“অসম ভৱন,মুম্বাই আৰু মই’-সংহিতা ভট্টাচাৰ্য্য

ত্রিনয়ন সন্দিকৈদেৱৰ ‘অসম ভৱন,মুম্বাই আৰু মই’- প্ৰত্যাহ্বান, অভিজ্ঞতা আৰু সংগ্ৰামৰ এক অবিৰত যাত্ৰা’….এখন ভাল লগা গ্ৰন্থ।

ত্ৰিনয়ন সন্দিকৈ দেৱৰ ‘অসম ভৱন মুম্বাই আৰু মই’ হৈছে  জীৱনৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতাৰে লিখা, জীৱনৰ প্ৰতি প্ৰত্যাহ্বান লগতে আত্মবিশ্লেষণমূলক আৰু বহু তথ্যৰে ভৰপূৰ এখন অতি মনোৰম গ্ৰন্থ। প্ৰকৃতাৰ্থত ক’ব পাৰি গ্ৰন্থখন হৈছে এখন ব্যতিক্ৰমী গ্ৰন্থ।

       “ঐ মোক ইনচাল্ট নকৰিবি।

         কি বুলি ভাবিছ?

         মোক বম্বেত মাতি আছে।”       

গ্ৰন্থখনিত প্ৰথম আৰম্ভ হোৱা এই কথাখিনিৰপৰাই অনুমান কৰিব পাৰি যে- লিখকে ল’ৰালি কালৰেপৰা মনত অযুত সপোন লৈ কেনেকৈ এটা সময়ত মুম্বাইলৈ যাত্ৰা কৰিছিল আৰু সেই যাত্ৰাত আহি পৰা কঠিন প্ৰত্যাহ্বান,বিচিত্ৰ অভিজ্ঞতা,বিভিন্ন অনুকূল আৰু প্ৰতিকূল পৰিবেশ আৰু বিভিন্ন ব্যক্তিৰ সান্নিধ্যৰ মাজেৰে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিছিল। ‘অসম ভৱন মুম্বাই আৰু মই’- প্ৰত্যাহ্বান,অভিজ্ঞতা আৰু সংগ্ৰামৰ এক অবিৰত যাত্ৰা’ গ্ৰন্থখন হৈছে- দৰাচলতে জীৱনত সন্মুখীন হোৱা সংগ্ৰাম আৰু অভিজ্ঞতাৰ দস্তাবেজ।

২৫টা অধ্যায়ৰে সন্নিৱিষ্ট গ্ৰন্থখনত লেখকৰ জীৱনৰ কথাৰে ২৫ টা প্ৰৱন্ধ পঢ়িলে পঢ়ি থাকিবলৈ মন যোৱা। কথাবোৰ পঢ়িলে এনে লাগে যেন সাধুকথাৰ দৰে কোনোবাই কৈ আছে আৰু আমি শুনি আছোঁ। মুকলিমূৰীয়াকৈ সহজ সৰল ভাৱে ইমান সৰল ভাষাত মুকলিমনৰ মানুহ হ’লেহে হয়তো লিখিব পাৰে।লেখকৰ লেখাৰ বিশেষ শৈলীটোয়েই হৈছে যে তেখেতে যেনেকৈ কথা কয় ঠিক তেনেদৰেই  লিখি যায়। গ্ৰন্থখন ভাল লগাৰ এইটো হৈছে এটা অন্যতম কাৰণ।

মুম্বাইৰ অসম ভৱন হৈছে অসমৰ কৰ্কটৰোগী সকলৰ বাবে একমাত্ৰ আশা আৰু নিৰ্ভৰযোগ্য আশ্ৰয়স্থল। কিমান সংঘাত, কষ্ট, আৰু ত্যাগ স্বীকাৰ কৰি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলগা হৈছিল সেই কথা গ্ৰন্থখনত সন্নিবিষ্ট  ‘মোৰ মুম্বাই যাত্ৰা,অসম ভৱনত দায়িত্বভাৰ লোৱাৰ প্ৰথম দিনটো, সংগ্ৰামৰ এক অবিৰত যাত্ৰা’..এই প্ৰবন্ধকেইটা পঢ়িলেই অনুভৱ কৰিব পাৰি। আচৰিত লাগে আমি মুম্বাই চহৰ বুলি যি এক কোনো দুখ অভাৱ নথকা জকমকীয়া চহৰ হিচাপে কল্পনা কৰি থাকোঁ সেই চহৰখনত কেতিয়াবা বিজুলিবাতি, পানী নোহোৱাকৈয়ো এক জৰাজীৰ্ণ অৱস্থাত কোনোবাই জীৱন অতিবাহিত কৰিছিল। ‘অসম ভৱন,মুম্বাই আৰু মই’ – গ্ৰন্থখন নিলিখা হ’লে হয়তো আমি এই বিষয়সমূহৰ পৰা অপৰিচিত হৈয়ে ৰ’লো হয়।এনেবোৰ সংঘাত আৰু কষ্টৰ মাজেদি আহিয়েই আজি অসম ভৱন অসমৰ কৰ্কট ৰোগীসকলৰ বাবে এক নিৰ্ভৰযোগ্য আশ্ৰয়স্থল হৈ পৰিছে। এইক্ষেত্ৰত লেখক ত্রিণয়ন সন্দিকৈৰ লগতে জয়েছ কুমাৰ, অসম ভৱনৰ আৱাসিক আয়ুক্ত দেৱশীষ শৰ্মা আৰু অসম ভৱনৰ কৰ্মচাৰীসকলৰ শলাগ ল’বই লাগিব। যিসকলৰ বাবে আজি অসম ভৱন লিজত দিয়াৰ পৰা ৰক্ষা পৰে।

কিদৰে বিহু, ঈদ- এ-মেহিফিল, দুৰ্গা পূজা আদি পালন কৰি মুম্বাই অসম ভৱনক অসমীয়া জাতিৰ ভাষা, সংস্কৃতি আৰু কলাকেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে সেই কথা ‘ সম্প্ৰীতিৰ গধূলি, মুম্বাইৰ প্ৰথম অসমীয়া দুৰ্গা পূজা’, প্ৰৱন্ধ দুটিৰ জৰিয়তে অনুমান কৰিব পাৰি। ইয়াৰ উপৰিও এই লেখাৰ জৰিয়তে লেখকৰ অসম প্ৰীতি, জাতি প্ৰেমৰ উমান পাব পাৰি।

প্ৰেম এক স্বৰ্গীয় অনুভূতি। অতীন্দ্ৰিয় প্ৰেমৰ স্বৰ্গীয় অনুভূতি যিসকলে কেতিয়াও অনুভৱ কৰিব পৰা নাই সেইসকলে জীৱনত প্ৰকৃত সুখৰপৰা বঞ্চিত হৈছে। হেৰুৱাইছে বহুত।সকলোৰে জীৱনলৈ প্ৰেম আহে। লেখক ত্ৰিনয়ন সন্দিকৈদেৱৰ জীৱনলৈ প্ৰেম আহিছিল। এই স্বৰ্গীয় প্ৰেমৰ অনুভৱৰ কথা বৰ সুন্দৰকৈ লেখকে বৰ্ণনা কৰিছে ‘অসম ভৱনত প্ৰেম পূজাৰী’, ধ্ৰুৱ-প্লাবিতাৰ প্ৰেম, ‘পাৰ্থ-স্বাতী: এক অমৰ প্ৰেম কাহিনী’, প্ৰৱন্ধ কেইটাৰ জৰিয়তে।

সন্দিকৈ দেৱৰ শিক্ষকসকলৰ প্ৰতি আছে গভীৰ শ্রদ্ধা। এই কথা অনুভৱ কৰিব পাৰি তেখেতৰ ‘টেট শিক্ষক আৰু মোৰ অভিজ্ঞতা’ নামৰ প্ৰৱন্ধটোৰ জৰিয়তে। শিক্ষকসকলৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ বিভিন্ন সমস্যা, শিক্ষসকলৰ ত্যাগ, কষ্ট তথা বৰ্তমান সমাজখনৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য আদিৰ বিষয়েও প্ৰবন্ধটিত বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে।

ইয়াৰ উপৰিও ‘সুধাকন্ঠ ভূপেন হাজৰিকাৰ বৈচিত্ৰ্যময় জীৱন’ শীৰ্ষক প্ৰৱন্ধটোৰ জৰিয়তে ভূপেন হাজৰিকাৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰি। জানিব পাৰি জুবিন গাৰ্গৰ বিষয়ে ‘জুবিন গাৰ্গ আৰু মোৰ বন্ধুত্ব’ নামৰ প্ৰৱন্ধটিৰ জৰিয়তে। লগতে অনুভৱ কৰিব পৰা যায় ড° পীতাম্বৰ দেৱ গোস্বামী আৰু ডাঃ তপন শইকীয়াদেৱৰ মহানুভৱতাৰ কথা। তেখেতৰ ‘ ড. পীতাম্বৰ দেৱ গোস্বামীৰ মহানুভৱতা’ আৰু ‘কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন কুমাৰ কলিতা’ শীৰ্ষক প্ৰবন্ধ দুটিৰ পৰা। ইয়াৰ উপৰিও ‘মুম্বাইত জিতু-তপনৰ সংগীত যাত্ৰা’ ৰ জৰিয়তে জানিব পাৰি সেই সময়ৰ সংগীত জগতখনৰ বিষয়ে বহুত নজনা কথা।

ইয়াৰ লগতে জানিব পাৰি বৰ্তমান ভাৰতবৰ্ষত সক্ৰিয়ভাৱে শৰীৰ-চৰ্চা কৰি থকা আটাইতকৈ বয়সীয়াল শৰীৰ চর্চাবিদ যিজনে পাঁচবাৰকৈ মিঃ ইণ্ডিয়া খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছিল সেইজন চিৰসেউজ অসমীয়া সদানন্দ গগৈৰ বিষয়ে। সঁচাকৈয়ে আমি কেইজন অসমীয়াই তেখেতৰ বিষয়ে জানিছিলোঁ! অপ্ৰিয় হ’লেও এই কথা সত্য যে এই প্ৰৱন্ধটো নিলিখা হ’লে হয়তো বহুতো অসমীয়ালোক সদানন্দ গগৈৰ বিষয়ে অপৰিচিত হৈয়ে থাকিলহেঁতেন। যেনেকৈ অপৰিচিত হৈ ৰ’লহেঁতেন আজি সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ বঁটা’ৰে সন্মানিত হোৱা ডাঃ তপন শইকীয়া দেৱ। যিসকলে প্ৰচাৰবিমুখ হৈয়ে অসমৰ বাবে নিঃস্বাৰ্থ ভাবে কাম কৰি গৈছে। 

শেষত ক’ব পাৰি যে মণিকূট প্ৰকাশনৰদ্বাৰা প্ৰকাশিত ‘অসম ভৱন মুম্বাই আৰু মই’ গ্ৰন্থখনি হৈছে অসমৰ কৰ্কট ৰোগী লগতে সকলো লোকৰ বাবে এখন বৰ প্ৰয়োজনীয় আৰু মূল্যবান গ্ৰন্থ। ‘টাটা মে’মৰিয়েল হস্পিতালৰ এক চমু বিৱৰণ’ আৰু মানৱসেৱাৰ তীৰ্থস্থান অসম ভৱন, মুম্বাই’ প্ৰবন্ধ দুটিত লেখকে সকলো প্ৰয়োজনীয় তথ্য আগবঢ়াইছে যাৰ দ্বাৰা অসমৰ সকলো লোক নিশ্চিতভাৱে বৰ উপকৃত হ’ব। শেষত ক’ব পাৰি ‘অসম ভৱন, মুম্বাই আৰু মই’ গ্ৰন্থখনি হৈছে অসমৰ কৰ্কটৰোগীৰ লগতে সকলো লোকৰ বাবে  প্ৰয়োজনীয়, তথ্যমূলক তথা এখন বৰ মূল্যবান গ্ৰন্থ।  

                    

One comment

  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *