নাককাটি-ৰঞ্জিত কুমাৰ শৰ্মা
বঙাইগাঁও চহৰৰপৰা দক্ষিণ দিশত প্ৰায় তেৰ কিলোমিটাৰ দূৰত্বত আছে দেৱানগাঁও নামৰ এখন গাঁও৷ বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ এই গাঁওখনৰ পূৱফালে বৈ গৈছে টুনীয়া নৈ৷ নৈখনৰ কাষতে আছে ‘নাককাটি পাহাৰ’৷জনশ্ৰুতিমতে পাহাৰখনৰ পুৰণি নাম আছিল মহাৰাণী৷ এই সম্পৰ্কত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে এটা কাহিনীও৷ কাহিনীটো এনেধৰণৰ—
বঙাইগাঁও জিলাত থকা পাহাৰবোৰৰ ভিতৰত এখন পাহাৰৰ নাম হ’ল ভূমিশ্বৰ৷ কাহিনীটোত এই ভূমিশ্বৰক ৰজা বুলি কোৱা হৈছে৷ ভূমিশ্বৰ ৰজাৰ ৰাণী আছিল মহাৰাণী৷ ভূমিশ্বৰ ৰজাৰ সৰু ভাতৃ এজন আছিল ভাওৰীয়া৷ মহাৰাণী আৰু ৰজাৰ ভাওৰীয়া ভাতৃৰ মাজত আছিল গোপন প্ৰেম৷ এবাৰ ৰজা কিছুদিনলৈ তীৰ্থলৈ গৈছিল৷ তীৰ্থৰপৰা ঘূৰি আহি ৰজাই ভাতৃ আৰু ৰাণীৰ গোপন প্ৰেমৰ কথা জানিব পাৰে আৰু ৰজাই ভাতৃক হত্যা কৰিবলৈ খেদি যায়৷ ৰজাৰ ভাতৃয়ে উত্তৰ দিশেৰে পলায়ন কৰে যদিও ভৰিত লতা লাগি বাগৰি পৰে৷ তেতিয়াই ৰজা ভূমিশ্বৰে ভাওৰীয়া ভাতৃক ঘপিয়াই হত্যা কৰে৷ ৰজাই ভাতৃক হত্যা কৰা তৰোৱালখনেৰে মহাৰাণীৰ নাকটোও কাটি পেলায়৷ যি ঠাইত ৰজাই ভাতৃক হত্যা কৰিছিল সেই ঠাইখিনি এতিয়া ‘ভাওৰীয়াকাটা’ নামেৰে পৰিচিত৷ কাহিনীটোৰ মতে তেতিয়াৰপৰা মহাৰাণীৰ নাম হয় ‘নাককাটি’৷ ৰাণীৰ নামেৰে পাহাৰখনৰ নাম ‘নাককাটি’ হয়৷ ভাওৰীয়াকাটাত বৃহৎ শিলাখণ্ড আছে৷পুনৰবাৰ ক’ব বিচাৰোঁ যে এই কাহিনী বুৰঞ্জীয়ে ঢুকি পোৱা কাহিনী নহয়, কিংবদন্তি বা লোক-প্ৰবাদহে৷
যি কি নহওক, নাককাটি এতিয়া অসমৰ এক উল্লেখযোগ্য পৰ্যটনকেন্দ্ৰ হৈ পৰিছে৷ নাককাটি পাহাৰৰ শীৰ্ষত আছে এচটা শিল৷ এই শিলচটাৰ আকৃতি এটা কটা নাকৰ দৰে৷ এই শিলচটা প্ৰাকৃতিকভাবে অনুভূমিক দিশত আছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া চিটিত থকা ‘মেক্ফি নব’ (McAfee Knob) আৰু নৰৱে’ৰ ট্ৰলটুংগা পাহাৰৰ চূড়াৰ লগত নাককাটি পাহাৰৰ চূড়াৰ এই শিলচটাৰ মিল আছে৷ শিলচটাৰ একাংশ পাহাৰখনৰপৰা বাহিৰলৈ ওলাই থকা, অৰ্থাৎ শূন্যত ওপঙি থকাৰ দৰে৷ এই শিলচটাই হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ শিলচটাৰপৰা তলৰ বিস্তীৰ্ণ এলেকাৰ বিনন্দীয়া প্ৰাকৃতিক ৰূপ উপভোগ কৰিব পাৰি৷ নাককাটিৰ চূড়াত থকা এই শিলচটাৰপৰা টুনীয়া নৈখনক এডাল দীঘল অজগৰ যেন দেখি৷সন্মুখত পাহাৰৰ অপূৰ্ব সৌন্দৰ্য৷ কেতিয়াবা মেঘৰ শুভ্ৰ দলিচাও প্ৰত্যক্ষ হয়৷ শীতকালত প্ৰায় একেই ছবি আঁকে কুঁৱলীয়ে৷ ভাৰ্জিনিয়া চিটিৰ ‘মেক্ফি নব’ আৰু নৰৱে’ৰ ট্ৰলটুংগাৰ শিলদুচটাত উঠিবলৈ, তাত উঠি এখন ফটো ল’বলৈ যেনেদৰে দেশ-বিদেশৰ পৰ্যটকৰ সোঁত বয় ঠিক তেনেদৰে নাককাটিৰ চূড়াত থকা এই শিলচটাত উঠিবলৈ, তাত উঠি এখন ফটো ল’বলৈ আৰু সন্মুখৰ প্ৰাকৃতিক অপূৰ্ব সৌন্দৰ্য উপভোগ কৰিবলৈও পৰ্যটকৰ ভিৰ বাঢ়িবলৈ লৈছে৷ মন কৰিবলগা কথাটো হ’ল নাককাটি পাহাৰৰ চূড়াত থকা এই শিলচটা আছে প্ৰায় ২০০০ ফুট উচ্চতাত৷ এই উচ্চতালৈ উঠিবলৈ সাংঘাতিক জটিলতা নাই যদিও ইয়াৰ বাবে লাগিব কিছু শাৰিৰীক সক্ষমতা আৰু শক্তি৷ উল্লেখযোগ্য যে পাহাৰখন বগাই চূড়াত থকা শিলচটাত উঠিবলৈ ডেৰ ঘণ্টাৰপৰা দুঘণ্টা সময় লাগে৷ উল্লেখযোগ্য যে নাককাটিৰ উক্ত শিলচটাৰ কথা সৌ সিদিনালৈ প্ৰায় অন্ধকাৰত আছিল৷ চূড়াটো বা শিলচটাৰ বিষয়ে স্থানীয় লোকে কাহিনীটোৰ দৃষ্টিকোণেৰেহে জানিছিল বা তালৈ অহা-যোৱা আছিল৷ প্ৰতিবছৰে পহিলা ব’হাগত পাহাৰখনৰ শৃংগত স্থানীয় লোকে মহাৰাণীৰ পূজা-অৰ্চনা কৰে৷ গতিকে স্থানীয় লোকসকলে নাককাটিৰ শৃংগৰ উক্ত শিলাখণ্ডক উপাসনাৰ স্থান হিচাপেহে গ্ৰহণ কৰি আহিছে৷ পূজা-অৰ্চনাৰ বাবেহে ঘাইকৈ ইয়ালৈ মানুহৰ উঠা-নমা আছিল৷ চাইক্লিং কৰি, পাহাৰ বগাই ভাল পোৱা বঙাইগাঁৱৰ নৱজ্যোতি ৰায় আৰু চিৰাং জিলাৰ ডাংতলৰ কন্দৰ্প সিংহ নামৰ দুজন যুৱকে ২০১৬ চনৰ জানুৱাৰী মাহৰ এটা দিনত নাককাটি পাহাৰ বগাই উক্ত শিলচটাত উঠিছিল৷ তেওঁলোকে তাত ফটো লৈ উভতি আহিছিল৷ তেওঁলোকে তুলি অনা ফটো তেওঁলোকৰেই বন্ধু অনুজ চৌধুৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া চিটিত থকা ‘মেক্ফি নব’ আৰু নৰৱে’ৰ ট্ৰলটুংগা পাহাৰৰ চূড়াৰ সৈতে তুলনা কৰি ইণ্টাৰনেটযোগে নাককাটিৰ প্ৰচাৰ কৰে৷ এনেদৰে নাককাটিয়ে প্ৰচাৰৰ মুখ দেখে৷ ইয়াৰ পিচৰপৰাই গুগল, ফে’চবুক, ইউ টিউৱ, হোৱাটছ এপকে ধৰি বিভিন্নধৰণে সামাজিক মাধ্যমত নাককাটিৰ উক্ত চূড়া আৰু শিলচটাৰ ফটো, ভি ডি অ’ আদি প্ৰচাৰ হয়৷ নাককাটিলৈ বিভিন্ন স্থানৰপৰা দৰ্শনাৰ্থী আহিবলৈ লয়৷ কাকত, আলোচনী, সামাজিক মাধ্যমত নাককাটিৰ বিষয়ে লেখা প্ৰকাশ পায় আৰু এনেদৰে বিখ্যাত হৈ পৰে নাককাটি৷ মন কৰিবলগা যে নাককাটিত আছে একাধিক গুহা আৰু সৰু জলপ্ৰপাতো৷ নাককাটি পাহাৰত এসময়ত বাঘ, বনগৰু, বন গাহৰি, সুগৰি পহু, বিভিন্ন প্ৰজাতিৰ চৰাই, সৰীসৃপ, সোণালী বান্দৰকে ধৰি বিভিন্ন বন্যজন্তু আৰু বন্যপ্ৰাণী আছিল৷ গছ-গছনিৰেও ভৰপুৰ আছিল পাহাৰখন৷ কিন্তু গছ ধবংসৰ লগতে বন্যপ্ৰাণী হত্যাযজ্ঞৰ ফলত পাহাৰখন প্ৰায় উদং হৈ পৰে৷ বিষয়টোৱে একাংশ যুৱকৰ মনত ক্ৰিয়া কৰে৷ ২০১১ চনৰপৰা গাঁওখনৰ কেইজনমান যুৱকে নাককাটি পাহাৰৰ প্ৰাকৃতিক পৰিবেশ, গছ-গছনি, জীৱ-জন্তু সংৰক্ষণ কৰাৰ লগতে পাহাৰখনক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কেতবোৰ কৰ্মসূচী গ্ৰহণ কৰিবলৈ লয়৷ গাঁৱত সভা পাতি পাহাৰখনৰ গছ-গছনি নাকাটিবলৈ, বন্য জীৱ-জন্তু হত্যা নকৰিবলৈ, চোৰাং কাঠ ব্যৱসায়ী বা চোৰাং চিকাৰীৰ বিৰুদ্ধে সজাগ হ’বলৈ গাঁওবাসীক বুজাবলৈ লয় যুৱকসকলে৷ তদুপৰি নাককাটি পাহাৰৰ নামনিত পৰিবেশ দিৱস পতা, গছপুলি ৰোপণ কৰা, গছ নাকাটিবলৈ অনুৰোধ জনাই বেনাৰ-প’ষ্টাৰ লগোৱা, পাহাৰখনৰ তলত ঠায়ে ঠায়ে সজাগতামূলক বাণীৰে ফলক আদি লগোৱা কাম কৰি সামাজিক সচেতনতা জগাই তুলিবলৈ সক্ষম হোৱা যুৱকসকলে বহু প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগা হৈছিল৷ জন্ম দিয়া হৈছে নাককাটি সংঘৰ৷ নাককাটি সংঘই পাহাৰখন বগাই শিলচটাত উঠিবলৈ যোৱা দৰ্শনাৰ্থীৰ জিৰণিৰ বাবে অস্থায়ী চাংঘৰো নিৰ্মাণ কৰে৷ তাত খাদ্য বিক্ৰীৰো ব্যৱস্থা কৰা হয়৷ নাককাটিৰ বিষয়ে প্ৰচাৰ হোৱাৰ লগে লগে নাককাটিলৈ পৰ্যটকৰ আগমন হ’বলৈ লৈছে৷ নাককাটিলৈ যিয়েই আহিছে, ইয়াৰ সৌন্দৰ্যত মুগ্ধ হৈছে৷ দৰ্শনাৰ্থীসকলেও নাককাটিৰ কথা আৰু ছবি, ভি ডি অ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে৷ ফলত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে৷ নাককাটিয়ে পৰ্যটকক হাতবাউলি মাতিছে৷ বঙাইগাঁও জিলা প্ৰশাসনেও নাককাটিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কেতবোৰ আঁচনি গ্ৰহণ কৰিছে৷ চৰকাৰ-প্ৰশাসনৰ আঁচনি সফল হ’লে নাককাটি আৰু অধিক আকৰ্ষণীয় হৈ উঠিব বুলি আশা কৰিব পাৰি৷ মন কৰিবলগা যে নাককাটিৰ মুখ্য আকৰ্ষণ যদিও পাহাৰখনৰ ওপৰৰ শিলচটা তথাপি কিন্তু পাহাৰখনত পৰ্যটকক আকৰ্ষণ কৰিব পৰা আন বহু সমল আছে৷ তদুপৰি বঙাইগাঁৱৰ পৰা ইয়ালৈ আহিবলৈ পথে-নৈয়ে ভৰা তেৰ কিলোমিটাৰৰ যাত্ৰাপথো প্ৰাকৃতিকভাবে আকৰ্ষণীয়৷ অস্থায়ী শিবিৰ পাতি নাককাটি পৰিদৰ্শন কৰাৰ মজাও ল’ব পাৰে পৰ্যটকে৷
নাককাটিলৈ কেনেকৈ আহিব—
নাককাটি আহিবলৈ হ’লে পশ্চিম অসমৰ বঙাইগাঁও চহৰলৈ আহিব লাগিব৷ বঙাইগাঁও চহৰৰ দক্ষিণ দিশত থকা ছহিদ বেদীৰ পৰা বৰ্ষণগাঁও হৈ বইটামাৰীলৈ যোৱা পথেৰে প্ৰায় বাৰ কিলোমিটাৰ আঁতৰত থকা দেৱানগাঁৱলৈ গ’লেই নাককাটি দৰ্শন কৰিব পাৰি৷ উত্তৰ শালমাৰা-খগৰপুৰ হৈ একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি উত্তৰ দিশেৰেও নাককাটিলৈ যাব পাৰি৷
(লেখাটোৰ বাবে সহায় লোৱা পুথিঃ
নন্দন দেৱ নাথৰ সম্পাদনাত প্ৰকাশিত ‘নাককাটি’৷)
10:28 PM
ভাল লাগিল পঢ়ি
11:49 PM
ধন্যবাদ৷
5:37 PM
বৰ ভাল লাগিল