ভৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট আৰু ইয়াৰ নিৰ্মাণৰ আঁৰৰ কাহিনী-পংকজ বৰুৱা

বিংশ শতিকাৰ আৰম্ভণিতে যি সময়ত সমগ্ৰ ইউৰোপত  উদ্যোগীকৰণ হৈছিল সেই সময়ত ভাৰতবৰ্ষ  ব্ৰিটিছৰ অধীন আছিল।সেই  সময়ত ভাৰতত আন্দোলন,বিপ্লৱ তুংগত আছিল।এনে এক পৰিস্থিতিতো চি. ভি.ৰমণ,মেঘনাদ সাহা,ৰামানুজন,সুব্ৰমণিয়াম চন্দ্ৰশেখৰ আদিৰ দৰে প্ৰতিভাবান বিজ্ঞানীৰ জন্ম হৈছিল। তেওঁলোকে তেওঁলোকৰ গৱেষণাৰ বাবে বিদেশলৈ যাবলগা হৈছিল।১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দেশত  বিজ্ঞান আৰু উদ্যোগীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।সেই সময়ত পৰমাণু শক্তি আৰু মহাকাশ গৱেষণাক বিজ্ঞানৰ ক্ষেত্ৰখনত অগ্ৰাধিকাৰ দিয়া হৈছিল।ইয়াৰ ফলস্বৰূপেই ১৯৪৮ চনত Indian Atomic Energy Commission ৰ গঠন হৈছিল আৰু পৰমাণু গৱেষণাৰ দিশত কাম আৰম্ভ কৰিছিল।আনহাতে মহাকাশ গৱেষণাৰ দিশত ভাৰত পিছপৰি ৰয়। ৬০ ৰ দশকত ৰুছ আৰু আমেৰিকাৰ মাজত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ আৰম্ভণি হৈছিল সেই সময়ত  ভাৰতে ৰকেট প্ৰক্ষেপণৰ পৰীক্ষা-নিৰীক্ষা  চলাই আছিল।ভাৰতে সেই সময়ত মাত্ৰ ৫৫ কিঃমিঃ উচ্চতালৈকেহে ৰকেট পঠিয়াবলৈ সক্ষম হৈছিল।১৯৬২ চনত The Indian National Committee for Space Research চমুকৈ (INCOSPAR) স্থাপন কৰা হয় আৰু ১৯৬৮ চনত এই INCOSPAR এসময়ত ISRO হয়গৈ।ইয়াৰ লগে লগেই আৰম্ভণি হয় মহাকাশ গৱেষণাৰ।  ISRO ৰ সেই সময়ত মুখ্য উদ্দেশ্য আছিল ভাৰতে নিজে কৃত্ৰিম  উপগ্ৰহ তৈয়াৰ কৰি প্ৰক্ষেপণ কৰা।

ISRO ৰ বাবে আৰম্ভণি সহজ নাছিল,কৃত্ৰিম উপগ্ৰহ বনাব কেনেকৈ ই এক ডাঙৰ প্ৰশ্ন হোৱাৰ লগতে ভাৰতৰ ওচৰত কোনো প্ৰক্ষেপণ যান বা ইয়াৰ প্ৰযুক্তিও নাছিল। হোমি জাহাংগীৰ ভাবাই কৈছিল, 

“যেতিয়া আমেৰিকাই পৰমাণু গৱেষণাৰ কাম আৰম্ভণি কৰিছিল তেতিয়া তেওঁলোকৰ হাততো পৰ্যাপ্ত সা-সুবিধা নাছিল,ডাঙৰ ঘৰ আৰু বাকী সুবিধা পিছতহে পাইছিল। সকলো সুবিধাৰ বাবে যদি ৰৈ থকা যায় তেন্তে কামৰ আৰম্ভণি কেতিয়াও নহ’ব।”

আৰ্যভট্ট এজন প্ৰাচীন ভাৰতৰ মহান গণিতজ্ঞ আৰু তেওঁৰ নামেৰেই নামকৰণ কৰা হৈছিল ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো।এই উপগ্ৰহটো বনোৱাৰ কাহিনী আৰম্ভ হয় ১৯৬৮ চনৰ কোনোবা এটা দিনত। বিক্ৰম চাৰাভায়ে তেওঁৰ  শিষ্য UR ৰাৱক সাক্ষাৎ কৰি কয় যে- তেওঁ ভাৰতত কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তি বিকাশৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিব।৬০ ৰ দশকত বিক্ৰম চাৰাভায়ে ছোভিয়েট সংঘ আৰু আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘নাছা’ ভ্ৰমণ কৰি আহিছিল।ছোভিয়েট সংঘই সেই সময়ত মহাকাশ বিষয়ক সকলো কথা গোপনে ৰাখিছিল যদিও চাৰাভাইক আমেৰিকাৰপৰা উপগ্ৰহ নিৰ্মাণ আৰু প্ৰক্ষেপণত সহায়  কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিছুদিনৰ পাছতে ৰাৱে এক পৰিকল্পনা লৈ চাৰাভাইৰ সন্মুখত উপস্থিত হয়হি আৰু চাই চিতি এটা কথাৰ বাদে সকলো ঠিকে আছে বুলি কয়।তেওঁ কয় যে তুমিতো নিলিখিলাই এই পৰিকল্পনা ৰূপায়ণ কৰিবলৈ নেতৃত্ব কোনে ল’ব?ৰাৱে কয় কোনে নেতৃত্ব ল’ব এইটো নিৰ্ধাৰণ কৰাটো আপোনাৰ দায়িত্ব।চাৰাভায়ে এই কামৰ বাবে ৰাৱক নিৰ্বাচন কৰে কিন্তু ৰাৱ এই দায়িত্ব পালন কৰিবলৈ অমান্তি হয় কিয়নো সেই সময়ত তেওঁ আমেৰিকাত অধ্যাপকৰ কাম কৰি আছিল আৰু তেওঁ ভাবিছিল এইটোও এক অতি গুৰুদায়িত্ব।চাৰাভায়ে তেওঁৰ কথা নামানিলে আৰু ৰাৱে নেতৃত্ব ল’ব লগা হ’ল।

১৯৬৯ চনত UR ৰাৱে পৰিকল্পনাৰ নেতৃত্বৰ দায়িত্ব লৈ ২০ জনীয়া এক অভিযন্তাৰ দল একগোট কৰে। তেওঁলোকৰ প্ৰথম কাম আছিল উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰা।ৰাৱে ঠিক কৰিছিল যে-তেওঁলোকে ১০০ কেজি ওজনৰ উপগ্ৰহ বনাব আৰু ইয়াক আমেৰিকাৰ স্কাউট মহাকাশ যানেৰে প্ৰক্ষেপণ কৰিব।নাছাই সেই সময়ত স্কাউট প্ৰক্ষেপণ যানক পইচাৰ বিনিময়ত দিবলৈ মান্তি হৈছিল।

UR ৰাৱ আৰু তেওঁৰ দলে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়তে ১৯৭১ চনৰ জুন মাহত ,মস্কোত ভাৰতীয় ৰাষ্ট্ৰদূত DP ধৰে ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীলৈ এখন চিঠি প্ৰেৰণ কৰে  আৰু লগে লগে  এখন মিটিঙৰ আহ্বান কৰে ইন্দিৰা গান্ধীয়ে।এই মিটিঙত ভাৰতৰ হৈ  উপস্থিত থাকে  বিক্ৰম চাৰাভাই আৰু তেওঁৰ শিষ্য  UR ৰাও।ছোভিয়েট ৰাছিয়াৰ হৈ উপস্থিত থাকে ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলাই পেগোৱ।এই মিটিঙৰ আৰম্ভণি কৰে বিক্ৰম চাৰাভায়ে,তেওঁ আৰম্ভণি বক্তব্য দিয়াৰ পাছত কয় যে পিছৰ সকলো কথা UR ৰাৱে ব্যাখ্যা কৰিব।ৰাৱে এক কৃত্ৰিম উপগ্ৰহ বনোৱাৰ পৰিকল্পনাৰ বিষয়ে কয় যিটো ভাৰতত নিৰ্মাণ কৰা হ’ব আৰু এই উপগ্ৰহক উৎক্ষেপণৰ বাবে এক প্ৰক্ষেপণ যানৰ আৱশ্যকতা হ’ব।৩০ মিনিটৰ Presentation শুনাৰ পাছত নিকোলাই  UR ৰাৱক এক প্ৰশ্ন কৰে। প্ৰশ্নটো আছিল – চীনে প্ৰক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ ওজন কিমান?প্ৰশ্নটো আছিল অবান্তৰ, ৰাৱে ভাবি পোৱা নাছিল নিকোলায়ে কিয় চীনৰ কৃত্ৰিম উপগ্ৰহটোৰ ওজনৰ কথা সুধিছে।তথাপিও ৰাৱে  তেওঁক উত্তৰ দিছিল ১৯০ কেজি।ইয়াৰ পাছতে নিকোলায়ে এনে এক চৰ্ত ৰাখে যাক শুনি চাৰাভাই আৰু ৰাও আচৰিত হৈ পৰে। চৰ্তটো আছিল ভাৰতৰ কৃত্ৰিম উপগ্ৰহটোৰ ওজন চীনৰ উপগ্ৰহটোতকৈ বেছি হ’ব লাগিব।

নিকোলাই এনে আচৰিত চৰ্ত কিয় ৰাখে এই কথা বুজিবলৈ ছোভিয়েট সংঘ আৰু চীনৰ সম্পৰ্কৰ বিষয়ে জানিব লাগিব।দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মাওৱে চীনৰ শাসন নিজৰ হাতলৈ আনে আৰু কমিউনিষ্ট শাসনৰ ভেটি গঢ়ে।ছোভিয়েট সংঘ আগৰপৰাই কমিউনিষ্ট বিচাৰধাৰাৰ দেশ আছিল। মাও আৰু ষ্টালিনৰ কাম কৰা পদ্ধতি চিন্তাধাৰাও একে আছিল কিন্তু ষ্টালিনৰ মৃত্যুৰ পাছত ছোভিয়েট ৰাছিয়াত কমিউনিষ্ট বিচাৰধাৰাৰ ভেঁটি লৰিব ধৰে যাক মাওৱে মুঠেই সহ্য কৰিব পৰা নাছিল। সেই সময়ত শীতল যুদ্ধ চলি থকাৰ লগতে ছোভিয়েট ৰাছিয়াই ইউৰোপৰ দেশবোৰৰ লগত শান্তিপূৰ্ণ বন্ধুত্বসুলভ সম্পৰ্ক গঢ়িব বিছাৰিছিল যিটো মাওৰ মতে কমিউনিষ্ট বিচাৰধাৰাৰ পৰিপন্থী আছিল।ইয়াক লৈয়ে ১৯৬০ চনত ছোভিয়েট সংঘ আৰু  চীনৰ মাজত সমন্ধত ফাট মেলে যাক চাইনা-ছুভিয়েট Spilt নামে জনা যায়।

১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধৰ পিছত ছোভিয়েট সংঘই  এইটো ভাৱে যে এছিয়া মহাদেশত শক্তিৰ সন্তুলন বজাই ৰাখিবলৈ ভাৰত এক ভাল বিকল্প।২৪ এপ্ৰিল ১৯৭০ চনত চীনে প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰে  আৰু এনে কৰা বিশ্বৰ পঞ্চমখন দেশ হৈ পৰে।ইয়াৰ আগত ছোভিয়েট সংঘ,আমেৰিকা,জাপান আৰু ফ্ৰান্সে এই ক্ষেত্ৰত সফলতা লভিছিল। এই ক্ষেত্ৰত চীনৰ বাবে এক গৌৰৱৰ বিষয় আছিল যে আটাইকেইখন দেশে স্থাপন কৰা উপগ্ৰহবোৰতকৈ চীনৰ উপগ্ৰহটোৰ ওজন বেছি ১৭৩ কি:গ্ৰা: আছিল যিটো ৰাছিয়াৰ স্পুটনিকৰ ওজনৰ দুগুণ আছিল।এইবাবেই ছোভিয়েট সংঘই ভাৰতৰ ওচৰত এই চৰ্ত ৰাখিছিল যে ভাৰতৰ উপগ্ৰহৰ ওজন চীনৰ উপগ্ৰহৰ ওজনতকৈ বেছি হ’ব লাগিব।বিক্ৰম চাৰাভাই আৰু ৰাৱৰ বাবে ইও আছিল এক মূৰৰ কামোৰণি।তেওঁলোকেতো ১০০কি:গ্ৰা: ওজনৰ উপগ্ৰহ নিৰ্মাণৰ কামতহে আগ বাঢ়িছিল তথাপিও নিকোলাইৰ কথা মানি ৩৫০কি:গ্ৰা: ওজনৰ উপগ্ৰহ বনাবলৈ আৰ্হি প্ৰস্তুত কৰে।এই উপগ্ৰহৰ ওজন চীনৰ উপগ্ৰহৰ ওজনৰ দুগুণ আছিল।ইয়াৰ উপৰিও মহাকাশত পৰীক্ষণৰ বাবে তিনিটা পেল’ড  লগাবলৈ বাকী আছিল।

উপগ্ৰহৰ আৰ্হি প্ৰস্তুত হোৱাৰ পাছত ছাৰাভায়ে তিনিজন বৈজ্ঞানিক লগত লৈ Academy of Sciences Moscow ত উপস্থিত হয় এক আলোচনাৰ বাবে ৷ U R ৰাৱে তেওঁৰ কিতাপত লিখিছে,“ছোভিয়েট বৈজ্ঞানিক সকলে এই কথা বিশ্বাস কৰিবলৈ টান পাইছিল যে ভাৰতে প্ৰথমবাৰতে ইমান এটা মহত্ত্বাকাংক্ষী পৰিকল্পনা পূৰ্ণ কৰাত সফল হ’ব।সেয়ে ছোভিয়েট ৰাছিয়াৰ বৈজ্ঞানিকসকলে প্ৰস্তাৱ ৰাখিছিল যে প্ৰথমে তেওঁলোকে পেল’ড বনোৱাত গুৰুত্ব দিয়ক আৰু এইবোৰক ছুভিয়েট উপগ্ৰহত সংস্থাপন কৰি মহাকাশত স্থাপন কৰক।এই ক্ষেত্ৰত পাৰ্গত হোৱাৰ পাছত কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ কথা ভাবক।কিন্তু ৰাও আৰু চাৰাভাই ইয়াৰ বাবে প্ৰস্তুত নাছিল আৰু তেওঁলোকে অতি সোনকালে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ প্ৰক্ষেপণ প্ৰযুক্তিত দক্ষ হৈ আত্মনিৰ্ভৰশীল হৈ উঠাৰ কথাহে ভাবিছিল।তিনিদিন ধৰি চলা আলোচনাৰ অন্তত ৰাছিয়ান বৈজ্ঞানিকসকলে ভাৰত অহাৰ সিদ্ধান্ত কৰে  যাতে ভাৰতত উপযুক্ত সুবিধা আৰু  আধাৰভূত সংৰচনা আছে নে নাই তাক চাব পাৰে।

১৯৭১ চনত ভাৰতৰ মহাকাশ অভিযানৰ গৱেষণাত আন এক বাধাৰ সৃষ্টি হয় যেতিয়া চাৰাভাই  কেৱল ৫২ বছৰ বয়সত হৃদযন্ত্ৰ বিকল হৈ হঠাৎ মৃত্যুবৰণ কৰে ৷ ভবা হৈছিল ভাৰতৰ কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ আৰু প্ৰক্ষেপণৰ যি সপোন, সেই সপোন আৰু কোনোদিনে পূৰণ ন’হ’ব।তেওঁৰ মৃত্যুৰ পাছত MGK মেনন ISRO ৰ তৎকালীন মুখ্য অধিকাৰী হয় অবশেষত ১৯৭২ চনত সতীশ ধৱনে এই দায়িত্ব গ্ৰহণ কৰে।

সতীশ ধৱনে ISRO মুখ্য অধিকাৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ সকলো সূত্ৰাত্মক কাৰ্য্য সম্পাদন কৰাৰ পাছত প্ৰশ্ন আহে বাজেটক লৈ। ছোভিয়েট ৰাচিয়াই ফ্ৰিতে প্ৰক্ষেপণ কৰি দিব কিন্তু উপগ্ৰহটো বনাবলৈ ৩কোটি টকাৰ আৱশ্যক হ’ব।সেই সময়ত ভাৰত এখন দুখীয়া দেশ আছিল কিন্তু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পৰমাণু আৰু মহাকাশ গৱেষণাৰ  ক্ষেত্ৰকনৰ কামবোৰ অলপো লেহেমীয়া হ’ব দিব বিচৰা নাছিল।তেওঁ তৎকালীনভাৱে সংসদত ৩ কোটি টকাৰ বাজেট স্বীকৃতি কৰায়।ইয়াৰ পাচতে ১৯৭২ চনত ভাৰত ৰাছিয়াৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় আৰু দুবছৰৰ পাছত ১৯৭৪ চনত প্ৰক্ষেপণৰ দিন ঠিক কৰা হয়৷

সতীশ ধৱনে দায়িত্ব লোৱাৰ আগলৈকে মহাকাশ গৱেষণাৰ সকলো কাম কেৰেলাৰ থুম্বাত হৈছিল।কিন্তু তেওঁ দায়িত্ব লৈয়ে উপগ্ৰহ নিৰ্মাণৰ কাম বাংগালোৰত কৰাৰ চৰ্ত ৰাখে।এই কথা বিয়পি পৰাৰ লগে লগে প্ৰতিবাদ হয় আৰু শেষত এই কথা পতিয়ন যোৱায় যে এবাৰ উপগ্ৰহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে সম্পূৰ্ণ দল থুম্বালৈ উভতি আহিব।কেৰেলাত ইমানেই বিৰোধ হৈছিল যে উপগ্ৰহ নিৰ্মাণৰ বাবে আৱশ্যক হোৱা বহু যন্ত্ৰ বাংগালোৰলৈ নিব নোৱাৰিলে যাৰ বাবে এইবোৰ বিদেশৰ পৰা কিনিব লগা হৈছিল।বাংগালোৰত উপগ্ৰহ নিৰ্মাণ কৰিবলৈ যোৱাৰ উদ্দেশ্য এটাই আছিল,তাত যিকোনো কাৰিকৰী শিক্ষাগত লোক সহজে পোৱাৰ লগতে নিৰ্মাণ সামগ্ৰী আৰু উন্নত আধাৰভূত সংৰচনা উপলব্ধ হ’ব।

বাংগালোৰত যথেষ্ট বেছি বৰষুণৰ মাজত কাম কৰিব লগা হৈছিল।হোমি জাহাংগীৰ ভাৱাই কৈছিল,

“যিমানেই ভাল আট্টালিকাৰ বাবে আপেক্ষা কৰিম সিমানেই প্ৰযুক্তি উদ্ভাৱনৰ বাবে প্ৰয়োজনীয় সময় নষ্ট হ’ব।”

দলে এই কথাকে সৰোগত কৰি আগবাঢ়িছিল।দলৰ লোকসকল আছিল বিভিন্ন ক্ষেত্ৰৰ,ইয়াৰ কোনোৱে উপগ্ৰহ নিৰ্মাণতো দূৰৰে কথা, আনকি উপগ্ৰহ কেনেকুৱা দেখিও পোৱা নাছিল।তথাপিও মনত আছিল দেশৰ বাবে কিবা এটা কৰাৰ প্ৰবল ইচ্ছা আৰু হেঁপাহ।

এক আমোদজনক ঘটনা——— উপগ্ৰহ বনাবলৈ বাংগালোৰৰ বজাৰৰ দোকানৰপৰা এলুমিনিয়াম কিনি অনা হয়।কোনেও নাজানে উপগ্ৰহ নিৰ্মাণত এলুমিনিয়াম ব্যৱহাৰ হয়নে নহয় বা মহাকাশত ই টিকি থাকিব নে নাই।তেতিয়া সকলোৱে দৌৰি দৌৰি গৈ IISC গ্ৰন্থাগাৰ পায়গৈ।তাতে এখন কিতাপত দেখা পায় যে মাত্ৰ মহাকাশত এলুমিনিয়াম ক্ষয় যায় কিন্তু  কেই মাইক্ৰন মানহে।তেতিয়াহ’লে স্থানীয় দোকানৰপৰা অনা সেই এলুমিনিয়াম উপগ্ৰহ নিৰ্মাণৰ কামত আহিব।এনে ধৰণৰ বহু আশংকাই আছিল সেই সময়ত।আন এক আশংকা আছিল মহাকাশত ওজনৰ প্ৰভাৱ কেনেদৰে পৰিব। মহাকাশৰ বাতাবৰণে কি বস্তুৰ ওপৰত কেনে প্ৰভাৱ পেলাব।ছোভিয়েট ৰাছিয়াৰ লগত ছমাহত এবাৰকৈ কামৰ অগ্ৰগতিৰ আলোচনা হৈছিল।প্ৰযুক্তিগত কোনো সহায় বিশেষ পোৱা নাছিল, সকলো কাম ভাৰতীয় বৈজ্ঞানিকসকলে নিজে কৰিব লাগিছিল।দিন যোৱাৰ লগে লগে হাতত সময়ো কমি আহিছিল।১৯৭৪ চনৰ পৰিবৰ্তে ১৯৭৫ চনত উপগ্ৰহ প্ৰক্ষেপণৰ সময় পিচুৱাই দিয়া হৈছিল।১৯৭৫  চনত ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল।তেতিয়া নিৰ্মাণকাৰী দলৰ অনুভৱ হ’ল যে উপগ্ৰহটোৰ নাম একো থোৱাই ন’হ’ল৷নামৰ ক্ষেত্ৰত অন্তিম সিদ্ধান্ত দিয়াৰ ক্ষমতা আছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ।তেওঁৰদ্বাৰা তিনিটা নাম প্ৰস্তাৱ কৰা হৈছিল—

মৈত্ৰী–ভাৰত ছুভিয়েট ৰাছিয়াৰ বন্ধুত্ব।

আৰ্যভট্ট–মহান ভাৰতীয় গণিতজ্ঞ ৷

জৱাহৰ–প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী।

সকলোৱে উপগ্ৰহটোৰ নাম ইন্দিৰা গান্ধীয়ে ‘জৱাহৰ’ ৰাখিব বুলি ভাবিছিল কিন্তু তেওঁ তেনে নকৰিলে। ভাৰতীয় ইতিহাসৰ মহান গণিতজ্ঞ শূণ্যৰ আৱিষ্কাৰক আৰ্যভট্টৰ প্ৰতি সন্মান জনাই ভাৰতবৰ্ষত প্ৰথম উপগ্ৰহটোৰ নাম ৰাখে আৰ্যভট্ট। 

১৯৭৫ চনৰ ১৯ এপ্ৰিল তাৰিখে ছোভিয়েট ৰাছিয়াৰ ৱোল্গ’গ্ৰেডৰ ওচৰৰ কপুষ্টিন যাৰ ক্ৰস্ম’ড্ৰ’মৰপৰা আৰ্যভট্ট উপগ্ৰহক প্ৰক্ষেপণ কৰা হয়।UR ৰাৱ আৰু সতীশ ধৱনৰ লগতে ভাৰতৰ ৩০ জনীয়া এক বৈজ্ঞানিকৰ দল ছোভিয়েট ৰাছিয়াত উপস্থিত হৈছিলগৈ। বাঙ্গালোৰতো মানুহৰ ভিৰ লাগিছিল।১২ বজাত হিচাপ ১০ ৰ পৰা আৰম্ভ হৈ ১ত শেষ হয় আৰু সকলোৱে উচ্চাৰণ কৰে ‘পয়াকলি’।’পয়াকলি’ শব্দৰ অৰ্থ হ’ল Let us go..প্ৰক্ষেপণৰ ১২ মিনিটৰ পিছতে ই অন্তিম  যাত্ৰাত উপনীত হয় আৰু পৃথিৱীৰপৰা ৬০০ কিঃমিঃ উচ্চতাত আৰ্যভট্ট নিজৰ কক্ষপথত স্থাপিত হয়।যেতিয়া আৰ্যভট্টৰ পৰা প্ৰথম সংকেত পৃথিৱীলৈ আহে ৰাৱৰ চকু সেমেকি উঠে।তেওঁ দলৰ সকলোকে সাবটি ধৰি শুভেচ্ছা জনায়। ইয়াৰ লগে লগেই ভাৰতে মহাকাশত নিজৰ খোজ পেলায়।যদিও আৰ্যভট্টই মাত্ৰ চাৰিদিনহে পৃথিৱীলৈ সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম হয় তথাপিও এই অভিযানক বিফল বুলি ক’ব নোৱাৰি কাৰণ ই আছিল ভাৰতৰ মহাকাশ গৱেষণাৰ যাত্ৰাৰ প্ৰথমটো খোজ আৰু ভৱিষ্যতৰ দীঘলীয়া সফলতাৰ প্ৰথম ভেঁটি।

Leave a Reply

Your email address will not be published. Required fields are marked *