মানুহৰ আশা-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পথৰ দাঁতিয়েদি গৈ আছে…

সেই মানুহজন…

হাড়ে-চালে লগা সেই মানুহজন। 

খাবলৈ ভাত নাই, পীড়িত মানৱ,

পিন্ধিবলৈ কাপোৰ নাই, সংকীৰ্ণ সি 

তেওঁ জীয়াই আছে কিহৰ আশাত?

এমুঠি ভাত বিচাৰি হাবাথুৰি খোৱা, 

সেই মানুহজনে ৰাস্তাৰ কাষত বহি…

অট্টালিকাৰ সপোন দেখে। 

পেটৰ ভোকত পেটত এটুকুৰা গামোচা বান্ধি 

তেওঁ ভিক্ষা বিচাৰে….

তেওঁ যে ক্ষুধাৰ্ত……

তেওঁ যে সমাজৰ পৰা বঞ্চিত….

তেওঁক লাগে কেৱল পেট ভৰাই খাবলৈ 

এসাঁজ ভাত…..

গা ঢাকি ৰাখিবলৈ এটুকুৰা কাপোৰ…

কিন্তু তেওঁ পাইছে জানো?

তেওঁৰ আশা আশা হৈয়েই ৰয়…

তেওঁ যে সংকীৰ্ণ, তেওঁ যে ক্ষুধাৰ্ত 

নাপাই একো, কোনো মানুহৰ পৰা..

মানুহেই মানুহৰ যাতনা নুবুজে….

আশা কৰি থাকিবই কাৰ পৰা?

নাই কাৰো আহৰি তেওঁলৈ চোৱাৰ,

তেওঁ মাথোঁ আশা কৰা এজন ক্ষুধাৰ্ত মানৱ।

One comment

  • গীতা মণি দত্ত ।

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *