এই প্ৰেম সেই প্ৰেম-পদ্মলোচন ভৰদ্বাজ
তই বিচাৰিলেও বা নিবিচাৰিলেও
মই প্ৰায়েই তোৰ কাষত বহোঁ
সপোনত৷৷
তই ক’লেও বা নক’লেও
কথাবোৰ আধৰুৱা হৈ থাকিলেও
মই তোৰ কথা ভাবোঁ৷
এই যে আমি দুয়ো দুয়োকে একো ন’কলো তাত আমাৰ প্ৰাপ্তি আছেনে?
কেতিয়াবা ভাবো, কৈ দিলেনো
কি হ’লহেঁতেন!!
ক’ৰবাত পঢ়িছিলোঁ
“নোপোৱাৰ বেদনাই হেনো
প্ৰেমক পূৰ্ণতা দিয়ে৷৷
তোৰ মনত আছেনে!!
ভৰ দুপৰীয়া তোৰ বাৰীৰ পাছফালৰ
ঔজোপাৰ কাষত ৰৈ মই মৰা সুহুৰিটো,
কৃষ্ণৰ বাঁহীতকৈ কম নাছিল কিন্তু৷
তই বাউলী হৈ দৌৰিছিলি কলঙৰ পাৰলৈ৷৷
আৰু দুপৰীয়াটোৱে লাহে লাহে
সেন্দুৰ বুলিছিল, এটা ধামখুমীয়া গধূলিলৈ৷৷
বাৰু থাকক সেইবোৰ!!
এতিয়া কলং পাৰত গধূলিটোৱে
আকৌ ৰঙচুৱা দলিচা পাৰিছে,
মই আকৌ বহি আছোঁ তোৰ কাষত,
পোৱা নোপোৱাৰ দোমোজাত৷৷
লগ পাম তোক আকৌ
কলঙৰ দুয়োপাৰ য’ত মিলি যাব
তাত আমি বহিম কাষে কাষে,
আৰু গাম তই ভালপোৱা গানটো
স্নেহে আমাৰ শত শ্ৰাৱনৰ
ধাৰাষাৰ বৃষ্টিৰ প্লাৱন আনে।।