জীৱনৰ বাবে অ’জন-চন্দামিতা শৰ্মা

চন ১৯৮৫।

স্থান: এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰ।

সমগ্ৰ বিশ্বৰ বিজ্ঞানীমণ্ডল তথা প্ৰতিজন পৰিৱেশপ্ৰেমী লোককে জোকাৰি যোৱা এটা ঘটনা আৱিস্কৃত হৈছিল আৰু সেইটো আছিল এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰত এক বৃহৎ ছিদ্ৰৰ উমান পোৱা।এইটো ঘটনাই লগে লগে অৱধাৰিত ৰূপত সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তুলিছিল। পিছে কিয়? কিহৰ বাবে সমগ্ৰ বিশ্বৰ বাবে ই উদ্বিগ্নতাৰ কাৰক হৈ পৰিল? এই অ’জন নো কি? 

অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ  তথা এবিধ জাৰক।অ’জনবিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন(O2) আৰু  অতি বেঙুনীয়া ৰশ্মিৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হয়।

পৃথিৱীৰ বায়ুমণ্ডলক উচ্চতা আৰু চাপৰ ভিত্তিত ট্ৰপ’মণ্ডল, ষ্ট্ৰেট’মণ্ডল, মেছ’মণ্ডল আৰু আয়ণমণ্ডল এই ৪ টা প্ৰধান ভাগত  ভাগ কৰা হৈছে ।এই মণ্ডলবোৰৰ কিছুমান উপভাগো আছে।‌ ষ্ট্ৰেট’মণ্ডল আৰু মেছ’মণ্ডলক পৃথক কৰা  অঞ্চলটোক  ষ্ট্ৰেট’পজ বুলি কোৱা হয় ।এই অঞ্চলতে  জীৱ জগতৰ কৱচৰূপী অ’জন গেছৰ এক  আৱৰণে পৃথিৱীখনক আগুৰি ৰাখিছে যাক অ’জন স্তৰ বুলি কোৱা হয় ।‌

ফৰাচী পদাৰ্থবিজ্ঞানী চাৰ্লছ ফেব্ৰি আৰু হেনৰি বুইছনে ১৯১৩ চনত অ’জন স্তৰটো আৱিষ্কাৰ কৰিছিল। সূৰ্যৰ জোখবোৰে দেখুৱাইছিল যে ইয়াৰ পৃষ্ঠৰপৰা প্ৰেৰণ কৰা আৰু পৃথিৱীৰ মাটিত উপনীত হোৱা বিকিৰণ সাধাৰণতে 5,500-6,000 কেলভিন (5,230-5,730 ° চেণ্টিগ্ৰেড) উষ্ণতা থকা ক’লা শৰীৰৰ বৰ্ণালীৰ সৈতে সামঞ্জস্যপূৰ্ণ৷কেৱল বৰ্ণালীৰ অতিবেঙুনীয়া প্ৰান্তত প্ৰায় 310 এনএম তৰংগদৈৰ্ঘ্যৰ তলত কোনো বিকিৰণ নাছিল। এইটো অনুমান কৰা হৈছিল যে বায়ুমণ্ডলত কিবা এটাৰদ্বাৰা এই বিকিৰণ শোষণ কৰা হৈছিল। ইয়াৰ গুণাগুণবোৰ ব্ৰিটিছ বতৰ বিজ্ঞানী জি.এম.বি ডবছনে বিতংভাৱে অন্বেষণ কৰিছিল, আৰু এটা সৰল স্পেক্ট্ৰোফটোমিটাৰ (ডবচনমিটাৰ) বিকশিত কৰিছিল যিটোৰদ্বাৰা মাটিৰপৰা ষ্ট্ৰেটোস্ফেৰিক অ’জন জোখাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ১৯২৮ আৰু ১৯৫৮ চনৰ ভিতৰত, ডবচনে আজিও চলি থকা বিশ্বব্যাপী অ’জন নিৰীক্ষণ কেন্দ্ৰৰ নেটৱৰ্ক স্থাপন কৰে। 

১৯৭০ চনত আমেৰিকান ৰসায়নবিদ এফ. শেৰউড ৰোণাল্ড আৰু মাৰিও মোলিনাই দেখুৱাইছিল যে CFC  অৰ্থাৎ ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন যৌগ যেতিয়া সৌৰ বিকিৰণৰ লগত লগ লাগে তেতিয়াই তাৰপৰা উৎপন্ন হোৱা ক্লৰিন আৰু ক্ল’ৰিন মনোক্সাইডৰ সৃষ্টি কৰে যিয়ে স্টেটোস্ফিয়াৰত থকা অ’জন প্ৰচুৰ পৰিমাণে ভাঙি ধ্বংস কৰে।১৯৮০চনত বায়ুমণ্ডলত অ’জনৰ পৰিমাণ হঠাতে বহুত কমি গৈছিল বুলি ধৰা পৰে।এনে হ্ৰাসৰ লগত শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা কিছুমান ৰাসায়নিক পদাৰ্থ জড়িত বুলি নিশ্চিত হৈছিল। এনে পৰিপ্ৰেক্ষিতত ১৯৮৭ চনত কানাডাৰ মন্ট্রিলত অ’জন স্তৰ ৰক্ষা বিষয়ক মন্ট্রিল চুক্তি স্বাক্ষৰিত হয়।এই চুক্তি অনুসৰি ১৯৮৭ চনত CFC  আৰু ২০১০ চনৰ মধ্য ভাগত HCFC উৎপাদন কমাই শূণ্য কৰাৰ লক্ষ্য থিৰ কৰি চুক্তিত স্বাক্ষৰ হয়।চুক্তি অনুযায়ী ২০৫০ -২০৭০ চনত অ’জন স্তৰ সম্পূৰ্ণৰূপে আগৰ অৱস্থালৈ ঘূৰাই অনাৰ লক্ষ্য স্থিৰ কৰা হয়।এই চুক্তি এতিয়ালৈকে স্বাক্ষৰ কৰা আটাইতকৈ সফল পাৰিপাৰ্শ্বিক চুক্তিৰ অন্যতম হিচাপে পৰিগণিত হৈছে । এই চুক্তিৰ মূল উদ্দেশ্য হৈছে অ’জন হ্ৰাসকাৰী পদাৰ্থবোৰ পৰ্যায়ক্ৰমে আঁতৰ কৰাৰ বিশ্বব্যাপী এক ঐক্যবদ্ধ প্ৰচেষ্টা ৷ মণ্ট্ৰিয়েল প্ৰট’কলৰ বাবেই আজি মানৱ স্বাস্থ্য, অৰ্থনীতি আৰু পৰিৱেশ তন্ত্ৰ সুৰক্ষিত হৈ আছে ।

অ’জ’ন স্তৰে সূৰ্য্যৰ পৰা বিকিৰিত হৈ অহা প্ৰাণীজগতৰ বাবে ক্ষতিকাৰক মাৰাত্মক অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি প্ৰয়োজনীয়খিনিহে পৃথিৱীলৈ আহিব দি জীৱজগতক ৰক্ষা  কৰি আছে।অতিবেঙুনীয়া ৰশ্মিৰ এটা ক্ষীণ ধাৰাহে পৃথিৱীলৈ আহিব দিয়ে যি জীৱজগতৰ বাবে প্ৰয়োজনীয় যাৰ ফলত জীৱজগতৰ উপকাৰ সাধন হয়।এই ক্ষীণ ধাৰাটোৰ ফলত আমাৰ দেহত D ভিটামিনৰ সৃষ্টি হয়।‌ অতিবেঙুনীয়া ৰশ্মি নিদিষ্ট পৰিমাণতকৈ বেছি আহিলে পৃথিৱীৰ উত্তাপ বাঢ়িব যাৰ বাবে জীৱজগতত জীয়াই থকাটো অসম্ভৱ হৈ পৰিব ।‌যদি ১% অ’জন স্তৰৰ ঘনত্ব কমে ৩% অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ  বাঢ়ে ।‌ USA ৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্ৰকাশ কা মতে ১%অ’জ’ন স্তৰৰ ক্ষতিয়ে ২% মানুহৰ ছালৰ কৰ্কট ৰোগ বৃদ্ধি কৰিব ,আৰু চকুৰ অসুখৰ মাত্ৰা বৃদ্ধি হ’ব ।‌গতিকে অ’জ’ন স্তৰৰ ধ্বংসই পৃথিৱীখনৰ অৱস্থা কেনে কৰিব তাক অনুমান কৰিব পাৰি ।‌ এই ভয়াবহ বিপদৰ কথা ভাবিয়েই অ’জ’ন  স্তৰৰ  সুৰক্ষাৰ বাবে জনসজাগতা আনিবৰ বাবে  প্ৰতি বছৰে ১৬ ছেপ্তেম্বৰ তাৰিখে বিশ্ব অ’জন স্তৰ সুৰক্ষা দিৱস পালন কৰা হয় ।‌

