৰবৰ্তী খণ্ডলৈ বাটচাই ৰলো

    Reply
    • কুশল মহন্ত

      আন্তৰিক ধন্যবাদ।😊

      Reply
  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply
    • কুশল মহন্ত।

      আন্তৰিক ধন্যবাদ।😊🙏

      Reply
  • ৰীতা শইকীয়া।

    ভাল লাগিল পঢ়ি ।অপেক্ষা কৰিলো পৰবৰ্ত খণ্ডলৈ।

    Reply
    • কুশল মহন্ত।

      আন্তৰিক ধন্যবাদ জনালোঁ । পৰবৰ্তী খণ্ডটি , তিনি মাহৰ পিছত পৰবৰ্তী শব্দচিত্ৰ আলোচনীত প্ৰকাশ পাব ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *