অসমৰ বস্ত্ৰশিল্প অতীতৰ পৰা বর্তমানলৈ-উপাসা ভাগৱতী

মানৱ জাতিৰ বাবে অন্ন, বস্ত্ৰ, বাসস্থান -এই তিনিটা আদিম কালৰেপৰা চলি অহা মৌলিক প্ৰয়োজন৷ বস্ত্ৰৰ ক্ষেত্ৰখনলৈ দৃষ্টি দিলে আদিম অৱস্থাত মানুহে গছৰ বাকলি, পশুৰ ছালহে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ৷ যদিও কালক্ৰমত কৃষিকৰ্ম কৰিবলৈ যেতিয়াই শিকিলে তেতিয়াই হয়তো কৃষিৰ সমান্তৰালকৈ কাপোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানিলে৷ পূৰাতত্ববিদসকলে এই সন্দর্ভত বিভিন্ন সিদ্ধান্ত দাঙি ধৰা দেখা যায়৷ আনুবংশিক ছালৰ ৰং অনুসন্ধানৰ আধাৰত ক’ব পৰা যায় যে মানুহে ১০ লাখ বছৰৰ আগতে শৰীৰৰ জন্তুৰ দৰে থকা নোম হেৰুৱাইছিল আৰু শীতৰ প্ৰকোপ তথা গৰমৰপৰা ৰক্ষা পাবলৈ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰাৰ বাবে এয়া উপযুক্ত সময় আছিল৷ শৰীৰত নোম কমি অহাৰ লগে লগে তাপ বৃদ্ধিৰ বাবে পশুৰ ছাল মেৰিয়াই ল’বলৈ আৰম্ভ কৰে ৷   ফ্লৰিদা বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ কৰিছে যে মানুহে সম্ভৱতঃ ১,৭০,০০০ বছৰৰ পূৰ্বে কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে৷   

মানৱ জীৱনত কাপোৰৰ বিশিষ্ট ভুমিকা আছে৷ ই আমাৰ সংস্কৃতি, ইতিহাস, ভৌগলিক ভিন্নতাৰ প্ৰতীক৷ পাঁচহাজাৰ বছৰতকৈ পুৰণি সিন্ধু সভ্যতা বয়ন শিল্পত যথেষ্ট আগবঢ়া আছিল৷ মহেঞ্জোদাৰো  আৰু হৰপ্পাৰ বহু ঠাইত পোৱা বেজীয়ে সেই সময়ত যে  বয়ন শিল্পৰ প্ৰচলন আছিল,এই কথাই সূচায়৷ প্ৰাচীন ভাৰতীয় কাপোৰৰ অৱশেষ সিন্ধু সভ্যতাৰ নিকটবর্তী স্থানত বিচাৰি পোৱা শিলত কটা মূর্তি,গুহা চিত্ৰ,মন্দিৰ আৰু স্মাৰকসমূহত মানৱ কলাৰ ৰূপত পোৱা যায়।ভাৰতীয় উপমহাদ্বীপতো সেইবাবে কাপোৰৰ ইতিহাস বুলিলে সিন্ধু সভ্যতা বা তাতোকৈ পূর্বৰ সময়ৰ বুলি অনুমান কৰিব পাৰি।ভাৰতীয়সকলে মুখ্য ৰূপত স্থানীয়ভাবে উৎপাদিত কপাহৰ পৰা তৈয়াৰী কাপোৰ পিন্ধিছিল। কাৰণ ভাৰত কপাহ উৎপাদনত পৃথিবীৰ ভিতৰতে প্ৰথম স্থানত অছিল আৰু হৰপ্পাৰ সময়ত ২৫০০ খ্ৰীঃ পূঃলৈকে ইয়াক ব্যৱহাৰ কৰা হৈছিল জনা যায়।

বৈদিক যুগত আর্য্যসকলে সূতাৰ ব্যৱহাৰ জানিছিল৷ পুৰুষসকলে ‘নীবি’ আৰু ওপৰত ‘অধিবাস’ নামৰ বস্ত্ৰৰ ব্যৱহাৰ কৰিছিল।ঋকবেদৰ ঋঙমন্ত্ৰতো সূচীর্কম আৰু বয়নশিল্পৰ উল্লেখ পোৱা যায় ৷ যিসকল ব্যক্তিয়ে ভালকৈ ভাষা- শিক্ষা গ্ৰহণ কৰিবলৈ অক্ষম, তেনেলোকক কৃষিকর্ম নাইবা বয়ন কর্ম কৰা উচিত বুলি  উল্লেখ আছে।ইয়াৰ ওপৰিও  কিছুমান বৃত্তি যেনে – কাপোৰত ফুল তোলা কাম, ধুবুনী , বস্ত্ৰৰঞ্জনকাৰিনী আদিৰ উল্লেখে স্ত্ৰীসকলো যে বস্ত্ৰ উৎপাদনৰ অংশ আছিল সেই কথা আমি জানিব পাৰো ৷

প্ৰাচীন গ্ৰন্থ যেনে -গ্ৰীক গ্ৰন্থ, অর্থশাস্ত্ৰ ,হর্ষচৰিত ,ইত্যাদিত আমি অসমৰ বস্ত্ৰশিল্পৰ উল্লেখ পোৱা যায়। প্ৰাচীন  গ্ৰীক লেখক পটলিয়ামৰ ‘পিৰিপ্লাচ অৱ দি ইৰিথাৰিয়ান ছি’ গ্ৰন্থৰ মতে অসমত প্ৰথম শতিকাত ‘চেচতিয়া’ নামৰ এটা জাতি বাস কৰিছিল আৰু ‘পেত্ৰি ‘( পাট ) নামৰ সূতাৰ উৎপাদন আৰু বেপাৰ কৰিছিল৷ অর্থশাস্ত্ৰৰ মতে প্ৰাচীন কালত অসমত সোণালী ৰঙৰ (র্সূয্যৰ ৰঙৰ দৰে ) ‘স্বর্ণকুদ্যাকা’ চিল্ক উৎপাদন হৈছিল ৷ গ্ৰন্থখনৰ মতে এইবিধ বস্ত্ৰৰ বাবে সূতা পানীত তিতি থাকোতেই প্ৰস্তুত কৰা হয় আৰু দেখা যায় আজিও সেই একে পদ্ধতিৰে মুগা সূতা কটা হয়৷ কামৰূপ ৰাজ্যলৈ আহোতে হিউয়েন চাঙে ভাস্কৰ বর্মনে দিয়া পাট- মুগাৰ কাপোৰৰ কথা উল্লেখ কৰিছিল৷ ইয়াত ’সলালি’ কাপোৰ অর্থ্যাৎ ‘উজ্জ্বল’ কাপোৰৰ কথা উল্লেখ আছে৷ হর্ষচৰিতৰ মতে উত্তৰ ভাৰতৰ ৰজা হর্ষবৰ্দ্ধনৰ নামাকৰণ অনুষ্ঠানত ভাস্কৰ বর্মনে বহুতো মুগা- পাটৰ বস্ত্ৰ উপহাৰ দিছিল৷ এই কথাই আমাৰ অসমৰ বস্ত্ৰশিল্পৰ গৌৰৱময় ঐতিহ্য ঘোষণা কৰে৷ সপ্তম শতিকাৰ কুমাৰ ভাস্কৰ বৰ্মাই হর্ষর্বধনৰ ৰাজসভালৈ অন্যান্য সামগ্ৰীৰ লগত পঠোৱা বিশুদ্ধ, মিহি আাৰু উৎকৃষ্ট পাট কাপোৰে ভূয়সী প্ৰশংসা লাভ কৰাৰ কথাই প্ৰাচীন কামৰূপৰ সাংস্কৃতিক ঐতিহ্যৰে প্ৰমাণ দাঙি ধৰে।

আহোম যুগত অসমৰ তিৰোতা বয়ন কার্য্যত এনে পটু আছিল যে ৰাতিটোৰ ভিতৰতে কপাহ নেওঁঠি, সূতা কাটি, কাপোৰ বৈ, গৃহস্থক সেই কাপোৰ পিন্ধাই যুঁজলৈ  সাজু কৰি পঠিয়াইছিল। সেই কাপোৰক ‘কৱচ’ বোলা হৈছিল ৷ বিশ্বাস আছিল যে এই ‘কৱচ’ যাৰ গাত থাকে, সি অজেয়, অপৰাজেয় ৷

এই তাঁতশালতে নৱবৈষ্ণৱ যুগত বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল৷ মহাপুৰুষৰ বৈকুন্ঠৰ চিত্ৰপট কল্পতৰু বৃক্ষকে ধৰি অসমীয়া শিপিনীয়ে  তুলিছিল৷ গতিকে সাজপাৰৰ ক্ষেত্ৰত অসমীয়া শিপিনীয়ে যে অর্পূব দক্ষতা দেখুৱাব পাৰিছিল তাত কোনো সন্দেহ নাই। ১৯২১ চনত অসমলৈ অহা মহামানৱ মহাত্মা গান্ধীয়ে আমাৰ শিপিনীৰ গুণ বখানি গৈছে৷ ১৯২৬ চনত বহা পাণ্ডুৰ অধিবেশনৰ মণ্ডপ নগাওঁ জিলাৰ ৰহা, মৰিগাওঁ আদি অঞ্চলত তৈয়াৰ হোৱা কাপোৰেৰে এনে মনোমোহাকৈ সজাইছিল যে সমগ্ৰ ভাৰতৰ নেতাসকলে অসমীয়া শিপিনীৰ বয়ন শিল্পৰ নৈপুন্যতাৰ প্ৰশংসা কৰিছিল৷ 

চাৰিটা কাৰণত আমি সাজপাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰো— 

১)সভ্য জগতত লজ্জা নিবাৰণ,

২) দৈহিক উত্তাপৰ সমতা ,

৩)দূষিত পর্দাথ আৰু কীট পতঙ্গৰ দংশনৰ পৰা ৰক্ষা পৰা

৪) শৰীৰৰ সৌর্ন্দয্য বৃদ্ধি কৰা ইত্যাদি ৷ 

ইয়াৰ উপৰিও বিশিষ্ট ব্যক্তি ৰূপে চিনাকি দিবলৈ, জাতি তথা নিজৰ সংস্কৃতিৰ প্ৰদর্শণ কৰিবলৈ আৰু কোনো কোনো ক্ষেত্ৰত শৰীৰৰ কোনো দোষ লুকুৱাবলৈও বস্ত্ৰৰ উপযোগিতা নথকা নহয়৷ বস্ত্ৰ হৈছে জাতিৰ দাপোন স্বৰূপ৷ এটা জাতিৰ ঐতিহ্য বহন কৰে আমাৰ দেহৰ সাজ পোচাকেই। সেইবাবে  আমি স্থান, কাল, পাত্ৰ, পৰিৱেশ অনুসৰি বস্ত্ৰ পৰিধাণ কৰা উচিত ৷

সাধাৰণতে আঁহৰ পৰা সূতা  তৈয়াৰ কৰা হয়৷ ইয়াৰ উৎস দুবিধ৷ প্ৰাকৃতিক আৰু সাংশ্লেষিক৷ অর্থাৎ প্ৰকৃতিৰ ওপৰতে র্নিভৰ নকৰি কৃত্ৰিমভাৱেও আঁহ তৈয়াৰ কৰা হয়, প্ৰাকৃতিক আঁহ আমি উদ্ভিদ আৰু প্ৰাণীৰ পৰা পাওঁ। সাধাৰণতে প্ৰকৃতিৰপৰা আহৰণ কৰা আঁহে মানৱ শৰীৰৰ কোনো অনিষ্ট সাধন নকৰে৷ সেইবাবে ২০০৯ বর্ষটি আর্ন্তজাতিক প্ৰাকৃতিক আঁহ বর্ষ হিচাপে পালন কৰা হৈছিল। সর্ম্পূণ বিশ্বই সেই বর্ষৰপৰা কৃত্ৰিম আহঁৰ পৰির্বতে প্ৰাকৃতিক আহঁৰপৰা তৈয়াৰী কাপোৰ পিন্ধাত গুৰুত্ব আৰোপ কৰে৷

অসমত পুৰণিকালৰে পৰা প্ৰাকৃতিক আহঁৰপৰা তৈয়াৰী এৰী , মুগা আৰু পাটসূতাৰ কাপোৰৰ এক সুকীয়া বৈশিষ্ট্য আছে।এই সাজপাৰে অসমীয়া সমাজৰ পৰিচয়জ্ঞাপক বৈশিষ্ট্য বহন কৰে৷ অসমৰ বাহিৰত ভ্ৰমণৰত অৱস্থাত বিভিন্ন লোকে এই সাজপাৰ দেখিলে যি সপ্ৰশংস দৃষ্টি দেখা পোৱা যায় সিয়ে অসমীয়াৰ বুকু গর্বত ফুলাই তোলে। 

সাধাৰণতে ভৈয়ামতকৈ পাহাৰত কপাহৰ উৎপাদন বেছি। সেইবাবে ভৈয়ামৰ অঞ্চলত কপাহ যোগাৰ কৰি কপাহী কাপোৰ বোৱাতকৈ অধিক স্থায়ী এৰী, মুগা, পাট কাপোৰ বৈ পিন্ধা অধিক যুগুত বুলি মানুহে বিবেচনা কৰিছিল ৷ সকলোতকৈ দামী সোণালী ৰঙৰ ‘মুগা’ গোটেই পৃথিবীৰ ভিতৰত কেৱল অসম তথা উত্তৰ পূর্বাঞ্চলত উৎপন্ন হয়৷ বিশেষকৈ মেজাংকৰী পাত খাই প্ৰতিপালিত গছ মুগাৰপৰা উৎপাদিত  সূতাৰ এটা উজ্জ্বল তিৰ্ বিৰনি আছে ৷ সেয়েহে আহোম র্স্বগদেউসকলে মেজাংকৰী পাটৰ সূতাৰে তৈয়াৰী বস্ত্ৰহে পৰিধান কৰিছিল ৷

স্বর্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত মোগলাই  বস্ত্ৰ আৰু সূতাৰ আমদানি তথা প্ৰচলনৰপৰাই অসমৰ বয়ন শিল্পৰ খুটা লৰচৰ হবলৈ আৰম্ভ কৰিছিল৷ ইংৰাজ যুগত কপাহী সূতা আৰু কাপোৰৰ প্ৰচলনে এই শিল্পৰ ঐতিহ্যক মাধমাৰ সোধাইছিল ৷ তাৰোপৰি ধনৰ লোভ দেখুৱাই সস্তা দৰত এৰী,মুগা,পাটসূতা আৰু কাপোৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়ীয়ে কিনি লৈ ইংলেণ্ডৰ কপাহী সূতা ভাৰতত মেলি দিছিল ৷ যদিও এই ঐতিহ্যৰ বন্তি জ্বলি থাকিল।

অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বর্পূণ কুটিৰশিল্প। ভাৰতৰ মুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখ অসমত আছে আৰু এইবোৰ বেছিভাগেই ভৰিৰে চলোৱা হয় ৷ বাণিজ্যিকভাবে শুৱালকুচিৰ একাংশ তাঁতশালহে যন্ত্ৰচালিত৷ ভাৰতৰ আন ঠাইৰ দৰে অসমো এই শিল্পৰ বাবে জগত বিখ্যাত৷ পুৰণি কালৰেপৰা ইয়াত তাঁতৰ প্ৰচলন আছিল৷ বোৱা-কটাৰ চর্চা ইমানেই বেছি আছিল যে  তাঁতি নামৰ এটা সম্প্ৰদায়ৰে সৃষ্টি হৈছিল৷ ১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাতীঁকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত শানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়ন শিল্পৰ গঢ় লৈ উঠিবলৈ ধৰে৷ তেতিয়াৰপৰাই ১৯৩০ চনমানলৈকে তাতী জনগোষ্ঠীৰ মাজতে সীমাৱদ্ধ এই ৰেচম শিল্প আন আন জনগোষ্ঠীলৈকো বিয়পি পৰে৷  প্ৰাচীন কালৰে পৰম্পৰাগত উদ্যোগ হিচাপে পৰিচিত বস্ত্ৰশিল্পক মহিলাসকলে তেওঁলোকৰ ঘৰুৱা জীৱনৰ অঙ্গ বুলি ধৰি আজৰি সময়ত তেওঁলোকে এই কাম কৰি বর্তমানৰ ৰূপ প্ৰদান কৰাত সহায় কৰিছে ৷

বর্তমান ২.৮০ লাখতকৈও অধিক তাতশাল বাণিজ্যিকৰূপে নিয়োজিত, আন প্ৰায় ৫.৭০ লাখ অৰ্ধ নিয়োজিত আৰু বাকীবোৰ ঘৰুৱা তাঁতশালে ঘৰুৱা চাহিদা পূৰণৰ বাবে। বিশেষকৈ মুগা অসমৰ থলুৱা কাপোৰ। ইয়াক আন ঠাইত পোৱা নাযায় বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে ভাৰত চৰকাৰে অসমক মুগাৰ জিঅ’গ্ৰাফিকেল ইন্দিকেটৰ মার্ক প্ৰদান কৰিছে ৷ 

অসমৰ নাৰী সূতা কটা আৰু তাঁত বোৱাত পার্গত আছিল  আৰু প্ৰতিখন ঠাইত বোৱা-কটাৰ চর্চা চলিছিল। এই ক্ষেত্ৰত  শুৱালকুচিৰ তাতশিল্প ইতিহাস প্ৰসিদ্ধ৷ বিশেষকৈ শুৱালকুচিৰ প্ৰতিখন ঘৰতে আছে মাকোৰ খিট্ খিটনি৷ সেইদৰে লখিমপুৰ আৰু ধেমাজীৰ মুগা সূতা উৎপাদন আৰু বোৱনৰো বিশেষ সুনাম আছে ৷ বনজ সম্পদসমূহে বিশেষকৈ এৰাগছ, নুনি, কেচেৰু, চোমগছ, মেজাঙ্কৰি, দীঘলতী, চপা আদিয়ে সূতা উৎপাদনত বিশেষকৈ সহায় কৰে ৷ কিন্তু বর্তমান বনজ সম্পদ ধ্বংসই সূতা উৎপাদনত প্ৰভাৱ বিস্তাৰ কৰিছে৷ ফলত সুবিধা গ্ৰহণ কৰিছে অসমৰ বাহিৰৰ বণিক গোষ্ঠীয়ে৷ তেওঁলোকে ভাৰতৰ অন্যঠাইত উৎপাদিত সূতাৰে মেখেলা চাদৰ তৈয়াৰ কৰি অসমৰ বজাৰ দখল কৰিছে৷ ইয়াৰ উপৰিও তেওঁলোকৰ লগতে অসমৰ শিপিনীয়ে দুয়োবিধ সূতা মিহলি কৰি ভেজাল বস্ত্ৰ তৈয়াৰ কৰিবলৈ লৈছে৷ ফলত প্ৰকৃত সূতাৰে তৈয়াৰী কাপোৰৰ মূল্য আকাশলংঘী হৈছে৷ ইয়াৰ স্থায়ীত্ব আৰু গুণাগুণ হ্ৰাস পাইছে৷ অসমৰ বয়ন শিল্পৰ বাবে ই ভাবুকিস্বৰূপ হৈ পৰিছে। সেইবাবেই কেইটামান বছৰৰ পূৰ্বে শুৱালকুচিত ইয়াৰ প্ৰতিবাদ দেখিবলৈ পাইছিলো আৰু মাজে মাজে এই প্ৰতিবাদ চলিয়েই আছে৷ খুব সম্ভৱ দুই দশকমানৰ আগৰেপৰাই গঢ় লৈ উঠা মুগা সূতা আৰু পাটসূতাৰ লগত অন্য সূতা মিহলি কৰি মেখেলা চাদৰ বৈ বিক্ৰী কৰা এটা পৰম্পৰাৰ দৰে হৈ পৰাৰ প্ৰৱনতা শিপিনীসকলে ত্যাগ নকৰিলে অসমৰ এই শিল্পৰ সোণালী ইতিহাস ইতিহাসতে আবদ্ধ হৈ ৰ’ব। ইয়াৰ বাবে আমি প্ৰথমেই পলুৰ খাদ্যৰূপে পৰিচিত বনজ সম্পদসমূহ ৰোপন কৰা,বয়ন শিল্পৰ সকলো দিশ শিক্ষণৰ প্ৰতি, বানিজ্যিক দিশটোৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত তথা জাগৰিত কৰিব লাগিব ৷ 

বর্তমান বিভিন্ন জনে এই  শিল্পক বিশ্বৰ সমগ্ৰ প্ৰান্ততে চিনাকি কৰাৰ হেঁপাহ বুকুত বান্ধি ইয়াক বাণিজ্যিক দিশলৈ লৈ গৈছে৷ এই শিল্পক ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ বিভিন্ন ঠাইলৈ উলিয়াই লৈ যোৱাৰ যি প্ৰয়াস কৰিছে,সেয়া সঁচাই প্ৰশংসনীয়। কেৱল সূতাৰ মানদণ্ড যাতে উন্নত হৈ থাকে তাৰ প্ৰতি তেওঁলোকে সততে দৃষ্টি দিব লাগিব তথা উৎপাদন বৃদ্ধিৰ দিশটোলৈও চকু দিব লাগিব৷ এই ক্ষেত্ৰত সকলো সজাগ হোৱাৰ লগতে  ইয়াৰ লগত জড়িত লোকসকলে আপুৰুগীয়া এই বস্ত্ৰশিল্পৰ মান অটুত ৰখাত অধিক গুৰুত্ব দিব লাগিব।

2 Comments

  • গীতা মণি দত্ত ।

    ভাল লাগিল পঢ়ি ।

    Reply
  • পূৰ্ণিমা শইকীয়া গগৈ

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *