কাইজেন’ৰদ্বাৰা কেনেদৰে অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰি-বিজয়া শৰ্মা
‘কাইজেন’ এনেকুৱা এটা সূত্ৰ যাৰদ্বাৰা অলসতা দূৰ কৰি সাফল্যৰ শিখৰত আৰোহণ কৰিব পাৰি।
অলসতাক দূৰ কৰাৰ কাৰণে জাপানৰ এজন মেনেজমেণ্ট কনচাল্টেন্ট মাসাকি ইমাই এটা অদ্ভুত কৌশল আৱিষ্কাৰ কৰিছিল যাৰ নাম হৈছে কাইজেন(kaizen).
কাইজেন হৈছে ক্ৰমাগত উন্নতি কৰাৰ এটা অভ্যাস।
Kai—-change
Zen… good.
Change for the better.
কাইজেনে জাপানৰ অৰ্থনীতিক দ্বিতীয় বিশ্বযুদ্ধৰপৰা পুনৰুদ্ধাৰ কৰাই নহয়,বিশ্ব ব্যৱসায় ক্ষেত্ৰত আগুৱাই নিয়াতো সহায় কৰিছে। ব্যৱসায় প্ৰতিষ্ঠানৰ উপৰিও হেলথ কেয়াৰ, ফাৰ্মেচি, সাইকোথেৰাপি, বেংক, বীমা আদিতো এই সূত্ৰ প্ৰয়োগ কৰা হয়। পঞ্চাশৰ দশকত এই সূত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰাৰ ফলত টয়োতা, ক্যানন, হোণ্ডা,নিচান আৰু বহুত জাপানীজ কোম্পেনীৰ এই সূত্ৰ মূল ভিত্তিত পৰিণত হয়।
কাইজেন হৈছে সহজ কথাত একে দিনাই সফল হোৱাৰ কথা চিন্তা নকৰি লাহে লাহে উন্নতিৰ মাধ্যমেৰে সাফলতা অৰ্জন কৰা।
মানুহে একেদিনাই কঠিন কাম এটা কৰিবলৈ বৰ টান পায়,ফলত বিৰক্ত হৈ কামটোৰ প্ৰতি আগ্ৰহ নোহোৱা হৈ পৰে। ইয়াৰ কাৰণেই বুদ্ধিমান জাপানীজসকলে কামৰ প্ৰতি নিজকে অভ্যস্ত কৰিবলৈ এই কৌশল আৱিষ্কাৰ কৰে, যাক one minute principle বুলিও জনা যায়।
উদাহৰণ হিচাবে ব্যায়ামৰ কথাকেই ধৰা যাওক…কিছুমান মানুহে ব্যায়াম কৰিবলৈ বৰ টান পায়…কিন্তু কাইজেনৰ সহায়ত কেনেকৈ সেই কামটো সহজে কৰিব পাৰি তাকেই বৰ্ণনা কৰিবলৈ ওলাইছোঁ।কাইজেন কৌশল আৰম্ভ কৰিবলৈ প্ৰথমে আপুনি ব্যায়াম কৰাৰ সময় ঠিক কৰি লওক আৰু ম’বাইলত এলার্ম দি ৰাখক। কিন্তু লক্ষ্য ৰাখিব প্ৰথম প্ৰথম কেৱল এক মিনিটহে ব্যায়াম কৰিব, ইয়াতকৈ যাতে বেছিও নহয় আৰু কমো নহয়।
দ্বিতীয়তে এইটো লক্ষ্য ৰাখিব লাগিব যে এলার্ম বজাৰ লগে লগে আপুনি সকলো কাম এৰি এক মিনিট ব্যায়াম কৰিবলৈ বহিব।
দিনটোত মাত্ৰ এক মিনিটহে ব্যায়ামৰ কাৰণে উলিয়াব.…আপুনি ভাবিব পাৰে এক মিনিট ব্যায়াম কৰিনো কি লাভ হ’ব? বহুত লাভ আছে।
