প্ৰশান্তি-সংহিতা ভট্টাচাৰ্য্য
: ছাৰ,কামটো হ’বগৈনে?
মহিলা গৰাকীৰ মাতত মই টেবুলখনৰপৰা ওপৰলৈ মূৰ তুলি চালোঁ।
বগা মেখেলা চাদৰ এযোৰৰ সৈতে প্ৰায় ত্ৰিশ বছৰ মান বয়সৰ এগৰাকী মহিলা। কোলাত তিনিমহীয়া কেঁচুৱা এটা লৈ আছে। আৰু লগতে হাতত এটা ফাইল।
মহিলা গৰাকীক দেখি বুজিবলৈ বাকী নাথাকিল। গিৰিয়েক ঢুকোৱা বেছি দিন হোৱা নাই। গিৰিয়েকৰ পেঞ্চনৰ কামতে অহা- যোৱা কৰি আছে। দুদিনমান লক্ষ্য কৰিছোঁ যদিও আজিহে ভালকৈ মন কৰিলোঁ মই।
: দুদিনমান লাগিব। এইবোৰ কাম ইমান সোনকালে নহয়।—–গহীনভাবে মই উত্তৰ দিলোঁ।
মানুহগৰাকী লাহে লাহে গুচি গ’ল।
: ৰমেন। এই মানুহগৰাকী…
কথাটো শেষ কৰিব নাপাওঁতেই ৰমেনে কৈ উঠিল,
: এই মানহগৰাকীৰ মানুহজন নাই ছাৰ। মানুহজন নোহোৱা হোৱা প্ৰায় তিনিমাহেই হ’ল। নিজৰ বুলিবলৈ আৰু কোনো নথকা বেচেৰী মানুহজনীৰ এতিয়া উপায় নাইকিয়া হৈছে চলিবলৈ। ল’ৰাটোও একেবাৰে অকণমানি হৈ আছে। পেঞ্চনৰ টকাকেইটা সোনকালে পাবলৈ অফিচলৈ সদায় অহা যোৱা কৰি আছে ছাৰ।
: কথাবোৰ বুজাই দিছনে?টেবুলখনৰপৰা মূৰ নোতোলাকৈয়ে ৰমেনক সুধিলোঁ মই।
: কৈছোঁ ছাৰ। বিয়াৰ দুপদমান গহনা আছে বোলে। তাৰে কিবা কৰি যোগাৰ কৰিম বুলি কৈছে।
তলমূৰকৈয়ে কথাখিনি শুনি থাকিলোঁ। ৰমেনৰফালে মূৰ তুলি চাবলৈ যেন মোৰ আজি সাহ নহ’ল। কিবা এক লাজে মোৰ দেহ-মন আৱৰি ধৰিলে।
পিছদিনা পুৱা এঘাৰমান বজাত মানুহগৰাকী আহিল। এইবাৰ হাতত ফাইলটোৰ সৈতে এটা মোটা বগা খাম। কোলাত তিনিমহীয়া ল’ৰাটো।
প্ৰথমেই মোৰ খামটোলৈ চকু গ’ল। তাৰপিছত ল’ৰাটোলৈ।এক অদ্ভুত দৃষ্টিৰে মোক চাই থকা যেন লাগিল।কেতিয়াও কোনেও নকৰা প্ৰশ্ন এটা সি যেন মোক একো নোকোৱাকৈয়ে কৰিলে।
: তই মানুহ হয় নে? মানুহ??
হৃদয় আৰু মগজুৰ যুদ্ধখনে আজি যেন মোক বহুসময় ব্যতিব্যস্ত কৰি থাকিল। মোৰ সন্মুখত দুটা বাটে মোক হাত বাউল দি মাতিবলৈ ধৰিলে। এটা হৃদয়ৰ….যাৰ মাজেদি এখন নৈ বৈ থাকে অহৰহ। আৰু আনটো বাট মগজুৰ। যিয়ে নদীখন বৈ থকাৰ মাত নুশুনে। শুনিব নিবিচাৰে।
হৃদয়ৰ মাজেদি মানুহজনী আৰু কেঁচুৱাটোৰ ছবিখন মোৰ আগত অগা-দেৱা কৰি থাকিল। ইফালে মগজুৱে বাৰে বাৰে ক’বলৈ ধৰিলে,
: বাদ দে, এইবোৰটো সদায় হৈ থকা ঘটনা। টকাকেইটাৰে তোৰ ঘৰৰ চোতালখনকে পকা কৰি ল’ব পাৰিবি।
হৃদয় আৰু মগজুৰ যুদ্ধ এনেদৰেই চলি থাকিল।
মই ৰৈ থাকিলোঁ বহুসময়। হঠাৎ যেন দেখিলোঁ চকুৰ আগত মোৰ মালতী। আৰু সেয়া কোলাত আমাৰ পোনাকন। মই নোহোৱা হোৱাৰ পিছত মালতীও এনেকৈয়ে…..
অৱশেষত অন্তৰাত্মাৰ জয় হ’ল।হৃদয়ৰ বাটেদি যেন জীৱনৰ এয়া প্ৰথমটো খোজ দিলোঁ।ফাইলটোত চহী কৰি মই খামটো মানুহজনীৰ ফালে আগবঢ়াই দি ক’লো,
: এই পইচাকেইটাৰে ল’ৰাটোৰ প্ৰয়োজনীয় বস্তুকেইটামানকে কিনি ল’বা।মোতকৈ তোমাৰ বেছি প্ৰয়োজন এইখিনিৰ।
কথাখিনি কৈ মই আঁতৰি আহিলোঁ সেইখিনিৰপৰা।
কোলাৰ কেঁচুৱাটোৱে মোলৈ চাই যেন হাঁহিলে মিচিকিয়াই।তাৰ হাঁহিয়ে মোক মানুহ হোৱাৰ কথাটো যেন পুনৰ এবাৰ মনত পেলাই দিলে।
তাৰ হাঁহিটোলৈ বহু দেৰি চাই থাকিলোঁ মই।
কি আছিল সেই হাঁহিটোত?!
কিবা যেন এক প্ৰশান্তি….!!
5:52 PM
বৰ সুন্দৰ গল্প। সুন্দৰ সমাপ্তি।
6:35 PM
বৰ সুন্দৰ গল্প।
10:07 PM
ভাল লাগিল ।