আইতা-হৰিচন্দ্ৰ ডেকা
(প্ৰতিটো শাৰী চৈধ্য আখৰীয়া)
তুমিও আইতা কম ধুনীয়া নাছিলা
ওৰণিৰে যেতিয়া ন – কইনা আছিলা ?
তোমাৰ তেজগোঁৰা আজিৰ মুখখন
কিচকিচীয়া ক’লা চুলি সঁচাকৈয়ে ঘন ৷
খুন্দনাৰ তামোলৰ সেলেঙি লগাই
টিঁয়া বৰণীয়া ওঠ পিকেৰে বোলাই ৷
এতিয়াও আইতা পেলোৱানে মনত
মিচিকিয়া হাঁহিটো ওৰণিৰ তলত ?
তাহানিও লগাইছিলা জেতুকাৰ বোল
চুলিৰ সুগন্ধ বিলাই আমোলমোল ৷
আজিও তোমাৰ এই সোঁতোৰা গালত
ক’ত আছে টোলদুটা আছেনে মনত ?
বিৰিণা পাতৰ সেই আঙুঠিৰ কথা
শৈশৱৰ প্ৰেম আছেনে মনত গঁঠা ?
ক্ষয়ৰ আঁচোৰপৰা জোনটোক দেখি
কিয়নো হোৱা আইতা আজি তুমি দুখী?
শৈশৱত আঁকি লোৱা সেই ছবিখনে
আজিও মোক আমনি কৰে ঘনে ঘনে ৷
দন্ত্য বিহীন তোমাৰ মোলান হাঁহিত
তাহানিৰ প্ৰতিচ্ছবি আজিও কিঞ্চিত ৷
তেতিয়াৰ মিচিকিয়া হাঁহিটো তোমাৰ
এতিয়াও বিচাৰোঁ চুকে-কোণে আমাৰ ৷