বগা ৰঙেৰেও বোলাব পৰা হ’লে জীৱন ছবি-মৃণাল  নাথ 

জেতুকাৰ ৰং কিয় ৰঙা হয়?

ৰঙা হয় কিয় সেন্দূৰ 

বৈধব্যতাক উপহাস কৰি

ৰংবোৰ কিয় হয় আনন্দত বিভোৰ?

সেন্দূৰেই যদি উদণ্ড উচ্ছৃংখল স্বামীৰ

জীয়াই থকাৰ প্ৰমাণ, 

নাৰীৰ একেই আচৰণক কিয়

সেই সমাজত

বেশ্যা উপাধিৰে কৰা হয় অপমান!

নাৰী সৌন্দৰ্যৰ প্ৰতীক

নাৰীয়েই আৰতি

নাৰী মানেই প্ৰাৰ্থনা

নাৰী মানেই আৰাধনা। 

কবিৰ কবিতাত নাৰী মাতৃ

নাৰী প্ৰেয়সী

সমাজৰ মুখে মুখেহে মাথো

নাৰী চঞ্চলা, প্ৰেম-পিয়াসী।

নাৰী মানেই কুন্তী

নাৰী মানেই দ্ৰোপদী 

নাৰী মানেই সীতা

নাৰী মানেই সাবিত্ৰী।

নাৰী মানেইতো লক্ষ্মণৰ ভাতৃপ্ৰেমত উপেক্ষিতা উৰ্মিলা

নাৰী মানেইতো অভিমন্যুৰ বীৰত্বৰে 

বৈধব্যক বুকুত হেঁচি থোৱা উত্তৰা। 

নাৰী মানেই ৰাধা

ৰুক্মিণীও সমাজত আধা

তথাপিও মনে নামানে বাধা।

স্বামীৰ চুটি আয়ুসৰেখাত বান্ধ খাই 

নাৰী যদি হয় বিধৱা

তেনে নাৰীক  সেন্দূৰেৰে ৰঙাবলৈ

সমাজো হৈ ৰয় বোবা।

অথচ—

কাৰোবাৰ বাবে গোপনে

সেই নাৰীয়েই সাজি ৰয় কাৰেং

জীৱন জীয়াৰ প্ৰেৰণা।

আলেঙে আলেঙে–

এন্ধাৰে এন্ধাৰে—-

Leave a Reply

Your email address will not be published. Required fields are marked *