পেঞ্চন,লেখক:তনয়া ভট্টাচাৰ্য,ভাবানুবাদ-অঞ্জু মহন্ত

ঝিনুকক চাবলৈ মানুহ এঘৰ আহিছে। ঝিনুকৰ মাহীয়েক এগৰাকীয়ে আনিছে এই সম্বন্ধ।পাত্ৰ চৰকাৰী চাকৰিয়াল।সেয়েহে কোনোমতেই হাতচাড়া কৰিব নোৱাৰি।ৰাতিপুৱাৰপৰাই ঘৰখনত উলহ-মালহ। আজি তাইৰ ইউনিভাৰ্ছিটিলৈ যোৱা নহ’ল। ফাইনেল পৰীক্ষালৈ বেছি দিন নাই।দুটা বছৰৰ পৰা ঝিনুকে ইউনিভাৰ্ছিটিলৈ গৈ ক্লাছ কৰিছে,এসোপামান পইচা খৰচ কৰি প্ৰাইভেট টিউচন লৈছে। দিনে-ৰাতিয়ে পঢ়া-শুনা, সেয়েহে সেইবোৰৰ সন্মানৰ বাবে মাক-দেউতাকে তাইক পৰীক্ষাত বহিবলৈ দিছে।পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীটোৰোতো এটা দাম আছে!ক’বলৈ বা শুনিবলৈও ভাল

লাগে।পৰীক্ষা শেষ হ’লেই বিয়াত বহিব লাগিব ঝিনুক। নীৰৱে সকলো মানি লৈছে। মাক-দেউতাকৰ মতৰ বিৰুদ্ধে গৈ কিবা কৰা সম্ভৱ নহয় তাইৰ পক্ষে।

সৰুৰ পৰাই তাই দুটা কথা অনুভৱ  কৰি আহিছে। এক,তাইৰ গাৰ ৰং শ্যামবৰণৰ আৰু দেখিবলৈ সাধাৰণ। সেয়েহে তাইৰ বিয়া হোৱাটো এটা অত্যন্ত দুৰূহ কথা আৰু এই অৱস্থাত তথাকথিত উপযুক্ত কোনো পাত্ৰপক্ষই যদি তাইক এবাৰ পছন্দ  কৰে তেনেহলে আপত্তিৰ কোনো প্ৰশ্নই নুঠে। দুই, তাই হৈছে পৰিয়ালৰ বোজা। এই “বোজা” কান্ধৰ পৰা নমাবলৈ মাকৰ চিন্তাৰ অন্ত নাই। সমাজেও এই চিন্তাক মান্যতা দি আহিছে চিৰকাল।যেতিয়াই পৰিয়ালত কিবা সমস্যাই দেখা দিয়ে যেনে, দেউতাকৰ ব্যৱসায় মন্দা, ভায়েকৰ অধোগতি, দেউতাকৰ লগত মাকৰ কাজিয়া সকলোতে ঝিনুকক বিয়া দি মুক্তি পোৱাৰ কথা উল্লেখ হয় বাৰে বাৰে।

যেন যিমান শীঘ্ৰে সম্ভৱ হয় ঝিনুকক ঘৰৰপৰা বিদায় দিব পাৰিলেই সমস্যাৰ মূল নোহোৱা কৰি পেলাব পৰা যাব। অৱশেষত সেই মোক্ষম দিনটি আহি উপস্থিত, অৰ্থাৎ ঝিনুকৰ বিয়াৰ দিন। কিমান হিচাপ আৰু অঙ্ক কৰি ঠিক কৰা বিয়া।শুভাকাংক্ষী দলে অযাচিতভাৱে বুজাবলৈ আহে লাভ-লোকচানৰ অঙ্ক। চৰকাৰী চাকৰিয়ালৰ লগত বিয়া হ’লে ভাত-কাপোৰ নিশ্চিত। বৃদ্ধ বয়সত পেঞ্চন,আনকি ঘটনাক্ৰমে স্বামীহীনা হোৱাৰ সম্ভাৱনাৰ কথাও মনত কৰি দিলে কোনোবা কোনোবাই। সেইক্ষেত্ৰতো পানীত পৰিব নালাগে বৰং চাকৰি বা পেঞ্চনে ভৰসাৰ হাত আগবঢ়াই  দিব।

বিয়াৰ পিছত সুখে-দুখে দহ বছৰ পাৰ কৰিলে ঝিনুকে। কিন্তু তাৰপিচতেই ঘটি গ’ল অনভিপ্ৰেত সেই ঘটনা। আহি পালে অকাল বৈধব্য।তাই ঘূৰি আহিল মাক-দেউতাকৰ কাষলৈ,পুৰণি আশ্ৰয়লৈ।কিন্তু মূৰ তল কৰি নহয়।সেইসকল শুভাকাংক্ষী এইবাৰো আহিছিল ঝিনুকৰ ক্ষতত প্ৰলেপ দিবলৈ।

ইনাই-বিনাই ক’বলৈ এৰা নাছিল।গোটেই জীৱনটো পৰি আছে, সকলোবোৰ বৃথা হৈ গ’ল। এইবাৰ কি লৈ থাকিব ঝিনুক? ওঁঠৰ কোণত নৈৰ্ব্যক্তিক হাঁহি সানি মৃদু স্বৰেৰে উত্তৰ দিছিল ঝিনুকে….

“পেঞ্চন”

One comment

  • কুশল মহন্ত ।

    বৰ ভাল লাগিল , সুন্দৰ অনুবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *