পৰিবৰ্তনৰ ৰ’দ কাচলিত-প্ৰদীপ বৰা

দেৱজিৎ কলিতাই কেতিয়াও উপেক্ষা কৰিব নোৱাৰে পাপৰি বড়িৰ আন্তৰিকতাপূৰ্ণ নিমন্ত্ৰণ।দহোবন কাতি কৰি হ’লেও  পাপৰিৰ হৃদয়ৰ আহ্বান  ৰক্ষা কৰিব লাগিব।বহুত দিন পাৰ হৈ গ’ল দেখা নাই পাপৰিৰ গোলাপৰ পাহিৰ দৰে মুখখন। শুনা নাই তাইৰ মুখৰ মৌবৰষা মাত।কি যে আমেজ ভৰা যাত্ৰা!মন মোহা সেই পলসুৱা পথাৰবোৰৰ মাজে মাজে  একাবেঁকা গতিৰে  চিৰসেউজীয়া গছবিলাকৰ তলে তলে গৈ থকা নতুনকৈ ব্লেক তপিং কৰা ৰাষ্টাটো।আহিনমহীয়া গেলাবিলৰ দলংখন পাৰ হলেই কলিতাৰ মনত আনন্দৰ জোৱাৰ উঠে….আৰু কেইপলকমান সময় অতিক্ৰম কৰিলেই সি পাবগৈ পাপৰি বড়িৰ ঘৰ ৷ তাক হয়তো এটা মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই সিহঁতৰ ঘৰলৈ আগবঢ়াই নিব।

আজি পাপৰিহঁতৰ ঘৰত নাম সেৱা আছে।সি নামৰ নিমন্ত্ৰণ ৰক্ষা কৰিব লাগিব।

কিছু সময় বাইকখনে গতি কৰাৰ  অন্তত দেৱজিতে গন্তব্যস্থানত উপনীত হ’ল।বাইকখন ভীমকলজোপাৰ তলত ষ্টেণ্ড কৰাৰ পিচতেই পাপৰিৰ ভায়েক পদ্মই তাক আগবঢ়াই নি নিজৰ ৰুমত বহুৱালেগৈ। 

ক্ষন্তেক সময়ৰ পিচতেই পাপৰিয়ে এখন ট্ৰেত ক্ষীৰ পিঠা, পকা মিঠৈ  আৰু চাহ লৈ তাৰ সন্মুখত হাজিৰ হ’ল।চাৰি চকুৰ সুমধুৰ মিলন ঘটিল।সিহঁতৰ হৃদয়ৰপৰা যেন মৰমৰ আবেগ অনুভূতিবিলাকে সকলো দুৱাৰ খিৰিকী খুলি হেঁচা মাৰি ধৰিছে।দুয়োৰে মাজত কুশল বাৰ্তাৰ আদান-প্ৰদান হ’ল।পাপৰিয়ে ক’লে, 

“তুমি  বেয়া নোপোৱা যদি ধূতী এখন পিন্ধি লোৱা আৰু ভকতসকলৰ লগতে বহাগৈ ৷”

কলিতাই ক’লে, 

“বেয়া পোৱাৰ প্ৰশ্নই নাহে, বৰঞ্চ মই কৃতাৰ্থহে হ’ম।”

কলিতাই ধূতী এখন পিন্ধি ডিঙিত ফুলাম গামোচা এখন আঁৰি ল’লে  আৰু ভকতৰ সমাজত বহিলগৈ ৷ দেৱজিৎ কলিতাৰ নামানুষ্ঠানলৈ যোৱাৰ মুখ্য উদ্দেশ্য হ’ল পাপৰি বড়িহঁতৰ সমাজ ব্যৱস্থা ৰীতি-নীতি উপাসনা পন্থা আদি অধ্যয়ন কৰা।যিহেতু পাপৰিৰ লগত হলিগলি সিহঁতৰ ঘৰখনে বা সমাজখনে এতিয়াও মানি লোৱা নাই।কিন্তু কলিতাই জানো পাৰিব এগৰাকী সুশিক্ষিতা সুন্দৰ সুস্বাস্থ্যৰ  উচ্চপদস্থ  বিষয়াক সহজে এৰিব!অন্যহাতে পাপৰিও নাচোৰবান্দা।তাই দেউতাক  ককাকহঁতে পালন কৰি অহা  সাতাশী বছৰীয়া মহাপুৰুষীয়া ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা কেৱল প্ৰেম প্ৰীতিৰ গ্ৰাসত পৰি কোনোপধ্যেই জলাঞ্জলি দিব নোৱাৰে।

চোতালত ডাঙৰকৈ ৰভা দিয়া হৈছে ৷ প্ৰায় চাৰিকুৰি ভকত সমৱেত হৈছে ৷ সকলোকে ক্ষীৰ পিঠা, পকামিঠৈ আৰু চাহেৰে আপ্যায়ন কৰা হৈছে।এজনে গোপাল মহন্তক অস্থায়ী আসন প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনালে।ইয়াৰ পিচতে চাৰিটা তামোল চাৰিখিলা পাণ এটা বঁটাত আগবঢ়াই পাপৰিৰ পৰিয়ালৰ সকলো সদস্যই আৱাহন সেৱা ধৰিলে।

“বলি নিগদতি যদুপতি     ৰাম ৰাম ৰাম ৰাম ৰাম  কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।দেৱৰো  দুৰ্লভ আতিশয়। ৰাম ৰাম  ৰাম ৰাম ৰাম 

গৃহতে থাকিয়া দেখিলোঁ তযু চৰণ॥

দেৱজিতে ঘোষাফাঁকিৰ মৰ্মাৰ্থ  হৃদয়ঙ্গম কৰিবলৈ ধৰিলে।পৰমেশ্বৰে কৃপা কৰি দেৱতা সদৃশ দুৰ্লভ ভকতসকলক নিজৰ গৃহত পদধূলা দিয়াৰ সুবিধা কৰি দিছে।ইয়াৰ পিচতেই প্ৰভু ভগৱন্তৰ চৰণত নৈবেদ্য  আগবঢ়াবলৈ (শৰাই সজাবলৈ ) ৰতন তাঁতীক আৰু নামভাগ আগবঢ়াবলৈ যদুমণি গোহাঁইৰ নাম প্ৰস্তাৱ কৰা হৈছে।ৰন্ধন কাৰ্যৰ বাবে নিতু গোস্বামী , বীৰেন কলিতা, ৰমেন গোহাঞি , শিৱ থাপা আৰু  জীৱন পেগুৰ নাম প্ৰস্তাৱ কৰা হ’ল।ভকতৰ আজ্ঞা শিৰোধাৰ্য বুলি  সকলোৱে সমাজক সেৱা কৰি যাৰ যি দায়িত্ব তেনেধৰণেৰে  সুপৰিকল্পিত,সুচাৰুৰূপে আৰু সকলো ফালে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আধ্যাত্মিকতাৰে কৰ্তব্যত অগ্ৰসৰ হ’ল।অগ্ৰাহ্যতা বা অবাধ্যতা যেন  তেওঁলোকৰ সংবিধানত নায়েই।দুটা শাৰীত একচল্লিশ জন ভকতে  অৰ্ধবৃত্তাকাৰ ক্ৰমত আসনস্থ হৈ ভগৱানৰ নাম বস্তু একান্তভাৱে কায়মনোবাক্যে কীৰ্তন কৰিলে আৰু একাংশই  নীৰৱে শ্ৰৱণ কৰিলে ৷ সুন্দৰ আধ্যাত্মিকতাৰ পৰিৱেশ।কাঁহ পৰি জীন যোৱা অৱস্থা। শ্ৰৱণ কীৰ্তনৰ সময়ত পৰচৰ্চা, তাচ পাত খেলা বা  অন্য কথা বতৰাৰ  লেশমাত্ৰও পৰিলক্ষিত নহ’ল তাত।আৰু এটা কথাত দেৱজিৎ অভিভূত হ’ল যে কৰ্মীসকলৰ অধিকাংশই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। নৈবেদ্য প্ৰসাদ বিতৰণতো সুন্দৰ সুঠাম  পৰিষ্কাৰ পৰিচ্ছন্ন যুৱক-যুৱতী আৰু বোৱাৰীসকলকহে দেখা গ’ল।সঁচাকৈয়ে এখন মনোমোহা জাতিবৰ্ণ নিৰ্বিশেষ মহাত্মা গান্ধীৰ সপোনৰ মহাপুৰুষে সৃষ্টি কৰা নৰৰূপী নাৰায়ণৰ মানৱ সমাজ।গুৰুজনাই ভাগৱতৰ দ্বিতীয় স্কন্ধত কৈ গৈছে –“ওবা নৰলোক হৰি ভজিয়োক।”অৰ্থাৎ পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহমাত্ৰেই  ভগৱানৰ গুণানুকীৰ্তন কৰাত জাতকুল অন্তৰায় হ’ব নোৱাৰে। সকলো কৰ্ম সাত্ত্বিকতাৰে পৰিচালিত হৈছে।ভগৱানৰ গুণানুকীৰ্তনত হেনো ৰাজসিক আৰু তামসিক ব্যৱস্থা বৰ্জিত।দেৱজিতৰ আৰু এটা কথা  মনোগ্ৰাহী হ’ল যে নামানুষ্ঠানত যিসকলক দায়িত্ব অৰ্পণ কৰা হৈছে সকলোৱেই নিজ নিজ বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত।দেউৰী, বিলনীয়া, নামাচাৰ্য, পাঠাচাৰ্য কাকোৱেই বিশেষভাৱে নিমন্ত্ৰণ কৰিব নালাগে।সমাজে প্ৰশিক্ষণপ্ৰাপ্ত সকলকেই সাধাৰণতে প্ৰস্তাৱ কৰে।মহাপুৰুষ শঙ্কৰদেৱৰ আ কাৰ উ কাৰ ৰহিত প্ৰথম কবিতা “কৰতল কমল দল নয়ন ——” যেনেকৈ সুমধুৰ ঠিক তেনেকৈ আজিৰ নামানুষ্ঠানৰ সাত্ত্বিক নিৰামিষ ভোজনো ব্যৱহাৰিক দিশত সুমধুৰ  সুমঙ্গল। দেৱজিতৰ অন্তৰত দোলা দি গ’ল।

নামানুষ্ঠানৰ সামৰণি পৰিল।সেৱকীয়ে গুৱাপাণ দি মহাপুৰুষ মাধৱদেৱৰ এফাঁকি পবিত্ৰ ঘোষাৰে সমাজক সেৱা ধৰিলে, 

“নাজানোহো আৱাহন   নাজানোহো  বিসৰ্জন 

পূজামন্ত্ৰ নাজানো কিঞ্চিত

 এতেকে পৰমেশ্বৰ  দাস ভৈলো চৰণত

 মোৰ গতি সাধিৱে উচিত।”

সঁচাকৈয়ে আমি সাধাৰণ নৰ-মনিচে ভগৱানক কেনেকৈ আৱাহন কৰিম বা তেওঁৰ নিমিত্তে আয়োজিত অনুষ্ঠান কেনেকৈ বিসৰ্জন দিম  সেয়া আমাৰ অজ্ঞতা।গতিকে হে পৰমেশ্বৰ আমি তোমাৰ শ্ৰী চৰণৰ দাস হ’লোঁ।মোক যেনেকৈ উচিত হয় তেনেকৈ গতি দিবা।বিদায় সেৱাৰ অন্তত সকলো ভকত গৃহাভিমুখী হ’ল।

