‘নাপায়’ কোৱাৰ বৈজ্ঞানিক যুক্তি-ধীৰাজ কুমাৰ বায়ন
: ঐ মাজনী, তুমি মোৰ কথাবোৰৰ কিয় গুৰুত্ব নিদিয়া? এতিয়া ডাঙৰ হৈছা।দুদিন পিচত এখন ঘৰৰ বোৱাৰী হ’বা।এনেকৈ হ’লে কেনেকৈ চলিবা? মই আৰু কিমান ক’ম যে ৰাতি হ’লে ঘৰ সাৰিব নাপায়,চুলি চুচা, নখ কটা কামবোৰ কৰিব “নাপায়”। তোমাক কৈ কৈ ভাগৰি গৈছোঁ দেই।
: এ ৰ’বা না মা, এইটো নাপায়, সেইটো নাপায়। এইযে নাপায়, নাপায় বুলি কৈ থাকা কি কাৰণে নো নাপায় বুজাই দিয়াচোন মা।
আমাৰ আইতা, মাহঁতে ৰাতি এই কামবোৰ কৰিব নাপায় বুলি কৈছিল।আমিও এই বয়সলৈকে সেইবোৰ তেনেকৈয়ে মানি আহিছোঁ অ’ মাজনী। তোমালোকেও মানি যোৱা ভাল হব।আগৰ মানুহে এনেয়ে নাপায় বুলি নকয় নহয়।
এইপিনে দেউতাকে সন্ধিয়া গোসাঁই ঘৰত চাকি জ্বলাই বাৰান্দাত বহি চাহ খাই আছিল। মাক-জীয়েকৰ ‘নাপায়’ আৰু ‘পায়’ বুলি কৈ থকা কথাবোৰ শুনি দেউতাকে মাজনীক মৰমেৰে ওচৰলৈ মাতিলে আৰু কলে, আগৰ দিনৰ এই ‘নাপায়’ বুলি কোৱা কথা কিছুমানৰ বৈজ্ঞানিক যুক্তি আছে আৰু কিছুমানৰ নাইও, কওঁ শুনা……….
আগৰ দিনত, ৰাতি ঘৰ নাসাৰে আৰু কেতিয়াবা সাৰিলেও জাবৰ-জোঁথৰবোৰ বাহিৰত পেলাই দিব নাপায় বুলি কৈছিল। এই নাপায় কথাষাৰৰ বৈজ্ঞানিক বিশ্লেষণ হ’ল তাহানিৰ দিনত পোহৰৰ ব্যৱস্থা নাছিল বুলি ক’লেও ভুল কোৱা নহ’ব। গতিকে ৰাতি ঘৰ সাৰি বাহিৰত পেলালে কেতিয়াবা মূল্যবান বস্তুও ঘৰৰ জাবৰৰ লগত হেৰাই যাব পাৰে, সেয়ে ‘নাপায়’ বুলি কৈছিল। কিন্তু আজিৰ আধুনিক যুগত পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা থকা বাবে ঘৰ সাৰি জাবৰবোৰ বাহিৰত পেলালেও কিবা মূল্যবান বস্তু জাবৰৰ লগত থাকিলে দেখা যাব। গতিকে আমি যদি ৰাতি পৰ্যাপ্ত পৰিমাণৰ পোহৰ পাওঁ তেন্তে ৰাতি ঘৰ সাৰি পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত থকাত অসুবিধা নাই বুলি ভাবোঁ।
ৰাতি মহিলাই চুলি মেলি থাকিব বা চুচিব নাপায় বুলি কয়। চুলি চুচাৰ পিচত বেলেগৰ নজৰ নালাগিবৰ বাবে ফণিৰ পৰা চুলিবোৰ উলিয়াই থু ছটিয়াই কোনো এটা পাত্ৰত থৈ পিচত বাহিৰত ভালকৈ পেলাই দিব কয়। ইয়াৰ অন্তৰালত লুকাই থকা বৈজ্ঞানিক কাৰণটো হ’ল ৰাতি মহিলা মানুহে চুলি মেলিলে বা চুচিলে কেতিয়াবা হঠাৎ খাদ্য বস্তুত পৰিব পাৰে আৰু কম পোহৰৰ বাবে দেখা নাপাবও পাৰে। খাদ্যৰ লগত মুখত সোমালে ঘিণ লাগিবও পাৰে আৰু যদি পেটৰ ভিতৰলৈ যায় তেন্তে পেটৰ বেমাৰ হবও পাৰে। সেয়ে ফণিত লাগি থকা চুলি আঙুলিৰে মেৰিয়াই থু ছটিয়াই ওজন বঢ়াই উৰিব নোৱাৰাকৈ পাত্ৰ এটাত থৈ দিয়ে। আনহাতে ৰাতি নখ কাটিলে কম পোহৰৰ বাবে নেদেখাতে কেতিয়াবা আঙুলিও কাটিব পাৰে। তেতিয়া বৰ্তমানৰ নিচিনা উন্নত চিকিৎসাৰ ব্যৱস্থাও নাছিল। সেয়ে হ’ব লগা অসুবিধাৰ পৰা হাত সাৰিবৰ বাবেই ‘নাপায়’ বুলি কোৱা যেন লাগে।
কণী খাই পৰীক্ষা দিব নাপায়।কাৰণ কণী খাই পৰীক্ষা দিলে শূন্য পায় বুলি আজিও বহুতে বিশ্বাস কৰে। কিন্তু ইয়াৰ বৈজ্ঞানিক কাৰণটো হ’ল কণীত প্ৰটিন, চৰ্বি আদি বেছি থাকে। সেয়ে কণী খাই পৰীক্ষা দিলে শৰীৰৰ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। তেতিয়া পৰীক্ষা দিয়াত অসুবিধা হ’ব।সেইবাবেই হয়তো কণী খাই পৰীক্ষা দিব ‘নাপায়’ বুলি কৈছিল।
আনহাতে এতিয়াও বহুতে মিঠাই খুৱাই পৰীক্ষাত বহিব দিয়ে। তেতিয়া হেনো ফলাফলো মিঠা অৰ্থাৎ ভাল হয়। কিন্তু ইয়াৰ অন্তৰালত থকা বৈজ্ঞানিক কাৰণটো হ’ল মিঠাইত থকা চেনিয়ে শৰীৰত গ্লুক’জৰ পৰিমাণ বৃদ্ধি কৰে।গ্লুক’জে আমাক শক্তি দিয়ে। ফলত সুস্থ শৰীৰেৰে পৰীক্ষাত বহিলে ভালদৰে চিন্তা কৰি লিখিবলৈ সুবিধা হয় আৰু তেতিয়া পৰীক্ষাৰ ফলাফলো ভাল হয়।
আনহাতে শ্মশানৰ পৰা মৃতদেহ সৎকাৰ কৰি আহিলে তোমাৰ মায়ে যে মোক পদূলিমুখতে গা ধুবলৈ দি কাপোৰ-কানিবোৰ পানীত তিয়াব দিয়ে আৰু তাতেই মৰাপাটৰ শুকান পাত, তুলা, সৰিয়হ আদি জ্বলাই জুইৰ সেক ল’বলৈ দি হে ঘৰত সোমাব দিয়ে দেখিছাই নহয়। নহ’লে হেনো পাপ হ’ব, ভূতে ধৰিব বুলি অকল মাৰাই নহয় আমাৰ সমাজত তাহানিৰ দিনৰপৰাই এই প্ৰথা চলি আহিছে।ইয়াৰো বৈজ্ঞানিক কাৰণটো হ’ল, মৃতদেহ সৎকাৰৰ সময়ত বীজাণু আমাৰ শৰীৰত লাগি আহিবও পাৰে। সেই কাৰণে ঘৰৰ ভিতৰত সোমাবলৈ নিদি বাহিৰতে কাপোৰ কানি তিয়াই গা ধুব দিয়ে। শুকান মৰাপাটৰ পাত, তুলা আৰু সৰিয়হ জুইত দিলে, জুই ভালদৰে জ্বলি উঠে। তেতিয়া সেক ল’লে জুইৰ তাপে বীজাণু নাশ কৰে বুলিহে এনেকুৱা কাম কৰিবলৈ দিছিল।
এইপিনে ৰাতি বট বা আঁহত গছৰ তলত শুব নাপায় বুলি কোৱা শুনো। কাৰণ ৰাতি উদ্ভিদে অক্সিজেন গেছ উৎপন্ন নকৰে আনহাতে যথেষ্ট পৰিমাণে কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়। সেয়ে ৰাতি বট বা আঁহত গছৰ তলত শুলে কাৰ্বন-ডাই-অক্সাইড গেছৰ বাবে উশাহ লোৱাত অসুবিধা হৈ মৃত্যু পৰ্যন্ত হ’ব পাৰে।
প্ৰসূতি মাতৃক এমাহ আনে চুব নাপায় বুলি কোৱাৰ বৈজ্ঞানিক বিশ্লেষণ হ’ল_ নৱজাতক কেঁচুৱাটোক যথেষ্ট যত্নৰ প্ৰয়োজন। সামান্য পৰিচৰ্যাৰ খেলিমেলি হ’লেই নৱজাতক কেঁচুৱাটোৰ জীৱনলৈ আহিব পাৰে কাল অমানিশা। আনপিনে প্ৰসূতি মাতৃৰ শৰীৰ বৰ দুৰ্বল হৈ থাকে। যদি মাকে নিত্য কৰ্ম কৰি আন মানুহৰ সংস্পর্শলৈ আহে তেন্তে মাতৃ আৰু কেঁচুৱাটো ৰোগাক্ৰান্ত হ’ব পাৰে। প্ৰসূতি মাতৃৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ থাকে বাবে খোৱা-বোৱাত যথেষ্ট গুৰুত্ব দিয়া হয়। এতিয়া বুজিলানে মাজনী প্ৰসূতি মাতৃক এমাহ চুব নাপায় বুলি কিয় কোৱা হয়।
আদিম যুগত মানুহ যেতিয়া সভ্যতাৰ দিশে আগবাঢ়িবলৈ ধৰে তেতিয়া মানুহ বিলাকে যুক্তিতকৈ ‘নাপায়’ বা ‘অমঙ্গল হ’ব’ বুলি ক’লে ভয়তে হয়তো কথাবোৰ ভালকৈ পালন কৰিছিল। এই ‘নাপায়’ শব্দ ব্যৱহাৰ কৰি মানুহে সুশৃংখল জীৱন-যাপন কৰিবলৈ চেষ্টা কৰিছিল। ‘নাপায়’ বুলি কোৱা কথাষাৰ সেই সময়ত হয়তো পালন কৰাৰ যুক্তি থাকিব পাৰে। কিন্তু আজিৰ আধুনিক জীৱনত কিছুমান ‘নাপায়’ বুলি কোৱা কথাৰ বৈজ্ঞানিক দৃষ্টি ভঙ্গীৰে পালন কৰাৰ যুক্তি প্ৰযোজ্য হ’বও পাৰে নহ’বও পাৰে ,যেনে—- গোবৰ পানী ছটিয়াই বা ঘৰ মচি শুদ্ধি হোৱা নিয়ম কেঁচা ঘৰত হে প্ৰযোজ্য হ’ব কিন্তু পকী ঘৰ বা টাইলচৰ ঘৰত জানো প্ৰযোজ্য হব !!!গোবৰৰ পৰিবৰ্তে বৰ্তমান বৈজ্ঞানিক প্ৰযুক্তিৰে নিৰ্মিত ফেনাইল, ডেটল,চিত্ৰনলা আদিকে ধৰি বিভিন্ন বীজাণুনাশক সামগ্ৰীবোৰহে ব্যৱহৃত হয়। কিন্তু সকলো ‘নাপায়’ বুলি কোৱা কথা উলাই কৰিলে সমাজত যে বিশৃংখলতাৰ সৃষ্টি হ’ব সেয়া ধ্ৰুৱ সত্য। সেয়ে আমি বৈজ্ঞানিক যুক্তিৰে ‘নাপায়’ বুলি কোৱা কথাৰ বিবেচনা কৰি সমাজখনক সুশৃংখল ভাবে সকলোৱে আগবঢ়াই নিয়া উচিত বুলি ভাবোঁ।