চেলিম চিস্তি,লেখক: নিমাই ভট্টাচার্য্যৰ, অনুবাদ-উপাসা ভাগৱতী
‘দেৱান-এ-আম’ত এতিয়া আৰু সম্ৰাটে বিচাৰ নকৰে। ‘দেৱান- এ -খাচ’ত বীৰবলৰ লগত সম্ৰাটৰ পৰামর্শ নহয়। ৰাজপুত দুহিতা ,জাহাঙ্গীৰৰ পত্নী যোধাবাঈয়ে তুলসী তলত প্ৰণাম কৰি “দেৱান-এ-খাচ’-ৰ আসৰত আসন গ্ৰহণ নকৰে।সেইবোৰ দিন শেষ।শেষ হৈ গৈছে। ফতেহপুৰ চিক্ৰী এতিয়া মুক-বধিৰ, প্ৰাণহীন
ৰাতিপুৱা,সন্ধ্যা মিঞা তানসেনৰ গান শুনি যি ৰাজপ্ৰসাদৰ মানুহ চঞ্চল হৈ উঠিছিল,চাৰিওকাষৰ গাঁৱৰ মানুহ মুগ্ধ হৈ পৰে সঙ্গীত সম্ৰাটৰ সুৰত,সেই অমৃত কণ্ঠস্বৰ আৰু শুনা নাযায়।
সম্ৰাট নাই ,নাই ৰাজপুত্ৰ মন্ত্ৰী, ৰাজজ্যোতিষী, গায়ক, সখী,বাঈজী, নর্তকী।কোনো নাই।সেনাপতিতো দূৰৰ কথা,এজন সাধাৰণ সৈন্য পর্য্যন্ত নাই ফতেহপুৰ চিক্ৰীত। বুলন্দ দৰৱাজা আজি আৰু অশ্বাৰোহী সৈন্যই পহৰা নিদিয়ে।
সেয়া ন’হলেও আজিও মানুহৰ কোলাহলত মুখৰিত হয় ফতেহপুৰ চিক্ৰী।প্ৰাণহীন এই প্ৰাসাদ তাৰ পুৰণা দিনৰ স্মৃতিৰ বাবেই দেশৰ মানুহক ঘৰ এৰি আহিবলৈ বাধ্য কৰে৷ টানি আনে।প্ৰতি বছৰে তেওঁলোক আহে।চায়। ভাবে।অলপ আনমনা হৈ ঘুৰি যায়।
নহয়,ৰাজপ্ৰাসাদ চায়েই ঘুৰি নাযায়।সকলোৱে আহে শেখ চেলিম চিস্তিৰ সমাধিলৈ।প্ৰণাম কৰে,প্ৰার্থনা কৰে। শ্বেত পাথৰৰ জালিত ৰঙা সূতা বান্ধে।শ্বেত,শুভ্ৰ,নির্মল, পবিত্ৰ তীর্থলৈ আহি কামনা -বাসনাৰ জুই ছটিয়াই যায় সকলোৱে।
‘পাপিয়া , তুমি কিবা প্ৰার্থনা কৰি ৰঙা সূতা নাবান্ধা নেকি?’
‘নাই ,নাবান্ধো।’
অবাক হয় ৰঞ্জন ,
‘সেয়া আকৌ কি?”
এইবাৰ অলপ ওচৰলৈ আহি নিবিড় হৈ কাষতে থিয় দি চেপা মাতেৰে কলে –
‘শুনিছো চেলিম চিস্তিৰ ওচৰত কিবা বিচাৰিলে পোৱা যায় ৷’
‘ময়ো শুনিছো ৷’
‘তুমি একো নিবিচাৰা?তোমাৰ কোনো প্ৰার্থনা নাই?’
পাপিয়াই মুখ ঘুৰাই ৰঞ্জনৰ ফালে চাই কলে ,
‘মই মুখ ফুটাই ক’লেহে চেলিম চিস্তিয়ে মোৰ প্ৰার্থনা মঞ্জুৰ কৰিব নেকি?’
ৰঞ্জনে ঠিক উত্তৰ দিব নোৱাৰিলে।
‘নহয়,সেইটো ঠিক নহয়,তথাপিও …।’
‘চেলিম চিস্তিয়ে নিশ্চয়েই মোৰ মনৰ কথা জানে।’
প্ৰতি বছৰেই মানুহৰ শ্ৰোত বৈ যায় এই চেলিম চিস্তিৰ সমাধিত।শীত গ্ৰীষ্ম শৰৎ- হেমন্তত।সকলো সময়তে। ৰাতিপুৱাৰপৰা সন্ধ্যা পর্য্যন্ত।আজি কোজাগৰী লক্ষ্মী পূর্ণিমা।আবেলি হবলৈ নৌ পাওঁতেই সকলো তাজৰ ৰাস্তাত।বিবর্ণ মনক অলপ ৰঙীণ কৰাৰ বাবে আজি চেলিম চিস্তিৰ সমাধি এৰি সকলো যমুনাপাৰৰ তাজ চাবলৈ গৈছে।
যেতিয়া শেষ দর্শনার্থীৰ দলটো ফতেহপুৰ চিক্ৰীৰ পাহাৰৰপৰা তললৈ নামিবলৈ আৰম্ভ কৰিছিল তেতিয়া বিবেকে লাহে লাহে চেলিম চিস্তিৰ সমাধিৰ সন্মুখলৈ আগুৱাই গ’ল৷
‘তোমাৰ ওচৰত মই আৰু একো নিবিচাৰো,কেৱল বছৰত এবাৰ মোক চেলিম চিস্তিৰ সমাধিলৈ লৈ যাবা।’
‘মোৰ পৰা আৰু একো নিবিচৰা?’
‘নাই।’
বিবেক অবাক হয়।অলপ ভাবে।
‘চেলিম চিস্তিৰ সমাধিলৈ গৈ কিবা মনৰে বিচাৰিবা?’
‘নাই নাই ,সেইবোৰ একো নাই।’
‘তেতিয়াহলে?’
‘একো নাই,কেৱল ভাল লাগে।’
এটা চেপা দীর্ঘশ্বাস পেলায় বিবেকৰ পত্নীয়ে।দৃষ্টি অলপ যেন দূৰৰফালে আঁতৰাই নিলে।
‘খুব ভাল লাগে তালৈ গ’লে।মনত ভীষণ শান্তি পাওঁ।’
বিবেকে প্ৰতি বছৰে পত্নীক আনিছে।ফতেহপুৰ চিক্ৰীলৈ আহিও আকবৰৰ প্ৰাসাদ চোৱা নাই।সমগ্ৰ দিন কটাইছিল এই সমাধি মন্দিৰত।বিবেকে বাধা নিদিয়ে, একো নকয়ো।কেৱল চায়,বিভোৰ হৈ চাই থকা আনমনা পত্নীক।
হাঁহি হাঁহি বিবেকে কয়,
‘তুমি বোধহয় পূর্বৰ জন্মত চেলিম চিস্তিৰ কোনোবা আছিলা।’
বিবেকৰ পত্নীয়ে হাঁহে।
‘হাঁহিছা?’
‘নাহাহিম নে?’
‘সঁচাকৈয়ে কৈছো তুমি তালৈ গ’লে ইমান বিভোৰ হৈ যোৱা,ইমান অত্ম-বিভোৰ হৈ পৰা যে মোৰ সঁচাকৈয়ে মনে মনে ভাৱ হয়….’
সমাধিৰ মুখামুখি হওঁতেই থমকি ৰ’ল।
‘য়ে ৰাম, তোমাক মই বৰ কষ্ট দিছো নহয়নে?’
‘ নাই,নাই, কষ্টৰ কি কথানো?’
‘কষ্ট নহয়নো কি।মোৰ এই খামখেয়ালিৰ বাবে তুমিয়েই দুর্ভোগ সহ্য কৰিব লগা হয় ৷’
বিবেকে অলপ কাষলৈ পত্নীক টানি আনে।
‘মোৰ অলপো কষ্ট হোৱা নাই ,বৰঞ্চ ….’
‘তোমাৰ মোৰ ওপৰত খং নুঠেনে?’
পাহাৰৰপৰা নামি আহোতে বিবেকে বুকুৰ কাষলৈ পত্নীক টানি নিয়ে।
‘খং কৰিম কিয়?’
‘বিশ্বাস কৰা ,ইয়ালৈ আহি মোৰ খুব ভাল লাগে।ইয়ালৈ মই নহাকৈ থাকিব নোৱাৰো।মুখৰপৰা নহয় অন্তৰৰপৰা কথাবোৰ ওলাই আহে।’
বিবেকে যেন সকলো শুনিবলৈ পাইছে।
‘যেতিয়া মই নাথাকিম,তেতিয়াও তুমি আহিবা!চেলিম চিস্তিৰ সমাধিৰ আশে পাশেই মোৰ অত্মাই ঘূৰা-ফুৰা কৰিব।মই ইয়াৰপৰা ক’লৈকো নাযাওঁ ৷’
ভাবিবলৈ গৈয়েই বিবেকৰ চকুলৈ পানী আহে।তথাপিও লাহে লাহে আগুৱাই গ’ল।এবাৰ চেলিম চিস্তিৰ সমাধিৰ ফালে চাই চকু ঘুৰাই নিলে।
ইফালৰ পৰা সিফাললৈ।
মাজপথতে ৰৈ গ’ল।মনত ভাৱ হ’ল এই ভদ্ৰলোকক যেন আগতেও দেখিছে বিবেকে।এই শেখ চেলিম চিস্তিৰ সমাধিতেই।যোৱা বছৰ!তাৰ আগৰ, আগৰ কেইবাবছৰো৷ এবাৰ একেখন হোটেলতে বোধহয় আছিল দুয়োজন।টাঙ্গাৱালা আহি ভদ্ৰলোকক মাতিলে,
’চাব! চলিয়ে ৷ ৰাস্তা আন্ধাৰ হৈ আহিছে।’
ভদ্ৰলোক ঘূৰি থিয় দিওঁতেই বিবেকে যেন চিনিব পাৰিলে৷একো নক’লে।মনে মনে ভাবিলে ,শেখ চেলিম চিস্তিৰ ওচৰত এয়ো মনত কিবা আশা বান্ধি ৰাখিছে নেকি?
তুফান এক্সপ্ৰেচৰ ৰুমটোত দুয়োজনৰে দেখা।টুণ্ডুলা পাৰ হোৱাৰ পিছতেই আলাপ আৰম্ভ হ’ল।
বিবেকে সুধিলে ,
‘আপুনি কি প্ৰায়েই দিল্লীলৈ আহে নেকি?’
‘কিয় কওকচোন ?’
‘মনত ভাৱ হৈছে কেই বছৰমান আপোনাক ফতেহপুৰ চিক্ৰীত দেখিছো।’
‘ফতেহপুৰ চিক্ৰী,মানে চেলিম চিস্তিৰ সামাধিলৈহে যাওঁ।’
‘হয়,হয়, চেলিম চিস্তিৰ সমাধিতে দেখিছো।’
এইবাৰ ৰঞ্জনে জানিবলৈ বিচাৰিলে ,
‘আপুনিও বোধহয় প্ৰত্যেকবছৰে এইফালে আহে।’
বিবেকে অকণমান শুকান হাঁহি এটা মাৰিলে।এটা র্দীঘশ্বাসো এৰিলে ৷
‘অহোঁ মানে আহিব লাগে,নহাকৈ নোৱাৰো।’
‘কিবা আগ কৰি থৈছিল তেনেহলে?’
‘একো আগ কৰি থোৱা নাই।চেলিম চিস্তিৰ ওচৰত মোৰ একো বিচাৰিব লগা নাই।’
‘তেতিয়াহলে আহে কিয়?’
তুফান এক্সপ্ৰেচ চলিছে।কাণপুৰ,ফতেহপুৰ পাৰ হৈ এলাহাবাদ আহে ৰাতিৰ অন্ধকাৰত।প্ৰায় সকলো শুই পৰিছে তেওঁলোক দুজনৰহে চকুত টোপনি নাই।
‘আচ্ছা ৰঞ্জনবাবু, মৰি যোৱাৰ পিছত আত্মাক দেখা পোৱা যায় নেকি?’
‘ঠিক নাজানো,তথাপিও অনেকে কয় , পোৱা যায়।’
বিবেক বাবু নিজৰ মাজতে যেন জোকাৰ খাই যায়।
বোধহয় মির্জাপুৰ আহিল।
ৰঞ্জনে প্ৰশ্ন কৰিলে ,’অপুনি কি অলৌকিক কিবা দেখাৰ আশাত চেলিম চিস্তিৰ সমাধিলৈ যায়?’
‘নাই তেনে ঠিক নহয়,কিন্তু মোৰ পত্নীয়ে কৈছিল,মৰাৰ পিছত চেলিম চিস্তিৰ সমাধিৰ আশেপাশেই থাকিব …’
‘তেওঁ বোধহয় চেলিম চিস্তিৰ ভক্ত আছিল?’
‘নিশ্চয় আছিল,নহলেনো প্ৰত্যেক বছৰেই আহেনে?’