       জীৱজগতৰ সুৰক্ষা কৱচৰূপী অ’জ’নস্তৰ ধ্বংস হৈছে , যি অতিশয় চিন্তাৰ বিষয় ।‌ বিজ্ঞানী সকলৰ মতে অ’জ’নস্তৰৰ ধ্বংসৰ কাৰণ হ’ল ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন ।‌ বহুতে আগ্নেয়গিৰি উদ্গীৰণৰ ফলত এই  যৌগ নিৰ্গত হোৱা বুলি ক’ব খোজে ।‌কিন্তু কৃত্ৰিম উপগ্ৰহৰপৰা লোৱা জোখমতে বিজ্ঞানীসকলে দৃঢ়তাৰে কৈছে যে অজ’ন স্তৰ ধ্বংসৰ মূল কাৰণ হ’ল কল- কাৰখানাৰ পৰা ওলোৱা ক্ল’ৰিন যৌগহে ।‌ বায়ুমণ্ডলৰ উচ্চ স্তৰত ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বনৰ সহজে দ্বিভংগন ঘটে আৰু মুক্ত ক্ল’ৰিন নিৰ্গত হয় যি সহজে অ’জ’ন গেছক (O3)ক বিক্ৰিয়া কৰি ধ্বংস কৰি পেলায় ।‌হেলনছ, মিথাইল , ব্ৰ’মাইড আদি ৰাসায়নিক যৌগ বোৰেও অ’জ’নমণ্ডলৰ ধ্বংস কৰে।‌জেট বিমানৰপৰা ওলোৱা গেছ, ৰাসায়নিক সাৰ, মহাকাশলৈ প্ৰেৰণ কৰা ৰকেট, পাৰমাণৱিক পৰীক্ষা, ফ’ম প্লাষ্টিকৰ ফিলাৰৰ অৱশিষ্ট অংশ, আদি লগতে নাইট্ৰোজেন অক্সাইডেও অ’জ’ন স্তৰৰ অৱক্ষয়  কৰিছে। কুমেৰু অঞ্চলত অ’জন স্তৰত বৃহৎ সুৰুঙাৰ সৃষ্টিৰ হৈছে , ঠিক সেইদৰে সুমেৰু অঞ্চলটো অ’জ’ন স্তৰত বিন্ধা হ’ব পাৰে বুলি বিজ্ঞানীসকলে কৈছে ।‌দুই গোলাৰ্ধত অ’জ’ন স্তৰ হ্ৰাস পোৱাৰ বাবে সেই অঞ্চলত উত্তাপ বৃদ্ধি পাইছে, যাৰ ফলত  তাত থকা বৰফসমূহ গলি সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ পৃথিৱীৰ বহু আৱাস  ভূমি জলমগ্ন কৰি তুলিছে ।‌বায়ুমণ্ডলৰ তথা পৃথিৱীৰ উত্তাপ বৃদ্ধি পোৱা, অ’জ’ন স্তৰত বিন্ধা হোৱা আৰু নিম্নস্তৰত বায়ু দূষিত হোৱাটো মানৱ জাতিৰ বাবে এটা অতি অশুভ লক্ষণ ।‌ আমি সময় থাকোতে পদক্ষেপ ল’ব লাগিব যাতে অ’জ’ন  স্তৰৰ ধ্বংস ৰোধ কৰি আমাৰ ভৱিষ্যত  সুৰক্ষিত কৰিব পাৰোঁ ।‌.নহ’লে আমি বাস কৰা এই নীলা গ্ৰহটোত জীৱৰ অস্তিত্ব সমুলাঞ্চে ধ্বংস হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *