পোহৰ বিচাৰি-কমলা দাস
সম্পূৰ্ণ প্ৰেক্ষাগৃহটোৱেই কাঁহ পৰি জিন যোৱা অৱস্থা। পাতলীয়া এন্ধাৰত ঠাহ খাই আসন গ্ৰহণ কৰি থকা দৰ্শকৰ চকু মাথোন বৰ্ণিল ৰঙেৰে উদ্ভাসিত মঞ্চত।তালে তালে নূপুৰৰ ৰুণজুণ,ৰুণজুণ শব্দ। নূপুৰৰ তালে তালে প্ৰাণ ঢালি ভাৰতনাট্যমৰ নৃত্যকলা প্ৰদৰ্শন কৰিছে শ্ৰীমতী অঞ্জুৰাণী দেৱীয়ে। একান্তমনে ভাব,ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয়ত বিলীন হৈ তেওঁ যেন এই জগততেই নাই! ধ্যানত মগ্ন ঋষিৰদৰে কেৱল অঙ্গ সঞ্চালন কৰি গৈছে। কাণত বাজিছে মাথোন গুৰুৱে বজাই যোৱা মৃদঙ্গৰ ধ্বনি ,তাল আৰু সঙ্গীত।
অন্তিমটো মুদ্ৰাৰ প্ৰদৰ্শনেৰে এটা সময়ত নৃত্যৰ সামৰণি পৰিল। অপূৰ্ব নৃত্যকলা উপভোগ কৰি থকা তন্দ্ৰামগ্ন দৰ্শকৰো তন্দ্ৰা ভাঙিল। প্ৰেক্ষাগৃহটো প্ৰচণ্ড হাত তালিৰ গুঞ্জনেৰে গমগমাই উঠিল।
মঞ্চৰপৰা নমাৰ পিচত অগণন গুণমুগ্ধ দৰ্শকে তেখেতৰ ওচৰ চাপি আহিল অট’গ্ৰাফ বিচাৰি। হাঁহি মুখেৰে তেখেতে সকলোকে অট’গ্ৰাফ দিলে।
শ্ৰীমতী অঞ্জুৰাণী দেৱীৰ দৈনন্দিন জীৱনত ব্যস্ততাৰ অন্ত নাই। আজিৰ প্ৰগ্ৰেম শেষ হওঁতে ৰাতিয়েই হ’ল। পিচদিনাখনো তেওঁ বহু দূৰৈৰ সাংস্কৃতিক সন্ধিয়াত ভাগ ল’বলৈ যাব লাগিব।তালৈ যাবৰ বাবে সাজু হ’বৰ হৈছেই। সেয়ে নিশা বেচি নৌহওঁতেই লৰালৰিকৈ বিদায় লৈ ঘৰলৈ যাবৰ বাবে সাজু হ’ল তেওঁলোকৰ দলটো।
প্ৰতিনিয়ত এক ব্যস্ত কাৰ্যসূচীৰে দিনটোৰ আৰম্ভণি হয় তেখেতৰ। আজিও দৈনন্দিন ব্যায়াম আৰু লঘু আহাৰ গ্ৰহণ কৰাৰ পাচতে তেওঁ যাবলগীয়া যাত্ৰাৰ বাবে সাজু হ’ল।খন্তেক পিচতে তেখেতৰ দলটো যাবলগীয়া গাড়ীখন আহি ঘৰৰ সন্মুখত ৰ’লহি। তেওঁ লৰালৰিকৈ ওলাই আহি গাড়ীত উঠিল।মিচিকিয়া হাঁহি মাৰি সকলোকে পুৱাৰ সম্ভাষণ জনাই তেওঁ ভালদৰে বহি ল’লে।
আজিৰ যাত্ৰাটো অলপ দীঘলীয়া। প্ৰায় দুশ কিলোমিটাৰ দূৰৈৰ ঠাইত। গাম্ভীৰ্য্যপূৰ্ণ চৰকাৰী অনুষ্ঠান এটাত নৃত্য প্ৰদৰ্শনৰ বাবে বিশেষভাৱে আমন্ত্ৰিত হৈছে শ্ৰীমতী অঞ্জুৰাণী দেৱী।এইটো অনুষ্ঠান কৰি অহাৰ পিচতে দেশৰ বাহিৰলৈ যাব লাগিব।সুন্দৰ নৃত্য প্ৰদৰ্শন কৰা বাবে দেশে-বিদেশে নাম হৈছে অঞ্জুৰাণী দেৱীৰ। ফলত আজিকালি দেশৰ বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ পোৱাৰ উপৰিও বিদেশৰপৰাও আমন্ত্ৰণ পাবলৈ ধৰিছে শ্ৰীমতী অঞ্জুৰাণী দেৱী আৰু তেখেতৰ দ’লটোৱে। অঞ্জুৰাণীৰ দৈনন্দিন জীৱন ইমানেই ব্যস্ততাপূৰ্ণ হৈ গৈছে যে ভালদৰে খাবলৈ-শুবলৈও পৰ্য্যাপ্ত সময়ৰ অভাৱ হৈছে।সেয়ে সুবিধা পালেই টোপনি মাৰিবলৈ চেষ্টা কৰে তেখেতে। আজিও গাড়ীখন চলিব ধৰাৰ পাচতে তেওঁ চকু মুদি শুবলৈ যত্ন কৰিলে।
পিচে শুওঁ বুলিলেই সকলোৱে শুব পাৰে জানো! মনলৈ অলেখ কথা আহি অগা-ডেৱা কৰি থাকে। আজিৰ অনুষ্ঠান, আহিবলগীয়া বিভিন্ন কাৰ্যসূচী আদি নানান টা কথা মনলৈ আহি থাকিল। সেইবোৰ জুকিয়াই লৈ আহিবলগীয়া কামবোৰৰ কাৰ্যপ্ৰণালীবোৰ মনতে যুগুত কৰি লৈ ল’লে।
দেশে-বিদেশে ঘূৰি ফুৰা আজিৰ ব্যস্ত নাৰী শ্ৰীমতী অঞ্জুৰাণী দেৱী পিচে আগতে ইমান ব্যস্ত কেতিয়াও নাছিল। সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা ছোৱালী আছিল তেওঁ।স্কুলত লিখা নাম অঞ্জুৰাণী বৈশ্য আছিল। বিয়াৰ পিচত গিৰীয়েকে মৰমতে অৰু বুলি মাতিছিল। দেৱী উপাধি পিচত ৰাইজে হে মৰমতে দিয়া।
সৰু সংসাৰখনত খুবেই সুখী আছিল অঞ্জুৰাণী।মাকৰ ঘৰত থাকোঁতেও পঢ়া-শুনা আৰু নিজৰ কাম-বনক লৈ ব্যস্ত থকা মাক-বাপেকৰ আদৰৰ ছোৱালী অঞ্জুৱে দুখ কি বস্তু নাজানিছিল। বিয়াৰ পাচত শহুৰৰ ঘৰখনতো সুখে লগ নেৰিলে।
অঞ্জুৰাণীৰ জীৱনত সুখ পুনৰ দুকুল ওপচাই আহিল, যেতিয়া তেওঁৰ দেহত পোণাকণৰ অস্তিত্বৰ কথা গম পোৱা গ’ল। সুখে যেন পাৰ ভাঙি যাব খোজে! সুখী সুখী মন লৈ দুয়োখন ঘৰৰ মানুহবোৰ অঞ্জুৰাণীক লৈ ব্যস্ত হৈ পৰিল।
সময়ত পোণাকণ এই ধৰালৈ আহিল। তাক বুকুৰ অমৃত খুৱাই অঞ্জুৱে নাৰী দেহৰ পূৰ্ণতা প্ৰাপ্তি কৰিলে। ঘৰখন পুনৰ নতুন সুখেৰে ভৰি পৰিল।
সময় গৈ থাকে। বছৰে বাগৰ সলায়। অঞ্জুৰ জীৱনত সোমাবলৈ বিচাৰি থকা দুখেও সুৰুঙা বিচাৰি ল’লে। এবছৰীয়া পোণাকণে এতিয়াও বহিব পৰাই হোৱা নাই। সাধাৰণতে কেঁচুৱাই ডেৰমাহ মানৰপৰাই হাঁহিব লয়। পিচে পোণাকণে ছয় মাহ মানতহে জান-নেজান কৈ হাঁহিবলৈ লৈছিল। মানে তাৰ শাৰীৰিক, মানসিক উন্নতি বোৰ খুব লাহে লাহে হে হৈছে।
দিন যোৱাৰ লগে লগে ঘৰৰ মানুহবোৰৰ উৎসাহ কমি আহিল। পোণাকণৰ চিন্তাত সকলোৰে সাগৰ শুকাল। ঘনে ঘনে ডাক্তৰৰ ওচৰলৈ অহা-যোৱা চলি থাকিল। সকলো ঠিক হ’ব বুলি ডাক্তৰে আশা দিয়েই থাকিল।
দুবছৰ পিচতহে পোণাকণে বহিব পৰা হ’ল যেনেতেনে। তাৰ লগত একেলগে জন্ম হোৱা সন্তানবোৰ দৌৰি ফুৰে। তাকে দেখি পোণাকণৰ ফালে চাই অঞ্জুৱে চকু পানী টোকে। পোণাকণৰ জন্মৰ সময়ত হোৱা কিবা এটা বিসংগতিৰ বাবে অঞ্জুৱে আৰু দ্বিতীয় সন্তান জন্ম দিব নোৱাৰে বুলি তেতিয়াই কৈছিল ডাক্তৰে। কপালৰ লিখন বুলি ভাগ্যক মানি লোৱাৰ বাদে উপায় নোহোৱা হৈ পৰিছে অঞ্জুৰাণী আৰু তেওঁৰ মানুহজনৰ।তাৰ মাজতে শাহু-শহুৰ দুয়োজনেই অগা-পিছাকৈ ইহ সংসাৰৰপৰা বিদায় ললে। গিৰীয়েক ঘৰত নথকা সময়খিনিত অঞ্জুৰাণী বৰকৈ অকলশৰীয়া হৈ পৰিল। পোণাকণক লৈ সমস্যাৰ অন্ত নোহোৱা হ’ল। তাৰ ন বছৰ বয়সলৈকে কোঁচত তুলি অলৈ-তলৈ নিব লাগে। ভালদৰে কথা ক’বও নোৱাৰে। খোৱাখিনিও খুৱাই দিব লাগে। তাৰ কামবোৰ মাক বাপেকে, সলনা-সলনিকৈ কৰি থাকে।বহুত কষ্ট হয় তাৰ লগত। তথাপিও তাৰ মুখৰপৰা অস্পষ্ট কৈ ওলোৱা ‘মা’ শব্দটোৱে অলপ শান্তি দিয়ে ভাগৰুৱা মাক-বাপেক হালক। দুখৰ মাজতো সুখে যেন এচেৰেঙা শান্তি ছটিয়ায়।
ভাগৰুৱা দেহাবোৰ টানি থাকিল।
অঞ্জুৰাণী সিদিনা ভাগি পৰিল, যিদিনা সাধাৰণ পানী লগা জ্বৰতে পোণাকণে এই ধৰা এৰি গুচি গ’ল। যেন মাকৰ কষ্ট সহিব নোৱাৰি মুক্তি হে দি গ’ল!
অঞ্জুহঁতৰ জীৱনত দুখে যেন পোহাৰ মেলি বহিল। শেষ আশাকণো নুমাই থাকিল। দিশহাৰা,দুখৰ বোজা কঢ়িয়াই হাউলি পৰা মানুহহাল ইজনে সিজনৰ সাৰথি হৈ কোনোমতে জীয়াই থকাৰ প্ৰমাণ দি থাকিল।
একালত ৰাজেশ্বৰীৰ জীৱন নিৰ্বাহ কৰি অহা অঞ্জুৰাণীক সময়ে বৰ বেয়াকৈ যন্ত্ৰণা দিলে। দুখৰ সাগৰত মজি থকা অঞ্জুৰাণীক সময়ৰ নিষ্ঠুৰ বতাহে ঠেলি নি এইবাৰ মহাসাগৰত পেলাই দিলে। সুখে-দুখে সহায়ক হৈ থকা গছ দুজোপাৰ এজোপা ধুমুহাই উভালি পেলালে। দুৰ্ঘটনা এটাত পতিত হৈ মানুহজনে পোণাকণ যোৱাৰ দুবছৰ পাচতে অঞ্জুৰাণীক অকলশৰীয়া কৰি থৈ চিৰদিনলৈ এৰি গুচি গ’ল। অঞ্জুৰাণীয়ে কান্দিবলৈ পাহৰি গ’ল। অঞ্জুৰাণী বোবা হৈ পৰিল।
ওপৰ্যুপৰি আঘাতে অঞ্জুৰাণীৰ জীৱন তচনচ কৰি পেলালে। অকলশৰীয়া হৈ পৰা অঞ্জুৰাণীক ভায়েক আৰু ভাইবোৱাৰীয়েকে ঘৰলৈ লৈ গ’ল। কান্দিবলৈ পাহৰা মানুহজনীয়ে মৰা কাঠ এডোখৰ হৈ বিছনাতে পৰি থাকে সৰহ সময়। কাৰো লগত মাতবোল নকৰে। কোনোবাই দিলে খায়,নিদিলেও আপত্তি নাই। জীৱিত-মৃত অৱস্থা এটাৰে সহবাস কৰি থাকিল অঞ্জুৰাণী।
ঘৰৰ মানুহে অশেষ চেষ্টা কৰিছে অঞ্জুৰাণীক কন্দুৱাবলৈ। হৃদয়ত গোট মাৰি থকা বেদনাৰ বৰফ গলিলে কিজানি মানুহজনী সুস্থ হয়েই! পিছে যিমানেই যি নকৰক, অঞ্জুৰাণীয়ে কোনোফালে নাচায়েই। কোনোবাই কিবা কৈ থাকিলেও কাণত নোসোমায়। আপোন ভাৱত বিভোৰ হৈ থাকে। কি ভাবি থাকে কোনেও গম নাপায়।
অশেষ চেষ্টাৰ মূৰত এদিন পিচে সঁচাকৈ বৰফ গলিল। ভাইবোৱাৰীয়েকৰ নতুনকৈ জন্ম পোৱা কেঁচুৱাটোক অঞ্জুৰাণীৰ হাতত তুলি দিওঁতে, তেওঁ উচপ খাই উঠিল ! যেন বহু দিনৰ মূৰত গভীৰ টোপনিৰপৰা হে সাৰ পালে! কেঁচুৱাটোক ভালদৰে সামৰি কোঁচত ল’লে। কেঁচুৱাটোৰ মুখখনলৈ বহু সময় চাই থাকিল। চাই চাই অজানিতে তেওঁৰ চকুলো ব’বলৈ ধৰিলে। কেঁচুৱাটো বিছনাত থৈ তেওঁ কান্দিবলৈ ধৰিলে। প্ৰথমতে লাহে লাহে ফেঁকুৰি ফেঁকুৰি, তাৰপাছত হুৰাওৰাৱে চিঞৰি চিঞৰি বিছনাত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। ভায়েকহঁতে তেওঁক আমনি নকৰিলে। কান্দক, বায়েকে যিমান পাৰে, সিমান কান্দক! কান্দি কান্দি বুকুৰ বৰফৰ পাহাৰ খহাই পেলাওক।
এসপ্তাহমানলৈ ৰৈ ৰৈ কান্দি থাকিল অঞ্জুৰাণী। শেষলৈ অলপ প্ৰকৃতিস্থ হ’বলৈ ধৰিলে। বৰফৰ পাহাৰখন খহি ৰিক্ত হৈ পৰিল। উদাস দৃষ্টি! এই পৃথিৱীত যেন ভাল লগা একোৱেই নাই!চাৰিওফালে মাথোঁ শূন্যতা। শূন্য আৰু শূন্য।শূন্য হৈ জানো মানুহ জীয়াই থাকিব পাৰে!
তেনেকুৱাতে ভাইবোৱাৰীয়েকে তেওঁৰ জড়তা আঁতৰাবলৈ তেওঁক সাংস্কৃতিৰ জগতখনলৈ উলিয়াই লৈ গ’ল।
এইখন এখন বেলেগ জগত। মানুহে সকলো পাহৰি সুখৰ সন্ধান বিচাৰি ল’ব পৰাকৈ সুৰ, তাল আৰু লয়ত নিমগ্ন হৈ থাকিব পাৰে। বেচ কিছুদিন নিৰীক্ষণ কৰি কৰি নৃত্যত মন খালে অঞ্জুৰাণীৰ। নৃত্য শিকিবলৈ আগ্ৰহ হ’ল তেখেতৰ। ভাইবোৱাৰীয়েকে অঞ্জুৰাণীৰ আগ্ৰহত সহযোগ কৰিলে।নৃত্য শিকাৰ ব্যৱস্থা কৰি দিলে।খুব মনোযোগেৰে তেখেতে নৃত্য শিকিবলৈ ল’লে। সৰুৰে পৰাই অলপ অচৰপ নৃত্য কৰাৰ অভ্যাস আছিল। এতিয়া নৃত্যাঙ্গনা ভাইবোৱাৰীয়েকৰ সহযোগত খৰচি মাৰি নৃত্য শিকিবলৈ ধৰিলে তেওঁ। দক্ষিণ ভাৰতীয় প্ৰধান শাস্ত্ৰীয় নৃত্য ‘ভাৰতনাট্যম’ সৰুৰেপৰাই ভাল পাইছিল। সেয়ে বয়সকো গুৰুত্ব নিদি তেওঁ ভাৰতনাট্যম শিকিবলৈ ল’লে। একাণপতীয়াকৈ লাগি থাকি নৃত্যৰ সকলো বিলাক কৌশল আয়ত্ত কৰিলে। তেওঁৰ একাণপতীয়া চেষ্টা আৰু আত্মবিশ্বাসৰ ওচৰত বয়সে হাৰ মানিলে আৰু তেওঁ নিজকে এগৰাকী নৃত্যাঙ্গনা হিচাবে পৰিচয় দিবলৈ সক্ষম হ’ল।
এতিয়া আৰু অঞ্জুৰাণীয়ে পাৰ কৰি অহা অতীতক সুঁৱৰি মন মাৰি নাথাকে।থাকিবলৈ সময় নাই। যোৱা কেইজনতো গ’লেই। থকা কেইজনে ওপৰৱালাৰ আমন্ত্ৰণ নহালৈকে জীয়াই থাকিব নালাগিব জানো! সেয়ে, জীৱন জীয়াৰ মন্ত্ৰ শিকি লৈছে তেওঁ। যিদিনাই অতীতে সুৰুঙা বিচাৰি বুকুত সোমাব খোজে, সিদিনাই তেওঁ নৃত্যৰ কঠোৰ অনুশীলন কৰে। তাল,বাদ্য আৰু সুৰত মগ্ন হৈ বিলীন হৈ থাকিব খোজে।
“বাইদেউ, আমি পালোঁহি।”
চকু মুদি থকা অঞ্জুৰাণীক টোপনি যোৱা বুলি ভাবি সহযোগী এজনে জগাই দিলে। তেখেতে চকু মেলি তেওঁৰ ফালে চাই মিচিকিয়া হাঁহি এটা মাৰিলে। গাড়ীখন গৈ নিৰ্দিষ্ট ঠাইত ৰৈ দিলে। সহযোগীসকলে নামিবলৈ যো জা কৰিলে। এনেতে গুণমুগ্ধ সকলে খবৰ পাই গাড়ীৰ চাৰিওফালে আগুৰি ধৰিলে তেখেতক স্বচক্ষে এবাৰ দৰ্শন কৰিবলৈ, অট’গ্ৰাফ ল’বলৈ। তেখেতে মনৰপৰা সকলো ভাব জাৰি-জোকাৰি মুখত মিচিকিয়া হাঁহি এটি লৈ গাড়ীৰপৰা নামিবলৈ আগবাঢ়িল।তেখেতৰ নিৰ্মল মিচিকিয়া হাঁহিটো সকলোৰে প্ৰিয়। কাৰণ সেই হাঁহিত আছে অস্ত কিৰণৰ মন জুৰোৱা ৰাঙলী আভা। সেই হাঁহি বিখ্যাত নৃত্যাঙ্গনা শ্ৰীমতী অঞ্জুৰাণী দেৱীৰ হাঁহি। এই ভাও তেওঁ আজীৱন কঢ়িয়াই যাব লাগিব। আৰু এই ভাও কঢ়িয়ায়েই তেওঁ সুখী হৈছে।
3:04 PM
এটা অনুপম গল্প!
5:06 PM
ভাল লাগিল ।সুন্দৰ গল্প।
11:20 PM
গল্পটো পঢ়ি ভাল লাগিল৷
8:08 PM
বৰ ভাল পালো পঢ়ি।