পাপৰিৰ দেউতাক নৰেন বড়িয়ে দেৱজিতৰ লগত  দুআষাৰমান অন্তৰঙ্গ আলাপ কৰাৰ মানসেৰে তেওঁৰ ওচৰত বহিলহি।দেৱজিতক প্ৰথমে ঘৰৰ কুশল বাৰ্তা সুধিলে আৰু তাৰপিচত আজিৰ নামানুষ্ঠান ভাগ কেনেকুৱা দেখিলে সুধিলে।

দেৱজিতে ক’লে, 

“সঁচাকৈয়ে খুৰাদেউ, মহাপুৰুষৰ নীতি আদৰ্শৰে আপোনালোকে বৰ অসমৰ ভেঁটি মজবুত কৰিব পাৰিব। এনেকুৱা এখন মানৱতাৰে সংপৃক্ত,অস্পৃশ্যতা বৰ্জিত সমাজত একেলগে বহি মই  জীৱনত  প্ৰথমবাৰলৈ নয়ন সাৰ্থক কৰিছোঁ।আপোনালোকৰ সমাজত আধ্যাত্মিকতাৰ লগতে বিজ্ঞান আৰু মানৱতাৰ মধুৰ সংমিশ্ৰণেৰে মধুৰ মিলন ঘটিছে।আমাৰ এলান্ধুকলীয়া অযুক্তিকৰ ৰীতি-নীতিৰে পৰিপুষ্ট সমাজখনলৈ মনত পৰিলে মোৰ প্ৰাণে হাহাকাৰ কৰি উঠে ৷ আমাৰ সমাজত বিভিন্ন কুলৰ কথাতো বাদেই নিজৰ কুলৰ মাজতো  ইজনৰ হাতে সিজনৰ নচলে।বৰ পৰিতাপৰ বিষয়।

 নৰেনে ক’লে, 

“বোপাই সেইবোৰ কথাত দুখ নকৰিবা। কিছু বছৰৰ আগতে আমাৰ সমাজতো তেনেকুৱা নিয়ম আছিল। আমাৰ ঘৰত আৰু গাঁৱৰ ঘৰে ঘৰে এবছৰ দিন ধৰি আমি ভাগৱত পাঠ আৰু ব্যাখ্যাৰ ব্যাপক অনুষ্ঠান পাতি মহাপুৰুষীয়া ধৰ্মৰ বিষয়ে পুংখানুপুংখভাৱে জ্ঞান আহৰণ কৰিছিলোঁ।তদুপৰি  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু ডিম্বেশ্বৰ নেওগৰ ৰচিত মহাপুৰুষৰ লেখা অধ্যয়ন কৰিছিলোঁ।ভাগৱতৰ অৰ্থ উদ্ধাৰৰ বাবে জয়ন্ত বল্লভ গোস্বামীক আমন্ত্ৰণ জনাইছিলোঁ।বহুখিনি প্ৰচেষ্টাৰ অন্তত এই আৰ্হি আৰু এই আদৰ্শৰে এই মহান সমাজৰ সৃষ্টি কৰিছিলোঁ।চেষ্টাৰ অসাধ্য একো নাই ৷ মনত ৰাখিবা যত্ন কৰিলেহে ৰত্ন পায় ৷ দুখ কৰিলেহে মুখ ভৰে ৷ বাৰু দেৱজিৎ আজি আমাৰ ঘৰত নৈশ যাপন কৰা। সময় উলিয়াই বহুত কথা পাতিব লগা  আছে তোমাৰ লগত।”

:নিশ্চয় খুৰাদেউ আপোনাৰ পৰা বহুত জানিবলগীয়া আছে। কিন্তু মাফ কৰিব  মই আজি থাকিব নোৱাৰিম। মোৰ ব্যৱসায়ৰ নতুন কাৰ্যসূচী এটা আছে।পিচে খুৰাদেউ ঘৰত বিয়াবাৰুৰ যোজা নাই চলোৱা নেকি? আপোনাৰ ডাঙৰ ল’ৰাৰ ঘৰ নাপাতে নেকি? 

আচলতে  পাপৰিৰ কথা সুধিবলৈ সি লাজ কৰিয়েই  উমান এটা ল’ব বিচাৰিলে ৷ 

নৰেনে ক’লে, 

“বোপাই, ভনীয়েক পাপৰিক বিয়া নিদিয়াকৈ সি সেইবোৰ জেঙত নোসোমায়।তাই জিলা কৃষি বিষয়া হিচাবে নিযুক্তি পোৱা তিনিমাহ হৈছে।এতিয়া তাইৰ পৰাহে মই বিপাঙত পৰিছো।সমাজৰ ধৰ্মীয় ৰীতি-নীতি আমাৰ দৰে অমিল হ’লে তাই কোনোপধ্যেই বিয়াত নবহে। ল’ৰাৰ আৰ্থিক অৱস্থা যেনেকুৱা হ’লেও তাই চিন্তা নকৰে। ল’ৰাৰ উচ্চ শিক্ষা থাকিব লাগিব, স্বভাৱ চৰিত্ৰ ভাল হ’ব লাগিব কিন্তু মনে মিলা এখন মহাপুৰুষীয়া সমাজৰ সদস্য হ’ব লাগিব।”

দেৱজিতে ক’লে,

“সুশিক্ষিতা  কৃষি বিষয়া পাপৰিৰ যুক্তিনিষ্ঠতাক আমি সন্মান কৰিবই লাগিব খুৰাদেউ।প্ৰভুৱে নিশ্চয় এটা সুদিনৰ সুব্যৱস্থা কৰিব।এতিয়া সময় বহুত হ’ল মই মেলানিহে মাগোঁ।”

ঠিক আছে বুলি নৰেন উঠি গ’ল। পাপৰি সোমাই আহিল। 

:ৰ’বা ৰ’বা মোৰ লগত কথা নপতাকৈ ক’ত যাব পাৰিবা? পিচে আমাৰ অনুষ্ঠান কেনেকুৱা পালা?

: অতি সুন্দৰ  মই অভিভূত হৈছো ৷ময়ো কিছুদিন অধ্যয়ন কৰোঁ আৰু এনে এখন সমাজ সৃষ্টি কৰোঁ ৷ তাৰপিচত জীৱন সঙ্গী কৰিম পাপৰি দেৱীক।

: মই দেৱী নহয় দেই, মই পাপৰি বড়ি ৷  বাঃ! সুন্দৰ পৰিকল্পনা দেখোন!

দুয়োৰে মুখত এটি আনন্দৰ হাঁহি বিৰিঙি উঠিল।

:ৰ’বা একমিনিট।

পাপৰিয়ে কেইটামান গৰম পকৰি আৰু একাপ চাহ আনি দেৱজিতৰ সন্মুখত দিলেহি।দেৱজিতে সেয়া গ্ৰহণ কৰি ওলাই আহি সকলোৰেপৰা বিদায় লৈ বাইক ষ্টাৰ্ট দি গৃহ অভিমুখে ৰাওনা হ’ল।

বাটত আহি থাকোঁতে দেৱজিতে চিন্তাৰ বৰ্ণিল সাগৰত নাও এৰি দিলে ৷ যুক্তিনিষ্ঠ  সৰ্বজন হিতায় শুদ্ধ, সৎ আৰু পবিত্ৰ সামাজিক ব্যৱস্থা ডাঙৰেও সৰুৰ পৰা লোৱা উচিত ৷এই পৰিবৰ্তনৰ বাবে মই পাপৰিৰপৰা ছয়মাহ সময় ল’ব লাগিব।ঘৰখনক প্ৰথমতে দৃঢ় কৰিব লাগিব।প্ৰহ্লাদৰ একান্ত নিষ্ঠাৰ বাবেই হিৰণ্যকশিপুৰ মৃত্যুৰ পিচতো বৈকুণ্ঠত স্থান প্ৰাপ্তি হৈছিল।

One comment

  • গীতা মণি দত্ত ।

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *