অসমীয়া সংস্কৃতিত জাপিৰ ব্যৱহাৰ-পলাক্ষী লস্কৰ

অসমীয়া  সংস্কৃতিৰ বাৰে -বৰণীয়া ক্ষেত্ৰখন বিভিন্ন লোক কলা আৰু থলুৱা শিল্পৰ অৱদানেৰে সমৃদ্ধ। নিজৰ স্বকীয় বৈশিষ্টৰে ভৰপূৰ সম্পদবোৰৰ প্ৰতিটোৱেই বৈশিষ্ট্যপূৰ্ণ। অসমীয়া জাতীয় কৃষ্টিৰ এক আপুৰুগীয়া আৰু মৰ্যাদাপূৰ্ণ সম্পদ হ’ল –“-জাপি”। জাপি হৈছে বাঁহৰ কাঠীৰে টুপী আকৃতিৰ দুখন তাল হাজি টকৌপাত বা জেঙুপাতেৰে ছোৱা এবিধ ঘূৰণীয়া আকৃতিৰ সামগ্ৰী। সমাজৰ চহা জীৱনৰ সেউজীয়া পথাৰখনৰপৰা বিয়া-সবাহ, উৎসৱ-পাৰ্বন, সন্মানৰ অভ্যৰ্থনা আদি অনুষ্ঠানসমূহত জাপি বিশেষৰূপে ব্যৱহাৰ হৈ আহিছে।

অসমত জাপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছে তাক সঠিককৈ কোৱা টান। ৭ম শতিকাৰ  কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল।হিউয়েন চাঙক ভাস্কৰ বৰ্মনে ৰং-বিৰঙৰ হালিলি নামৰ জাপিৰে আদৰিছিল বুলি পোৱা যায়। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অতি পুৰণি কালৰে পৰাই অসমত জাপিৰ প্ৰচলন হৈ আহিছিল  আৰু তেতিয়াৰপৰাই ৰ’দ -বৰষুণৰপৰা হাত সাৰিবলৈ যেনেকৈ  খেতি পথাৰত কৃষকে বা গঞা ৰাইজে জাপিৰ ব্যৱহাৰ কৰিছিল তেনেকৈ সন্মানীয়জনক আদৰিবলৈও জাপিৰ ব্যৱহাৰ কৰিছিল ।

জাপিৰ ব্যৱহাৰ পোন প্ৰথমতে চীন দেশত আৰম্ভ হৈছিল।অনুমান কৰা হয় যে চীন দেশৰপৰাই এচিয়া মহাদেশৰ দক্ষিণ-পশ্চিম অঞ্চলত জাপিৰ প্ৰচলন হৈছিল। সম্ভৱতঃ আহোমসকলৰ পূৰ্বপুৰুষ বা মংগোলীয় গোষ্ঠীৰ লোকসকলে বেছিকৈ অসমত জাপিৰ প্ৰচলন কৰিছিল।আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাই বাঁহ-বেত আদি হস্ত শিল্পৰ কাম বাধ্যতামূলক কৰিছিল।তেখেতৰ দিনতেই কুটীৰ শিল্পৰদ্বাৰা অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে স্ব-নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।সেয়ে হয়তো কৃষি অৰ্থনীতিৰ ওপৰত বৰ্তি থকা সমাজ ব্যৱস্থাত বাঁহ-বেতৰ কাম বাধ্যতামূলক কৰিছিল আৰু জাপি শিল্পই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সপ্তম শতিকাৰেপৰা অসমত প্ৰচলিত হৈ থকা জাপিয়ে আহোমৰ ৰাজত্বকালত ৰাজকীয় মৰ্যাদা লাভ কৰিছিল আৰু অসমীয়া  সাংস্কৃতিক বৈশিষ্ট্যৰ এটা উপাদানত পৰিণত হৈছিল ।

আহোম স্বৰ্গদেউসকলে আসনত জাপি ৰাখিছিল । দোলাত যাত্ৰা কৰোতে জাপিৰে আঁৰ দি লোৱাৰ ব্যৱস্থা আছিল।ৰজাৰ ঘৰত “বৰ জাপি ” নামেৰে এবিধ বিশেষ জাপি ব্যৱহাৰ কৰাৰ কথা উল্লেখ পোৱা যায় । চুতীয়া ৰজা নীতিপালে ১৫২৩ চনত আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ  ৰূপৰ জাপি উপহাৰ দিছিল।ইয়াৰ পিছত চুহুংমুঙ ৰজাই চুতীয়া  সকলৰ ৰাজধানী  শদিয়া দখল কৰি বহুতো জাপি লাভ কৰিছিল।চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ “জাপিসজীয়া ” বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পিছলৈ আহোম ৰজা সকলৰ বাবেও জাপি নিৰ্মাণ কৰিছিল।পৌৰাণিক অসমীয়া সমাজ ব্যৱস্থাত অভিজাত সম্পন্ন মহিলাই আবুল ৰখাৰ আহিলা হিচাপে বৰজাপিৰ ব্যৱহাৰ কৰিছিল।সেয়েহে সমাজৰ প্ৰতিপত্তিশীল  ব্যক্তিসকলৰ পৰিয়ালসমূহে এই  জাপি ৰজাঘৰীয়া পৃষ্ঠপোষকতাত লাভ কৰা বুলি অনুমান কৰিব পাৰি।

এই জাপি কেইবা প্ৰকাৰৰ। আৰু অঞ্চলভেদে জাপি সমূহৰ নামাকৰণো বেলেগ বেলেগ । হালোৱা বা ঢৰিয়া জাপি, সৰুদৈয়া জাপি , বৰদৈয়া জাপি , টুপী জাপি , পিঠা জাপি , বৰৈ লগা , জৰু লগা ,সোণৰ চুলাৰে পানী জাপি , বানাতৰে আঙুঠি সিয়া , গুণাৰে বন কৰা , ফুলাম জাপি ইত্যাদি।

অসমৰ আৰ্থ-সামাজিক ব্যৱস্থা  কৃষিভিত্তিক।এই কৃষিভিত্তিক সমাজৰ জনজীৱনত হালোৱা জাপি বা ঢৰিয়া জাপিৰ ব্যৱহাৰ খেতিয়ক সকলে কৰি আহিছে। আষাৰ -শাওণ মহীয়া ভৰ বাৰিষাত হালোৱা জনৰপৰা ভূঁই ৰোৱা ৰোৱনীসকলে নিজকে বৰষুণৰপৰা ৰক্ষা কৰিবলৈ,  মৰাপাট চিকুণাওতে , কুঁহিয়াৰৰ গুৰিত মাটি দিওঁতে প্ৰখৰ ৰ’দৰপৰা ৰক্ষা পাবলৈ হালোৱা জাপি ব্যৱহাৰ কৰে। মুখৰ ওপৰত খেতিয়কসকলে পথাৰত কাম কৰোঁতে ৰ’দ বৰষুণৰপৰা নিজকে বচাবৰ বাবে জাপি ব্যৱহাৰ কৰে। সৰুদৈয়া জাপি বিহু নৃত্যত নাচনীসকলে ব্যৱহাৰ কৰে। বিয়া-সবাহ আদিৰ দলে মাংগলিক কাৰ্যত সৰুদৈয়া জাপি ব্যৱহাৰ কৰে। আগতে বিয়াৰ দৰা – কইনাই স্বামী আৰু পিতৃ-মাতৃৰ গৃহলৈ যাওঁতে সৰুদৈয়া জাপি মূৰত লৈ যোৱাৰ পৰম্পৰা ও আছিল ।

আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ  পৃষ্ঠপোষকতাত বিশেষ ভাৱে বিহুত চোতালে চোতালে বিহু হুঁচৰি গোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল।আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতে “জাপি” হস্তশিল্প হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত বিহুত সেই সময়ৰ পৰাই জাপি ব্যৱহাৰ হৈ আহিছে বুলি অনুমান কৰিব পাৰি।সেয়ে হ’লে বিহুত হয়তো ১৭ শতিকাৰেপৰাই জাপিৰ ব্যৱহাৰ হে আহিছে বুলি ক’ব পাৰি।

কালক্ৰমত বিহুৱে নতুন ৰূপ পাই “মঞ্চ বিহু ” লৈ ৰূপান্তৰিত হ’ল আৰু এই বিহুত সৰুদৈয়া জাপিক সংযোজন কৰা হৈছে বুলি অনুমান হয়। মানুহৰ অসৎ প্ৰবৃত্তিৰ বাধাৰ প্ৰতীক হিচাপে , আবুৰৰ প্ৰতীক হিচাপে বিহু নৃত্যত নাচনীসকলে শৃংখলিত পদ চালনাৰে জাপি ব্যৱহাৰ কৰি বিহু নৃত্যৰ মানদণ্ড উন্নত কৰাৰ লগতে বিহুনৃত্যক আকৰ্ষণীয় কৰিও তুলিছে। ফুলদৈয়া জাপি আকাৰত সৰু আৰু গোলাকাৰ , সন্মানিত ব্যক্তিক সম্ভাষণ জনোৱাৰ লগতে পূজা মণ্ডপ , দেৱালয় , কোনো উৎসৱ-পাৰ্বন আদিৰ বাবে সজা ওখ ৰভাঘৰ , তোৰণ বা প্ৰৱেশ চ’ৰা , চৰাঘৰ আদিৰ সৌন্দৰ্য্য বৰ্ধনৰ উপৰি উপহাৰ আলি দিয়াৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয়। 

বৰ্তমান  জাপিৰ ঠাই ছাতিয়ে দখল কৰিলে যদিও গাঁও অঞ্চলত জাপিৰ ব্যৱহাৰ এতিয়াও আছে। সাংস্কৃতিক মঞ্চ, ৰাজনৈতিক  আৰু অৰাজনৈতিক মঞ্চৰ শোভাবৰ্ধনৰ লগতে সম্বৰ্ধনা , ড্ৰয়িংৰুমৰ সৌন্দৰ্য্য বৰ্ধন কৰা কামত সৰুদৈয়া জাপি ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে  “জাপি” অসমীয়া সভ্যতা , সংস্কৃতিৰ বাহক ৰূপে পৰিগণিত হৈছে আৰু জাপি শিল্পই নিজৰ অস্তিত্ব আজিও বহন কৰিবলৈ সক্ষম হৈছে। অসমীয়া জাপি এটা তৈয়াৰ  কৰিবলৈ কিছুমান  সামগ্ৰীৰ প্ৰয়োজন হয়। এই সামগ্ৰী সমূহ হ’ল—-বাঁহ , টকৌপাত, কাপোৰৰ লেচ , সূতা , কেচি , কটাৰী ,দা , কৰত, গুণা , বুটা লেচ , আঠা, চাটমাৰী , বেজী , ভেলভেট কাপোৰ আদি। আগতে জাপি তৈয়াৰ কৰোঁতে কাগজ ব্যৱহাৰ হৈছিল। নলবাৰী জিলাত এতিয়াও কাগজেৰে  তৈয়াৰী  জাপিৰ প্ৰচলন হৈ আছে। কাগজ বিভিন্ন আকৃতিত –যেনে জীৱ-জন্তু , চৰাই-চিৰিকতি , সত্ৰীয়া নাচৰ ভংগিমা , বিহু নাচৰ অংগী-ভংগীত কাটি সেইবোৰ  জাপিৰ ওপৰফালে লগোৱা হয়।ইয়াক অধিক আকৰ্ষণীয় আৰু মনোমোহা কৰিবৰ বাবে ৰং-বিৰঙৰ কাপোৰ, কাগজৰ নানা সৰু- ডাঙৰ চুমকি ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত জাপিৰ মানদণ্ড বৃদ্ধি  হোৱাৰ লগতে জাপি শিল্প অসমীয়া  সংস্কৃতিৰ এক অভিন্ন অংগৰূপে পৰিগণিত কৰিছে । 

জাপি অসমৰ নগাঁও, দৰং, লক্ষীমপুৰ ,কাছাৰ , শিৱসাগৰ, কামৰূপ,  নলবাৰী আদি জিলাত তৈয়াৰ কৰা হয় যদিও অসমৰ নলবাৰী জিলা জাপি শিল্পৰ বাবে বিখ্যাত।অসমৰ শিৱসাগৰ জিলাত ফুলাম জাপিৰ বিক্ৰী বেছি  হয়। এই জাপি শিল্পই অসমৰ বাহিৰেও  অৰুণাচল প্ৰদেশ , শ্বিলং , কলকাতা , চেন্নাই, মুম্বাই,  নতুন দিল্লী আদিতো বিশেষ সমাদৰ লাভ কৰিছে। জাপিক অসমত ছাতি বা ছত্ৰৰ লগত তুলনা  কৰা হয়। বৰ্তমান  সময়ৰ পৰিৱৰ্তনৰ লগে লগে আধুনিক  প্ৰযুক্তিবিদ্যাই বজাৰত ন-ন ৰং-বিৰঙৰ ছাতি নিৰ্মাণ কৰি মানুহক যোগান ধৰিছে।ইয়াৰ ফলত অসমৰ থলুৱা জাপিৰ প্ৰয়োজনীয়তা হ্ৰাস পাবলৈ ধৰিছে।তথাপিও  অসমীয়া  সমাজত বিয়া ,বিহু ,সভা সমিতি , সম্বৰ্ধনা আদি অনুষ্ঠানত জাপিৰ ব্যৱহাৰ আজিও হৈ আছে আৰু হৈ থাকিব।পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ অসমৰ বিভিন্ন পৰ্যটন স্থলত জাপিৰ আৰ্হিত  জিৰণি চ’ৰা নিৰ্মাণ কৰা হৈছে,ধাবাবোৰৰ সন্মুখৰ জুপুৰিবোৰৰ চালিখন জাপিৰ আৰ্হিত নিৰ্মাণ কৰি আকৰ্ষণীয় ৰূপ দিয়া দেখা যায়। বিভিন্ন  সাংস্কৃতিক মঞ্চবোৰ জাপিৰ আৰ্হিত  নিৰ্মাণ কৰা দেখা যায়। ইয়াৰদ্বাৰা নিঃসন্দেহে ক’ব পাৰি যে অসমৰ জাপিৰ স্থান ৰং-বিৰঙৰ ছাতিয়ে কেতিয়াও দখল কৰিব নোৱাৰে আৰু অসমৰ জাপিৰ মান কেতিয়াও হ্ৰাস নহয়, ই সদায় অক্ষুন্ন থাকিব।

3 Comments

  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply
  • কুশল মহন্ত।

    ভাল লাগিল ,জাপিৰ নজনা কথা জানিব পাৰি।

    Reply
  • নন্দিতা ভাণ্ডাৰ কায়স্থ

    তথ্য সমৃদ্ধ লেখাটো পঢ়ি বৰ ভাল লাগিল বাইদেউ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *