উত্তৰণ-হৰিচন্দ্ৰ ডেকা
(গল্পটোৰ পটভূমি সত্তৰ – আশী দশকৰ । গতিকে পঢ়ুৱৈয়ে সেই সময়ৰ গুৱাহাটী মহানগৰীখনৰ কথা কল্পনা কৰি পঢ়ে যেন)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ বাকৰি আজি লোকাৰণ্য, চাৰিওফালে দলদোপ-হেন্দোলদোপ৷ লাউড স্পিকাৰত বাজি থকা সুমধুৰ অসমীয়া গানে চৌদিশ ৰজনজনাই আছে৷ গোটেই মহানগৰীখনেই আলোকসজ্জাৰে সজাই তোলা হৈছে, যেন চহৰখনত আবতৰীয়া দেৱালীহে উৎযাপন কৰা হৈছে।সৰু সৰু ছোৱালীবিলাকে মাক-বায়েকৰ পাট-মুগাৰ মেখেলা-চাদৰ পিন্ধি হাতত ফুলৰ তোৰা লৈ ইফালে সিফালে দৌৰি ফুৰিছে৷অসমীয়া তথা হিন্দী কথাছবি জগতৰ অপ্ৰতিদ্বণ্ডী গায়িকা মলয়া দেৱীক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি কলা-সংস্কৃতিত তেখেতৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব, লগতে সম্বৰ্দ্ধনা সভা৷ প্ৰথিতযশা শিল্পী গৰাকীৰ ইচ্ছা অনুসৰি এই অনুষ্ঠান বিশ্ববিদ্যালয়ৰ নিজা প্ৰেক্ষাগৃহত অনুস্থিত নকৰি সকলো শ্ৰেণীৰ নাগৰিকে ঢুকি পাব পৰাকৈ বিশ্ববিদ্যালয়ৰ বাকৰিতে অনুস্থিত কৰা হৈছে ৷ ৰাজ্যিক সাংস্কৃতিক সঞ্চালকালয়ৰ তত্ত্বাৱধানত বিশেষ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে৷ ৰাজ্যৰ বিশিষ্ট নাগৰিক আৰু কলা-কুশলী সকলে বিমান বন্দৰৰ পৰাই শিল্পীগৰাকীক আদৰি আনিব৷ গুৱাহাটী পৌৰ নিগমো হাত-সাৱটি বহি নাথাকিল৷ এই বিৰল উৎসৱত নিজৰ অৱদানৰ স্বাক্ষৰ চিহ্নিত কৰি ৰাখিবৰ বাবে গোটেই মহানগৰীখন চিকুণাই আটকধুনীয়া কৰি তুলিছে৷
মোৰ কাৰণেও আজিৰ দিনটো বিশেষ দিন হিচাবে পৰিগণিত হ’ব৷ ওপজিয়ে এক কলা সংস্কৃতিৰ বাতাৱৰণত ডাঙৰ দীঘল হোৱা নতুবা কোনো বিখ্যাত সঙ্গীত শিল্পীৰ তত্ত্বাৱধানত সঙ্গীতৰ আখৰা কৰি বিখ্যাত শিল্পী হৈ পৰা কোনো মলয়া দেৱীৰ কথা মই ইয়াত বৰ্ণনা কৰিব খোজা নাই, কলাৰ পূজাৰী মলয়া দেৱী এই সকলোবোৰৰে উৰ্দ্ধত৷ সমুখৰ বাৰাণ্ডাৰ আৰামী চকীখনত বহি মই সেইবোৰ স্মৃতিকে ৰোমন্থন কৰিছোঁ৷
সেয়া আজিৰপৰা দুকুৰি বছৰ আগৰ কথা, নাক থকা চিটিবাছবোৰ নুনমাটি পাণ্ডুৰ মাজত চলাচল কৰাৰ সময়ৰ কথা৷ ৫-১০ মিনিটৰ ব্যৱধানত চলা চিটিবাছবোৰত নিম্নতম ১০ পইচা ভাৰা দি শ শ যাত্ৰী অহাযোৱা কৰা সময়ৰ কথা৷ প্ৰধান চিটিবাছ ষ্টপেজবোৰত সাধাৰণতে বাছবোৰ বেছি সময় ৰৈ থাকে৷ তেনেকুৱা বাছ আস্থানবোৰত আকৌ একাধিক ভিক্ষাৰীৰ সমাবেশ ঘটে৷ আটাইৰে উদ্দেশ্য এটাই, যাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰি সমুখৰ দুৱাৰেৰে সোমাই আমুলৰ টিনৰ টেমাটোত খুচুৰা পইচাৰ ঝুনঝুননি তুলি আকৌ পিচফালৰ দুৱাৰেৰে নামি যায়৷ মাজতে কিছুমানৰ ৫ – ১০ পইচাৰ মুদ্ৰা এটা টিনৰ টেমাটোত খটংকৈ পৰে৷ কিছুমান যাত্ৰী আকৌ সেই সময়ত দুৰ্ঘোৰ টোপত নিমগ্ন, যেন এইখিনি সময়লৈহে বাটচাই আছিল গভীৰ নিদ্ৰাৰ সুখকণ উপভোগ কৰিবলৈ৷ খটাসুৰ ভিক্ষাৰী কিছুমানে আকৌ কুম্ভকৰ্ণৰ নিদ্ৰাত থকা সকলৰ ওচৰত খুচুৰা পইচাৰ টেমাটো সশব্দে জোকৰি দিয়ে, কাৰণ সিহঁতেও জনা হৈছে তেওঁ যে-এনেয়ে চকু মুদি আছে৷ কিছুমানৰ কণ্ঠত আকৌ সুৱদি সুৰ৷ আটাইবোৰৰ মাজত যাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ তীব্ৰ প্ৰতিযোগিতা৷
উপায়ুক্তৰ কাৰ্য্যালয়ৰ চিটিবাছ আস্থানটোও বিভিন্ন প্ৰকাৰৰ ভিক্ষাৰীৰ মিলন ভূমি৷ কিন্তু এইসকল হতভগীয়াৰ প্ৰতি সহানুভূতিশীল লোকৰ সংখ্যা অতি নগণ্য৷ খুচুৰা নোহোৱাৰ অজুহাতত বিমুখ কৰা যাত্ৰীৰ সংখ্যাই বেছি৷ দানপাত্ৰটো যাত্ৰীৰ গাত লগাই মনোযোগ আকৰ্ষণৰ চেষ্টা কৰিলে বিৰক্তিৰে “মোৰ লগত খুচুৰা পইচা নাই” বুলি কৈ খিৰিকিৰে দিগন্তৰফালে চকু পোনাব যেন এটকীয়াৰ তলত কোনোৱেই খুচুৰা পইচা লগত নাৰাখেই৷ এইসকল ধৰ্মপ্ৰাণ লোকেই কামাখ্যালৈ এই চিটি বাছতে যায়, দেৱীৰ আশীৰ্বাদ বিচাৰি হাতত পূজাৰ সম্ভাৰ লৈ,অথচ এই পুণ্য ক্ৰেতাসকলে ৫-১০ পইচা ভিক্ষাৰীক দান দিবলৈ অপৰাগ৷ চাকৰিৰ এজন নিয়মীয়া প্ৰাৰ্থী হিচাবে চিটিবাছত মই সঘনাই ভ্ৰমণ কৰিব লগা হওঁ৷ অতি কষ্টেৰে দিনটোৰ খৰচখিনি মিলাওঁ যদিও তাৰ মাজৰে কিছুমানক মই ৫-১০ পইচাৰ মুদ্ৰা একোটা দান দি আত্মসন্তুষ্টি লাভ কৰোঁ৷
এজনী কিশোৰী, বয়স ৮ বছৰমান হ’ব কিজানি, কাছাৰী চিটি বাছ আস্থানৰ নিয়মীয়া অতিথি৷ কণ্ঠত এক সুৱদি সুৰ লৈ মনৰ আবেগ ঢালি তাই বাছৰ ইমূৰৰ পৰা সিমূৰলৈ গান গাই দানপাত্ৰখন সকলোৰে আগলৈ আগবঢ়াই দিয়ে৷ তাইৰ কণ্ঠত বিমুগ্ধ বহুজনে টেমাটোত দহ পইচাৰ সিকি একোটা পেলাই দিয়ে৷ ৰ’দৰ তাপে বিকৃত কৰা গাৰ ছাল ও মু্খমণ্ডলে কৈ দিয়ে এসময়ত যে তাই বৰ ধুনীয়া আছিল৷ কেতিয়াবা অনুভৱ হয় যেন বহু দূৰৰপৰা ভাহি আহিছে তাইৰ কণ্ঠৰ সেই অমিয় সুৰ –
“মানৱ দেহা মাটিৰ ভাণ্ড
মৰিলে হৈবো খণ্ড খণ্ড
মৰিলে দেহা গৌৰৱ কৰবে না…. “
কোনোবা দিনা গোৱা বনগীতৰ সুৰৰ ঢৌৱে মন কৰি তোলে বিষাদ বিহ্বল৷এদিন দেখিলোঁ মোৰ প্ৰিয় গায়িকা অনুপস্থিত, পিছদিনাও নাই৷ সেই সময়ত মোৰ মগজুৱে অন্য চিন্তা নকৰি তাইৰ দুৰ্বল স্বাস্থ্যৰ কথাহে মনত পেলাই দিলে৷ তেতিয়াই তাইক সহায় কৰাৰ প্ৰবণতা এটাই থিতাপি ল’লে৷ কিন্তু পইচা……. ? একো নাভাবি বাছৰ পৰা নামি উৰ্বশী হললৈ গ’লো৷ উৰ্বশী হলৰ পিছফালৰ ঠেক গলিটোত নিতৌ এক টকাৰে এসাজ ভাত খোৱা হোটেলখনৰ পৰা ৩০ টকা ধাৰ কৰি কেইটামান তিনি টকা দহ পইচা দৰৰ বেলকনিৰ টিকট কিনিলোঁ৷ মই জানো ভিক্ষাৰীক ১০ পইছা দিবলৈ অপৰাগ মহানগৰবাসীয়ে এই ৩.১০ টকাৰ দৰৰ টিকটত ২০ টকা দিবলৈ কুণ্ঠাবোধ নকৰে৷ জীৱনত কোনোদিনে নকৰা কাম এটা কৰিলোঁ৷ টিকট কেইটা ক’লা বজাৰত বেচি ৩০ টকা ধাৰ মাৰিলোঁ আৰু বাকীখিনি দিবলৈ যাওঁতেহে খেয়াল আহিল তাইক মই বিচাৰি পাম ক’ত! ওচৰৰ মগনীয়াবোৰক তাইৰ কথা সোধাত জানিব পৰা গ’ল যে দুদিন আগতে এজন আঢ্যৱন্ত লোকে ঘৰুৱা কামবনত সহায় কৰিবলৈ তাইক লৈ গ’ল৷ হতাশাই মনটো ভাৰাক্ৰান্ত কৰি তুলিলে৷
উজান বজাৰৰ যোৰপুখুৰী পাৰ বহুতো পুৰণি নামী দামী ব্যক্তিৰ আবাসিক অঞ্চল ৷ ইয়াৰে বৃটিছৰ দিনৰ বৰপেটাৰ ৰায়বাহাদুৰ উপাধিখ্যাত ৰাজ লাল উজীৰৰ পৰিয়ালৰ ঘৰলৈ মই সপ্তাহত তিনিদিন গধূলি যাওঁ, তেওঁলোকৰ ল’ৰাছোৱালী হালক পঢ়ুৱাবলৈ৷ এদিন মই সিহঁতক পঢ়ুৱাই থাকোতে আচম্বিতে এক সুকোমল নাৰী কণ্ঠই সচকিত কৰি তুলিলে৷ আনদিনা ৰান্ধনি ল’ৰাজনে চাহৰ কাপটো কাষৰ টেবুলত থৈ কৈ যায় “মাষ্টৰ বাবু! চাহ দিছোঁ” যাওঁতে ইহঁত দুটাকো খাবৰ কাৰণে মাতি লৈ যায় ; তাৰ সলনি আজি কোৱা শুনিলোঁ “চাহ খাওঁক দাদা৷” মূৰ তুলি চাই দেখোঁ, দেখিলে সতকাই চিনিবই নোৱাৰা সেই সুকণ্ঠী কিশোৰী গৰাকী৷ শুকান মলিয়ন গাৰ ছালৰ কোনো চিন মোকাম নাই, চেহেৰাও বহুতো উন্নত হ’ল৷ মোৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল……
“তুমি? ইয়াত? মোকতো বেছ মনত ৰাখিছা৷ আকৌ যে তোমাক এনেদৰে লগ পাম ভবাই নাছিলোঁ৷”
চিটি বাছত তাইক মই কোনোদিনে মাতি পোৱা নাই, তাইৰ কণ্ঠস্বৰ হে মোৰ চিনাকী৷ টিউচনৰ জগতত আমাৰ নিচিনা গৃহশিক্ষকৰ চিনাকী “মাষ্টৰ বাবু” নামেৰেহে৷ তাইৰ দাদা সম্বোধনে মোক অন্য এখন জগতলৈ লৈ গ’ল৷
প্ৰশ্ন শুনি তাই মোৰফালে মূৰ তুলি চালে৷ চকুৰ চিনাকী অথচ কোনোদিনে চিনি নোপোৱা এই লোকজনক আজি মাষ্টৰ হিচাবে হঠাতে লগ পাই তায়ো আচৰিত হ’ল৷
“এৰা! আচৰিত হ’বলগীয়া কথাই৷ যেতিয়া মালতী নামৰ এজনী হতভগীয়া ছোৱালীয়ে মাত্ৰ জীয়াই থকাৰ কাৰণে মানুহৰ পৰা সহায় বিচাৰি কেৱল অৱহেলাহে পাওঁ, তেতিয়া পৃথিৱীত যে মানুহো আছে সেয়া আপোনাৰ ব্যৱহাৰৰপৰাই মোৰ অনুভূত হ’ল৷”
চকুপানীখিনি মোহাৰিবলৈ যত্ন নকৰাকৈয়ে মোৰ বিপৰীতফালে দৃষ্টি ৰাখি তাই নিজৰ কথাখিনি ক’লে৷ তাৰপাছত হঠাতে মোৰফালে ঘুৰি ক’লে,
“… আৰু কি জানে দাদা? মানুহৰ চেহেৰা লৈ থকা কিছুমান প্ৰাণীয়ে মোক কয় ডাঙৰ হ’লে আহিবি, এতিয়া তোক কোনে পইছা দিব; তেতিয়া যিমান লাগে সিমান দিম৷ কিন্তু আপোনাৰপৰা মই যি সহানুভূতি পাইছিলোঁ সেয়াই অন্ততঃ মোক পৃথিৱীত জীয়াই থাকিবলৈ প্ৰেৰণা দিলে৷ এখেতসকল বৰ ভাল মানুহ, মোক ঘৰতে পঢ়া শুনাৰ সুবিধা কৰি দিছে৷ ল’ৰা ছোৱালী হালক শিকাবলৈ অহা গানৰ মাষ্টৰৰপৰাও মই বহুত শিকিব পাৰিছোঁ৷”
“উজীৰৰ পৰিয়াল বৰ ভাল মালতী৷ তুমি ইয়াত গোটেইখিনি পাবা বুলি মোৰ বিশ্বাস৷ কেৱল মনত ৰাখিবা কেতিয়াবা ডাঙৰ মানুহ বিলাকে একেটা টোপেৰেই বৰশী বাই থাকে৷ মোকো বহুতে চাকৰি দিয়াৰ প্ৰলোভনেৰে কম দৰ্মহাতে খটুৱাই থাকে৷ কিন্তু এখেত সেই শ্ৰেণীৰ মানুহৰ ভিতৰত নপৰে৷ বৰ ভাল কথা হ’ব, তোমাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিবা৷”
কথাখিনি কৈ মই যেন আবেগিক হৈ পৰিলোঁ৷
উজিৰৰ ঘৰত নিতৌ সঙ্গীতৰ আখৰা হয়৷ তাত চাহ তামোলৰ যোগান ধৰাই মালতীৰ মুখ্য কাম৷এদিন উজিৰৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত গ’লোঁ যদিও টিউচন কৰিব লগা নহ’ল৷ ল’ৰা ছোৱালী হালক লৈ তেওঁলোক ক’ৰবালৈ গৈছে৷ ৰান্ধনি ল’ৰাজনক কোৱা আছিল “মাষ্টৰক বেয়া পাবলৈ মানা কৰিবি; চাহ নোখোৱাকৈ ঘুৰাই নপঠিয়াবি৷” গতিকে চাহৰ কাৰণে বাট চাব লগা হ’ল৷ সেইদিনাই মালতীৰ জীৱন সম্পৰ্কত কথা পাতিবলৈ সূযোগ পালোঁ৷ তাই কৈ গৈছিল অতীতৰ কিছুমান পাহৰিবলগীয়া, অথচ কোনোদিনে পাহৰিব নোৱাৰা জীৱনৰ কথা৷
গৌৰীপুৰৰ প্ৰাচীন আঢ্যৱন্ত জমিদাৰ পৰিয়াল এটাৰ ঘৰত মালতীৰ পিতৃ শ্ৰমজীৱি হিচাবে নিযুক্ত আছিল৷ মাকেও একে ঘৰতে ঘৰুৱা কাম-বন কৰিছিল৷ মাকৰ লগতে মালতীৰো সেই ঘৰত অবাধ বিচৰণ৷ মাক সুগঢ়ী আছিল ৷ পৰিয়ালৰ সকলো লোকে তেওঁক মৰম কৰিছিল৷ কিন্তু এই মৰমে সীমা গচকিব ধৰোতেই এটা ঘটনা ঘটিল ; পিছলৈ গৈ ঘটনাটো দুৰ্ঘটনাত পৰিণত হ’ল৷ জমিদাৰৰ এক উতনুৱা পুত্ৰ আছিল৷ সেইদিনা মালতীয়ে আন ল’ৰাছোৱালীৰ সৈতে খেলত মগ্ন থাকোতে অকস্মাতে হাই-উৰুমি শুনি সেইফালে চোৱাত দেখিবলৈ পালে যে পাষণ্ডই মাকক হাতত ধৰি টনা-আজোৰা কৰিব ধৰিছে৷ নিজৰ সন্মান বচাবলৈ মাকে তাৰ হাততে কামুৰি দিলে৷ ককালত কোব পৰা সাপৰ দৰে ফোঁচ-ফোঁচনি তুলি ৰাজকুমাৰ তাৰপৰা পলাই পত্ৰং দিলে৷ দুৰ্যোগ যে অনতিপলমে নামি আহিব ধৰিছে বুজিবলৈ আৰু বাকী নাথাকিল৷ এদিন শুনা গ’ল মাছ মাৰি থাকোতেই পিতাকৰ পানীত ডুবি মৃত্যু ঘটিল৷ সকলোৱে এয়া সাধাৰণ ঘটনা বুলি ধৰি ল’লে যদিও মাকে সকলো কথা গম পাই গ’ল, এয়া যে সৌ সিদিনাৰ ঘটনাৰ পাৰ্শ্বক্ৰিয়া৷ আকাশখন যেন কলীয়া ডাঁৱৰে ঢাকি ধৰিলে৷ বেছিদিন যাবলৈয়ে নাপালে, মাকে আনদিনাতকৈ সোনকালে ঘৰলৈ আহিয়ে যি বিছনাত পৰিল আৰু নিশাটো নুঠিল৷ বুজা-নুবুজাৰ দোমোজাত নিশাটো পাৰ হ’ল৷ পিছদিনা যেতিয়া মাকৰ মৃতদেহ কুৱাৰ পৰা উঠাই আনিলে তেতিয়াও তাই একো বুজিব পৰা নাছিল৷ পুলিচে মাকৰ মৃতদেহ ক’ৰবালৈ লৈ গ’ল৷ মাতৃৰ মৰমৰ মুখখন এবাৰ চোৱাৰ আশাত তায়ো ৰেলত উঠিল ৷ এনেদৰে ক’ব নোৱাৰাকৈয়ে গুৱাহাটী পালেহি৷ ৰেলৰ পৰা নামি একো উৱাদিহ নাপাই প্লেটফৰ্মতে দিনটো কটালে৷ এটা সময়ত মাকৰ মুখখন এবাৰ নয়নভৰি চোৱাৰ হেঁপাহতকৈও মালতীৰ কাৰণে কিছু খোৱাবস্তুৰ হে প্ৰয়োজন হৈ পৰিল৷ যেতিয়া ভোকটোৱে পেটটো খামোচ মাৰি ধৰিলে তেতিয়া প্লেটফৰ্মত যাত্ৰীয়ে পেলাই দিয়া অৱশিষ্টখিনি খোৱাৰ বাহিৰে আৰু কোনো উপায় বিচাৰি নাপালে৷ শেষত জীয়াই থকাৰ কাৰণে যাত্ৰীৰ পৰা ভিক্ষা মাগিবলৈ ধৰিলে৷
“বুজিছে দাদা! খুজিমাগি পোৱা পইচাৰে খাওঁ আৰু নিশাটো প্লেটফৰ্মত শুই থাকোঁ৷তাতো ৰেলৰ পুলিচে শান্তি নিদিয়ে৷ প্ৰায়ে ভিক্ষাৰীবোৰৰ সঞ্চিত পইছাখিনিও কাঢ়ি লৈ যায়৷ ”
কথাখিনি কৈ মালতীয়ে হুকহুকাই কান্দি দিলে৷
ইতিমধ্যে মই চাকৰি পাই অৰুণাচললৈ গুচি গ’লোঁ৷ পিছত শুনিবলৈ পাইছিলোঁ উজীৰৰ ল’ৰা-ছোৱালীক গান শিকাবলৈ অহা মাষ্টৰে মালতীৰ সঙ্গীত লিপ্সাৰ কথা জানিব পাৰি তাইকো সিহঁতৰ লগত বহুৱাই লৈছিল; কিন্তু উজীৰৰ পৰিয়ালে এইটো মুঠেই পছন্দ কৰা নাছিল৷ ফলত মাষ্টৰৰ চাকৰিৰ সিমানতে অন্ত পৰিল৷ মাষ্টৰ আঁতৰি গ’ল সঁচা কিন্তু অকলে নহয়, মালতীকো লগত লৈ গ’ল৷ প্ৰথমতে দুয়ো জীৱিকাৰ কাৰণে বিভিন্ন ঠাইত নৃত্য-গীত পৰিবেশন কৰিবলৈ ল’লে৷ কিছু আত্মবিশ্বাস গঢ়ি উঠাত পেছাদাৰী ৰূপত মঞ্চত অনুষ্ঠান পৰিবেশন কৰাৰ সঙ্কল্প ল’লে৷ এইদৰে কিছু ধন হাতলৈ অহাত বোম্বাইত (এতিয়াৰ মুম্বাই) নিগাজীকৈ থিতাপি ল’লে৷ তাৰ পিছত আৰু পিচলৈ ঘুৰি চাবলগীয়া হোৱা নাই৷ মঞ্চৰপৰা বোলছবি জগতত পদাৰ্পণ কৰি মালতীৰ নাম হয়গৈ মলয়া দেৱী৷ সেই মলয়া দেৱী ওৰফে মালতীক আজি গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব, ইয়াতকৈ সুখবৰ মোৰ কাৰণে আৰু কি হ’ব পাৰে৷
6:48 PM
বৰ সুন্দৰ গল্প