অভ্যাস এটা গঢ়াৰ আগতে আমাৰ বহুত চিন্তা হয় ইমান কষ্ট কৰিব পাৰিম জানো?কিন্তু কাইজেনে আপোনাক সদায় এই চিন্তাৰ পৰা মুক্ত কৰে যে আপুনি বহুত কষ্ট কৰিব নালাগে,মাত্ৰ এক মিনিট কষ্ট কৰিলেই হ’ল।
যদি আপুনি অন্ততঃ এক সপ্তাহ এই নিয়ম জাৰি ৰাখে ,আপোনাৰ মনৰ দৃঢ়তা বাঢ়ি যাব আৰু বেছি সময় কৰিবলৈ উৎসাহ বাঢ়িব।
লাহে লাহে এক মিনিট বঢ়াই তিনি মিনিট বা পাঁচ মিনিট কৰিব আৰু এক দুই সপ্তাহলৈ এই নিয়মেই ৰাখিব আৰু আপোনাৰ এইখিনি কৰিবলৈ ভাল লগা হৈ আহিব।
যেতিয়া অভ্যাসত পৰিণত হ’ব তেতিয়া আপোনাৰ নকৰিলে বেয়া লগা হ’ব…এইদৰে কাইজেন প্ৰয়োগ কৰি লাহে লাহে আধা ঘন্টা সময়ো বহুত আৰামেৰে কৰিব পৰা হ’ব।
এইদৰে কাইজেনৰদ্বাৰা আমি সুন্দৰ অভ্যাস এটা গঢ়ি তুলিব পাৰোঁ।
এইখিনিতে এজন ডাঙৰ ব্যৱসায়ী Jack Stupp ৰ বিষয়ে লিখিব ওলাইছোঁ কেনেকৈ তেখেতে কাইজেনৰ দ্বাৰা ৰিউমেটাইড আৰ্থৰাইটিছৰ পৰা মুক্ত হৈ ‘Mr. World’ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছিল।
৫৪ বছৰ বয়সত জেকে বহুত বেছি ৰিউমেটাইড আৰ্থৰাইটিছত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ’ব লগা হয়…ব্যায়াম কৰা দূৰৰে কথা হুইল চেয়াৰেই তেওঁৰ সংগী হৈ পৰিল। কিন্তু জেক হাৰ মনা মানুহ নাছিল।
কাইজেন সূত্ৰ ব্যৱহাৰ কৰি তেওঁ প্ৰত্যেক দিনাই এটা এটা সৰু ষ্টেপ লয় আৰু নিজকে নিজে প্ৰেৰণাদায়ক মন্তব্য দি উৎসাহিত কৰে।
প্ৰথমে তেওঁ বহুত কষ্ট কৰি বিছনাৰ পৰা উঠে আৰু উঠাৰ পিছত নিজকে নিজে কয়,
“জেক, তুমি আজি বহুত ডাঙৰ কাম কৰিলা।”
এই দৰে প্ৰত্যেক দিনে তেওঁ অলপ অলপ অভ্যাস কৰি গ’ল আৰু নিজকে নিজে প্ৰেৰণা দি গ’ল…এইদৰে লাহে লাহে জেকে ডাক্তৰৰ কথা মিছা প্ৰমাণিত কৰি সুস্থ হৈ উঠিল আৰু সমবয়সৰ প্ৰতিযোগিতাত “Mr. world” খিতাপ লাভ কৰিলে।
সঁচাকৈয়ে কাইজেন ইমান এটা ভাল সূত্ৰ যাৰদ্বাৰা মানুহে বুজিব পাৰে যে অসম্ভৱ একোৱেই নাই আৰু ই মানুহক আত্মবিশ্বাসী হৈ উঠাত সহায় কৰে। কিছুমান ছাত্র-ছাত্ৰী আছে অংক বুলিলেই বাঘ দেখাদি দেখে। এই সূত্ৰ প্ৰয়োগ কৰি তেওঁলোকেও যথেষ্ট উপকৃত হ’ব পাৰে।
(তথ্য ফটো…নেটৰ পৰা সংগৃহীত)
1:19 PM
ভাল লাগিল পঢ়ি।