‘প্ৰত্যেক বছৰেই আহে?’
‘হয়।’
‘বোধহয় চেলিম চিস্তিৰ ওচৰত কিবা ভাবি থোৱা বস্তু বিচাৰি পাইছিল।অথবা ……’
বিবেকবাবুয়ে লৰালৰিকৈ তেওঁক বাধা দি কলে,
‘ন’ ৰঞ্জনবাবু,এওঁ কোনো মনত ভাবি থোৱা নাছিল।চুপ কৰি বহি থাকি কি যেন ভাবে। তন্ময় হৈ ভাবে।’
ৰাতি আৰু গভীৰ হয়।
‘জানে ৰঞ্জনবাবু, হঠাৎ আমাৰ বিয়া হয়।মোৰ পত্নী আগ্ৰাত তেওঁৰ সৰু মোমায়েকৰ ওচৰত আছিল।মোৰ শহুৰ দেউতাই তেওঁক টেলিগ্ৰাম কৰি কলিকতালৈ মাতি পঠিয়ায়।তেওঁ আহি পোৱাৰ দুদিন পিছতেই আমাৰ বিয়া হয়।’
‘তাৰপিছত?’
‘বিয়াৰ পিছত মোৰ পত্নীয়ে মোক মাত্ৰ এটাই অনুৰোধ কৰিছিল…’
‘কি?’
‘প্ৰত্যেক বছৰ এই চেলিম চিস্তিৰ সমাধিলৈ অনাৰ অনুৰোধ কৰিছিল ..৷’
ৰঞ্জনৰ যেন শুনিবলৈ কিবা এটা লাগি গ’ল।অলপ ভাবিলে।তেওঁ কি ‘আর্কিওল’জিত ইন্টাৰেস্টেড আছিল নেকি?”
‘তেওঁৰ মোমায়েকে আর্কিওল’জি ডিপার্টমেন্টত কাম কৰিছিল।আগতে বহুদিন আগ্ৰা ফতেহপুৰ চিক্ৰীত আছিল।’
হঠাৎ ৰঞ্জনে সুধিলে,
কি নাম কওঁকচোন?’
‘সুধীৰ চৰকাৰ।’
‘সুধীৰ দা!’
মুখৰ পৰা ফচকৈ ওলাই গ’ল ৷
সুধীৰ চৰকাৰৰ নাম শুনিয়েই ৰঞ্জনৰ হৃৎপিণ্ড হঠাৎ যেন থমকি ৰৈ গ’ল ,মুখখনো ক’লা হৈ পৰিল ,কিন্তু আন্ধাৰ কম্পার্টমেন্টত বিবেকবাবুয়ে একো বুজিব নোৱাৰিলে ৷ সুধিলে,
’তেওঁক চিনি পায় নেকি?’
‘হয় , চিনি পাওঁ।’
‘অপুনিও তেতিয়াহলে আর্কিওল’জি ডিপার্টমেন্টত কাম কৰে নহয়নে?’
ৰঞ্জনে আৰু সঁচা কথা ক’ব নোৱাৰিলে ৷ কলে,…..’নাই।’
বিবেকবাবুয়ে পার্চৰ ভিতৰৰপৰা এখন ফটো বাহিৰ কৰি প্যেচেজৰ ছয়াময়া পোহৰত আগুৱাই ধৰিলে,
‘ৰঞ্জনবাবু,মোৰ পত্নীৰ ছবি।’
ৰঞ্জনে ছবিখন চাব বিচৰা নাছিল।এই ছবিখন তাৰ মনৰ মাজত অসংখ্য স্মৃতিৰ মালাৰে বান্ধি থোৱা আছে।
তথাপিও নাচাই নোৱাৰিলে।পাপিয়া।
ট্ৰেন মোগলচৰাই স্টেচনলৈ সোমাইছে।ৰঞ্জনে লৰালৰিকৈ চুটকেচটো লৈ থিয় দিলে
‘নমস্কাৰ।’
‘ইয়াতেই নামিব?’
‘হয়, মই অলপ বেনাৰস ঘুৰি যাম।’
‘অপোনাৰ ঠিকনাটো…’
ৰঞ্জনে হাঁহিলে,কোনো দৰকাৰ নাই।সেই শেখ চেলিম চিস্তিৰ সমাধিতেই দেখা হ’ব।’
9:47 PM
ভাল লাগিল , সুন্দৰ অনুবাদ ।
6:44 PM
অপূৰ্ব !