দেউতা-হিমাশ্ৰী কাকতি
তুমি মোক বেয়া পালা বুলিয়েই মই মোক বেয়া পাব নোৱাৰো দেউতা!
তুমি মোৰ অস্তিত্বক ঘৃণা কৰিলা বুলি
মই মোৰ অস্তিত্বক কেনেকৈনো ঘৃণা কৰোঁ !!
হয়, নিজকে সজাই ভাল পাওঁ মই !
ৰঙীণ পোছাকযোৰ,
ৰঙীণ বেনু পাত
ৰঙীণ জোতাযোৰ!!
কপালত আঁকি লোৱা ৰঙীণ ফোঁটতো…
ভাল পাওঁ মই দেউতা!
আস্! টনা-আজোৰাখন নকৰিবা চোন দেউতা কষ্ট পাইছোঁ মই!
আস্! এৰি দিয়া না দেউতা,
এই উৰি ফুৰা বয়সত মোৰ পাখিদুখন নাকাটিবা প্লিজ!
অদূৰ-অজ্ঞাত ভৱিষ্যতৰ অভিশাপবোৰ নিদিবাচোন জাপি,
তুমি বিন আমি মূধচ্ নোহোৱা ঘৰৰ নিচিনা!
তুমিয়েইতো
আমাৰ আকাশ
আমাৰ আশ্ৰয়
আমাৰ পথ প্ৰদৰ্শক!
তুমি বিন এই জীৱন নাইকিয়া।
তেন্তে কিয়নো কৰা নিজৰেই সন্তানৰ লগত হতা-হতি
ভেদা-ভেদ!
নকৰিবা দেউতা!
ভালপাওঁ তোমাক!
মোৰ অস্তিত্বক
তোমাৰ সন্তানক
আঁকোৱালি লোৱা
তোমাৰ দুবাহুত!
দেউতা!!!!!